অংক জ্যোতিষ শাস্ত্ৰ মতে আপোনাৰ ভবিষ্যৎ : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 26, 2022

অংক জ্যোতিষ শাস্ত্ৰ মতে আপোনাৰ ভবিষ্যৎ : Horoscope Today

Horoscope Today

জ্যোতিষ শাস্ত্ৰৰ দৰে অংক জ্যোতিষ শাস্ত্ৰয়ে ও জাতক-জাতিকাসকলৰ ভৱিষ্যত, সম্ভাৱনা আৰু ব্যক্তিত্বৰ বিষয়ে তথ্য প্ৰদান কৰে।( Horoscope Today )


যেনেকে সকলো নামৰ অনুসৰি ৰাশি হয়। তেনেকৈ সকলো অংক বা সংখ্যাৰ অনুসৰি অংক জ্যোতিষ শাস্ত্ৰত নম্বৰ থাকে।অংক শাস্ত্ৰৰ অনুসৰি নিজৰ নম্বৰ উলিয়াবলৈ আপুনি আপোনাৰ জন্ম তাৰিখটো যোগ কৰক। তাৰ পিছত যিটো সংখ্যা আহিব বা উলাব , সেইটো আপোনাৰ ভাগ্য সংখ্যা হ'ব।উদাহৰণ স্বৰূপে মাহৰ ২, ১১ আৰু ২০ তাৰিখে জন্ম লোৱা ব্যক্তিসকলৰ মূল্যাংকন ২ হ'ব। জানো আহঁক মাৰ্চৰ শেষৰ সপ্তাহ কোন কোন ব্যক্তিসকলৰ বাবে শুভ হ'ব।



মূল্যাংকন ১- এই সপ্তাহত সাৱধান হোৱাতো অতি আৱশ্যক।নকাৰাত্মক বিচাৰে চিন্তিত কৰিব পাৰে। সংৰক্ষিত ধনৰ অভাৱ হ'ব পাৰে।ধনৰ সমস্যা ও হ'ব পাৰে। পৰিয়ালৰ লগত ক'ৰবাত ফুৰিবলৈ যাবলৈ পাব পাৰে। অফিচত মান- সন্মান বৃদ্ধি হ'ব।অধিকাৰী সকল প্ৰসন্ন হৈ থাকিব।



মূল্যাংকন ২ - এই সপ্তাহত কোনো কাম খৰধৰকৈ নকৰিব। লোকচান হ'ব পাৰে।ক'ৰবাত বাহিৰলৈ ফুৰিবলৈ যাবলৈ পাব পাৰে। বেপাৰত নতুন মানুহ লগ পাব পাৰে। বহুত শুভ সংবাদ লাভ কৰিব।পৰিয়ালৰ লগত তীৰ্থস্থানলৈ ফুৰিবলৈ যাবলৈ পাব পাৰে। ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰাৰ সুযোগ পাব পাৰে।



মূল্যাংকন ৩ - যিমান কষ্ট কৰিব , সিমান ফল নাপায়।এই সপ্তাহত শান্তি আৰু ধৈৰ্য ধৰা সময়। অৱশ্যে বহুত ৰৈ থকা কাম সম্পূৰ্ণ হ'ব।বেপাৰত লাভ হ'ব।পাছত ধন ইনকম কৰা কথা ভাবিব। যিকোনো কামৰে ভাল আৰু বেয়া দুটা কথা চাই চিতিহে কাম কৰক। খৰখেদাকৈ একো কাম নকৰিব।



মূল্যাংকন ৪ - এই সপ্তাহত ক'তো পইচা ফচাই নাৰাখিব, তেতিয়াহে আপোনাৰ লাভ হ'ব। সাৱধান হোৱাতো অতি প্ৰয়োজনীয়। সমস্যা আহিব পাৰে। কাৰ্যক্ষেত্ৰত স্থান পৰিবৰ্তন হ'ব পাৰে। বিদ্যাৰ্থী সকলে খেলা-ধূলাত সফলতা অৰ্জন কৰিব পাৰে। আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। পৰিয়ালৰ স্নেহ পাব পাৰে।




মূল্যাংকন ৫ - এই সপ্তাহত ভূমি আৰু সম্পত্তিৰ কামত লাভ হ'ব পাৰে। নতুন সিদ্ধান্ত লোৱা হ'ব , কিন্তু তাত সফলতা অৰ্জন কৰিব পৰা নাযাব। অৱশ্যে এই সপ্তাহো আপোনাৰ বাবে ভাল। অধিকাৰী সকলৰ সম্বন্ধ ভাল হ'ব।এই সপ্তাহতো ব্যৱসায়ৰ বাবে ভাল। কিন্তু লেনদেনত সাৱধানতা অৱলম্বন কৰাতোঁ অতি প্ৰয়োজনীয়। কোনোবা পুৰণা বন্ধু লগ পাব পাৰে।



মূল্যাংকন ৬ - এই সপ্তাহত ভাগ্য আপোনাৰ লগত থাকিব। ফচি থকা ধন ঘূৰাই পাব।এই সপ্তাহতো আপোনাৰ বাবে শুভ । বেমাৰ আদিৰ কথা গম পাব, কিন্তু সোনকালেই তাৰ পৰা পিছ এৰাব। বহুত নতুন সিদ্ধান্ত লোৱা হ'ব। যিয়ে ভৱিষ্যতে লাভ প্ৰদান কৰিব। নিজৰ গাড়ী থকাৰ পাছতো আপুনি আনৰ গাড়ী ব্যৱহাৰ কৰিব লগা হ'ব পাৰে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আপোনাৰ স্বাস্থ্যজনীত সমস্যা হ'ব পাৰে। কিন্তু আপুনি সুস্থ হ'ব।( Horoscope Today )



মূল্যাংকন ৭ - এই সপ্তাহত কোনো সমস্যাৰ পৰা মুক্তি পাব পাৰে। আপোনাৰ আৰ্থিক স্থিতি সালসলনি হ'ব পাৰে। কোনোবা যাত্ৰাত যাব লগা হ'ব পাৰে। সংৰক্ষিত ধনৰ অভাৱ হ'ব। অধিকাৰী সকলৰ লগত সম্বন্ধ ভাল হৈ থাকিব। আপোনাৰ আৰ্থিক স্থিতি ভালেই থাকিব। কিন্তু যিকোনো কাৰ্য বহুত স্বম্ভালী কৰক। আপুনি 

ভূ-সম্পত্তি লেনদেন কৰিব পাৰে। আদান-প্ৰদানত আপোনাৰ লাভ হ'ব পাৰে।



মূল্যাংকন ৮ - এই সপ্তাহত আপুনি যদি কিবা সিদ্ধান্ত লয় , তেতিয়া বহুত লাভ হ'ব।পুৰণা ৰৈ যোৱা কাম সম্পূৰ্ণ হ'ব।ধন লাভ হ'ব পাৰে। আনৰ পৰা যদি ধাৰ লৈছিল,সেইয়া ধাৰো মাৰিব পাৰিব। অফিচত অধিকাৰী সকলৰ লগত ভাল সম্বন্ধ থাকিব।সুখী আৰু আনন্দময় পৰিৱেশে বিৰাজ কৰিব। আপোনাৰ ওচৰত কেচ কৰিব পাৰে, ভাবি চিন্তি কাম কৰক । অফিচত কামো অধিক হ'ব।



মূল্যাংকন ৯ - এই সপ্তাহত সম্পত্তি ব্যৱসায়ত লাভ হ'ব।এইয়া সফলতাৰ সপ্তাহ।যি বিচাৰে সেই কাৰ্যয়ে সফল হোৱা সংযোগ স্থাপন হৈছে।বুজি পোৱা শক্তি ভাল হ'লে আপোনাৰ লাভ হ'ব। সদায় কৰি থকা কামত লাভ হ'ব পাৰে। মনতো খেলিমেলি হৈ থাকিব পাৰে। পৰিয়ালৰ সমস্যাবোৰৰ সমাধানৰ ৰাস্তা পাব। অফিচত মান- সন্মান বৃদ্ধি হ'ব।অধিকাৰী সকল প্ৰসন্ন হৈ থাকিব। আপোনাৰ আৰ্থিক লাভ হোৱাৰ আশংকা আছে। আপুনি বহুত শুভ সংবাদ পাব পাৰে।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages