মা সতী আৰু ভগৱান শিৱৰ আলৌকিক প্ৰেম লীলা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 18, 2022

মা সতী আৰু ভগৱান শিৱৰ আলৌকিক প্ৰেম লীলা : Religious Studies

 

Religious Studies

দক্ষ প্ৰজাপতিৰ সকলো কেইজনী ছোৱালীয়েই গুণৱতী আছিল।তাৰ পিছতো দক্ষ মনৰ পৰা সন্তোষ নাছিল। ( Religious Studies )


তেওঁ বিচাৰিছিল তেওঁৰ ঘৰত এনেকুৱা এজনী ছোৱালী জন্ম হওঁক, যি সৰ্বশক্তি সম্পন্ন অৰ্থাৎ সৰ্ববিজয়ীনী হয়।দক্ষয়ে তেনেকুৱা এজনী ছোৱালী পাবলৈ তপস্যা কৰিবলৈ ল'লে।


তপস্যা কৰোঁতে কৰোঁতে অধিক দিন পাৰ হৈ গ'ল । তাৰ পিছত ভগৱতী আদ্যা আবিৰ্ভাৱ হৈ ক'লে, মই তোমাৰ তপস্যাত প্ৰসন্ন হৈছো। তুমি কি কাৰণে তপস্যা কৰি আছা?দক্ষই তপস্যা কৰাৰ কাৰণ কি কলত মায়ে ক'লে - "মই নিজেই ছোৱালী হিচাপে তোমাৰ ঘৰত জন্ম গ্ৰহণ কৰিম।" মোৰ নাম হ'ব সতী।



মই সতী ৰূপে জন্মগ্ৰহণ কৰি নিজৰ লীলাসমূহৰ বিস্তাৰ কৰিম। তাৰ ফলত ভগৱতী আদ্যায়ে সতী ৰূপে দক্ষৰ তাত জন্ম গ্ৰহণ কৰিলে। সতী দক্ষৰ আনকেইজনী ছোৱালীতকৈ বেছি আলৌকিক আছিল। সতীয়ে বাল্যকালতেই এনেকুৱা কিছুমান অলৌকিক আশ্চর্যজনক কাম কৰি দেখুৱাইছিল ,যিবোৰ দেখি দক্ষয়েইও বিশ্মময় মানিছিল।


যেতিয়া সতী বিবাহৰ যোগ্য হৈ পৰিল। তেতিয়া দক্ষয়েই সতীৰ বাবে পাত্ৰ বিচাৰা চিন্তা কৰিবলৈ ধৰিলে। তেওঁ ভগৱান ব্ৰহ্মাৰ পৰা এই বিষয়ে পৰামৰ্শ গ্ৰহণ কৰিলে। ভগৱান ব্ৰহ্মায়ে ক'লে সতী ভগৱতী আদ্যাৰ অৱতাৰ। আদ্যা আদি শক্তি আৰু আদি পুৰুষ শিৱ। সেই কাৰণে সতীৰ বিবাহৰ বাবে শিৱ যোগ্য আৰু উচিত পাত্ৰ।


দক্ষয়ে ভগৱান ব্ৰহ্মাৰ কথা মানি সতীৰ বিয়া ভগৱান শিৱৰ লগত পাতি দিলে।সতী শিৱৰ লগত কৈলাসলৈ গৈ থাকিবলৈ ল'লে। ভগৱান শিৱ দক্ষৰ জোঁৱায়েক আছিল। কিন্তু কিবা কাৰণ দক্ষৰ হৃদয়ত ভগৱান শিৱৰ প্ৰতি ঘৃণা আৰু বিৰোধিতা ভাব উৎপন্ন হৈ পৰিল।


এবাৰ দেৱলোকত ভগৱান ব্ৰহ্মায়ে ধৰ্মৰ নিৰূপণ কৰিবৰ বাবে এখন সভাৰ আয়োজন কৰিলে। সকলো ডাঙৰ ডাঙৰ দেৱতা সভাত একত্ৰিত হ'ল। ভগৱান শিৱ ও সেই সভাত বহি আছিল। সভালৈ দক্ষৰ আগমন ঘটিল। 


দক্ষ আহিলত সকলো দেৱতা উঠি ঠিয় হ'ল , কিন্তু ভগৱান শিৱ ঠিয় নহ'ল। তেওঁ দক্ষক প্ৰণামো নকৰিলে। ফলত দক্ষয়ে অপমান অনুভৱ কৰিলে। কেৱল সেইয়া নহয় তেওঁ হৃদয়ত ভগৱান শিৱৰ প্ৰতি ঈৰ্ষা ভাৱ জাগি উঠিল। তেওঁ ভগৱান শিৱৰ পৰা‌ প্ৰতিশোধ ল'বলৈ সময় আৰু সুযোগৰ প্ৰতীক্ষা কৰিবলৈ ধৰিলে।


এবাৰ সতী আৰু শিৱয়ে কৈলাসত বহি পৰস্পৰে বাৰ্তালাপ কৰি আছিল। সেই সময়তে আকাশে দি কিবা বিমান কাণত জোঁকাৰণি কৰি সেইফালে যোৱা দেখা পোৱা গ'ল।সতীয়ে সেই বিমানসমূহ দেখি ভগৱান শিৱক সুধিলে, প্ৰভু এই সকলোবোৰ বিমান কাৰ আৰু কোনফালে গৈছে? ভগৱান শিৱয়ে উত্তৰ দিলে তোমাৰ পিতৃয়ে বহুত ডাঙৰ যজ্ঞৰ আয়োজন কৰিছে। সমগ্ৰ দেৱী -দেৱতা এইসমূহ বিমানত বহি সেই যজ্ঞলৈ সন্মিলিত হ'বলৈ গৈছে। 


তেতিয়া সতীয়ে দ্বিতীয়টো প্ৰশ্ন কৰিলে , মোৰ দেউতায়ে আপোনাক যজ্ঞত সন্মিলিত হ'বলৈ মতা নাই নেকি?


ভগৱান শিৱয়ে উত্তৰ দিলে, তোমাৰ পিতৃয়ে মোক ঘৃণা কৰে, মোক কিয় মাতিব।


সতীয়ে মনে মনে ভাবিবলৈ ধৰিলে আৰু ক'লে  যজ্ঞৰ এই সুযোগত মোৰ সকলো বাইদেউ আহিব। তেওঁলোকক লগ পোৱা বহুত দিন হৈ গ'ল। যদি আপুনি অনুমতি দিয়ে, তেতিয়া মইয়ো দেউতাৰ ঘৰলৈ যাব পাৰোঁ নেকি। যজ্ঞতো সন্মিলিত  হ'ম আৰু বাইদেউহতঁকো লগ পোৱা সুবৰ্ণ সুযোগ পাম।



ভগৱান শিৱয়ে উত্তৰ দিলে এই সময়ত তালৈ যোৱা উচিত নহ'ব। তোমাৰ দেউতায়ে মোক ঘৃণা কৰে, হ'ব পাৰে তেওঁ তোমাকো অপমান কৰে।নমতাকে কাৰোবাৰ ঘৰলৈ যোৱাতো উচিত নহয়।


সতীয়ে তেতিয়া প্ৰশ্ন কৰিলে এনেকুৱা কিয়? ভগৱান শিৱয়ে উত্তৰ দিলে  বিবাহিত ছোৱালীয়ে নমতাকে দেউতাকৰ ঘৰলৈ যাব নালাগে। কাৰণ বিয়াৰ পাছত ছোৱালী নিজৰ স্বামীৰ হৈ পৰে। দেউতাকৰ ঘৰৰ লগত তাইৰ সমন্ধ নাইকীয়া হৈ যায়। 


কিন্তু সতীয়ে দেউতাকৰ ঘৰলৈ যাবলৈ জেদ কৰিবলৈ ধৰিলে। নিজৰ কথা বাৰে- বাৰে কৈ আছিল। তেওঁৰ ইচ্ছা দেখি ভগৱান শিৱয়ে তেওঁক ঘৰলৈ যাবলৈ অনুমতি দি দিলে। তেওঁৰ লগত নিজৰ এজন গণ পঠিয়াই দিলে, যাৰ নাম আছিল বীৰভদ্ৰ। সতী বীৰভদ্ৰৰ লগত নিজৰ দেউতাকৰ ঘৰলৈ গ'ল। 


ঘৰত সতীৰ লগত কোনেও প্ৰেমপূৰ্বক ভাৱে কথা পতা নাছিল। দক্ষয়ে তেওঁক দেখি ক'লে তুমি মোৰ অপমান কৰিবলৈ ইয়ালৈ আহিছা নেকি? নিজৰ বাইদেউহতঁক চোৱা সিহঁতি কেনেকৈ বিভিন্ন অলংকাৰ আৰু সুন্দৰ আভূষণেৰে সাজি কাচি আছে। 


তোমাৰ শৰীৰত কেৱল মাত্ৰ বাঘৰ চাল আছে। তোমাৰ স্বামী শ্মশানবাসী আৰু ভূতবোৰৰ নায়ক হয়। তেওঁ তোমাক বাঘৰ চালৰ বাদে আৰু কি পিন্ধাব পাৰিব।দক্ষৰ কথা শুনি সতীৰ হৃদয়ত অনুতাপৰ সাগৰ ভাহি উঠিল। তেওঁ ভাবিব লৈ ধৰিলে মই ইয়ালৈ আহি ভাল কাম নকৰিলোঁ। ভগৱানে ঠিকেই কৈছিল নমতাকৈ দেউতাকৰ ঘৰলৈও যাব নালাগে। কিন্তু এতিয়া কি কৰিব পাৰিম নো ? এতিয়াটো আহিলো।


দেউতাকৰ তীক্ষ্ণ আৰু অপমানজনক কথা শুনাৰ পাছতো সতী মনে মনে থাকিল। তেওঁ সেই যজ্ঞৰ ওচৰলৈ গ'ল য'ত সকলো দেৱী-দেৱতা, ঋষি মুণি বহি আছিল।যজ্ঞৰ অগ্নি বহুত ডাঙৰকৈ জ্বলি আছিল আৰু তাত আহুঁতি দি থকা হৈছিল। সতীয়ে যজ্ঞত সকলো দেৱতাৰ ভাগ দেখিলে । কিন্তু ভগৱান শিৱৰ ভাগ নেদেখিলে।



তেওঁ ভগৱান শিৱৰ ভাগ নেদেখি দেউতাকক ক'লে - পিতৃশ্ৰেষ্ঠ,  যজ্ঞত সকলোৰে ভাগ দেখা পোৱা গৈছে। কিন্তু কৈলাসৰ স্বামীৰ স্থান নাই। আপুনি তেওঁৰ ভাগ কিয় নাৰাখিলে? দক্ষয়ে গৰ্বেৰে উত্তৰ দিলে মই তোমাৰ স্বামী শিৱক দেৱতা বুলি নাভাবো। তেওঁ ভূতৰ স্বামী, নগ্ন হৈ থকা,হাড়ৰ মালা পিন্ধা হয়। তেওঁ দেৱতাৰ শাৰীত বহাৰ যোগ্য নহয়। তেওঁক কোনে ভাগ দিব।( Religious Studies )




 সতীৰ চকু ৰঙা হৈ পৰিল। তেওঁ মুখখন প্ৰলয়ৰ সূৰ্যৰ দৰে তেজশ্ৰী হৈ পৰিল। তেওঁ কষ্টতে চিঞৰি ক'লে - অ'। মই এইবোৰ শব্দ কেনেকৈ শুনি আছোঁ। ধিক্কাৰ মোৰ ওপৰত। দেৱতাসকল তোমালোকো ধিক্কাৰ দিছোঁ। তোমালোকে কেনেকৈ এইবোৰ শব্দ কৈলাস স্বামীৰ বিষয়ে শুনি আছা।যি মঙ্গলৰ প্ৰতীক আৰু এক ক্ষণতে সম্পূৰ্ণ সৃষ্টি ধ্বংস কৰা ক্ষমতা ৰাখে বা শক্তি আছে। 


তেওঁ মোৰ স্বামী।নাৰীৰ কাৰণে তেওঁৰ স্বামীয়ে তেওঁৰ স্বৰ্গ। যি নাৰীয়ে নিজৰ স্বামীৰ বিষয়ে অপমানজনক কথা শুনে তেওঁ নৰকলৈ যাব লাগে। পৃথিৱী শুনা,আকাশ শুনা আৰু দেৱতাসকল, তোমালোকেও শুনা। মোৰ দেউতায়ে মোৰ স্বামীৰ অপমান কৰিছে। মই এক ক্ষণো আৰু জীয়াই থাকিব নোৱাৰোঁ। সতীয়ে নিজৰ কথা শেষ কৰি যজ্ঞৰ জুইত জপিয়াই দিলে। জ্বলি থকা আহুঁতিৰ লগতেই সতীৰ শৰীৰটো ও জ্বলিবলৈ ধৰিলে।


 যজ্ঞকুণ্ডত হুলথূল আৰু হাহাকাৰ হৈ গ'ল। দেৱতাসকল উঠি ঠিয় দিলে।বীৰভদ্ৰ খঙত কঁপিবলৈ ধৰিলে। তেওঁ খঙত  যজ্ঞত ধ্বংস কৰিবলৈ ধৰিলে।যজ্ঞকুণ্ডত দৌৰা ধপৰা লাগি গ'ল। দেৱতা আৰু ঋষি- মুণি দৌৰি ঠিয় হৈ পৰিল। বীৰভদ্ৰয়ে খঙতে দক্ষৰ মূৰ কাটি পেলাই দিলে। সংবাদ গৈ শিৱৰ কাণত পৰিল। 


তেওঁ প্ৰচণ্ড খঙত তাত আহি পালে আৰু সতীৰ দেহতো দেখি নিজকে পাহৰি পেলালে। সতীৰ প্ৰেম আৰু ভক্তিয়ে ভগৱান শিৱৰ মন ব্যাকুল কৰি তুলিলে। সেই ভগৱান শিৱৰ মন ব্যাকুল কৰি তুলিলে যিয়ে কামনা ওপৰত জয় লাভ কৰিছিল আৰু যিয়ে সম্পূৰ্ণ সৃষ্টিক নষ্ট কৰাৰ ক্ষমতা ৰাখিছিল। তেওঁ সতীৰ প্ৰেমত মুগ্ধ হৈ পৰিল আৰু অচেতন হৈ পৰিল।


ভগৱান শিৱয়ে উন্মুক্ত হৈ সতীৰ জ্বলা দেহতো কান্ধত লৈ ল'লে। তেওঁ সকলো দিশতেই ভ্ৰমণ কৰিবলৈ ধৰিলে। শিৱ আৰু সতীৰ এই আলৌকিক প্ৰেম দেখি পৃথিৱী ৰৈ গ'ল।বতাহ ৰৈ গ'ল, পানীৰ প্ৰবাহ ৰৈ গ'ল। দেৱতাসকলৰো উশাহো ৰৈ গ'ল।


সৃষ্টি ব্যাকুল হৈ পৰিল, সৃষ্টি প্ৰাণীবোৰে চিঞৰি উঠিল ত্ৰাহিমাম।ত্ৰাহিমাম। ভয়ংকৰ সংকতৰ আগমন দেখা পাই ভগৱান বিষ্ণু আগবাঢ়ি আহিল তেওঁ ভগৱান শিৱৰ অচেতনতাত সতীৰ দেহটোৰ এটা এটা অংগ চক্ৰৰে কাটি পেলাবলৈ ধৰিলে। পৃথিৱীৰ ৫১ ঠাইত সতীৰ দেহৰ অংগ কাট খাই পৰিবলৈ ধৰিলে।যেতিয়া সতীৰ দেহ কাট খাই সকলো পৰি গ'ল তেতিয়া ভগৱান শিৱয়ে নিজকে ঘূৰাই পালে।যেতিয়া  ভগৱান শিৱয়ে নিজকে ঘূৰাই পালে। তেতিয়া সৃষ্টি সকলো কাৰ্য পুণৰ চলিবলৈ ধৰিলে।



পৃথিৱীৰ যিসমূহ ঠাইত অৰ্থাৎ  ৫১ ঠাইত সতীৰ দেহৰ অংগ পৰিছিল। সেইবোৰ ঠাইক এতিয়া শক্তিপীঠ হিচাপে গণ্য কৰা হয়।আজিও সেই ঠাইসমূহত সতীক পূজা হয়, উপাসনা কৰা হয়।ধন্য আছিল সতী আৰু শিৱৰ প্ৰেম।সতী আৰু শিৱৰ প্ৰেমে তেওঁলোকক অমৰ আৰু পূজনীয় কৰি তুলিলে।



পাৰ্বতী ৰূপে জন্ম-  পাছত সতীৰ বিৰহত ভগৱান শিৱৰ অৱস্থা দয়া লগা হৈ পৰিল। তেওঁ সকলো সময়তে সতীৰ ধ্যান কৰি থাকিবলৈ ধৰিলে আৰু তেওঁৰেই চৰ্চাত সকলো সময়তে ব্যস্ত থাকিবলৈ ধৰিলে। সতীয়েও দেহ ত্যাগ কৰোঁতে সংকল্প লৈছিল যে মই ৰজা হিমালয়ৰ তাত জন্ম গ্ৰহণ কৰি ভগৱান শিৱৰ অৰ্ধাংঙ্গীনী হ'ম।


এতিয়াটো জগদম্বাৰ সংকল্প ব্যৰ্থ নাযায়। সেই কাৰণে তেওঁ সঠিক সময়ত ৰজা হিমালয়ৰ পত্নী মেনকাৰ গৰ্ভত প্ৰবেশ কৰি, তেওঁৰ কোলাত প্ৰকট হ'ল।পাৰ্বত ৰজাৰ জীয়েক হোৱাৰ কাৰণে তেওঁৰ নাম পাৰ্বতী হ'ল। যেতিয়া পাৰ্বতী ডাঙৰ হ'ল তেতিয়া মাক-দেউতাকে পাৰ্বতীৰ বিবাহৰ বাবে পাত্ৰৰ চিন্তা কৰিবলৈ ধৰিলে।


এদিন হঠাতে দেৱ ঋষি নাৰদ ৰজা হিমালয়ৰ ৰাজপ্ৰসাদত আহি উপস্থিত হ'ল আৰু পাৰ্বতীক দেখি ক'লে এওঁৰ বিবাহ ভগৱান শিৱৰ লগত হ'ব লাগে আৰু তেওঁ সকলো প্ৰকাৰে এওঁৰ যোগ্য।


পাৰ্বতীৰ মাক-দেউতাকৰ এই কথাটো শুনি আনন্দ ঠিকনা নাইকীয়া হৈ পৰিল যে নিজেই জগতৰ মাতায়ে তেওঁলোকৰ তাত প্ৰকট হৈছে। তেওঁলোকে মনে মনে নিজৰ ভাগ্যক ধন্যবাদ দিবলৈ ধৰিলে।


এদিন ভগৱান শিৱয়ে সতীৰ বিৰহত ঘূৰি ফুৰি আহি সেই প্ৰদেশতে আহি পালে আৰু তাতে অৱস্থিত এখন ঠাই গংগাবতৰণত তপস্যা কৰিবলৈ ধৰিলে। যেতিয়া ৰজা হিমালয়ে এই কথাটো গম পালে, তেতিয়া তেওঁ পাৰ্বতীক লৈ ভগৱান শিৱৰ ওচৰলৈ গ'ল।


তালৈ গৈ ৰজা হিমালয়ে নম্ৰতাৰে জীয়েকক সেৱাত গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰিলে। ভগৱান শিৱয়ে প্ৰথমতে মানি নল'লে, কিন্তু পাৰ্বতীৰ ভক্তি দেখি ভগৱান শিৱয়ে তেঁওৰ আগ্ৰহ তল পেলাব নোৱাৰিলে।


শিৱৰ অনুমতি পোৱা পাছত পাৰ্বতীয়ে সদায় নিজৰ সক্ষীসকলৰ লগত তালৈ আহি শিৱৰ সেৱা কৰিবলৈ ধৰিলে।পাৰ্বতীয়ে সদায় এইটো কথা ধ্যান ৰাখিছিল যে যাতে ভগৱান শিৱৰ অকনো কষ্ট নহয়।


তেওঁ সদায় ভগৱান শিৱৰ চৰণ ধোৱাই চৰণ 

স্পৰ্শ কৰিছিল আৰু ষোল্লটা প্ৰতিকাৰে পূজা কৰিছিল। এনেদৰে পাৰ্বতীয়ে ভগৱান শিৱৰ সেৱা কৰি দীৰ্ঘ সময় পাৰ কৰি দিলে। কিন্তু পাৰ্বতীৰ দৰে ইমান ধুনীয়া ছোৱালী দ্বাৰা সেৱা পোৱাৰ পাছতো ভগৱান শিৱৰ মনত সলনি নহ'ল।


তেওঁ সদায় নিজৰ সমাধিতে নিশ্চল হৈ থাকে। সেইফালে দেৱতাসকলক এটা তাৰক নামৰ অসুৰে অশান্তি দিবলৈ ধৰিলে এইটো জানি যে তাক শিৱৰ পুত্ৰয়ে মাৰিব পাৰিব। সকলো দেৱতায়ে শিৱ- পাৰ্বতীৰ বিয়া কৰাই দিবলৈ চেষ্টা কৰিলে।


তেওঁলোকে শিৱক পাৰ্বতীৰ ফালে আকৰ্ষিত কৰিবলৈ কামদেৱক তেওঁৰ ওচৰলৈ পঠিয়ালে। কিন্তু পুষ্পযুদ্ধৰ পুষ্পবানে ও ভগৱান শিৱৰ মন সলনি কৰিব নোৱাৰিলে। উলোটাই কামদেৱ ক্ৰোধৰ অগ্নিত ভ্ৰষ্ম হৈ পৰিল।


তাৰ পিছত ভগৱান শিৱয়ে তাত থকা তপস্যাৰ বাবে ভাল নহ'ব বুলি ভাবি তাৰ পৰা কৈলাসলৈ গুচি গ'ল। পাৰ্বতীয়ে শিৱৰ সেৱা কৰিবলৈ নাপায় বহুত দুখ অনুভৱ কৰিবলৈ ধৰিলে। কিন্তু তেওঁ নিৰাস নহ'ল আৰু তপস্যাৰে ভগৱান শিৱক সন্তোষ কৰিবলৈ মনত ভাবি ল'লে।


তেওঁৰ মাকে তেওঁক তপস্যাৰ বিষয়ে বহুত বুজাই আৰু কৰিবলৈ মনা কৰিলে। সেই কাৰণে তেওঁৰ 'উমা '- উ+মা( তপস্যা নকৰিবা) নাম প্ৰসিদ্ধ হৈ পৰিল। কিন্তু পাৰ্বতীৰ ওপৰত তেওঁৰ একো প্ৰভাৱ নপৰিল। নিজৰ সংকল্পৰ পৰা তেওঁ অকনো বিচলিত নহ'ল। তেওঁ তাতে গৈ তপস্যা কৰিলে য'ত ভগৱান শিৱয়ে কৰিছিল।


তেতিয়াৰ পৰায়েই মানুহে সেই শীৰ্ষৰক 'গৌৰি-শংকৰ শীৰ্ষৰ বুলি ক'বলৈ ধৰিলে। প্ৰথম বছৰত তেওঁ ফল খাই জীৱন যাপন কৰিলে। দ্বিতীয় বছৰত পৰ্ণ ( বৃক্ষৰ পাত) খাই জীৱন যাপন কৰিলে। তাৰ পিছত তেওঁ পাতৰো পৰিত্যাগ কৰিলে। সেই কাৰণে তেওঁক 'অপৰ্ণ' বুলি কোৱা হয়।


এনেদৰে পাৰ্বতীয়ে তিনিহাজাৰ বছৰ তপস্যা কৰিলে। তেওঁৰ এনে কঠোৰ তপস্যা দেখি ঋষি মুণি সকলেও বিচ্ছুতি মানিলে।শেষত ভগৱান আশুতোষৰ আসন কঁপিবলৈ ধৰিলে। তেওঁ পাৰ্বতীক পৰীক্ষা‌ কৰি চাবলৈ প্ৰথমতে সপ্তৰ্ষিকক পঠালে আৰু পিছফালে নিজেই বটুবেশ ধাৰণ কৰি পাৰ্বতীক পৰীক্ষা কৰি চাবলৈ প্ৰস্থান কৰিলে।


ওম ত্ৰিমবক্ৰম য়জামহে, সুগন্ধি পুষ্টিবৰ্ধনম

উৰ্বাৰুক্মিব বৰ্ধনান, মৃত্যুমুখীয় মাৎমৃতাত্।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages