শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ ৰাজসভাত অনু গীতাৰ জ্ঞান দিছিল : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 13, 2022

শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ ৰাজসভাত অনু গীতাৰ জ্ঞান দিছিল : Religious Studies

Religious Studies

সনাতন ধৰ্মত অতি কমেও ৩৯ খন গীতা আছে, যাৰ ভিতৰত ভগৱত গীতা, অষ্টবক্ৰ গীতা আৰু অৱধুত গীতা যথেষ্ট জনপ্ৰিয়। প্ৰাচীন কালত ৰচনা কৰা এই সকলো গীতা  হিন্দু শাস্ত্ৰৰ এক অবিচ্ছেদ্য অংগ  বুলি কব পাৰি। ( Religious Studies )

বিভিন্ন গীতা সমূহ--


১) ভাগৱত গীতা 


২) অনু গীতা 


৩)অষ্টৱক্ৰ গীতা (সৈন্যাসৰ শিক্ষা) 


৪)অৱধূত গীতা (সৈন্যাসৰ শিক্ষা)


৫)ভিক্ষু গীতা 


৬) ভ্ৰমৰ গীতা (ভগৱতম্) 


৭) বুধ্য গীতা 


৮) ব্ৰহ্ম গীতা ১ (স্কন্দ পুৰাণ) 


৯) ব্ৰহ্ম গীতা ২ (যোগ ৱশিষ্ঠ) 


১০) দেৱী গীতা 


১১) গণেশ গীতা (গণেশ পুৰাণ)


১২) গোপিকা গীতা (ভগৱতম্)


১৩) গুৰু গীতা 


১৪) হংস গীতা 


১৫) হনুমত গীতা 


১৬) হৰিত গীতা 


১৭) ঈশ্বৰ গীতা (কুৰ্ম পুৰাণ)


১৮) কপিলা গীতা ( লাল হস্তযোগ)

                            

১৯) মনকি গীতা 


২০) পৰাশৰ গীতা 


২১) পিঙ্গলা গীতা


২২) ৰাম গীতা ( আধ্যাত্ম ৰামায়ণ)

                   

২৩) ঋভু গীতা 


২৪) ৰুদ্ৰ গীতা 


২৫) সম্পকা গীতা 


২৬) শিৱ গীতা 


২৭) শ্ৰুতি গীতা 


২৮) সূৰ্য্য গীতা 


২৯) সূত গীতা 


৩০) উদ্ধৱ গীতা 


৩১) উত্তৰা গীতা (সন্ন্যাস শিক্ষা)


৩২) ৱশিষ্ঠ গীতা


৩৩) ৱিভীষণ গীতা 


৩৪) ভিসাক্ষু গীতা 


৩৫) ভ্ৰিত্ৰ গীতা 


৩৬) ৱ্যাস গীতা (কুৰ্ম পুৰাণ)


৩৭) যম গীতা 


৩৮) যম গীতা (অগ্নি পুৰাণ)


৩৯) যম গীতা (বিষ্ণু পুৰাণ)


অনু গীতা----


 শ্ৰীকৃষ্ণৰ তৃতীয় গুৰু আছিল ঘোৰ অঙ্গিৰস। এটা কথা কোৱা হয় যে দৈৱকীৰ পুত্ৰ কৃষ্ণক ঘোৰ অঙ্গিৰসে দিয়া একেই উপদেশ শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰত অৰ্জুনক শুনাইছিল যাক গীতা বুলি জনা গৈছিল। 

 ছন্দোগ্য উপনিষদত উল্লেখ কৰিছে যে দৈৱকীৰ পুত্ৰ কৃষ্ণ ঘোৰ অঙ্গিৰসৰ শিষ্য আৰু গুৰুৰ পৰা তেওঁ বহুত জ্ঞান আহৰণ কৰে যদিও  কি জ্ঞান একো জনা নাযায়। কিন্তু শ্ৰীকৃষ্ণই গীতাৰ উপৰিও অৰ্জুনক আন বহুতো উপদেশ দিছিল।( Religious Studies )


মহাভাৰতত অনু গীতা নামৰ এখন গীতা  আছে। এবাৰ পৰাশৰ ঋষিৰ পুত্ৰ  বৈশাম্পায়ন ঋষিয়ে অৰ্জুনৰ নাতি পৰীক্ষিতৰ পুত্ৰ সম্ৰাট জনমেজয়ক কৈছিল পাণ্ডৱসকলে যুদ্ধত জয়ী হৈ হস্তিনাপুৰৰ শাসন ভাৰ লোৱাৰ পাছত  অৰ্জুনে শ্ৰীকৃষ্ণক যুদ্ধ ক্ষেত্ৰত গোৱা গীতা খন আকৌ গাবলৈ অনুৰোধ কৰিছিল । শ্ৰীকৃষ্ণই কৈছিল তেওঁ আকৌ সেইখন গাব নোৱাৰে। সেয়ে  শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ ৰাজসভাত অনু গীতাৰ জ্ঞান দিছিল ।

 

অনু গীতাৰ অৰ্থ হৈছে--গীতাৰ অনু অৰ্থাৎ গীতাৰ পৰিশিষ্ট । এই গীতা ভাগৱত গীতাৰ নৈতিক আধাৰৰ ওপৰত আধাৰিত । ঋষি বৈশাম্পায়নে এই অনু গীতাখন শ্ৰীকৃষ্ণই হস্তিনাপুৰত কৈ যাওতে মনত ৰাখি থৈ সম্ৰাট জনমেজয়ক শুনালে।


এই গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক আত্মা , বুদ্ধি,  ইন্দ্ৰিয় ৰূপ, ধ্যান,  পঞ্চভূত, ঋষি সকলৰ সংবাদ আৰু ইতিহাসৰ বিষয়ে কৈছে। এই গীতাত একমাত্ৰ অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ কথাই নহয় । ইয়াত  শ্ৰীকৃষ্ণই ৱাসুদেৱক মহাভাৰতৰ প্ৰসংগ আৰু ঘটনাক্ৰমৰ বিষয়ে বৰ্ণনা কৰিছে। ইয়াৰ উপৰিও এই গীতাত যুদ্ধৰ পাচৰ কিছুমান ঘটনাক্ৰমৰ ওপৰতো উপদেশ দিছে। 


জুলা শৰ্মা 

নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages