ঋগ্বেদৰ ৰোগ নিবাৰণৰ সুক্তত পানী আৰু বায়ু : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 14, 2022

ঋগ্বেদৰ ৰোগ নিবাৰণৰ সুক্তত পানী আৰু বায়ু : Religious Studies

Religious Studies


শৰীৰৰ বিভিন্ন অঙ্গৰ বিষ হ'লে, হাত ভৰিৰ গাঁঠিৰ বিষ হ'লে, বদ হজম হ'লে, পেট ফুলিলে , ভৰি ফুলিলে , মূৰৰ বিষ বা মাইগ্ৰেইন হ'লে এটাই মাত্ৰ সহজতে পোৱা ঔষধ সেয়া হল পানী। ( Religious Studies )


যোৱা  কিছু বছৰৰ আগতে আৰ্মিৰ অৱসৰপ্ৰাপ্ত চিকিৎসক এজনে কৈছিল গৰম পানী খালে এই সকলো বিলাকৰ পৰা নিৰাময় পাব পাৰি । আজি কালি চিকিৎসক সকলে ৰোগীক পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ কথা কয়। 


ঋগ্বেদৰ দশম মণ্ডলৰ ১৩৭ সুক্ত ' ৰোগ নিবাৰণ সুক্ত ' । সাতটা মন্ত্ৰৰ এই সুক্ত সপ্তঋষি অৰ্থাৎ সাত জন মহান ঋষিয়ে লিখিছে অৰ্থাৎ প্ৰথম মন্ত্ৰ ঋষি ভৰদ্বাজ,  দ্বিতীয় মন্ত্ৰ ঋষি কাশ্যপ,  তৃতীয় মন্ত্ৰ ঋষি গৌতম,  চতুৰ্থ টো ঋষি অত্ৰি, পঞ্চমটো ঋষি বিশ্বামিত্ৰ , ষষ্ঠ মন্ত্ৰ ঋষি জমদগ্নি আৰু সপ্তম মন্ত্ৰ মহৰ্ষি বশিষ্ঠই লিখিছে।


এই সুক্তৰ দেৱতা  বিশ্বেদেৱা । এই সুক্তৰ জপ-পাঠ কৰিলে ৰোগৰ পৰা মুক্তি অৰ্থাৎ আৰোগ্য হৈ উঠিব। এই সুক্তৰ মন্ত্ৰ কেইটাই  যিকোনো ৰোগৰ পৰাই মুক্তি দিব পাৰে। এই মন্ত্ৰ কেইটা পাঠ কৰিবৰ কাৰণে আগতে সিদ্ধি কৰিব নালাগে মাত্ৰ বেদ পাঠৰ নিয়ম মানিব লাগে।


ঋগ্বেদৰ এই ৰোগ নিবাৰণ সুক্তৰ ৬ নম্বৰ মন্ত্ৰটোত পানীয়ে সকলো ৰোগৰ শিপালৈকে নষ্ট কৰে বুলি কৈছে। ইয়াৰোপৰি এই সুক্তৰ ২ নম্বৰ আৰু ৩ নম্বৰ মন্ত্ৰত বিশুদ্ধ নিৰ্মল বায়ুৱে আমাৰ দেহত বল প্ৰদান কৰে আৰু পৰিবেশ শুদ্ধ ৰাখি আমাৰ দেহ সুস্থ কৰে বুলি কৈছে। 


ৰোগ নিবাৰণৰ সুক্ত --


उत देवा अवहितं देवा उन्नयथा पुनः।   

 उतागश्चकु्रषं देवा देवा जीवयथा पुनः।।१।।


হে দেৱতা ! আপুনি তললৈ পৰি যোৱা সকলক বাৰে বাৰে ওপৰলৈ  উঠায় । হে দেৱতা ! পাপ কৰা সকলকো আপুনি পাপ মুক্ত কৰে। আপুনি আমাৰ সুৰক্ষা প্ৰদান কৰক ।


 द्वाविमौ वातौ वात आ सिन्धोरा परावतः।

 दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः।।२।।


সমুদ্ৰ পৰা আহিব লগীয়া বায়ু আৰু  দূৰৰ ভূমিৰ পৰা আহিব লগীয়া বায়ু  প্ৰবাহিত হয় । এই দুয়োটা বায়ুৰ এটাই তোমাৰ বল প্ৰদান কৰিব আৰু আনটোৱে পাপ নাশ কৰিব ।( Religious Studies )


 आ वात वाहि भेषजं वि वात वाहि यद्रपः।

त्वं हि विश्वभेषज देवानां दूत ईयसे।।३।।


ৰোগ নিবাৰক মঙ্গলকাৰী ঔষধী লগত লৈ অহা হে বায়ু ! আমাৰ অহিত কৰা যি পাপ আদি আছে , তুমি সেই বিলাক উৰুৱাই লৈ যোৱা। হে বায়ু তুমি জগতৰ কাৰণে ঔষধীৰ সমান। তুমি মঙ্গলকাৰী দেৱতাৰ দূত হৈ চাৰিওদিশে সঞ্চাৰিত হৈ থাকা।


 आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः।

दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते।।४।।


তোমাক সুখ শান্তি দিবৰ কাৰণে আৰু হিংসা দূৰ কৰোতা জনৰ লগত মই আহিছো। তোমাৰ কাৰণে কল্যানকাৰী শক্তি ধাৰণ কৰিছো,  মই  তোমাৰ সকলো ৰোগ নিবাৰণ কৰিম । 


त्रायन्तामिमं देवास्त्रायन्तां मरूतां गणाः।

त्रायन्तां विश्वा भूतानि यथायमरपा असत्।।५।।


আমাৰ শৰীৰৰ বেমাৰ-আজাৰ আৰু পাপ নিবাৰণ কৰা দেৱতা সকল এই লোকত আমাক সুৰক্ষা প্ৰদান কৰা । মৰুত গণে সকলো প্ৰাণীকে ৰক্ষা কৰে ।


आप  इद्वा उ भेषजीरापो अमीवचातनीः।

आपःसर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम्।।६।।


সম্পূৰ্ণ ৰোগ নিবাৰণ কৰিব পৰা পানীয়ে সকলো ৰোগৰ শিপালৈকে নষ্ট কৰি দিয়ে।  সকলোৰে হিত কৰা পানী ঔষধীস্বৰূপ হয়। এই পানীয়েই তোমাৰ ৰোগৰ শাম কাটিব।


 हस्ताभ्यां दशशाखाभ्यां जिहृा वाचः पुरोगवी।

अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि।।७।।


(মন্ত্ৰ উচ্চাৰণ কৰাৰ সময়ত) যিদৰে কথাৰ লগত জিভাৰ গতি কৰে সেইদৰে দহ আঙুলিৰে সৈতে   দুয়ো হাতেৰে তোমাক স্পৰ্শ কৰি তোমাৰ ৰোগৰ নিৰাময় কৰিছো ।


জুলা শৰ্মা 

নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages