এই তিনি ৰাশিৰ বাবে ধনৰ অভাৱ নহব অহা মাহটোত : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

এই তিনি ৰাশিৰ বাবে ধনৰ অভাৱ নহব অহা মাহটোত : Horoscope Today

 

Horoscope Today

গ্ৰহ-নক্ষত্ৰৰ ক্ষেত্ৰত এপ্ৰিল মাহতো বহুত ভাল হ'ব।এই মাহটোত বহুত ৰাশিৰ গ্ৰহ পৰিবৰ্তন হ'ব। ৰাশিৰ গ্ৰহ পৰিবৰ্তন প্ৰভাৱ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে পৰিব। ( Horoscope Today )


গ্ৰহৰ স্থিতিৰ ফলত কিছুমান ৰাশিৰ ব্যক্তিসকলে ধনৰ অভাৱত ভুগিব লাগিব। আনহাতে কিছুমান ৰাশিৰ ব্যক্তিসকলৰ ধনৰ অভাৱ নাইকীয়া হ'ব।জানো আহঁক এপ্ৰিলত কি, কি গ্ৰহৰ হ'ব ৰাশি পৰিবৰ্তন আৰু কি, কি ৰাশিৰ ব্যক্তিসকলৰ হ'ব বহুত লাভ।


এপ্ৰিল ২০২২ চনত গ্ৰহৰ ৰাশি পৰিবৰ্তন - ৭ এপ্ৰিল ২০২২ চনত মঙ্গল গ্ৰহে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ পিছৰ দিনা ৮ এপ্ৰিলত বুধ গ্ৰহ মেষ ৰাশিত প্ৰৱেশ কৰিব।


১২ এপ্ৰিলত ৰাহু-কেতুৱে ৰাশি পৰিবৰ্তন কৰিব।ৰাহু মেষ ৰাশিত কেতু তুলা ৰাশিত প্ৰৱেশ কৰিব। 


১৩ এপ্ৰিলত গুৰু বৃহস্পতিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব।১৪ এপ্ৰিলত সূৰ্যয়ে মেষ ৰাশিত প্ৰৱেশ কৰিব। 


২৫ এপ্ৰিলত বুধ গ্ৰহে বৃষ ৰাশিত প্ৰৱেশ কৰিব। ২৭ এপ্ৰিলত শুক্ৰয়ে মীন ৰাশিত প্ৰৱেশ কৰিব। ২৯ এপ্ৰিলত শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব।


এই ৰাশিৰ ব্যক্তিসকলৰ হ'ব বহুত লাভ -


১. মিথুন ৰাশি - এপ্ৰিল মাহতো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে লাভদায়ক হ'ব।এই সময়ত আপোনালোকৰ ৰাশিত শনিৰ ২ বছৰ ৬ মাহৰ প্ৰভাৱ থাকিব।শনিয়ে ৰাশি পৰিবৰ্তন কৰিলেহে আপোনালোকে শনিৰ ২ বছৰ ৬ মাহৰ প্ৰভাৱৰ পৰা মুক্তি পাব।এই মাহত আপোনাৰ ৰৈ যোৱা কাম পূৰ্ণ হ'ব। নতুন সংবাদ পাব পাৰে। বিবাহৰ ক্ষেত্ৰত আহিব লাগিয়া বাধা নাইকীয়া হ'ব। উপাৰ্জনৰ ৰাস্তা বৃদ্ধি হ'ব।( Horoscope Today )



২. কন্যা ৰাশি - কন্যা ৰাশিৰ ব্যক্তিসকলৰ চাকৰি ক্ষেত্ৰত স্থান পৰিবৰ্তন হোৱাৰ যুগ স্থাপন হৈছে। চৰকাৰী চাকৰি কৰা সকলৰ স্থান পৰিবৰ্তন হোৱাৰ যুগ স্থাপন হৈছে। অফিচত মান-সন্মান বৃদ্ধি হ'ব।উপাৰ্জনৰ ৰাস্তা বৃদ্ধি হ'ব।চাকৰি কৰা সকলৰ উন্নতিৰ যুগ স্থাপন হৈছে।এই সময়খিনিত আপোনালোকে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ চিন্তা কৰিব পাৰে।ঘৰলৈ বহুত মহত্বপূৰ্ণ বস্তু আনিব পাৰে।



৩. মকৰ ৰাশি -  মকৰ ৰাশিত শনিদেৱ বিৰাজমান হৈ থাকিব। ২৯ এপ্ৰিলত শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব।শনিৰ ৰাশিৰ পৰিবৰ্তন ধনৰ ক্ষেত্ৰত আপোনাৰ বাবে লাভদায়ক হ'ব। ভাগ্যত উন্নতি বৃদ্ধি হ'ব। এই সময়খিনিত আপোনালোকে নতুন কিবা সুযোগ পাব পাৰে।খঙত নিয়ন্ত্ৰণ ৰাখক।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages