কোৱা হয় এবাৰ ভগৱান শিৱয়ে দেৱী পাৰ্বতীৰ লগত বনবিহাৰ কৰি আছিল। তেতিয়া তেওঁলোকৰ দৰ্শন কৰিবলৈ কেইজনমান ঋষি তালৈ গ'ল।( Religious Studies )
ভগৱান শিৱ আৰু দেৱী পাৰ্বতীয়ে সেই সময়ত প্ৰেম আলাপত বিলিন হৈ আছিল। ঋষিসকলক দেখি পাৰ্বতীয়ে লাজ পালে। পাৰ্বতীৰ এই দশা দেখি ভগৱান শিৱয়ে সেই বনক শাওঁ দি ক'লে আজিৰ পৰা যিসকল পুৰুষে এই বনত প্ৰৱেশ কৰিব,সি স্ত্ৰী হৈ পৰিব।
তাৰ পাছৰ পৰায়েই পুৰুষসকল সেই বনলৈ নোযোৱা হ'ল। তেতিয়াৰেই পৰা সেই স্থান অম্বিকাবন নামেৰে প্ৰসিদ্ধ হৈ শিৱ আৰু পাৰ্বতীৰ সুৰক্ষিত স্থান হৈ পৰিল।
এবাৰ বেৱবস্থ মুনিৰ পুতেক ঈলে চিকাৰ খেদি সেই বনত গৈ সোমালে আৰু তেওঁ লগে লগে এজনী ধুনীয়া ছোৱালী হৈ পৰিল। তেওঁৰ ঘোঁৰাটো ও মাইকী হৈ পৰিল। স্ত্ৰী হৈ পৰিলত ঈলে বহুত দুখ পালে আৰু বনতেই ঘূৰি ফুৰিবলৈ ধৰিলে।
সেই বনৰ ওচৰতে ঋষি বুধ, (যি পাছত বুধ গ্ৰহ হ'ল ) তেওঁৰ আশ্ৰম আছিল। স্ত্ৰীৰ ৰূপত যেতিয়া ঈল তাত গৈ পালে তেতিয়া ঋষি বুধে তেওঁক দেখি মোহিত হৈ পৰিল। তেওঁ স্ত্ৰী ৰূপি ঈলৰ নাম ঈলা ৰাখি দিলে। তাৰ পিছত দুয়োজনে প্ৰেম বিবাহত আবদ্ধ হ'ল।
ঈলা সেই আশ্ৰমতেই বুধৰ লগত থাকিবলৈ ধৰিলে। কিছুদিনৰ পাছত ঈলায়ে এজন পুত্ৰ সন্তান জন্ম দিলে। যাৰ নাম পুৰুবা ৰখা হ'ল।বুধৰ আশ্ৰমত স্ত্ৰী হৈ পৰা ঈলে বহুত বছৰ পাৰ কৰি দিলে। এদিন ঈলাক দুখত থকা দেখি পুতেকে কিয় দুখত আছে তাৰ কাৰণ সুধিলে।
ঈলায়ে নিজৰ পৰিচয় দি পুৰুষৰ পৰা স্ত্ৰী কেনেকৈ হ'ল সকলো কথা পুতেকক ক'লে। মাকৰ দুখ নিৰ্বাৰণৰ কাৰণ জানিবলৈ পুতেক দেউতাক বুধৰ ওচৰলৈ গ'ল। তেতিয়া বুধে ক'লে মই সকলো জানো আৰু এইটো ও জানো যে ভগৱান শিৱ আৰু পাৰ্বতীৰ আশীৰ্বাদতহে তেওঁৰ উদ্ধাৰ হ'ব। ( Religious Studies )
সেই কাৰণে তুমি গৌতমী গংগা নদীৰ পাৰলৈ গৈ তেওঁলোকৰ আৰাধনা কৰা। ভগৱান শিৱ আৰু পাৰ্বতী সদায় তাত বিৰাজমান হৈ থাকে। তেওঁলোকে নিশ্চয় তোমাৰ ইচ্ছা পূৰণ কৰিব। দেউতাকৰ কথা শুনি পুৰুবা বহুত প্ৰসন্ন হ'ল।
সি মাক-দেউতাকক লগত লৈ গৌতমী গংগা নদীৰ পাৰলৈ গ'ল আৰু তাত স্নান কৰি ভগৱান শিৱৰ স্তুতি কৰিবলৈ ধৰিলে। ভগৱান শিৱ স্তুতিত প্ৰসন্ন হৈ দেৱী উমাৰ লগত তাত আহি প্ৰকট হ'ল আৰু বৰ বিচাৰিবলৈ ক'লে।
পুৰুবায়ে বৰ হিচাপে পুণৰ ৰজা ঈলক পুৰুষ বনাবলৈ ক'লে। তেতিয়া ভগৱান শিৱয়ে ক'লে - ঈলে গৌতমী গংগা নদীত স্নান কৰিলে নিজৰ আগৰ ৰূপ পাব। এইটো কৈ তেওঁ তাৰ পৰা নাইকীয়া হৈ গ'ল।
তাৰ পিছত ঈলায়ে গৌতমী গংগা নদীত স্নান কৰিলে। স্নান কৰি থাকোঁতে ঈলাৰ গাৰ পৰা যি জল পৰিল সেই জলৰ লগত ঈলাৰ স্ত্ৰী ৰূপ গৌতমী গংগা নদীত মিলি গ'ল আৰু তাৰ পৰা বিদ্যা, গীতা আৰু সুভাগ্য নামৰ নদীলৈ সলনি হৈ গংগাত মিলি গ'ল।
তাত তিনিখন পবিত্ৰ সংগম হ'ল। তেতিয়াৰে পৰা সেই স্থান ঈলা তীৰ্থস্থান ৰূপে পৰিবৰ্তন হ'ল। ইয়াত ঈলেশ্বৰ নামৰ ভগৱান শিৱৰ প্ৰতিষ্ঠা কৰা হ'ল। কোৱা হয় যে এই স্থানত স্নান আৰু দান কৰিলে সকলো মনোকামনা পূৰ্ণ হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment