প্ৰেমৰ ৰাশিফলে কি কয় জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

প্ৰেমৰ ৰাশিফলে কি কয় জানো আহক : Horoscope Today

Horoscope Today


বৈদিক জ্যোতিষ শাস্ত্ৰত ১২ টা ৰাশিৰ বিষয়ে কোৱা হৈছে। সকলো ৰাশিৰে প্ৰেম, উন্নতি, সম্ভাৱনা বেলেগ বেলেগ হয়।( Horoscope Today )


ৰাশিৰ সহায়তে ব্যক্তিৰ প্ৰেম আৰু সম্পৰ্কক চোৱা হয়।জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে জানো আহঁক আজি ২৭ মাৰ্চৰ দিনা কোন কোন ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত সালসলনি ঘটিব।পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ।



১.মেষ ৰাশি - সংগীৰ লগত কোনোবা মনোৰঞ্জন ঠাইলৈ যাবলৈ প্লেন বনাওঁক। আপোনাৰ নিৰস জীৱনলৈ সতেজতা আহিব। আপোনাৰ মনটোত ভৱিষ্যতৰ বাবে সকাৰাত্মক বিচাৰে ভৰি পৰিব। যিসকলে নিজৰ প্ৰেমৰ ক্ষেত্ৰত সমস্যাত ভুগি আছে। তেওঁলোকে নিজৰ সংগীক এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে আৰু নিজৰ ভাৱনাবোৰক ব্যক্ত কৰিব লাগে। যদি আপুনি সকাৰাত্মক  প্ৰতিক্ৰিয়া প্ৰাপ্ত কৰে, তেতিয়া আচৰিত নহ'ব।



২ ‌.বৃষ ৰাশি - আপোনাৰ সংগীৰ প্ৰতি যি ভাৱনা তাক তেওঁৰ সন্মুখত ব্যক্ত কৰক। নিজৰ প্ৰিয়জনৰ লগত কথা বতৰা পাতোঁতে কিবা নতুনত্ব প্ৰয়োগ কৰক। ইয়াৰ ফলত আপোনাৰ সংগীয়ে স্পিচেল অনুভৱ কৰিব। যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো ভাল হ'ব। নিজৰ সম্পৰ্কটোক পুণৰ জীৱিত কৰিবলৈ কিবা ৰচনাত্মক কাম কৰক। বিবাহিত সকলে নিজৰ সম্পৰ্কটো আৰু মজবুত কৰা প্ৰয়োজন আছে।



৩. মিথুন ৰাশি - বাহিৰা প্ৰলোভনৰ পৰা দূৰত থাকক। কাৰণ এইটো আপোনাৰ সময় আৰু পৰিস্থিতিৰ বাবে ভাল নহয়।নিজৰ সম্পৰ্কত ধ্যান দিয়ক আৰু কিবা সমস্যা আছে ,যদি তাক ভালকৈ সমাধান কৰক। আপোনাৰ সংগীক আপোনাৰ সহায় আৰু সহাঁৰিৰ প্ৰয়োজন আছে। নিজৰ কাৰ্যসমূহৰ দায়িত্ব লওঁক।বিবাহিত সকলে নিজৰ আৰ্থিক স্থিতি ভাল কৰিবলৈ কিছুমান সিদ্ধান্ত লোৱাটো বহুত জৰুৰী।



৪.কৰ্কট ৰাশি - আজি আপুনি পিছ পৰি নিদিব।আজিৰ দিনটো প্ৰেমেৰে ভৰা। যাৰ ওচৰত বহুত বেছি শক্তি আছে, তেওঁলোকে এনেকুৱা কিছুমান নিৰ্ণয় ল'ব পাৰে।  যিবোৰ আনে বহুত ভয়ানক আৰু অসম্ভৱ বুলি ভাবে। যদি প্ৰত্যেকটো কথাত চিন্তা কৰি বিচাৰ কৰাৰ পাছতো, আপুনি কোনোবা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ ৰুচি ৰাখে, তেতিয়া আপুনি তাৰ ওপৰত গভীৰভাৱে বিচাৰ কৰিবলৈ আৰম্ভ কৰক।



৫.সিংহ ৰাশি -  যদি আপুনি কাৰোবাৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত, তেতিয়া আজি আপুনি তেওঁক ক'বলৈ ইচ্ছুক হ'ব পাৰে। নিজৰ ভাৱনাক প্ৰকট কৰাৰ এইটো উপযুক্ত সময়। নিজৰ ভাৱনাক প্ৰকট কৰিবলৈ নতুন কিবা কৰক। উদাহৰণ স্বৰূপে আপুনি এটা গুপ্ত ইমেল বা এখন মৰম লগা চিঠি লিখিব পাৰে।( Horoscope Today )



৬. কন্যা ৰাশি - কোনোবা বহুত বিশেষ মানুহৰ ভাৱনায়ে আপোনাক আজি দৈনিক কামত বাধা দিব। আপুনি সেই মানুহজনৰ প্ৰতি বহুত দৃঢ়তাৰে আকৰ্ষণ অনুভৱ কৰিব। যাক আপুনি লগ পোৱা বেছি দিন হোৱা নাই। আপুনি আপোনাৰ ভাৱনা অতি সোনকালেই  সেই মানুহজনৰ ওচৰত প্ৰকট কৰাতোঁ বেছি ভাল হ'ব। ভাবি লওঁক যে তেওঁৰ মনতো সেই ভাৱনা আছে। এনেকুৱা কৰিলে আপোনাৰ সময় বাচিব আৰু আপুনি ভালকৈ আগবাঢ়ি যাব পাৰিব।



৭. তুলা ৰাশি - আজি আপুনি কোনোবা পুৰণা বন্ধুক লগ কৰিবলৈ ইচ্ছুক হ'ব। এটা সৰু লগা পোৱা কাৰ্যয়েই আপোনাক বহুত সতেজ কৰিব। আপুনি নিজৰ কাৰ্যত ধ্যান কেন্দ্ৰিত কৰিব পাৰিব। সম্পৰ্কত থকা সকলে নিজৰ সংগীৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ ইচ্ছুক হ'ব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত গভীৰ ভাৱে কথা বতৰা পাতিব। নিজৰ ভৱিষ্যতক লৈ চিন্তিত থাকিব।



৮. বৃচ্চিক ৰাশি -  আপুনি নিজৰ বিষয়ে ভাবাটো অতি প্ৰয়োজনীয়। আনক ভাৱনাত্মক ৰূপে নিজক শোষণ কৰিবলৈ নিদিব। সম্পৰ্কত থকা সকলে ভাবিব পাৰে , তেওঁলোকৰ সংগীয়ে  তেওঁলোকৰ সুবিধা লৈছে। আপুনি তেওঁক নিজৰ ভাৱনাবোৰ ব্যক্ত কৰি কওঁক।যদি আপুনি অবিবাহিত তেতিয়া নিজৰ নিৰ্ণয় নিজেই লওঁক আৰু আনক এই বিষয়ে কওঁক।



৯.ধনু ৰাশি - নিজৰ সম্পৰ্কত দায়িত্ব গ্ৰহণ কৰাতোঁ অতি আৱশ্যক। আপুনি নিজৰ প্ৰিয়জনৰ ধ্যান ৰখাৰ লগতে এইটো চোৱাতো জৰুৰী যে কিবা বস্তুয়ে তেওঁক আমনি কৰিছে নেকি। প্ৰেমিকসকলে কথা বতৰা পাতক। দিনটোৰ শেষলৈ আপোনালোকৰ সম্পৰ্কত সুধৰণি আহিব। বিবাহিত সকলে নিজৰ অতিৰিক্ত খৰচ প্ৰতি সংযত হ'ব লাগে।



১০. মকৰ ৰাশি - প্ৰেম আৰু শক্তিক নিজৰ ফালে আকৰ্ষিত কৰাতোঁ, আপোনাৰ বাবে বহুত উপযুক্ত হ'ব। বিদেশী স্থান তথা সংস্কৃতিৰ পৰা কোনোবা আপোনাৰ জীৱনত প্ৰৱেশ কৰিলে, আচৰিত নহ'ব। আপুনি এইটো শুনি মনোৰঞ্জন পাব আৰু এই বিষয়ে গভীৰভাৱে বিচাৰ কৰিবলৈ ইচ্ছুক হ'ব। সম্পৰ্কত অহাৰ আগতে সেই মানুহৰ বিষয়ে ভালকৈ জানিবলৈ কিছু সময় লোৱাতো এটা ভাল বিচাৰ হ'ব।



১১. কুম্ভ ৰাশি - আপোনাক আৰু সেই ব্যক্তিজনক নিজৰ সম্পৰ্কটো ভাল কৰিবলৈ কিছু সময় একেলগে অতিবাহিত কৰাতোঁ দৰকাৰ। আপুনি নিজৰ ঘৰুৱা কাম কৰিলে আৰু তেওঁক বাধ্যত পৰি প্ৰৰ্দশন কৰা দেখিছে আৰু জানে যে নিজৰ ক্ষমতাক আৰু কিমান আগবঢ়াই নিব পাৰে। কিন্তু পিছৰ খোজতো আগবঢ়োৱাৰ আগত উৎসাহিত হোৱাতো আৱশ্যক।অৱসৰৰ আনন্দ ল'বলৈ সময় উলিওৱাক।



১২.মীন ৰাশি - আজি আপোনাৰ এনেকুৱা লাগিব পাৰে যে আপুনি নিজৰ প্ৰেমতকৈ বেলেগ সম্পৰ্কত বেচি যোগদান দিছে। আপুনি এইটো অনুভৱ কৰাতোঁ আৱশ্যক যে আপুনি অকলে সম্পৰ্কতোৰ দায়িত্ব ল'ব নোৱাৰে। আপুনি এই বিষয়ে কথা পাতি নিজৰ সংগীক বুজাব লাগে। বিবাহিত সকলে পুৰণা কথাবোৰ এৰি বৰ্তমানত জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages