প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চাহ মেললৈ নিমন্ত্ৰণ পোৱা সন্ত্ৰাসবাদীজন : The Kashmir Files - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 16, 2022

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চাহ মেললৈ নিমন্ত্ৰণ পোৱা সন্ত্ৰাসবাদীজন : The Kashmir Files

 

The Kashmir Files

১৯৮৫ চনৰ পৰাই জম্বু কাশ্মীৰৰ হিন্দু সকলৰ ওপৰত মুছলমান সন্ত্ৰাসবাদী সকলৰ অত্যাচাৰ আৰম্ভ হৈছিল। The Kashmir Files )   

দহ হাজাৰ কাশ্মীৰী পণ্ডিতক জোৰ জুলুম কৰি ধৰ্ম্ম পৰিবৰ্তন কৰোৱা হৈছিল, বাকী পুৰুষ সকলকো ইচলাম ধৰ্ম্ম লবলৈ কৈছিল নহলে ছোৱালী আৰু মহিলা সকলক এৰি জম্মু-কাশ্মীৰৰ পৰা গুছি যাবলৈ কৈছিল।   


১৯৯০ চনৰ ১৯ জানুৱাৰীৰ দিনা কাশ্মীৰ উপত্যকাত অত্যাচাৰৰ সীমা পাৰ হৈ গৈছিল। হত্যা, ধৰ্ষণ,  বৰ্ব্বৰ অত্যাচাৰ। জানুৱাৰী , ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত প্ৰায় তিনি লাখ কাশ্মীৰী হিন্দুক কাশ্মীৰ এৰি আহিবলৈ বাধ্য কৰোৱা হৈছিল। মাতৃৰ চকুৰ আগত সন্তানক ওপৰলৈ দলিয়াই গুলিয়াই দিয়া হৈছিল। নিজৰ মাতৃভূমি , নিজৰ ঘৰ বাৰী , বাগিছা , সা সম্পত্তি সকলো এৰি হিন্দু সকল গুছি আহিব লগা হৈছিল। 


ইয়াৰ উপৰিও ১৯৮৯ চনত ন্যায়াধীশ নীলকণ্ঠ গাঞ্জু  হত্যা  , ১৯৯০ চনত ৪ জন ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ লোকক হত্যা আৰু ২ গৰাকী মহিলা আৰু ৪০ জনক আহত কৰিছিল । 


এই সকলোবিলাকৰ নেতৃত্ব দিছিল য়াছিন মালিক নামৰ সন্ত্ৰাসবাদী জনে । কিন্তু আচৰিত হব লগীয়া  কথা হ'ল---


১) সেই য়াছিন মালিকক ভাৰত চৰকাৰে ২০০৫ চনত পাকিস্তানলৈ 'শান্তি আলোচনা' বাবে শান্তি দূত কৰি পঠালে ।


২) ২০০৬ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগত চাহ মেললৈ  নিমন্ত্ৰণ দিয়া হ'ল ।


৩) কাশ্মীৰী হিন্দুসকলক সন্ত্ৰাসিত কৰা য়াছিন মালিক নামৰ সন্ত্ৰাসবাদী জনক ইণ্ডিয়া টুডে গ্ৰুপে ২০০৮ চনত India Today Conclave লৈ 'Youth Icon হিচাপে মাতিছিল । The Kashmir Files ) 


৪) সেই সন্ত্ৰসবাদী জনে ২০১৭ চনত 

বি বি চি ৰ এটা সাক্ষাৎকাৰত কাশ্মীৰী সকলৰ ওপৰত হোৱা অত্যাচাৰ কথা সকলোবোৰৰ  সগৌৰৱে সোঁৱৰিছিল। 


২০১৯ চনত এই সন্ত্ৰাসবাদী, হত্যাকাৰী  জনক  বিদেশী পইচাৰ লেন দেনৰ বাবে গ্ৰেপ্তাৰ কৰা হয় ।  কিন্তু  সেইদিন কেতিয়া হব যিদিনা ১৯৮৯- ১৯৯০ চনৰ Kashmiri Files ৰ এখন এখন পৃষ্ঠাৰ বাবে বিচাৰ হৈ য়াছিন মালিকক মৃত্যুদণ্ড দিয়া হব । 


জুলা শৰ্মা

নতুন দিল্লী

The Kashmir Files

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( The Kashmir Files ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

  1. Tetiya congress government or under ot solisil, kintu etiya nuwaribo. Central government or leaders bohu powerful.

    ReplyDelete

Advertisement

Pages