ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ বৰ্তমান ক'ত আছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 22, 2022

ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ বৰ্তমান ক'ত আছে : Religious Studies

 

Religious Studies

পৌৰাণিক সময়ৰ  সকলোতকৈ শক্তিশালী অস্ত্ৰ সমূহৰ ভিতৰত এখন সুদৰ্শন চক্ৰ হোৱাৰ পাছতো , তেওঁ মহাভাৰতৰ যুদ্ধত এবাৰো সুদৰ্শন চক্ৰ  নচলালে।( Religious Studies )


কাৰণ তেওঁ জানিছিল যে যদি সুদৰ্শন চক্ৰৰ ব্যৱহাৰ কৰা হয় তেতিয়া বিপক্ষৰ বিনাশ নিশ্চিত। ভগৱান কৃষ্ণয়ে দুয়োটা পক্ষকে সুবিধা দিব বিচাৰিছিল।সুদৰ্শন চক্ৰৰ যাৰ ওপৰত চলো হয়, তাৰ মৃত্যু পিছতহে সুদৰ্শন চক্ৰ ঘূৰি আহে।


সুদৰ্শন চক্ৰই কেৱল মনত ভাবিলেই শত্ৰুৰ ওপৰত প্ৰহাৰ কৰে।বধ নকৰাকৈ কেতিয়াও ঘূৰি নাহে।সুদৰ্শন চক্ৰৰ নিৰ্মাণ কোনে কৰিছিল? ইয়াৰ বিষয়ে বিভিন্ন পুৰাণত বিভিন্ন বৰ্ণনা পোৱা যায়।সুদৰ্শন চক্ৰক ভগৱান বিষ্ণুৰ তৰ্জনী আঙুলিত দেখা পোৱা যায়।


ভগৱান বিষ্ণুয়ে সুদৰ্শন চক্ৰৰে বহুত অসুৰৰ বধ কৰিলে।সুদৰ্শন চক্ৰৰ বিশেষত্ব এইটো আছিল যে এইখন আঙুলিত তীব্ৰ গতিত ঘূৰালে বায়ুৰ গতিত বহুত জোৰে অগ্নি প্ৰজ্বলিত কৰি শত্ৰুক ভষ্ম কৰি দিছিল।এইখনৰ নামে শত্ৰুৰ মাজত ভয় সৃষ্টি কৰি দিছিল। 


সুদৰ্শন চক্ৰক ভগৱান বিষ্ণুৰ আৰু তেওঁৰ অৱতাৰ ভগৱান কৃষ্ণয়ে ধাৰণ কৰিছিল। এইটোও উল্লেখযোগ্য যে সুদৰ্শন চক্ৰ অকল ভগৱান বিষ্ণুৰ অৱতাৰেহে প্ৰাপ্ত কৰে। কাৰণ যদি সকলোৰে এইখন চক্ৰ চলোৱা জ্ঞান থাকিল হয়, তেতিয়া এইখন চক্ৰৰ বেয়া ব্যৱহাৰ হ'ল হয়।


এইখনৰ সংৰচনা অত্যন্ত জটিল। কিছুমানৰ মতে এইখন নিৰ্মাণ বিশ্বকৰ্মায়ে কৰিছিল।পুৰাণত এইটো কোৱা হৈছে বিশ্বকৰ্মায়ে সূৰ্যৰ ৰশ্মি বা তাপৰ পৰা তিনিটা বস্তুৰ নিৰ্মাণ কৰিছিল। প্ৰথম আছিল সুদৰ্শন চক্ৰ। দ্বিতীয় আছিল পুষ্পক বিমান আৰু তৃতীয় আছিল ত্ৰিশূল। 


কিছুমান পৌৰাণিক মান্যতা অনুসৰি এইখনৰ নিৰ্মাণ ভগৱান শিৱয়ে কৰিছিল আৰু তেওঁ এইখন ভগৱান বিষ্ণুক দিছিল। এবাৰ আৱশ্যকতা হ'লত ভগৱান বিষ্ণুয়ে এইখন মা পাৰ্বতীকো দিছিল। পাৰ্বতীৰ কৃপাত এইখন ভগৱান কৃষ্ণয়ে ও প্ৰাপ্ত কৰিলে। এক অন্য মান্যতা অনুসৰি ভগৱান কৃষ্ণয়ে সুদৰ্শন চক্ৰ  ভগৱান পৰশুৰামৰ পৰা পাইছিল।  ( Religious Studies )


এতিয়ালৈকে যেতিয়া ভগৱান বিষ্ণুৰ, কৃষ্ণ অৱতাৰৰ পাছত আৰু বেলেগ অৱতাৰ জন্ম নহ'ল। তেতিয়া সুদৰ্শন চক্ৰৰ কি হ'ল আৰু এইখন কাৰ ওচৰলৈ গ'ল। ইয়াৰ বিষয়ে ভৱিষ্যত পুৰাণত এটা উল্লেখ পোৱা যায়।


 যাৰ মতে এই পৃথিৱীৰ পৰা ভগৱান কৃষ্ণ যেতিয়া অদৃশ্য হ'ল তেতিয়া সুদৰ্শন চক্ৰ তাতে অৰ্থাৎ ধৰিত্ৰীৰ ভিতৰলৈ সোমাই গ'ল। যেতিয়া  ভগৱান বিষ্ণু কল্কি অৱতাৰ লৈ পুণৰ এই পৃথিৱীলৈ আহিব তেতিয়া পুণৰ তেওঁ সুদৰ্শন চক্ৰ ধাৰণ কৰিব। 


ঋষবেদত ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰৰ বৰ্ণনা কৰা আছে। যাৰ মতে সুদৰ্শন চক্ৰ কোনো ভৌতিক অস্ত্ৰ নহয়। এইখন সময়ৰ চক্ৰ। এইখন ইমান শক্তিশালী যে এইখনে সময়কো বান্ধি পেলাব পাৰে। এনেকুৱা উদাহৰণো উল্লেখনীয়। 


যেনেকে মহাভাৰতত অৰ্জুনে সূৰ্য অস্ত যোৱাৰ আগত জয়দ্ৰথৰ মৃত্যুৰ প্ৰণ লৈছিল। কিন্তু যেতিয়া ভগৱান কৃষ্ণৰ জ্ঞাত হ'ল যে সময় পাৰ হৈ গৈ আছে আৰু অৰ্জুনৰ এই সংকল্প ভাঙি যাব। তেতিয়া তেওঁ সুদৰ্শন চক্ৰয়ে দি সূৰ্যক ধাকি দিলে। 


মহাভাৰতৰ সময়ত যেতিয়া ভগৱান কৃষ্ণয়ে  অৰ্জুনক নিজৰ বিৰাট ৰূপৰ দৰ্শন কৰাইছিল। তেতিয়া তেওঁ সুদৰ্শন চক্ৰৰ সহায়ত সময়ক ৰখাই দিছিল। ইয়াৰ অন্তৰালতেই অৰ্জুনক ভাগৱত গীতাৰ উপদেশ দিলে। 


যদি এই দৃষ্টিৰে চাওঁ তেতিয়া সুদৰ্শন চক্ৰ ভগৱান বিষ্ণুৰ এটা গুণ। কোনো অস্ত্ৰ নহয় আৰু তেওঁ যেতিয়া বিচাৰে তেতিয়া এইখন প্ৰকট কৰিব পাৰে। সেই কাৰণে এইখনক মান্যতা দিয়া হয়।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages