ভগৱান গণেশৰ জন্মৰ আঁৰৰ ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

ভগৱান গণেশৰ জন্মৰ আঁৰৰ ৰহস্য : Religious Studies

 

Religious Studies

প্ৰিয় পাঠকসকল,গজ অৰ্থাৎ হাতী আৰু অসুৰৰ সম্বন্ধৰ ফলত গজাসুৰ নামৰ  এজন অসুৰৰ জন্ম হৈছিল।( Religious Studies ) 

 তাৰ মুখখন গজৰ দৰে হোৱা বাবে তাক সকলোৱে গজাসুৰ বুলি ক'বলৈ ধৰিলে ।গজাসুৰ শিৱ ভক্ত আছিল আৰু শিৱৰ অবিহনে তেওঁ নিজৰ কল্পনাই কৰিব নোৱাৰিছিল। তেওঁৰ ভক্তিত ভোলানাথ প্ৰসন্ন হ'ল  আৰু তেওঁক বৰ খুজিবলৈ  ক'লে।গজাসুৰে ক'লে যে ,প্ৰভু আপোনাৰ আৰাধনা কৰোঁতে  কীট পতংগৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা মোক মুক্তি প্ৰদান কৰক।  মোৰ শৰীৰৰ পৰা যাতে সদায়েই তীব্ৰ অগ্নি ওলাই থাকে আৰু তাৰ প্ৰকোপৰ বাবে যাতে মোৰ কাষলৈ কোনো  আহিবলৈ সাহস নকৰে , যাৰ  বাবে মই এইদৰে সদায়েই আপোনাৰ পূজা অৰ্চনা কৰি থাকিব পাৰোঁ। 


মহাদেৱে গজাসুৰক মনে বিচৰা বৰদান দি দিলে। তাৰ ফলত গজাসুৰে প্ৰসন্ন মনেৰে মহাদেৱৰ পূজা কৰিবলৈ ধৰিলে। হাজাৰ বছৰৰ তপস্যাৰ ফলত মহাদেৱ আকৌ প্ৰসন্ন হ'ল আৰু গজাসুৰক ক'লে, তোমাৰ তপস্যাত প্ৰসন্ন হৈ মই তোমাক মনে বিচাৰা বৰদান দিছিলোঁ , এতিয়া মই আকৌ তোমাৰ তপস্যাত প্ৰসন্ন হৈছোঁ। কোৱা তোমাৰ কি বৰদানৰ ইচ্ছা আছে । গজাসুৰে কোনো বৰৰ আশাত মহাদেৱৰ  আৰাধনা কৰা নাছিলে, মহাদেৱৰ আৰাধনা কৰিছিলে তেওঁ কেৱল নিজৰ মনৰ শান্তি আৰু আনন্দৰ বাবে। কিন্তু মহাদেৱে কৈছে যেতিয়া তেওঁ অলপ ভাবি ক'লে, অৱশ্যে মই কোনো বৰৰ আশাত  আপোনাৰ আৰাধনা কৰা নাছিলোঁ কিন্তু যদি আপুনি দিব বিচাৰিছে তেতিয়া  আপুনি কৈলাশ এৰি মোৰ পেট অৰ্থাৎ উদৰতেই বাস কৰক।


 ভোলানাথ  গজাসুৰৰ উদৰতেই সমাহিত  হৈ গ'ল। তাৰ পাছত মা পাৰ্বতীয়ে তেওঁক বিচাৰি ফুৰিলে কিন্তু তেওঁক ক'তো দেখা নাপায় ভগৱান বিষ্ণুৰ  স্মৰণ কৰি তেওঁৰ সন্ধান উলিয়াবলৈ ক'লে। ভগৱান বিষ্ণুয়ে ক'লে ভন্টি তুমি চিন্তা নকৰিবা, ভোলানাথক কোনোবাই কিবা খুজিলে তেওঁ দি দিয়ে, তেওঁ বৰদান স্বৰূপে গজাসুৰৰ উদৰত বাস কৰি আছে ।তাৰ  পাছত শ্ৰী হৰিয়ে এক লীলা কৰিলে। তেওঁ ষাঁড় নন্দীক নিত্যৰ প্ৰশিক্ষণ দিলে আৰু ধুনীয়াকৈ সজাই গজাসুৰৰ সন্মুখত নাচিবলৈ ক'লে। ভগৱান বিষ্ণুয়ে নিজে গোৱালৰ ৰূপ গ্ৰহণ কৰি বাঁহী বজাবলৈ ধৰিলে। বাঁহীৰ সুৰত নন্দীয়ে ইমান সুন্দৰ নৃত্য কৰিলে যে  গজাসুৰ প্ৰসন্ন হৈ গ'ল আৰু গোৱালা ৰূপী বিষ্ণুক ক'লে, তোমালোকৰ বাঁহীৰ সুৰ আৰু নাচত মই মুগ্ধ হৈছোঁ ।ইমান দিনৰ সাধনাৰ বাবে মোৰ মনত বৈৰাগ্যৰ সৃষ্টি হৈছিলে। তোমালোকে মোৰ মনোৰঞ্জন কৰিলা,খুজা কি লাগে তোমালোকক? 


 শ্ৰী হৰিয়ে ক'লে, আপুনিতো পৰম শিৱ ভক্ত । মহাদেৱৰ কৃপাত আপোনাৰ ওচৰত এনে কোনো বস্তুয়েই নাই যিটো নাই বুলি ক'ব পাৰি । কিন্তু তথাপিও বিচাৰিবলৈ সংকোচ লাগে,যদি আপুনি মানা কৰি দিয়ে। শ্ৰী হৰিৰ  প্ৰশংসাৰ বাবে গজাসুৰে নিজকে ঈশ্বৰৰ তোল্য বুলিয়েই ভাবিবলৈ ল'লে। তেওঁ ক'লে , তুমি মোক সাক্ষাৎ শিৱ বুলিয়েই ধৰিব পাৰা, মোৰ কাৰণে এই সংসাৰত একো অসম্ভৱ নহয়, তোমাক মনে বিচৰা বৰদান দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ।এই কথাত শ্ৰী হৰি বিষ্ণুয়ে ক'লে, আপুনি নিজৰ প্ৰতিশ্ৰুতিৰ পৰা বিচলিত নহয়তো ? গজাসুৰে  ধৰ্মক সাক্ষী কৰি প্ৰতিশ্ৰুতি দি দিলে আৰু শ্ৰী হৰিয়ে তেওঁক মহাদেৱক তেওঁৰ উদৰৰ পৰা মুক্তি দিবলৈ বৰ খুজিলে।গজাসুৰ প্ৰতিশ্ৰুতিত বান্ধ খাই আছিলে। তেওঁ বুজিলে যে মোৰ উদৰত থকা মহাদেৱৰ বিষয়ে জনা এইজন কোনো সাধাৰণ গোৱাল নহয়। নিশ্চয় সাক্ষাৎ ভগৱান বিষ্ণুয়েই আহিছে। 


তেওঁ মহাদেৱক মুক্ত কৰিলে আৰু মহাদেৱক এটা অন্তিম বৰ খুজি  ক'লে যে-  হে,প্ৰভু আপোনাক উদৰত লোৱাৰ আঁৰত মোৰ কোনো বেয়া  আকাংক্ষা নাছিলে , মইতো বিচাৰিছিলো যে আপোনাৰ লগতে মোকো সকলোৱে স্মৰণ কৰক। সেইবাবে এতিয়া আপোনাক ত্যাগ কৰাৰ পাছত জীৱনৰ কোনো মূল্য নাই ,সেয়ে প্ৰভু মোক বৰদান দিয়ক যাতে  আপোনাৰ লগতে মোৰ শৰীৰৰ যিকোনো এটা অংশক সকলোৱে পূজা কৰে। মহাদেৱে তেওঁক সেইটো বৰদানো দি দিলে। ( Religious Studies ) 


শ্ৰী হৰিয়ে ক'লে গজাসুৰ তোমাৰ শিৱ ভক্তি সঁচাকৈয়ে অতুলনীয়।শিৱ ভক্তিত লাগি থাকা,সময় আহিলে তুমি এনেকুৱা সন্মান পাবা,তাৰ তুমি কল্পনাই কৰা নাই। যেতিয়া গণেশৰ মূৰ শৰীৰৰ পৰা বেলেগ হ'ল তেতিয়া শ্ৰী হৰিয়ে গজাসুৰৰ মূৰটোকে শৰীৰৰ পৰা বিচ্ছিন্ন কৰি লৈ আহে আৰু গণপতিৰ শৰীৰৰ লগত জোৰা লগাই তেওঁক পুণৰ জীৱিত কৰে।আৰু এইদৰেই তেওঁ মহাদেৱৰ প্ৰিয় পুত্ৰ ৰূপে প্ৰথম আৰাধ্য হৈ পৰিল। 


পৌৰাণিক আখ্যান অনুসৰি এবাৰ মহাদেৱে তেওঁৰ পুত্ৰৰ শিৰ অৰ্থাৎ মূৰতো ত্ৰিশূলেৰে কাটি পেলাইছিলে। কিন্তু আপুনি জানেনে এনেকুৱা কৰাৰ স্থিতি কিয় হৈছিলে? সেইটো কি  অভিশাপ আছিলে যাৰ বাবে মহাদেৱেও কষ্ট সহ্য কৰিব লগা হৈছিল। আহক জানো এই বিষয়ে। 


এসময়ত মালী আৰু সুমালী নামৰ দুজন ৰাক্ষস আছিল।যি  নিজকে মহাদেৱৰ ওচৰত  সমৰ্পিত কৰিছিল। সূৰ্যদেৱে সেই অসুৰ সকলক তেওঁলোকৰ পাপৰ বাবে  বধ কৰিব বিচাৰিছিল । তেতিয়া অসুৰ সকলে মহাদেৱক আৰধনা কৰাত মহাদেৱে  সূৰ্যদেৱৰ এই কামত হস্তক্ষেপ কৰিলে আৰু সূৰ্যদেৱক নিজৰ ত্ৰিশূলেৰে বধ কৰিলে ,তাৰ বাবে সম্পূৰ্ণ সৃষ্টি আন্ধাৰত ডুব গ'ল। ত্ৰিশূলৰ প্ৰহাৰত সূৰ্যদেৱৰ চেতনা নাইকীয়া  হ'ল আৰু তেওঁ ৰথৰ পৰা সৰি পৰিল।  কাশ্যপ দেৱে  পুতেকৰ এই অৱস্থা দেখি বাগৰি বাগৰি কান্দিবলৈ ধৰিলে। সকলো দেৱতাৰ মাজত হাহাকাৰ লাগি গ'ল। সকলোৱে ভয়তে কান্দিবলৈ ধৰিলে। ভ্ৰৰ্মাৰ পুত্ৰ কাশ্যপে মহাদেৱক  অভিশাপ দিলে যে, যিদৰে আপোনাৰ প্ৰহাৰত মোৰ পুত্ৰৰ এই অৱস্থা হৈছে , সেইদৰে আপোনাৰ পুত্ৰৰো এদিন এনে অৱস্থা হ'ব। আপুনি নিজেই নিজৰ পুত্ৰৰ মস্তক কাটি দিব। এই  অভিশাপৰ বাবেই এনে পৰিস্থিতিৰ উৎপন্ন হ'ল যে মহাদেৱে স্বয়ং নিজৰ পুত্ৰৰ মস্তক কাটিব লগা হ'ল। 



দৰাচলতে এবাৰ শিৱ ভক্ত নন্দীয়ে দেৱী পাৰ্বতীৰ আজ্ঞা পালনত অবহেলা কৰাত দেৱী পাৰ্বতী ৰোষ্ঠ হৈ তেওঁৰ দেহৰ বৰ্জনীয় পদাৰ্থৰে এজন বালক সৃষ্টি কৰি তেওঁক প্ৰাণ অৰ্পণ কৰিছিল  আৰু কৈছিল ,"তুমি মোৰ পুত্ৰ,তুমি কেৱল মোৰ আজ্ঞাৰহে পালন কৰিবা আৰু কাৰো নহয়। মই স্নান কৰিবলৈ যাওঁ , ধ্যান থাকিবা তাতে কোনো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।" অলপ সময়ৰ পাছত তালৈ ভগৱান শংকৰ আহিল আৰু দেৱী পাৰ্বতীৰ ভৱনলৈ যাব খুজিলে।তাকে দেখি সেই বালক জনে বিনম্ৰতাৰে তেওঁক ৰখোৱাৰ প্ৰয়াস কৰিলে। বালক জনে কোনোপধ্যেই পথ এৰি নিদিয়া দেখি মহাদেৱৰ খং উঠিল আৰু নিজৰ হাতত থকা ত্ৰিশূলেৰে  বালক জনৰ  মস্তকত প্ৰহাৰ কৰিলে  আৰু  তেওঁৰ মুণ্ড ছেদ কৰিলে।এই কথা যেতিয়া পাৰ্বতীয়ে দেখিলে  তেতিয়া তেওঁৰ প্ৰচণ্ড খঙ উঠিল। তেওঁৰ খঙত সমস্ত সৃষ্টিত হাহাকাৰ লাগি গ'ল। তেতিয়া সকলো দেৱতাই মিলি তেওঁৰ স্তূতি কৰিলে আৰু বালক জনক পুণৰ জীৱিত কৰি দিবলৈ ক'লে। আৰু এইদৰেই ভগৱান শংকৰে  কোৱাত ভগৱান বিষ্ণুয়ে এটা হাতীৰ মূৰ কাটি লৈ আহিলে  আৰু সেই মূণ্ডটো ভগৱান শিৱয়ে বালক জনৰ শৰীৰত জোৰা লগাই তেওঁক আকৌ পুনৰ জীৱিত কৰি দিলে।   ভগৱান শিৱ আৰু অন্য দেৱতাসকলে সেই গজমুখ বালক জনক অনেক আৰ্শীবাদ প্ৰদান কৰিলে । 


দেৱতাসকলে গণেশ, গণপতি, বিনায়ক, বিঘ্নহৰ্তা আদি নামেৰে তেওঁৰ স্তূতি কৰিলে। কিন্তু সৃষ্টিৰ নিয়ম চাওঁক কিমান বৈচিত্ৰময়, গজাসুৰে বৰদান লাভ কৰিছিলে  মহাদেৱৰ পুত্ৰ হৈ থকাৰ আৰু মহাদেৱৰ  অভিশাপ আছিলে নিজৰ পুত্ৰৰ মস্তক কটাৰ। সেইবাবে সন্তুলন ৰাখি দুয়োটা বাক্য পূৰ্ণ হ'ল। 


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages