ৰুদ্ৰাক্ষ মালাৰ বিষয়ে এই সমূহ জানিলে আপুনি আচৰিত হব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 9, 2022

ৰুদ্ৰাক্ষ মালাৰ বিষয়ে এই সমূহ জানিলে আপুনি আচৰিত হব : Religious Studies

 

Religious Studies

প্ৰাচীন কালৰে পৰা ঋষি মুনি সকলে ৰুদ্ৰাক্ষক মাঙ্গলিক আৰু পৱিত্ৰ বুলি ব্যৱহাৰ কৰি আহিছে। ৰুদ্ৰাক্ষৰ বিষয়ে শিৱ পুৰাণত উল্লেখ আছে। ( Religious Studies )


এবাৰ  ভগৱান শিৱই মানব জাতিৰ কল্যাণৰ বাবে   এহেজাৰ বছৰ তপস্যাত থকাৰ পাছত যেতিয়া চকু মেলে তেতিয়া মহাদেৱৰ চকুৰ পৰা কেইটোপাল মান চকুপানী ওলাই মাটিত পৰিলত তাতে ৰুদ্ৰাক্ষৰ গছ হল।  ৰুদ্ৰাক্ষ  আঠত্ৰিশ ধৰণৰ আছে।


रुद्राक्षधारणं प्रोक्त पापनाशनहेतवे ।

 तस्माश्च धारणीयो वै सर्वार्थसाधनो ध्रुवं ॥19॥


শিৱ পুৰাণৰ ২৫ নম্বৰ অধ্যায়ত ৰুদ্ৰাক্ষৰ বিষয়ে লিখিছে যে ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সকলো পাপ নাশ হয় । সেয়ে ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে যি সকলো আশা পুৰা কৰে । 


रुद्राक्षेण जपन्मत्रं पुण्यं कोटिगुणं भवेत् ।

दशकोटिगुणं पुण्यं धारणाल्लभते नर:॥58॥


ৰুদ্ৰাক্ষৰ মালালৈ জপ কৰিলে কোটি গুণ বেছি পুণ্য হয় । 


লিঙ্গ পুৰাণত লিখিছে- যি ভক্তই ৰুদ্ৰাক্ষৰ মালা নিপিন্ধাকৈ শিৱ পূজা কৰে তেওঁৰ পূজা ভগৱান শিৱই নলয় । 

 পদ্ম পুৰাণত লিখিছে ৰুদ্ৰাক্ষ পিন্ধিলে লোক মোৰ (শিৱ) সমান হব ।


ৰুদ্ৰাক্ষ পিন্ধিলে স্বাস্থ্যৰ কাৰণে ভাল । বৰ্তমান ৰুদ্ৰাক্ষৰ গুণা গুণৰ ওপৰত যথেষ্ট অধ্যয়ন চলিছে।  আই আই টি বানাৰাসৰ শ্ৰী সুহাস ৰয়ে  গৱেষণা কৰি লিখিছে ৰুদ্ৰাক্ষৰ ৰোগ নিৰাময়ৰ ক্ষমতা ইয়াৰ electro magnetic গুণৰ বাবে সম্ভৱ হৈছে। ৰুদ্ৰাক্ষ পিন্ধিলে শৰীৰত তেজৰ চলাচল ঠিক কৰি ৰাখে । 


প্ৰাচীন কালত ঋষি মুনি সকলে ৰুদ্ৰাক্ষৰ গুণা গুণ বুজি ব্যৱহাৰ কৰিছিল। পিছৰ কালৰ সাধক সকলে ৰুদ্ৰাক্ষ বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে। ঋষি সকলে ৰুদ্ৰাক্ষ তিনিটা কাৰণত পিন্ধিছিল --


১) স্বাস্থ্যৰ কাৰণে,  ২) মন্ত্ৰ জপ কৰিবৰ বাবে আৰু ৩) মানসিক শান্তি আনিবৰ বাবে। 


ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে প্ৰাণ  প্ৰতিষ্ঠা  কৰি লব লাগে অৰ্থাৎ পূজা কৰি তাৰ শক্তি জাগ্ৰত কৰি লব লাগে। ৰুদ্ৰাক্ষ পিন্ধিলে কিছুমান নিয়ম মানিব লাগে।  ( Religious Studies )


১) ৰুদ্ৰাক্ষ ভাল সময় চাই কিনিব লাগে। 

২) ৰুদ্ৰাক্ষ পিন্ধোতে বিশেষ মন্ত্ৰ গাই লব লাগে। 

৩) ৰাতি শোওঁতে, মানুহ মৰা ঘৰত বা ল'ৰা ছোৱালী নতুন কৈ জন্ম হোৱা ঘৰত পিন্ধিব নালাগে। 

৪) ৰাতি শোওঁতে খুলি থব লাগে আৰু পুৱা গা ধুই পিন্ধোতে 'ওম নমঃ শিবায়' তিনি বাৰ উচ্চাৰণ কৰি পিন্ধিব লাগে।  

৫) ৰুদ্ৰাক্ষ পৰিধান অৱস্থাত পুৰুষ স্ত্ৰীৰ মিলন একেবাৰে বৰ্জনীয়। 

৬) পুৰুষ মহিলা সকলোৱে ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে মাত্ৰ মাহেকীয়া হোৱা কেইদিন ৰুদ্ৰাক্ষ খুলি ৰাখিব লাগে।  

৭) ৰুদ্ৰাক্ষ পিন্ধি সুৰাপান  কৰিব নালাগে আৰু সুৰাৰ হাতেৰে চুব নালাগে। 

৮) ৰুদ্ৰাক্ষ পিন্ধি থাকিলে প্ৰতি বছৰে আকৌ প্ৰাণ প্ৰতিষ্ঠা  কৰি লব লাগে ।


ৰুদ্ৰাক্ষ কেতিয়া পিন্ধিব লাগে--


শাস্ত্ৰত ৰুদ্ৰাক্ষ কেতিয়া পিন্ধিব লাগে তাৰ কোনো উল্লেখ নাই।  মাত্ৰ মাছ, মাংস,  কণী,  সুৰা এই বিলাকৰ পৰা দূৰত থাকিব লাগে।  কিন্তু পৰম্পৰা গত ভাৱে ৰুদ্ৰাক্ষ পিন্ধাৰ কিছুমান বিশেষ সময় , স্থান মানুহে আজিও মানি আহিছে।  


১) সূৰ্য্য গ্ৰহণ,  সংক্ৰান্তি, অমাৱস্যা আৰু  বহাগ 

২) নৱৰাত্ৰিৰ ন দিন, দেৱালিৰ দিনা আৰু শিৱৰাত্ৰিৰ দিনা ৰুদ্ৰাক্ষ পিন্ধিলে ভাল ফল দিয়ে।  

৩) কোনো তীৰ্থস্থানত যেতিয়াই তেতিয়াই ৰুদ্ৰাক্ষ পিন্ধিব পাৰে । 

৪) কুম্ভ মেলাত ৰুদ্ৰাক্ষ পিন্ধিলে ভাল ফল দিয়ে বুলি  সাধু সন্ন্যাসী সকলে কয় । 


জুলা শৰ্মা 

নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages