মহাদেৱ শিৱ আমাৰ সৃষ্টিকৰ্তাৰ শাৰীৰিক অভিব্যক্তিৰ প্ৰতিক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 12, 2022

মহাদেৱ শিৱ আমাৰ সৃষ্টিকৰ্তাৰ শাৰীৰিক অভিব্যক্তিৰ প্ৰতিক : Religious Studies

 

Religious Studies

আমাৰ আধ্যাত্মিক চৰাত ইপ্সিতা একেবাৰে নতুন। যোৱা আঠ মাহ মানৰ পৰা আহিবলৈ লৈছে। কোনো দিন একো কথা নকয় , আমাৰ আলোচনা বিলাক শুনি থাকে ।( Religious Studies )


 এদিন  সকলোৱে তাই কিয় একো কথা নোকোৱাকৈ থাকে সোধাত ক'লে তাই আমাৰ আলোচনা বিলাক শুনি মনলৈ positivity আনিবলৈ বিচাৰিছে। ঈপ্সিতাই  কৈ গল তাইৰ ককায়েকক কাহিনী এটা  ----

সেয়া পাঁচ বছৰৰ আগৰ কথা। তাইৰ ককায়েক ঈশাণ কানপুৰত ইঞ্জিনিয়াৰিং পঢ়ি আছিল। ফাইনেলৰ বছৰ । এদিন বন্ধ থাকোতে  ঘৰলৈ আহিছিল। গধূলী অলপ খোজকাঢ়ি ওলাই গ'ল , বৰষুণৰ বতৰ মাকে সোনকালে আহিবলৈ ক'লে। 


ঘৰলৈ বুলি ঘূৰি আহোঁতে বাটত মেন হ'লৰ ঢাকনী খোলা আছিল তাত সোমাই পৰিলে । তললৈ পৰোতে ফোনটো কত পৰিলে গমেই নাপালে ।  তলৰ পৰা মানুহ মাতিবলৈ চেষ্টা কৰিলে কিন্তু বৰষুণৰ বাবে কোনো মানুহ নাছিল  । প্ৰথমে তাৰ গাতোত পিৰপিৰনি অনুভৱ কৰিলে । অনুভৱ কৰিলে, পইতাচোৰা আৰু বহুত সৰু সৰু পোক তাৰ গাত বগাবলৈ ধৰিছে। ভয় আৰু ঘীণত কিবা হৈ যাবলৈ ধৰিলে।  ওপৰত থকা হাতটোৰে বাৰে বাৰে চেষ্টা কৰিলে উঠিবলৈ। গোটেই ৰাতিটো পইতাচোৰ, পোকৰ মাজত আৰু দুৰ্গন্ধৰ মাজত থাকি মানসিক ভাৱে একেবাৰে দুৰ্বল হৈ পৰিল।  


দেৰি হোৱা দেখি দেউতাক আৰু ঈপ্সিতাই বৰষুণৰ মাজতে দুবাৰো বিচাৰিবলৈ ওলাই গল কিন্তু একো খবৰেই নাপালে। পুৱা পোহৰ হোৱাৰ লগে লগে আকৌ গৈ মেন হল টোৰ ঢাকনী খোলা দেখি চাই দেখিলে তলত সোমাই আছে। দেউতাকে তাক মাতি হাতটো ডাঙি দিবলৈ কলে। চকু মেলি চাই আছে যদিও একো প্ৰতিক্ৰিয়া নাই। দেউতাকে মানুহ মাতি আনি উলিয়াই আনিলে। 


ঘটনাটোৱে ঈশানক মানসিক ভাৱে অসুস্থ কৰি তুলিলে।  অনবৰতে চকুৰ আগত পইতাচোৰা আৰু পোক বিলাকেই দেখি থাকিল। পঢ়িব নোৱাৰে, শুব নোৱাৰে , খাব নোৱাৰে।  কানপুৰলৈ ঘূৰি যাবলৈ সাহস নাইকিয়া হল। মাক দেউতাকে বহুত ভাল ভাল ডাক্তৰৰ ওচৰলৈ  লৈ গল ক'তো একো কাম নহল। শেষত যোগ কৰিলে ভাল হব বুলি ভাবি হৰিদ্বাৰলৈ লৈ গল । হৰিদ্বাৰত খবৰ পালে  উত্তৰ কাশীৰ এখন আশ্ৰমৰ কথা । 


ঈশান এতিয়া সুস্থ, ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰিব নোৱাৰিলে যদিও ঋষিকেশত শাস্ত্ৰৰ জ্ঞান লৈ আছে । ককায়েকেই তাইক আমাৰ নিচিনা আধ্যাত্মিক চাৰলৈ আহিবলৈ ক'লে।  ( Religious Studies )


ঈপ্সিতাৰ কথাখিনি শুনি মোৰ গুপ্তকাশীত লগ পোৱা সৈন্যাসী কেইজনমানলৈ মনত পৰিল। তেওঁলোকে ঋষিকেশৰ পৰা খোজকাঢ়ি কাঢ়ি ওপৰলৈ আহিল আৰু তাৰ পৰা কেদাৰনাথ নাথ যাব । সাত জন সৈন্যাসীৰ দুজনৰ যথেষ্ট বয়স হৈছে,  সেয়ে মই সুধিলো কেনেকৈ ইমান শক্তি আছে বুলি।  বেছি বয়সৰ জনে ক'লে ভোলা নাথ আছে নহয় --  'হৰ হৰ মহাদেৱ' বুলি মাতি দিলেই হল। 


তেওঁ লোকৰ লগত বহি বহুত সময় কথা পাতিলো। সৈন্যাসী জনে  'হৰ হৰ মহাদেৱ' ৰ অৰ্থ আৰু মাহাত্ম্য কলে---


খোজকাঢ়ি গৈ থাকোতে অলপ অৱস লাগিলেই 'হৰ হৰ মহাদেৱ' বুলি  কলেই শক্তি আহি যায়।  এইটো এনেকুৱা এটা মন্ত্ৰ  যি শক্তিহীনক শক্তি দিয়ে আৰু নিৰাস , দিশহাৰা জনক দিশ দিয়ে।  

মহাদেৱ শব্দটো এটা উৰ্জা দিয়া শব্দ। এই শব্দ উচ্চাৰণ কৰিলে অন্ধকাৰ গাতত সোমাই পৰি থকা জনেও পোহৰ আৰু শক্তি পায়। 


'হৰ' শব্দটো সংস্কৃতৰ 'হাৰা' শব্দৰ পৰা আহিছে। হাৰা মানে আতৰাই বা দূৰলৈ নিয়া। সেয়ে অতি সংকটৰ সময়ত সকলো দুখ কষ্ট আতৰাই দিবৰ বাবে 'হৰ হৰ মহাদেৱ' জপ কৰে। 


মহাদেৱ শিৱ  আমাৰ সৃষ্টিকৰ্তাৰ শাৰীৰিক অভিব্যক্তিৰ প্ৰতিক । মহাদেৱ যোগৰ নিৰ্মাতা , তেৱেঁই তন্ত্ৰৰ নিৰ্মাতা।  যোগ আৰু তন্ত্ৰ দুয়োটাই তেওঁ জানে--- যি উৰ্জা আৰু পদাৰ্থ , আত্মা আৰু শৰীৰ । 


প্ৰাচীন ঋষিয়ে কয় প্ৰত্যেক হাতীপটিত এজন এজন শিৱ আছে । এইদৰে এই বিশ্বব্ৰহ্মাণ্ডত অনেক শিৱ আছে কিন্তু মহাদেৱ এজনেই।  সেয়ে শিৱ ৰাত্ৰি প্ৰতি মাহে মাহে আহে কিন্তু মহাশিৱ ৰাত্ৰি বছৰত এবাৰ হয় ।


জুলা শৰ্মা 

নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages