এপ্ৰিল মাহটো আপোনাৰ কেনে যাব : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 28, 2022

এপ্ৰিল মাহটো আপোনাৰ কেনে যাব : Horoscope Today

 

Horoscope Today

এপ্ৰিল মাহত বহুত ডাঙৰ গ্ৰহৰ ৰাশি পৰিবৰ্তন হ'ব। গ্ৰহ- নক্ষত্ৰৰ পৰিৱৰ্তনৰ পোনপটীয়া প্ৰভাৱ মানুহৰ জীৱনত পৰে। ( Horoscope Today )


জ্যোতিষ শাস্ত্ৰত বৰ্ণিত ১২ টা ৰাশিতেই ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়।জানো আহঁক জ্যোতিষী নীৰজ ধনখেৰৰ পৰা এপ্ৰিলৰ মাহতোৱে কোন কোন ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ সংকেত লৈ আহিব। আনহাতে কাৰ হ'ব লোকচান। পঢ়ো আহঁক মেষ ৰাশিৰ পৰা মীনলৈ।


১. মেষ ৰাশি - আপুনি অনুপ্ৰাণিত হৈ থাকিব।কাৰ্যস্থলত দায়িত্ব আৰু চাপ বৃদ্ধি হ'ব পাৰে।আপোনাতকৈ ডাঙৰ অধিকাৰী সকলে আপোনাক ওচৰৰ পৰা চাই থাকিব পাৰে। সেই কাৰণে খৰখেদা নকৰিব।বেপাৰত লাভ হ'ব আৰু সঞ্চয় বৃদ্ধি হ'ব। নতুন ৰাস্তাত নিবেশ কৰিলে লাভ হ'ব। চাকৰি কৰা সকলে নতুন ৰাস্তা পাব পাৰে। প্ৰেমৰ মাজত চলি থকা কিবা মতানৈক্য সমাধান হ'ব। প্ৰেম আৰু বিশ্বাস বাঢ়িব। সৰুসুৰা বেমাৰৰ পৰা মুক্তি পাব।




২.বৃষ ৰাশি - উন্নতিৰ ক্ষেত্ৰত আপুনি ভাগ্যশালী।চাকৰি কৰা ব্যক্তিসকলৰ বাবে পদোন্নতি যুগ স্থাপন হৈছে। ‌বহুত দিনৰ পৰা চাকৰি বিচাৰি ফুৰা ব্যক্তিসকলে চাকৰিৰ সুযোগ পাব। আপুনি নিজৰ আয়ৰ ক্ষেত্ৰত বিশেষ শুধৰণি দেখিবলৈ পাব। বেপাৰ কৰা সকলে বিদেশৰ পৰা ৰাজ্যৰ প্ৰমাণ পত্ৰ পাব। আপোনাৰ প্ৰেমীক সংগীৰ লগত কথাবোৰৰ মিল বাঢ়িব। কিন্তু বিবাহিত সকলে এজনে আনজনৰ ওপৰত বিশ্বাস ৰখাতো দৰকাৰ।



৩. মিথুন ৰাশি - আপোনাৰ উন্নতি ৰাস্তা খোল খাব আৰু সফলতা ৰাস্তা চফা হৈ পৰিব। নিজৰ কাৰ্য জীৱনত বহুত ডাঙৰ শুধৰণিৰ অপেক্ষা কৰক। ব্যৱসায়ৰ লগত জড়িত লোকসকলে বিস্তাৰিত ভাবে ভাবি চিন্তি নতুন কামত নিবেশ কৰাৰ কথা ভাবক।পুৰণা ৰৈ থকা ধন লাভ কৰিব পাৰে। জীৱন সংগী বা লগৰ লগত সৰু যাত্ৰালৈ যোৱাৰ সংকেত পাব। পৰিয়ালৰ সদস্যৰ লগত বাদ-বিবাদ নকৰিব।পেটৰ লগত সম্বন্ধিত বেমাৰৰ পৰা বাচি থাকক।



৪.কৰ্কট ৰাশি - যদি আপুনি বিদেশত কাৰ্যৰত বা যদি আপোনাৰ কাৰ্য বিদেশৰ লগত জড়িত , তেতিয়া এই মাহটোৱে আপোনাৰ বাবে বিশেষ সফলতা লৈ আহিব। আপুনি আপোনাৰ মালিকৰ পৰা সহাঁৰি পাব পাৰে। বেপাৰৰ ক্ষেত্ৰত আপোনাৰ সকলো সিদ্ধান্ত শুদ্ধ বুলি প্ৰমাণিত হ'ব। ছাত্ৰ-ছাত্ৰী সকলে বিদেশলৈ পঢ়িবলৈ যাবলৈ সুযোগ পাব পাৰে।পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ'ব।প্ৰেম অলপ অপ্ৰত্যাশিত হ'ব পাৰে।গাঁঠিৰ বিষে আপোনাক আমনি কৰিব পাৰে।



৫. সিংহ ৰাশি - চাকৰি কৰা ব্যক্তিসকলৰ স্থান পৰিবৰ্তনৰ হোৱা সম্ভাৱনা দেখা পোৱা যায়। এইবোৰ চাকৰিৰ কিছুমান নতুন সুযোগৰ ফলত হ'ব। আপোনালোকৰ এজনে নতুন উদ্যম গঢ়ি তুলিব পাৰে। এটা নতুন দিশত ব্যৱসায় বিস্তাৰ কৰিব পাৰে।শ্বেয়াৰত কৰা নিবেশ অতি লাভজনক হ'ব। কোনোবা কেচত ফঁচি থকা সকলে সকাহ পাব।পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা থাকিব।স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান থাকিব পাৰে।( Horoscope Today )



৬.কন্যা ৰাশি - কেৰিয়াৰত কিছুমান উত্থান-পতন থাকিব পাৰে।চাকৰি কৰাসকলে কাৰ্যালয়ত চাপৰ সন্মুখীন হ'ব লাগিব।সহকৰ্মীৰ সৈতে যিকোনো বিবাদৰ সন্মুখীন নহ'ব।বিত্তীয় বিকাশ আটাইতকৈ ভাল মাধ্যম হ'ব। কোনোবা নতুন উদ্যোগ বা বিত্তীয় বিকাশত নিবেদন কৰাৰ পৰা আতঁৰি থাকক।পাৰিবাৰিক সম্পত্তিক লৈ ভাই-ভনীৰ সৈতে বিবাদ হ'ব পাৰে।গতিকে ইয়াক চতুৰতাৰে চম্ভালি লওঁক। আপুনি চালৰ লগত জড়িত বেমাৰৰ সন্মুখীন হ'ব পাৰে। সেই কাৰণে সতৰ্ক হৈ থাকক।



৭. তুলা ৰাশি - চৰকাৰী খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে সময় অনুকূল।তেওঁলোকে অতিৰিক্ত দায়িত্বৰ সৈতে পদোন্নতি পাব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে আৰু নতুন ক্ষেত্ৰত বিবিধতা আনিব পাৰে। ছাত্ৰ-ছাত্ৰী সকলে অধিক কষ্ট কৰিব আৰু টীম ৱৰ্ক কৰিলে লাভ হ'ব। আপোনাৰ প্ৰেম জীৱন বহুত সুখৰ হ'ব । আপোনালোকৰে বহুত বিবাহ পাশত আবদ্ধ হ'ব পাৰে। স্বাস্থ্য ভাল হৈ থাকিব।



৮.বৃচ্চিক ৰাশি - মাটি বাৰীৰ ক্ষেত্ৰত চলি থকা কেচৰ পৰা সকাহ পাবলৈ এইটো বহুত ভাল সময়। প্ৰেমৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে।লগতে দাম্পত্য জীৱনত চাপ পৰিব পাৰে।আপোনাৰ জীৱন সংগীয়ে আপোনাৰ সিদ্ধান্তত একমত নহ'ব পাৰে। আপোনাৰ বিত্তীয় পৰিস্থিতি শক্তিশালী হ'ব।অপ্ৰত্যাশিত ক্ষেত্ৰৰ পৰা ধনৰ প্ৰবাহ হ'ব পাৰে। বতৰৰ সালসলনিয়ে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে।



৯. ধনু ৰাশি - চাকৰি কৰা ব্যক্তিসকলে ইনকম কৰা নতুন ৰাস্তা পাব। আপোনালোকৰ বাবে কামৰ নতুন পথ খোল খাব। ছাত্ৰ-ছাত্ৰী সকলে বহুত কষ্ট কৰিব লাগিব। প্ৰতিযোগীতা মূলক পৰীক্ষাৰ বাবে সাজু হৈ থকা সকলে সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্য লগত আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত এই সময়খিনি সুখদায়ক। আপোনাৰ সংগীৰ প্ৰতি বিশ্বাসৰ ভাৱনা বৃদ্ধি হ'ব।



১০. মকৰ ৰাশি - আপুনি আপোনাৰ উন্নতিৰ বাবে বহুত কষ্ট কৰিব লাগিব। তাৰ পৰ্যাপ্ত প্ৰতিফল পাব। বিশ্বাসৰ ৰাস্তাৰে আগবাঢ়ি যাওঁক। আপুনি বহুত ডাঙৰ সফলতা অৰ্জন কৰিব। আপোনাক যিয়ে হিংসা কৰে তেওঁলোকৰ পৰা বাচি থাকক। আপোনাৰ ব্যৱসায় বহুত ভাল হ'ব আৰু নতুন ব্যৱসায়ে আয় বৃদ্ধি কৰিব। পৰিয়ালৰ ব্যক্তিসকলৰ লগত অধিক সময় কটাওঁক।



১১. কুম্ভ ৰাশি - কাৰ্যক্ষেত্ৰত পদোন্নতিৰ নতুন সুযোগ লাভ কৰিব আৰু তাৰ ফলত আপোনাৰ ব্যক্তিত্ব মজবুত হৈ পৰিব। নতুন চাকৰিয়ে আপোনাৰ দুৱাৰ খটখটাব পাৰে। এই মাহত ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে সময় আশাজনক। বেপাৰৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব। নিজৰ ভাই-ভনীৰ মাজত হোৱা ভুল ধাৰণা আপুনি নাইকীয়া কৰিবলৈ চেষ্টা কৰিব।



১২.মীন ৰাশি - উন্নতিৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। চাকৰিত সমস্যা আহিব পাৰে আৰু আপুনি অবাঞ্চিত চাপত ভুগিব পাৰে।খৰচ কম হ'ব আৰু সঞ্চয় বাঢ়িব। পৰিয়ালৰ লোক সকলৰ মাজত সৰুসুৰা কথাক লৈ বাদ- বিবাদ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কাজিয়া হ'ব পাৰে।ওজন বঢ়াৰ পৰা বাচক নহ'ল পাছত সমস্যা হ'ব।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages