আৰু এদিনৰ পাছত এই ৰাশিত হ'ব গুৰু উদয় : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 25, 2022

আৰু এদিনৰ পাছত এই ৰাশিত হ'ব গুৰু উদয় : Horoscope Today

Horoscope Today

 বৈদিক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি সকলো নৱগ্ৰহত দেৱগুৰু বৃহস্পতি সকলোতকৈ শুভ ফল দিয়া গ্ৰহ বুলি কোৱা হয়। ( Horoscope Today )


কোৱা হয় যে যিসকল জাতক- জাতিকাৰ শুৱনীত গুৰুগ্ৰহৰ স্থিতি শুভ হয়, তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হয়। তেওঁলোকে জীৱনত সুখ সমৃদ্ধি প্ৰাপ্তি কৰে। গুৰুগ্ৰহৰ অস্ত ,ৰাশি পৰিবৰ্তনৰ প্ৰভাৱ সকলো ৰাশিতে অৰ্থাৎ ১২ টা ৰাশিতে পৰে।



গুৰুগ্ৰহ ২৪ ফ্ৰেব্ৰুৱাৰীত অস্ত হৈছে আৰু আকৌ ২৬ মাৰ্চত উদয় হ'ব।গুৰুগ্ৰহৰ উদয় সন্ধিয়া ৬ টা বাজি ৩৮ মিনিটত হ'ব।বৈদিক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি যেতিয়া কোনোবা গ্ৰহ অস্ত হয় , তেতিয়া তাৰ প্ৰভাৱ কম হ'বলৈ ধৰে।


গুৰুগ্ৰহ অস্তৰ যোৱাৰ প্ৰভাৱ ১২ টা ৰাশিতে পৰে।যেতিয়া কোনোবা গ্ৰহ উদয় হয় তেতিয়া মানুহৰ ভাগ্য সলনি হ'বলৈ ধৰে। জানো আহঁক গুৰুগ্ৰহ কুম্ভ ৰাশিত উদয় হোৱাৰ প্ৰভাৱ কি কি ৰাশিত পৰিব।



১. মেষ- মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ কাৰণে কুম্ভ ৰাশিত গুৰুৰ উদয় ১১ নম্বৰ ভাগত হ'ব। গুৰুৰ উদয় এই ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ হ'ব। ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব।


চাকৰি কৰা ব্যক্তিসকলৰ ভাগ্যয়ে তেওঁলোকক সম্পূৰ্ণ ৰূপে সহযোগ কৰিব।ধন লাভৰ সংযোগ স্থাপন হ'ব।এই সময়খিনি এই ৰাশিৰ ব্যক্তিসকলৰ বাবে বৰদানৰ সমান হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি লাভকাৰী হৈ পৰিব।



২.বৃষ ৰাশি- বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে  গুৰুগ্ৰহ ৮ আৰু ১১ নম্বৰ ভাগৰ স্বামী।গুৰুগ্ৰহ এই ৰাশিৰ ব্যক্তিসকলৰ ১০ নম্বৰ ভাগত স্থিতি লৈ আছে। 


উন্নতিৰ বাবে এই সময়খিনি এই ৰাশিৰ ব্যক্তিসকলৰ বাবে লাভদায়ক হ'ব। আকস্মিক ভাবে ধন লাভৰ সংযোগ স্থাপন হ'ব পাৰে।এই সময়খিনিত নতুন কাম আৰম্ভ কৰিলে শুভ হ'ব।( Horoscope Today )



৩.সিংহ ৰাশি- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ কাৰণে গুৰুগ্ৰহ ৫ নম্বৰ আৰু ৮ নম্বৰ ভাগৰ স্বামী। গুৰুৰ উদয় এই ৰাশিৰ ব্যক্তিসকলৰ ৭ নম্বৰ ভাগত হ'ব। উন্নতিৰ ক্ষেত্ৰত ভাল ফল প্ৰাপ্তি হ'ব পাৰে। বেপাৰী সকলৰ এই সময়খিনিত বহুত লাভ হ'ব পাৰে।শহুৰেকৰ ঘৰৰ মানুহৰ পৰা সহযোগীতা লাভ কৰিব।



৪. তুলা ৰাশি- তুলা ৰাশি সকলৰ বাবে গুৰুগ্ৰহ উদয় কুম্ভ ৰাশিত ৫ নম্বৰ ভাগত হৈছে।৫ নম্বৰ ভাগতো উন্নতি আৰু বিদ্যাৰ ভাগ।গুৰুৰ উদয় এই ৰাশিৰ ব্যক্তিসকলৰ বাবে লাভদায়ক হ'ব। প্ৰতিযোগিতামূল পৰীক্ষাৰ বাবে সাজু হৈ থকা সকলৰ বাবে এই সময়খিনি বৰদানৰ সমান হ'ব। চাকৰি কৰা ব্যক্তিসকলৰ বাবে এই সময়খিনি বহুত শুভ।



৫. মকৰ ৰাশি -মকৰ ৰাশি সকলৰ বাবে গুৰুৰ উদয় এই ৰাশিৰ ব্যক্তিসকলৰ ২ নম্বৰ ভাগত হ'বলৈ গৈ আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক পক্ষ মজবুত হ'ব।এই সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলে ধন লাভৰ বহুত সুযোগ লাভ কৰিব। পৰিয়ালত চলি থকা সমস্যা সমূহৰ অন্ত পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে ভাল খবৰ পাব পাৰে।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages