এইসমূহ সংকেত দেখিলে জানিব,মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হৈছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 17, 2022

এইসমূহ সংকেত দেখিলে জানিব,মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হৈছে : Religious Studies

Religious Studies

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ লৈছো যে, মহালক্ষ্মী সন্তোষ হ'লে আমাক দিয়ে এইসমূহ শুভ সংকেত।যাৰ দ্বাৰা আমি জানিব পাৰো যে আমি যি পূজা অৰ্চনা কৰিছোঁ তাত মহালক্ষ্মী প্ৰসন্ন হৈছে। ( Religious Studies )


এই সংকেতসমূহৰ পৰা আমি জানিব পাৰিম যে বাস্তৱত আমাৰ ওপৰত মহালক্ষ্মী কৃপা আছে।আমি যিকোনো কাৰ্য কৰিলেও পিছলৈ ঘূৰি চাব নালাগে। নিশ্চিত ৰূপে মহালক্ষ্মীয়ে আমাৰ আৰু আমাৰ ঘৰৰ ওপৰত ধনৰ ভাণ্ডাৰে দি ভৰাই দিব।


আমি সেইসমূহ কথা জানিব লাগে যে কিদৰে মা লক্ষ্মীয়ে আমাৰ ওপৰত প্ৰসন্ন হৈ আছে। হিন্দু ধৰ্মৰ অনুসৰি মা লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। কোৱা হয় ঘৰৰ লক্ষ্মী দেৱী ৰুষ্ট হৈ বৈকুণ্ঠলৈ গুচি যায়। তেতিয়া দেৱ লোকত অন্ধকাৰ হৈ পৰে আৰু দেৱতা মুখৰ উজ্বলতা নাইকীয়া হৈ পৰে। এনেকুৱা বহুত অশুভ লক্ষণ দেৱ লোকত দেখা পোৱা যায় ।


 যেতিয়া দেৱী লক্ষ্মী ঘৰলৈ আগমন কৰে , তেতিয়া কিছুমান এনেকুৱা সংকেত পোৱা যায় । যাৰ ফলত আপুনি জানিব পাৰে যে আপুনি আপোনাৰ পূজাৰ ফল প্ৰাপ্ত কৰিছে।মা লক্ষ্মী প্ৰসন্ন হৈ আছে। 


তেতিয়া আমি নিজেই নিজেই এইসমূহ সংকেত পাওঁ আৰু জানো যে মা লক্ষ্মী প্ৰসন্ন হৈছে। আমাৰ জীৱনলৈ নিজেই নিজেই সুখ আহিব । এইসমূহ সংকেতৰ মাধ্যমেৰে প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা সংকেত পায়। এতিয়া জানো আহঁক সেই সংকেত সমূহৰ বিষয়ে।


১. ফেঁচাক মা লক্ষ্মীৰ বাহন বুলি কোৱা হয়। ফেঁচাক ঘৰৰ ভিতৰত বা সপোনত দেখাতো বহুত শুভ বুলি গণ্য কৰা হয়। ফেঁচাক কেতিয়াও সোনকালে ক'তো দেখা পোৱা নাযায়। কিন্তু হঠাতে যদি আপুনি দেখে , তেতিয়া বুজি পাব যে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছে। মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিছে। মা লক্ষ্মী আপোনাৰ ঘৰলৈ আহিব আৰু সুখ আহিব। বহুতে তান্ত্ৰিক বা অন্ধবিশ্বাস বলি হৈ ফেঁচাক মাৰে বা 

ফেঁচাৰ লগত তন্ত্ৰ মন্ত্ৰ কৰে । আপুনি ও এনেকুৱা কৰা কথা যদি ভাবিছে , তেতিয়া আপুনি পাপৰ সমভাগি হ'বলৈ গৈ আছে।মা লক্ষ্মীক খঙ উঠাবলৈ গৈ আছে।ফেঁচা দেখিলে সন্মান কৰক । পূজা কৰক। মাৰ- পিত কৰা কাৰ্য কৰা মানে মা লক্ষ্মীক খঙ উঠোৱা। এনেকুৱা কৰিলে মা লক্ষ্মীয়ে নিজেই নিজেই আপোনাৰ ঘৰৰ পৰা গুচি যায়।



২.দেৱী লক্ষ্মী যেতিয়া প্ৰসন্ন হয়। তেতিয়া ঘৰ বা ঘৰখনৰ মানুহৰ খোৱা বোৱা সলনি হয়। মানুহৰ ভোগ কমকৈ লাগিবলৈ ধৰে। বেছি আহাৰক দৰিদ্ৰতাৰ চিন বুলি কোৱা হয়। কোৱা হয় যিয়ে বেছি আহাৰ গ্ৰহণ কৰে তাৰ বহুত টোপনি বা এলাহ লাগে। এলেহুৱা ব্যক্তিৰ ওচৰত কেতিয়াও মা লক্ষ্মী নাথাকে। যাৰ ফলত মা লক্ষ্মীৰ খঙৰ সন্মুখীন হ'ব লগা হয়। লক্ষ্মীৰ কৃপা লাভ কৰিলে কম আহাৰতে মন প্ৰসন্ন হয়।মাছ-মাংস আৰু মদ আদিৰ পৰা  ব্যক্তি নিজেই নিজেই দূৰ হৈ যায়। মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰতি ভক্তি ভাৱ নিজেই নিজেই বাঢ়ি যায়। তেতিয়া জানিব যে মা লক্ষ্মীৰ আগমন ঘটিছে। সেই কাৰণে এনেকুৱা বেয়া মনোভাৱ নাইকীয়া হৈছে। ইয়াকে মা লক্ষ্মীৰ কৃপাৰ সংকেত বুলি কোৱা হয়।



৩. যেতিয়া ঘৰলৈ মা লক্ষ্মীৰ আগমন হয় বা আমাৰ পূজাৰ দ্বাৰা মা লক্ষ্মী প্ৰসন্ন হয়। তেতিয়া নিজেই নিজেই মানুহৰ ব্যৱহাৰ সলনি হ'বলৈ ধৰে ।ঘৰখনত মতভেদ, কাজিয়া, অহংকাৰ আদি ভাৱনা কম হ'বলৈ ধৰে। পৰিয়ালৰ মানুহৰ মাজত প্ৰেম আৰু সহানুভূতি , সদ্ -ভাব নিজেই নিজেই বাঢ়ি যায়। স্বামী আৰু স্ত্ৰী মাজত মিলাপ্ৰীতি থাকে।কাজিয়া নহয়। যেতিয়া এনেকুৱা লাগে যে পৰিয়ালৰ মাজত সদ্ -ভাব আৰু প্ৰেম বাঢ়িবলৈ ধৰিছে।সম্পৰ্কত মধুৰতা আহিবলৈ ধৰিছে। তেতিয়া জানিব লাগে যে মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত পৰিছে। আপোনাৰ পূজা অৰ্চনা দ্বাৰা প্ৰসন্ন হৈ আপোনাৰ জীৱনলৈ আগমন কৰিছে।মা লক্ষ্মীৰ আগমন বা  কৃপা দৃষ্টি আপুনি লাভ কৰিলে এইসমূহ সংকেত বা এইসমূহ কথা দেখিবলৈ পোৱা যায়।( Religious Studies )



৪.যিখন ঘৰত চাফ-চিকুন‌ কেতিয়াও ভালকৈ কৰা নহয়। তাত মা লক্ষ্মী কেতিয়াও নাথাকে। ঝাৰু মা লক্ষ্মীৰ বহুত প্ৰিয় । বাহিৰলৈ যাওঁতে বা ৰাতিপুৱা সময়ত যদি আপুনি কোনোবাই ঝাৰুৱে দি সাৰি থকা দেখে। তেতিয়া বুজি ল'ব যে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছে। সোনকালেই তেওঁ আপোনাক ফল দিব আৰু আপোনাৰ ইচ্ছা পূৰ্ণ হ'ব। সেই কাৰণে আপুনি এনেকুৱা সংকেত দেখিবলৈ পাইছে।


৫. যদি আপোনাৰ ৰাতিপুৱা উঠি এনেকুৱা লাগে।আগতে কেতিয়াও এনেকুৱা লগা নাই। অৰ্থাৎ যদি আপুনি শংখৰ মত শুনি থাকে, পূজা অৰ্চনাৰ মধুৰ ধ্বনি শুনি থাকে, মনৰ ভিতৰত ভক্তি ভাৱনা জাগি উঠে, তেতিয়া  বুজি লওঁক যে আপোনাৰ ভাগ্য সলনি হ'ব। মা লক্ষ্মী কৃপা আপুনি লাভ কৰিব।এই গুপ্ত সংকেতৰ মাধ্যমেৰে আপুনি জানিব পাৰিব যে ধন লাভ হ'ব।


৬. পইচাৰ লেনদেন কৰি থাকোঁতে যদি আপোনাৰ হাতৰ পৰা পইচা মাটিত পৰি যায়। বহুতে ভাবে মা লক্ষ্মীৰ অপমান হৈছে আৰু এতিয়া আমাৰ জীৱনত মা লক্ষ্মীয়ে কৃপা দৃষ্টি নেপেলাই। কিন্তু এনেকুৱা একো নহয়। আপুনি আৰু বেছি ধন লাভ কৰিব। লক্ষ্মী আপোনাৰ হাতত থাকিবয়েই পৰা নাই। এনেকৈয়ে বহুত ধন আপুনি লাভ কৰিব।


৭. সপোনত মণি-মুকুতা বা হীৰা ,সোণ দেখিলে সদায় আপোনাৰ ঘৰত বা আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা দৃষ্টি থাকিব। মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত পৰিছে।


৮.ৰাতিপুৱাই যদি আপোনাৰ ঘৰলৈ ভিক্ষা খুজিবলৈ কোনোবা আহে। তেতিয়া আপুনি বুজি পাব লাগে যে ৰুস্থ লক্ষ্মী , এতিয়া আপোনাৰ ওপৰত প্ৰসন্ন হৈছে। সদায় প্ৰথমতে ভিক্ষা খুজিবলৈ অহাজনক  নিৰাশ কৰিব নালাগে। যিমান পাৰি সিমান তেওঁলোকৰ সহায় কৰিব লাগে। তেতিয়া আপোনাৰ জীৱনৰ পৰা নিজেই নিজেই দৰিদ্ৰতা আতঁৰি যাব। মা লক্ষ্মী আশীৰ্বাদ প্ৰাপ্ত হ'ব।


৯. সপোনত নিজকে বুটাম লগোৱা দেখা মানে আপোনাৰ জীৱনত ধন আৰু সন্মান প্ৰাপ্তি হ'ব।


১০. পুৰণা কেচ বা আদালতৰ কিবা কাম যদি সমাধান হোৱা আপুনি সপোনত দেখে তেতিয়া বুজি লওঁক যে আপোনাৰ জীৱনত ধন লাভ হ'বলৈ গৈ আছে বা ধনৰ আগমন হ'ব।


১১. কেতিয়াবা খুঁজতিৰ দ্বাৰা ও বিভিন্ন সংকেত পোৱা যায়। সোঁ হাতত খুঁজতি হ'লে আপোনাৰ জীৱনলৈ ধন আগমন হোৱা সংকেত।মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিব। সেই কাৰণে এনেকুৱা সংকেত আপুনি পাইছে।


১২. সপোনত সোণালী বা বগা সাপ দেখা মানে মা লক্ষ্মীৰ সংকেত। আহোঁতে বা যাওঁতে যদি আপুনি বগা সাপ দেখে তেতিয়া ও এইটো শুভ সংকেত।


১৩. ৰাতিপুৱা উঠিয়েই যদি আপুনি ঘৰৰ ভিতৰত দৌ বা গাখীৰে ভৰা বাচন দেখে বা  উঠিয়েই যদি আপোনাৰ দৰ্শন হয় । যাত্ৰা কৰা সময়ত সাপ, কুকুৰ, বান্দৰ ,পক্ষী আদি দেখে , তেতিয়া বুজি লওঁক যে আপোনাৰ যাত্ৰা সফল হ'ব, মঙ্গলময় হ'ব। আপোনাৰ জীৱনত মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰিছে। সেই কাৰণে এইসমূহ সংকেত দেখিবলৈ পোৱা গৈছে। যেতিয়া আপুনি দেৱী লক্ষ্মীৰ মন্দিৰলৈ যায় আৰু মা লক্ষ্মীৰ প্ৰাৰ্থনা কৰিবলৈ লয় আৰু এনেকুৱা লাগে যেন মা লক্ষ্মীৰ মুখখনে কিবা ক'ব বিচাৰিছে। ন'হলেবা যদি ফুল সৰি  পৰে। তেতিয়া জানিব ল'ব লাগে যে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছে। মা লক্ষ্মীৰ কৃপা আছে বাবে আপুনি এইসমূহ সংকেত পাইছে। আপোনাৰ জীৱনত নোহোৱা কাম ভাল হৈ পৰিব।


১৪. ৰাতি যদি আপুনি ধন লাভৰ সপোন দেখে। আকৌ যদি ৰাতিপুৱা কোনোবা ব্যক্তিয়ে ধাৰলৈ লোৱা ধন ঘূৰাই দিয়ে। অৰ্থাৎ ৰাতিপুৱাই যদি কোনোবা ব্যক্তিয়ে আপোনাক নিজেই নিজেই ধন দি যায়। তেতিয়া জানিব লওঁক যে আপোনাৰ ডুবি যোৱা ধন আহিবলৈ ধৰিছে। মা লক্ষ্মীৰ সকাৰত্মকতা আপোনাৰ লগতে আপোনাৰ ঘৰত পৰিব। আপোনাৰ কেতিয়াও দুখ কষ্ট নহয়।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages