ভগৱনাৰ ভক্তি আমি কিয় কৰিব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 16, 2022

ভগৱনাৰ ভক্তি আমি কিয় কৰিব লাগে : Religious Studies

Religious Studies

যেতিয়া সুখ আহে আপুনি এৰি থৈ যায়,এনেকুৱা সুখৰ কি কৰিম য'ত আপোনাৰ দৰ্শন নহয়।ভাল সেই দুখেই যিয়ে অলপ হ'লেও আপোনাৰ দৰ্শন কৰাই দিয়ে।( Religious Studies )


হে,নাথ যি হ'লেও মই আপোনাৰ পৰা দূৰত থাকিব নোৱাৰোঁ। তেতিয়া ভগৱান কৃষ্ণয়ে হাঁহি মাৰি ক'লে -মা মই সকলো দিব পাৰোঁ, কিন্তু দুখ দিব নোৱাৰোঁ।


বহুবাৰ আপোনালোকে এইটো প্ৰশ্ন কৰে বা কয় যে ভগৱানে বহুত দুখ দিছে,বহুত দুখ । ভগৱান কাৰো শত্ৰু নহয়। ভগৱানে কাকো একো দুখ নিদিয়ে। তেতিয়া এই দুখ কিনো। আমাৰ কৰ্মৰ ফল আমি আমাৰ দুখ ৰূপে পাওঁ। বেয়া কৰ্ম কৰিলে ,তাৰ পৰিণাম দুখ হিচাপে পায়। ভাল কৰ্ম কৰিলে ,তাৰ  পৰিণাম সুখ হিচাপে পায়। 


আমাৰ পৰিণাম সুখ আৰু দুখ ৰূপেই পৰিণতি হয়। ভগৱানে কাকো দুখত নেপেলাই আৰু দুখ নিদিয়েও।এজন মানুহে এবাৰ বহুত অদ্ভূত প্ৰশ্ন সুধিলে। বাবা এটা কথা কওঁক- আমি শুনি আহিছোঁ যে ভগৱানৰ মৰ্জি নহ'লে এখিলাও পাত ইফাল সিফাল নহয়। যদি সকলোবোৰ ভগৱানে কৰে , তেতিয়া চুৰ যে কৰে চুৰে সেইয়াও ভগৱানৰ মৰ্জিতে হয় নেকি? ভুল কৰা সকলে  ভুল কি ভগৱানৰ মৰ্জিতেই কৰে নেকি? 


যদি সকলোবোৰ ভগৱানৰ মৰ্জিত হয়, তেতিয়া আজি যি দুখ বিয়পি আছে সেইয়াও ভগৱানৰ মৰ্জিতেই নেকি? তেতিয়া সাধুজনে ক'লে - এই প্ৰশ্নটোৰ উত্তৰ বুজিবলৈ এটা সৰু কাহিনী শুনিব লাগিব। এজন ব্যক্তি আছিল। তাৰ ওচৰত এখন বহুত ধুনীয়া গাড়ী আছিল। সেই গাড়ীখনৰ এজন ড্ৰাইভাৰো আছিল।মালিকে ড্ৰাইভাৰজনক ক'লে - গাড়ী লৈ ৰে'ল ষ্টেচনলৈ যোৱা  মোৰ সম্পৰ্কীয় মানুহ আহিছে ,তাৰ পৰা তেওঁলোকক লৈ আহা। 


মালিকৰ ইচ্ছাত গাড়ীখন চলে। মালিকে যদি কয় গাড়ীখন লৈ ৰে'ল ষ্টেচনলৈ যোৱা তেতিয়া ড্ৰাইভাৰজন যায়।মালিকে যদি কয় গাড়ীখন লৈ এয়াৰপৰ্টলৈ যোৱা তেতিয়া এয়াৰপৰ্টলৈ যায়।মালিকে যদি কয় গাড়ীখন লৈ বজাৰলৈ যোৱা শাক-পাচলি লৈ আহা, তেতিয়া গাড়ীখন যায়, মালিকৰ মৰ্জিত।আজি যদি ড্ৰাইভাৰজন ৰে'ল ষ্টেচনলৈ গৈ থাকোঁতে তাৰ সন্তোলন নাইকীয়া হৈ যায় আৰু গাড়ী গৈ বহুত তলত পৰি যায়।গাড়ী সদায় মালিকৰ মৰ্জিত চলিছিল। য'ত যাবলৈ মালিকে কৈছিল তালৈ গৈছিল। 


কিন্তু আজি  গাড়ীখন বহুত তলত পৰি গ'ল বা দূৰ্ঘটনা হ'ল, তেতিয়া তাৰ দোষী কোন? মালিক নে ড্ৰাইভাৰ জন?মালিকজন দোষী নেকি? নহয়। ড্ৰাইভাৰ জন দোষী। কিয় ? কাৰণ ড্ৰাইভাৰ জনৰ ওপৰত ব্ৰেকো আছিল আৰু গাড়ী চলোৱাৰ চেঞ্চো আছিল। তেওঁ ভালকৈ কিয় গাড়ীখন নচলালে।সময়ত ব্ৰেক কিয় নামাৰিলা। গাড়ী গৈ বহুত তলত পৰিল বা দূৰ্ঘটনা হ'ল তাৰ দোষী মালিকজন নহয়। 


ড্ৰাইভাৰজন হ'ব। সেইদৰে এই সংসাৰখন পৰমাত্মা ৰূপি মালিকৰ। এই সংসাৰখন পৰমাত্মা ৰূপি মালিকৰ দ্বাৰা চলি আছে।আমি সকলোবোৰ ড্ৰাইভাৰ। এই সংসাৰখন ভগৱানৰ ,তেওঁৱেই চলাই আছে আৰু আপুনি আৰু আমি ড্ৰাইভাৰ। আমাৰ ওচৰত ভাবিব ,বুজিব আৰু নিৰ্ণয় কৰিব পৰা ক্ষমতা আছে। 


কোনোবাই যদি আপোনাক কয় কুঁৱাত জপিয়াই দিয়া । তেতিয়া কি আপুনি কুঁৱাত জপিয়াব নেকি? আপুনি জানে যে কুঁৱাত জপিয়ালে মোৰ লোকচান হ'ব। অৰ্থাৎ আপোনাৰ বুজি পোৱা ক্ষমতা আছে ,কি শুদ্ধ ,কি ভুল। আপোনাৰ ওচৰত বুজি পোৱা ক্ষমতা নথকা হ'লেহে ভগৱান দোষী হ'ল হেঁতেন। গাড়ীত ব্ৰেক নথকা হ'লেহে মালিকজন দোষী হ'ল হেঁতেন যে মালিকে গাড়ীখন ভাল নকৰালে। ড্ৰাইভাৰজনৰ তাত কি ভুল। 


কিন্তু ব্ৰেক আছিল ।সময়ত নামাৰিলত দূৰ্ঘটনা হ'ল । সেইদৰে এই সংসাৰখনো ভগৱনাৰ মৰ্জিত চলে। কিন্তু আপোনালোকে যেতিয়া নিজৰ নিৰ্ণয় লয়। ভাল,বেয়া,পাপ , পুণ্য কৰাৰ ,সেই নিৰ্ণয় আপোনালোকৰ। আপুনি চুৰ কৰোঁতে নাজানিছিল নেকি আপুনি ভুল কৰিছে। সকলো চুৰে জানে এইটো ভুল। যদি চুৰ পাগল হ'ল হেঁতেন আৰু পাগলামীৰ বাবে চুৰ কৰিলে হেঁতেন তেতিয়া তাৰ পাপ ভগৱানৰ  লাগিল হেঁতেন। 


কিন্তু আপোনাৰ বুদ্ধি,বুজা শক্তি আদি সকলোবোৰ আছে।কি ভাল,কি বেয়া। আপুনি জানে যে গছ কটাতো বেয়া। তাৰ পিছতো গছ বা জংঘল কাটি আছে। তেতিয়া ইয়াৰ দোষী ভগৱান নেকি? নহয়। আপোনাৰ ওচৰত বুজি পোৱা ক্ষমতা আছে। আপুনি ভাল কৰিলে ,বেয়া কৰিলে সেইয়াও আপোনাৰেই বুজি পোৱা ক্ষমতা আছিল। আপোনাৰ ভাল আৰু বেয়া কৰ্ম ফলহে ভগৱানে দিয়ে। সুখ আৰু দুখৰ ৰূপত। 


ঈশ্বৰ দোষী নহয় আজি সংসাৰত যি হৈ আছে।আজি যি হাহাকাৰ হৈ আছে তাৰ দোষী ভগৱান নহয়।কাৰো দুখৰ দোষী ভগৱান নহয়। কাৰো সুখৰ দোষী ভগৱান নহয়।সকলো ব্যক্তিয়ে নিজৰ ভাল কৰ্মৰ ফল ভাল পায় আৰু বেয়া কৰ্ম ফল বেয়া পায়।( Religious Studies )


 এতিয়া প্ৰশ্ন আহে যদি কৰ্মৰ ফল ভোগ কৰিব লাগে , তেতিয়া ভগৱনাৰ ভক্তি কিয় কৰিব লাগে?আমি ভাল কৰিলে ভাল ফল পাম ।বেয়া কৰিলে বেয়া ফল পাম।যদি কৰ্মৰ ফল ভোগ কৰিব লাগে , তেতিয়া ৰাম নাম কিয় জপ কৰিব লাগে। ভগৱানৰ কথা কিয় শুনিব লাগে। ভগৱানৰ নাম জপ কৰৰ কি দৰকাৰ।


তেতিয়া শুনক, এইটো সত্য যে আমি কৰ্মৰ ফল ভোগ কৰিব লাগে। ইয়াৰ উত্তৰত আমি এটা কাহিনী আপোনালোকক কম।এজন গুৰুৰ দুজন শিষ্য আছিল।এজনে সত্সংগ বা ভগৱানৰ নাম লৈছিল।আনজনে বেশ্যাৰ ঘৰলৈ গৈ নাচ চাইছিল। এদিন সি বেশ্যাৰ নাচ চাই ঘৰলৈ উভতিল আৰু আহি থাকোঁতে সি সোণেৰে ভৰা এখন থাল পালে। সি বহুত প্ৰসন্ন হ'ল।


সত্সংগ বা ভগৱানৰ নাম লোৱা শিষ্যজন গুৰুৰ ওচৰলৈ গৈ আছিল আৰু গৈ থাকোঁতে তাৰ ভৰিত ডাঙৰ এডাল কাঁইট সোমাল আৰু ভৰিতো ফালি ইপাৰ সিপাৰ হৈ গ'ল। 

সি লেঙেৰীয়াই , লেঙেৰীয়াই  বৈদ্য এজনৰ ওচৰলৈ গ'ল। কাঁইট উলিয়ালে ,দৰব লগালে । তাৰ পিছত গুৰুক ক'লে - মই সত্সংগ বা ভগৱানৰ নাম জপ কৰোঁ আৰু মোৰ ভৰিতেই কাঁইট সোমাল।


সি বৈশ্যাৰ ঘৰলৈ যায় কিন্তু তথাপিও সি সোণ পালে। তেতিয়া গুৰুৱে ক'লে- তুমি নাজানা । তুমি বৰ্তমানৰ বিষয়ে জানা আৰু ভৱিষ্যতৰ বিষয়েও নাজানা। শিষ্যজনে ক'লে আপুনিয়েই কওঁক- গুৰুদেৱ। সি সোণৰ থালি পাইছে ন। তাৰ পুণ্য অধিক আছিল। আগৰ জন্মৰ।আজি সি ৰজা‌ হ'ব লগা আছিল। ৰজা হৈ খাজনা পাব লগা আছিল। কিন্তু সি বেশ্যাৰ ঘৰলৈ গৈ গৈ কু-সংগ কৰি,কৰি নিজৰ সকলো পুণ্য নষ্ট কৰি ল'লে আৰু যি অলপ বাচি আছিল তাৰ ফলতেই সেই অলপ সোণ পালে। 


আজি তুমি মৰিব লগা আছিল। তোমাৰ জীৱন লীলা শেষ হ'ব লগা আছিল। কিন্তু  তুমি সত্সংগ বা ভগৱানৰ নাম জপ কৰা আৰু ভগৱানৰ লগত জড়িত থাকা । সেই কাৰণে ভগৱানে তোমাৰ মৃত্যুক কাঁইটলৈ সলনি কৰি দিলে। তোমাৰ ভৰিত সোমাৱা কাঁইট তোমাৰ মৃত্যু আছিল। কিন্তু ভগৱানে তোমাৰ মৃত্যুক কাঁইটলৈ সলনি কৰি শেষ কৰি দিলে। 


যেতিয়া আপুনি ভগৱানৰ লগত জড়িত হয় তেতিয়া ভগৱানে আপোনাৰ সকলো দুখ নাইকীয়া কৰি দিয়ে। ভগৱান লগত জড়িত হোৱা অৰ্থ হ'ল নিজৰ সত্গতি কৰা। আমি সংসাৰৰ মোহত সোমাই আছোঁ। যদি এই মোহৰ পৰা আতঁৰিব বিচাৰে তেতিয়া ভগৱানৰ নাম জপ কৰিব লাগিব।যাত্ৰা এটা  ভৰিয়েও কৰিব পাৰি, আনটোৱে লগ দিলে তাত কি অসুবিধা। ল'ৰা ছোৱালীয়ে মাকৰ অবিহনে ও জীয়াই থাকে।আনে হ'লেও লালন-পালন কৰি ডাঙৰ কৰে। কিন্তু মাকৰ মৰম পালে সেই কথাটোৱেই বেলেগ। 


সেইদৰে ভগৱানৰ অবিহনে ও জীৱনত জীয়াই থাকিব পাৰি। কিন্তু ভগৱানৰ লগত জীৱনটো জীয়াই থকাতো কি লোকচান। ভগৱানৰ লগত জড়িত হৈ চলিলে আপোনাৰ জীৱনৰ কাম আপুনি নহয় ভগৱানেই কৰিব। ক'ত ভাল ক'ত বেয়া সেইয়া নিৰ্ণয় কৰিব পৰা ক্ষমতা ও ভগৱানেই দিব। ভগৱানৰ ভক্তি এইকাৰণে কৰা হয় যে জীৱনত ভগৱানে সদায় আমাক ৰক্ষা কৰে আৰু ভগৱানৰ ওচৰত বহুত ডাঙৰ চাবি আছে। জন্ম আৰু মৃত্যু চক্ৰৰ পৰা বচোৱাৰ।


যদি আমি ভগৱানৰ নাম জপ কৰোঁ তেতিয়া তেওঁ আমাক জন্ম আৰু মৃত্যু চক্ৰৰ পৰা বচাব আৰু নিজৰ চৰণত স্থান দিব। ন'হলেবা এই চক্ৰতেই সোমাই থাকিব লাগিব। বহুত জন্ম পাৰ হৈ যাব। 


মা কুন্তীয়ে বিপত্ৰী বিচাৰিছিল প্ৰভু আপোনাৰ স্মৰণ যাতে হৈ থাকে। হেই, নাথ মই যাতে আপোনাক কেতিয়াও নাপাহঁৰো। তাৰ পিছত পিতামহ ভীষ্মৰ ওচৰলৈ ভগৱান গ'ল। তাৰ পিছত পিতামহ ভীষ্ময়ে ভগৱানক দেখি কান্দিলে। মোৰ বিশ্বাস আছিল তুমি আহিবা। পিতামহ ভীষ্মক দেখি ভগৱান হৃদয়ৰ পৰা প্ৰসন্ন হ'ল । 


পিতামহ ভীষ্ময়ে পাণ্ডৱক উপদেশ দিয়ে। ভগৱানৰ সুন্দৰতা পিতামহ ভীষ্ময়ে বৰ্ণনা কৰে আৰু কয়- মোৰ মনত আছে ,যেতিয়া আপুনি মোৰ প্ৰতিজ্ঞা ৰাখিবলৈ নিজৰ প্ৰতিজ্ঞা ভাঙিলে আৰু ৰথৰ চকা লৈ মোৰ ফালে দৌৰিলে আজিও সেই দৃশ্য মোৰ হৃদয়ত আছে।  ভগৱানক প্ৰাৰ্থনা কৰিলে। সূৰ্য উদয় হ'ল আৰু পিতামহ ভীষ্ময়েই সদগতি লাভ কৰিলে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages