বৈদিক সামৰিক বিজ্ঞান ধনুৰ্বেদ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 15, 2022

বৈদিক সামৰিক বিজ্ঞান ধনুৰ্বেদ : Religious Studies

Religious Studies


আমি যেতিয়া ৰামায়ণ মহাভাৰতৰ দৰে ছিৰিয়েল বিলাক বা তেনে ধৰণৰ কাহিনীৰ আধাৰৰ কথাছবি চাওঁ যোদ্ধা জনে ধনু কাঁড় হাতত লৈ মাৰে ।( Religious Studies )


 যুদ্ধত প্ৰতি জনৰ হাতে হাতে এখন ধনু আৰু পিঠিত কাঁড়  ভৰাই থোৱা খোৰোং এটা । ধনুত কাঁড় লগাই মৰাৰ আগতে কপালত লগাই মূখৰ ভিতৰতে মন্ত্ৰ এটা গাই কাঁড় ডাল এৰি দিয়ে । কাঁড় ডালৰ পৰা অকনমান জুই ওলাই শত্ৰুক আহত কৰে । 


মহাভাৰতত বিভিন্ন অস্ত্ৰৰ নাম পোৱা যায় যেনে-- ব্ৰহ্মাস্ত্ৰ , ব্ৰহ্মাণ্ড অস্ত্ৰ,  নাৰায়ণ অস্ত্ৰ, ৰাঘব অস্ত্ৰ, হৰিহৰ অস্ত্ৰ । ইয়াৰ উপৰিও আৰু বহুত অস্ত্ৰৰ নাম পোৱা যায় । কাঁড় বিলাক দুই ধৰনৰ । কিছুমান এডাল মাৰিলে অলেখ কাঁড় হৈ যায় আৰু কিছুমান  এডাল কাঁড়ৰ পৰা অলেখ অস্ত্ৰ ওলাই যায় ।  দুশ পচিশ ধৰণৰ গদা আছিল আৰু প্ৰতি ডালৰ কাম বেলেগ বেলেগ আছিল। ইয়াৰ উপৰিও কিছুমান অস্ত্ৰত খাৰ লগোৱা আছিল।  সেই বিলাক বজ্ৰৰ শাৰীত পৰে। 


বৈদিক যুগত ঋষি মুনি সকলৰ  খাৰ বাৰুদৰ জ্ঞান যে ভালদৰে আছিল সেই কথা চিকিৎসা শাস্ত্ৰ বিলাকৰ পৰা জনা যায়।  প্ৰাচীন চিকিৎসা শাস্ত্ৰ বিলাকত গন্ধক (sulphur), এঙাৰ (charcoal), যৱক্ষাৰ (saltpeter) আদিৰ কথা পোৱা যায়। পিছৰ কালত গ্ৰীক লিখক এজনে হিন্দু সকলৰ কথা লিখোতে খাৰ বাৰুদৰ ব্যৱহাৰ কৰাৰ উল্লেখ কৰিছে।  আলেকজেণ্ডাৰে তেওঁৰ গুৰু এৰিষ্টটললৈ  লিখা চিঠিত লিখিছিল-- ভাৰতৰ যোদ্ধা সকলে তেওঁৰ সৈনিকৰ ওপৰত অস্ত্ৰ চলাওঁতে অদ্ভুত ধৰনে জুই আৰু ধোঁৱা ওলাইছিল। সেয়া হয়তো প্ৰাচীন ভাৰতৰ শতঘ্নি বাণ আছিল।  মেছিনৰ দ্বাৰা চালিত  এই অস্ত্ৰৰ লোহাও টুকুৰা টুকুৰকৈ ভাঙিব পৰা ক্ষমতা আছিল। 


প্ৰাচীন কালত বিভিন্ন ধৰণৰ ধনু আৰু কাঁড়ৰ উপৰিও বহুত ধৰনৰ ক্ষেপনাস্ত্ৰ ব্যৱহাৰ আছিল। 

এই ক্ষেপনাস্ত্ৰ বিলাক আছিল-- যন্ত্ৰমুক্ত, হস্তমুক্ত আৰু মুক্তমুক্তা যিটো দেখাত  ত্ৰিশূলৰ নিচিনা ।

মহাভাৰত ৰামায়ণ ত ব্ৰহ্মাস্ত্ৰ আৰু ব্ৰহ্মাণ্ড অস্ত্ৰৰ কথা বহুত উল্লেখ আছে । এই বিলাক বৰ্তমানৰ Nuclear bomb বিলাকৰ সৈতে একে । কিন্তু সেই দিনত এইবিলাক যাক বা যিটো বস্তুক লক্ষ্য কৰি মাৰে সেইটোহে ধ্বংস হয় , আজিৰ দৰে চাৰিও ফালে থকা সকলো ধ্বংস নহয়। 


প্ৰাচীন ভাৰতৰ যুদ্ধ শৈলী আৰু যুদ্ধৰ বিভিন্ন অস্ত্ৰ-সস্ত্ৰৰ কথা অগ্নি পুৰাণৰ ২৪৮-২৫১ অধ্যায়, মহাভাৰত, ৰামায়ণ , ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আদিত উল্লেখ আছে। ( Religious Studies )


 ৰামায়ণ,  মহাভাৰতৰ দৰে গ্ৰন্থ সমূহত উল্লেখিত  এই কথা বিলাক কাল্পনিক যেন লাগে। কিন্তু 

কেতিয়াবা ভাবি চাইছেনে এই কাঁড় বিলাক আমি দেখা নিচিনা নহৈ নলীৰ নিচিনা হব পাৰে বুলি । হয় , কিছুমান কাঁড় আছিল নলী যুক্ত । সেই কথা হাজাৰ হাজাৰ বছৰৰ আগতে লিখা 'ধনুৰ্বেদ'ত ঋষি বশিষ্ঠই বৰ্ণনা কৰিছে । 


 ধনুৰ্বেদ এখন উপবেদ । মূল ধনুৰ্বেদ উপবেদ খন ঋষি বিশ্বামিত্ৰই লিখিছিল যদিও ঋষি বশিষ্ঠ,  ঋষি জমদগ্ন আৰু ঋষি বৈসাম্পায়নেও সুকীয়াকৈ ধনুৰ্বেদ ৰচনা কৰিছিল ।


ধনুৰ্বেদৰ বিষয়বস্তু আছিল সামৰিক বিজ্ঞান । যুদ্ধ বিদ্যা,  যুদ্ধৰ কৌশল , বেহু ৰচনাৰ বিভিন্ন কৌশল,  নেতৃত্বৰ কৰণীয়,  সৈনিকৰ শিক্ষা আৰু অনুশীলন পাঠ , হাতীৰ মাউতৰ শিক্ষা,  হাতী সঞ্চালন,  ঘোঁৰা বিদ্যা আদি বিভিন্ন বিষয় বিলাকৰ উপৰিও  বিভিন্ন ধৰণৰ অস্ত্ৰৰ নাম, অস্ত্ৰত খাৰ বাৰুদ প্ৰয়োগ উল্লেখ আছে ।


ঋষি বশিষ্ঠই ধনুৰ্বেদত 'শতঘ্ন' বাণৰ কথা লিখিছে । শত মানে এশ আৰু ঘ্ন মৰা (kill) । এই বাণৰ বৰ্ণনা বৰ্তমানৰ মিছাইলৰ দৰে।     


सर्व लोहास्तु ये बाणा नाराचास्ते प्रकीर्तिताः

पंचभिः पृथुलैः पक्षैः युक्ताः सिद्द्यन्ति कस्यचित।७३।


কাঁড় যিবিলাক ধাতুৰে নিৰ্মিত সেই বিলাকৰ নাম 'নাৰাচা' । ইয়াৰ লগত পাচটা বৃহৎ 'পক্ষ' সংযোগ কৰি সুদক্ষ যুদ্ধাই ৱ্যবহাৰ কৰে। 


नालीका लघवो बाणा नलयन्त्रेण नोदिताः

अत्युच्च-दूर-पातेषु दुर्गं-युद्धेषु ते मताः ।७४।


'নালীকা' নলী বা পাইপ বাণ । নলীৰ ভিতৰেদি পাতল পাতল কাঁড় ওলায়। এই বাণ বহুত ওখ ঠাইৰ পৰা বা বহুত দূৰত্বৰ পৰা নিক্ষেপ কৰা হয়। দূৰ্গ আক্ৰমণ কৰোতে ব্যৱহাৰ হয় । 


सिंहासनस्य रक्षार्थं शतघ्नं स्थापयेत् गढे।

रंजकं-बहुलं तत्र स्थाप्यं वटयो धीमता।७५ 


সিংহাসন ৰক্ষাৰ বাবে শতঘ্নি বাণ ব্যৱহাৰ হয় । এই বাণ ৰঞ্জক সংযুক্ত আৰু ভড়ালত অধিক মজুত  ৰাখিব লাগে ।


জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages