এই চাৰি ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 28, 2022

এই চাৰি ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today

Horoscope Today


 কিছুমান ৰাশি এনেকুৱা থাকে।যাৰ গ্ৰহৰ স্থিতি দূৰ্বল কাৰণে তেওঁলোকে পইচা সঞ্চয় কৰিব নোৱাৰে।এওঁলোকে যিমান উপাৰ্জন কৰে সিমানেই খৰচ হয়। ( Horoscope Today )


জ্যোতিষ শাস্ত্ৰত ৰাশি সমূহৰ স্বভাৱৰ বিষয়ে কোৱা হৈছে। এইটোও কোৱা হৈছে যে ৰাশিবোৰৰ ওপৰত গ্ৰহৰ চলাচল আৰু স্থিতিৰ বিশেষ প্ৰভাৱ পৰে। 


এইটোৱেই কাৰণ যে প্ৰত্যেকটো ৰাশিৰে বেলেগ বেলেগ গুণ আৰু  বিশেষত্ব থাকে। কিছুমান ৰাশিৰ ব্যক্তিসকলে বহুত খৰচ কৰে আৰু কিছুমান ৰাশিৰ ব্যক্তিসকলে কম বা তেওঁলোক কৃপণো হয়।


 কিছুমানে নিজৰ পইচা নিজৰ ওপৰত খৰচ কৰিবলৈ পচন্দ কৰে আৰু কিছুমানে নিজৰ বন্ধুৰ ওপৰত।আমি আজি এনেকুৱা কিছুমান ৰাশিৰ বিষয়ে কম,যিয়ে বন্ধুৰ ওপৰত বা বন্ধুৰ লগত বহুত পইচা খৰচ কৰে। এওঁলোকে বিচাৰিলেও পইচা সঞ্চয় কৰিব নোৱাৰে। এওঁলোকে যিমান উপাৰ্জন কৰক লাগিলে খৰচ কেতিয়াও কম নকৰে। জানো আহঁক সেইসমূহ ৰাশিৰ বিষয়ে।


১. মেষ ৰাশি - এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ বেছি নিজৰ বন্ধু , বান্ধৱীৰ ওপৰত পইচা খৰচ কৰে। এওঁলোকে সদায় আনক সহায় কৰিবলৈ সাজু হৈ থাকে।এই অভ্যাসৰ ফলতেই তেওঁলোকৰ বহুতে সুযোগ লয়। এই ৰাশিৰ ব্যক্তিসকলৰ হৃদয়খন কোমল। এওঁলোকৰ অতি সোনকালেই কাৰোবাৰ ওপৰত দয়া ভাৱ উৎপন্ন হয়। এওঁলোকক দুখ লগা কথা কৈ সকলোৱে নিজৰ কথাত ফঁচাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে এনেকুৱা বন্ধু ও পায় ,যিয়ে তেওঁলোকক দুখৰ সময়তো লগ দিয়ে।( Horoscope Today )



২.কৰ্কট ৰাশি - এই ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ খৰচ কৰা বিধৰ হয়। এওঁলোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ বহুত পইচা খৰচ কৰে। এওঁলোকে শান্ত হৈ আৰু শান্তিৰে জীৱনটো পাৰ কৰিব বিচাৰে। ইয়াৰ অভাৱ হোৱাতো তেওঁলোকে নিবিচাৰে। এওঁলোকে নিজৰ বন্ধুসকলক বহুত সহায় কৰে।বন্ধুসকলক লগত বহুত পইচা খৰচ কৰে। তেওঁলোকৰ এই অভ্যাসৰ সুযোগ লৈ বহুতে তেওঁলোকক বহুত পইচা খৰচ কৰাই।



৩. ধনু ৰাশি - এই ৰাশিৰ ব্যক্তিসকলে পইচা ইনকম কৰিবলৈ বহুত পৰিশ্ৰম কৰে। কিন্তু পইচা সাঁচিব নোৱাৰে। এওঁলোকে সদায় পইচা সঞ্চয় কৰা কথা ভাবে , কিন্তু তাত সফল কমকৈ হয়। এওঁলোকৰ পইচাৰ অভাৱ নহয়। কিন্তু এওঁলোকে বেলেগে নিজৰ কাৰণে পইচা সাঁচি ৰাখিব নোৱাৰে।



৪.মীন ৰাশি -  ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ খৰচ কৰা বিধৰ হয়। তেওঁলোকে সদায় ইনকমতকৈ বেছি খৰচ কৰে। এওঁলোকে যিমান ইনকম কৰে সিমান নিজৰ আৰু লগৰবোৰৰ ওপৰত খৰচ কৰে। এওঁলোকৰ আৰ্থিক স্থিতি ভাল। কিন্তু অধিক খৰচ কৰা ফলত ধনী হ'ব নোৱাৰে। বহুত চেষ্টা কৰে এওঁলোকে খৰচক নিয়ন্ত্ৰণলৈ আনিবলৈ।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages