বৃহস্পতি গ্ৰহৰ Great Red Spot কি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 25, 2022

বৃহস্পতি গ্ৰহৰ Great Red Spot কি : Assamese Fact

Assamese Fact

  মোৰ ইয়াৰ আগৰ লেখাটোত আমাৰ সৌৰজগত পাৰ হৈ অনন্ত ব্ৰহ্মাণ্ডৰ দিশে গতি কৰি থকা পাঁচখন মানৱ নিৰ্মিত মহাকাশযানৰ দুখন মহাকাশ যান 'ভয়েজাৰ ভগ্নী'ৰ বিষয়ে ইতিমধ্যে লিখিছোঁ। আজি এই খণ্ডত  আন দুজনী ভগ্নী মহাকাশযানৰ কথা আলোচনা কৰিম যি দুখন মহাকাশযানে আমাৰ সৌৰজগত পাৰ হৈ অনন্ত ব্ৰহ্মাণ্ডৰ দিশে একেৰাহে গতি কৰি আছে। Assamese Fact ) 


      মই ইয়াৰ আগৰ লেখাটোত ইতিমধ্যে লিখিছিলো যে ষাঠিৰ দশকত মহাকাশ অধ্যয়ন কৰি বৈজ্ঞানিক সকলে মন কৰিছিল যে সত্তৰ দশকত বৃহস্পতি শনি, ইউৰেনাচ আৰু নেপচুন গ্ৰহৰ এনে এটা স্থিতিত আহিব যে পৃথিৱীৰ পৰা পঠোৱা এখন মহাকাশ যানেই এই চাৰিওটা গ্ৰহ একেবাৰে অধ্যয়ন কৰি কৰি আগবাঢ়ি যাব পাৰিব। এই পৰিঘটনাটো ১৭৫ বছৰৰ মূৰে মূৰে হয় সেইবাবে তেওঁলোকে এই পৰিঘটনাটোৰ লাভ উঠাবলৈ বহুত চিন্তা কৰি প্ৰথমে দুখন মহাকাশ যান নিৰ্মাণ কৰিছিল। আৰু এই অভিযানটোৰ নাম দিছিল Planetary Grand Tour.


      এই গ্ৰহ আৰু গ্ৰহবোৰৰ উপগ্ৰহ অধ্যয়ন কৰিবলৈ অৰ্থাৎ Planetary Grand Tour কৰিবলৈ নিৰ্মাণ কৰা প্ৰথম মহাকাশ যান দুখন হ'ল Pioneer 10 আৰু Pioneer 11. এই পায়নিয়াৰ ভগ্নীক ভয়েজাৰ ভগ্নীৰ আগত এই অভিযানত পঠোৱা হৈছিল।


      Pioneer 10 মহাকাশ যানখনক ১৯৭২ চনৰ ২ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ NASA য়ে 'Atlas SLV-3C Centaur-D' ৰকেটৰ আগত বহুৱাই গ্ৰহ অধ্যয়ন কৰিবলৈ অনন্ত ব্ৰহ্মাণ্ডৰ দিশে প্ৰেৰণ কৰিছিল। Pioneer 10 মহাকাশ যানখনৰ ওজন আছিল ২৫৮ কেজি। উৎক্ষেপনৰ প্ৰায় ১১ ঘন্টাৰ পাছতেই Pioneer 10 চন্দ্ৰৰ ওচৰ পাই আৰু চন্দ্ৰৰ কাষেৰে পাৰ হৈ যায়। আৰু তেতিয়া Pioneer 10 য়েই আছিল সকলোতকৈ বেগী মহাকাশ যান। উৎক্ষেপনৰ দুদিনৰ পাছতেই মহাকাশ যানখনত থকা কিছুমান বৈজ্ঞানিক যন্ত্ৰ-পাতি সক্ৰিয় কৰি দিয়া আৰু ১০ দিনৰ পাছত মহাকাশ যানখনৰ সকলো যন্ত্ৰ-পাতি সক্ৰিয় কৰি দিয়া হয়। উৎক্ষেপনৰ প্ৰায় তিনি মাহৰ পাছত অৰ্থাৎ ১৯৭২ চনৰ জুন মাহত এই Pioneer 10 মহাকাশ যানখন মঙ্গল গ্ৰহৰ কক্ষপথ পাৰ হ'বলৈ সক্ষম হয় আৰু তাৰ এমাহৰ পাছতেই মঙ্গল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত অসংখ্য গ্ৰহানু থকা Asteroid Belt ত সোমাই পৰে। এই Asteroid Belt ত অসংখ্য সৰু ডাঙৰ গ্ৰহানু থকাৰ বাবে মহাকাশ যান পাৰ হৈ যোৱা বৰ কঠিন হৈ পৰে। এই Asteroid Belt পাৰ কৰি মহাকাশ যানখন পাৰ কৰি লৈ যোৱায়ে আছিল বৈজ্ঞানিক সকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। Asteroid Belt ত প্ৰৱেশ কৰাৰ লগে লগে Pioneer 10 য়ে বৃহস্পতি গ্ৰহক অধ্যয়ন কৰাৰ আৰম্ভ কৰি দিয়ে। Pioneer 10 আগলৈকে কোনো মহাকাশ যান Asteroid Belt পাৰ হ'বলৈ সক্ষম হোৱা নাছিল।


      এই Pioneer ভগ্নী অকল গ্ৰহ অধ্যয়নৰ বাবে যোৱা নাছিল। গ্ৰহ অধ্যয়নৰ উপৰিও গ্ৰহবোৰৰ উপগ্ৰহবোৰ, Asteroid belt, মহাজাগতিক ৰশ্মি, সৌৰ বতাহ আদিকো অধ্যয়ন কৰিবলৈ গৈছিল।


      প্ৰসংগক্ৰমে কৈ থওঁ আমাৰ পৃথিৱীৰ বাৰু এটা উপগ্ৰহ আছে আৰু সেইটো হ'ল চন্দ্ৰ। বৃহস্পতি, শনি, মংগল, বুধ, শুক্ৰ, ইউৰেনাচ আৰু নেপচুনৰ কিমান উপগ্ৰহ আছে বাৰু!

জানি আচৰিত হ'ব শনি গ্ৰহৰ সকলোতকৈ বেছি ৮২ টা উপগ্ৰহ আছে আৰু বৃহস্পতি গ্ৰহৰ ৭৯ টা। মংগল গ্ৰহৰ দুটা, ইউৰেনাচৰ ২৭ টা, নেপচুনৰ ১৪ টা উপগ্ৰহ আছে। বুধ আৰু শুক্ৰ গ্ৰহৰ নিজৰ কোনো প্ৰাকৃতিক উপগ্ৰহ নাই। আমাৰ সৌৰজগতৰ সকলোতকৈ ডাঙৰ উপগ্ৰহটো হৈছে Ganymede, ই বৃহস্পতি গ্ৰহৰ উপগ্ৰহ। আমাৰ পৃথিৱীৰ চন্দ্ৰ হৈছে সৌৰজগতৰ পঞ্চম ডাঙৰ প্ৰাকৃতিক উপগ্ৰহ। (ফটো দিয়া হৈছে।)


     ৬ নৱেম্বৰ ১৯৭৩ চনত বৃহস্পতি গ্ৰহৰ পৰা ২ কোটি ৫০ লাখ দূৰত থকাৰ পৰায়ে Pioneer 10 য়ে বৃহস্পতি গ্ৰহৰ ফটো উঠোৱা আৰম্ভ কৰি দিয়ে আৰু পৃথিৱীলৈ প্ৰায় ৫০০ ফটো প্ৰেৰণ কৰে। ৩ ডিচেম্বৰ ১৯৭৩ চনত Pioneer 10 বৃহস্পতি গ্ৰহৰ একেবাৰে ওচৰ পাইগৈ আৰু তেতিয়া Pioneer 10 আৰু বৃহস্পতি গ্ৰহৰ মাজৰ দূৰত্ব আছিল প্ৰায় ১ লাখ ৩২ হাজাৰ কিলোমিটাৰ। ইয়াৰ উপৰি Pioneer 10 য়ে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ Callisto, Ganymede, Europa আৰু Io যেকো অধ্যয়ন কৰে। 


     তাৰ পাছত Pioneer 10 আগবাঢ়ি গৈয়ে থাকে তাৰ তিনি বছৰৰ পাছত অৰ্থাৎ ১৯৭৬ চনত শনিৰ কক্ষপথ, আৰু তাৰ তিনি বছৰৰ পাছত অৰ্থাৎ ১৯৭৯ চনত ইউৰেনাচ গ্ৰহৰ কক্ষপথ আৰু তাৰ ৪ বছৰৰ পাছত অৰ্থাৎ ১৯৮৩ চনৰ এপ্ৰিলত প্লুটো আৰু ১৯৮৩ চনৰ জুনত নেপচুন গ্ৰহৰ কক্ষপথ পাৰ হৈ যায়। তেতিয়ালৈকে Pioneer 10 য়ে আছিল একমাত্ৰ মহাকাশ যান যি সৌৰজগত পাৰ হ'বলৈ সক্ষম গৈছিল। কিন্তু ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহত ১৯৭৭ চনত প্ৰেৰণ কৰা তীব্ৰ বেগী Voyager- 1 য়ে Pioneer 10 ক পিছ পেলাই আগবাঢ়ি গুচি যায়।


     ৩১ মাৰ্চ ১৯৯৭ চনত সূৰ্য্যৰ পৰা ৬৭ Astronomical Unit দূৰত্ব যোৱাৰ পাছত Pioneer 10 ৰ পৰিকল্পিত অভিযান শেষ হৈছিল কিন্তু তাৰ পাছতো Pioneer 10 য়ে পৃথিৱীৰ লগত যোগাযোগ কৰি থাকিবলৈ সক্ষম হোৱাৰ বাবে বৈজ্ঞানিক সকলে Pioneer 10 ৰ লগত যোগাযোগ অব্যাহত ৰাখে। ২০০৩ চনৰ ২৩ জানুৱাৰীত Pioneer 10 মহাকাশ যানখনৰ লগত বৈজ্ঞানিকে শেষ বাৰৰ বাবে যোগাযোগ কৰিছিল; সেই সময়ত Pioneer 10 পৃথিৱীৰ পৰা ৮০ Astronomical Unit দূৰত্ব অৰ্থাৎ ১২০০ কোটি কিলোমিটাৰ দূৰত আছিল। (পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ দূৰত্বক ১ Astronomical Unit দূৰত্ব বোলে। এই দূৰত্ব প্ৰায় ১৫ কোটি কিলোমিটাৰ।) তাৰ পাছত Pioneer 10 ৰ লগত যোগাযোগ বন্ধ হৈ যায় কিন্তু Pioneer 10 ৰৈ থকা নাই। Pioneer 10 আজিও অনন্ত ব্ৰহ্মাণ্ডৰ দিশে আগুৱাই গৈয়ে আছে। Pioneer 10 মহাকাশ যানখনৰ সক্ৰিয় অভিযান কাল আছিল ৩০ বছৰ ১০ মাহ ২২ দিন। Assamese Fact ) 


       বৈজ্ঞানিক সকলে ৩ জানুৱাৰী ২০১৯ চনত ধাৰণা কৰিছিল যে তেতিয়া Pioneer 10 পৃথিৱীৰ পৰা ১২২ Astronomical Unit অৰ্থাৎ প্ৰায় ১৮৩০ কোটি কিলোমিটাৰ দূৰত আছে। আৰু তেতিয়া Pioneer 10 ৰ বেগ আছিল প্ৰায় ১২ কিলোমিটাৰ প্ৰতি চেকেণ্ড। এই বেগত Pioneer 10 গৈ থাকিলে এবছৰত ২.৫২ Astronomical Unit অৰ্থাৎ ৩৭.৮ কোটি কিলোমিটাৰ আগুৱাই গৈ থাকিব।

Pioneer 10 এতিয়া সূৰ্য্যৰ পৰা ইমানেই দূৰত আছে যে সূৰ্য্যৰ পোহৰ Pioneer 10 ত পাবলৈ ১৪.৮ ঘন্টা সময় লাগে। যি নেকি পৃথিৱী পাবলৈ মাত্ৰ ৮ মিনিট ২০ চেকেণ্ড সময় লাগে। বৈজ্ঞানিক সকলে আশা কৰিছে যে ২০২৪ চনত, ১৯৭৭ চনত পঠোৱা Voyagar- 2 মহাকাশ যানখনে Pioneer 10 ক পিছ পেলাই গুচি যাব।


     অনন্ত ব্ৰহ্মাণ্ডত কোনোবা মানুহৰ দৰে উন্নত সভ্যতা আছে নেকি তাৰ সন্ধান কৰিবলৈ Pioneer ভগ্নী দুয়োখন মহাকাশ যানত সোণৰ আৱৰণ থকা এলুমিনিয়াম নিৰ্মিত এক প্লেট লগাই পঠোৱা হৈছে। (ফটো দিয়া হৈছে।) য'ত এজন পুৰুষ আৰু এজনী মহিলাৰ ফটো লগতে সৌৰজগতত পৃথিৱীৰ স্থান ক'ত অংকন কৰা হৈছে। কোনোবা উন্নত সভ্যতায়ে যদি Pioneer ভগ্নী দুয়োখন মহাকাশ যানক কেতিয়াবা যদি লগ পাই এই প্লেট দুখনৰ জৰিয়তে তেওঁলোকে যাতে গম পাই পৃথিৱী নামৰ গ্ৰহ এটাত মানুহ নামৰ জীৱ আছে, তাত জীৱ থাকিব পৰা পৰিৱেশ আছে এই উদ্দেশ্যেৰে এই প্লেট দুখন দুয়োখন মহাকাশ যানত লগোৱা হৈছে।


      Pioneer 10 উৎক্ষেপন কৰাৰ ১৩ মাহৰ পাছতেই অৰ্থাৎ ৬ এপ্ৰিল ১৯৭৩ চনত NASA য়ে Pioneer 10 ৰ ভগ্নী মহাকাশ যান Pioneer 11 অনন্ত ব্ৰহ্মাণ্ডৰ দিশে উৎক্ষেপন কৰে। Pioneer 11 ৰ ওজন আছিল ২৬০ কেজি। Pioneer 11 ক মহাকাশলৈ পঠোৱা কাৰণ আছিল মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা Asteroid Belt, বৃহস্পতি গ্ৰহৰ বায়ুমণ্ডল, শনি গ্ৰহ, মহাজাগতিক ৰশ্মি আৰু সৌৰ বতাহক অধ্যয়ন কৰা।


     উৎক্ষেপনৰ এবছৰৰ পাছতেই অৰ্থাৎ এপ্ৰিল ১৯৭৪ ত Pioneer 11 য়ে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা Asteroid Belt ত প্ৰৱেশ কৰে আৰু বৃহস্পতি গ্ৰহ আৰু বৃহস্পতি গ্ৰহ কেইবাটাও উপগ্ৰহক অধ্যয়ন কৰিবলৈ আৰম্ভ কৰি দিয়ে।


      বৃহস্পতি গ্ৰহত থকা Great Red Spot ক Pioneer 11 য়ে বিতং ভাৱে অধ্যয়ন কৰে তাৰ ফটো উঠাই পৃথিৱীলৈ পঠাই। কিন্তু কিনো এই Great Red Spot!


      বৃহস্পতি গ্ৰহটো যদি মন কৰে এঠাইত দেখিব এৰা ৰঙা দাগ আছে (ফটোত দেখুওৱা হৈছে)। এই ৰঙা দাগটোকে Great Red Spot বোলে। এই দাগটো আচলতে কি! এই দাগটোৰ ঠাইডোখৰ হ'ল বৃহস্পতি গ্ৰহৰ এনে এটা ঠাই য'ত অতি উচ্চ বায়ুমণ্ডলীয় চাপ আছে আৰু এই ঠাইডোখৰত এন্টি-চাইক্লনিক ধুমুহা প্ৰতি মুহূৰ্তত বলি থাকে। এই এন্টি-চাইক্লনিক ধুমুহাৰ গতি ৪৩২ কিলোমিটাৰ প্ৰতি ঘন্টা।


     ইয়াৰ উপৰি Pioneer 11 য়ে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ Callisto, Ganymede, Europa আৰু Io কো অধ্যয়ন কৰে লগতে ফটো উঠাই পৃথিৱীলৈ প্ৰেৰণ কৰে। Pioneer 11 য়ে নৱেম্বৰ ১৯৭৪ চনত বৃহস্পতি গ্ৰহৰ পৰা ৪২,৮২৮ কিলোমিটাৰ ওচৰলৈ যাবলৈ সক্ষম হয় আৰু তাৰ পৰাও বৃহস্পতি গ্ৰহৰ ফটো উঠাই। তাৰ পাছত Pioneer 11 বৃহস্পতি গ্ৰহক এৰি শনি গ্ৰহৰ ফালে আগুৱাই যায়।


     বৃহস্পতি গ্ৰহ পাৰ হোৱাৰ পাঁচ বছৰৰ পাছত অৰ্থাৎ ১৯৭৯ চনৰ আগষ্ট মাহত Pioneer 11 শনি গ্ৰহৰ প্ৰণালীৰ মাজত সোমাই পৰে। Pioneer 11 য়ে শনি গ্ৰহৰ লগতে শনি গ্ৰহৰ উপগ্ৰহ Lapetus, Phoebe, Atlas, Dione, Mimas, Janus, Rhea, Titan কে ধৰি প্ৰায় ১৩ উপগ্ৰহ অধ্যয়ন কৰে আৰু তাৰ ফটো লয়। Pioneer 11 সৰ্বাধিক ২০,৫৯১ কিলোমিটাৰ ওচৰলৈ যাবলৈ সক্ষম হয়। তাৰ পাছত Pioneer 11 শনি গ্ৰহ পাৰহৈ অনন্ত ব্ৰহ্মাণ্ডৰ দিশে আগুৱাই গৈ থাকিল।

৩০ ছেপ্টেম্বৰ ১৯৯৫ চনত Pioneer 11 ৰ লগত বৈজ্ঞানিক সকলে শেষৰ বাৰৰ বাবে যোগাযোগ কৰে। তাৰ পাছত Pioneer 11 ৰ RTG নিউক্লিয়াৰ বেটেৰী শেষ হৈ যোৱাৰ বাবে Pioneer 11 ৰ লগত যোগাযোগ বন্ধ হৈ যায়।

Pioneer 11 মহাকাশ যানখনৰ সক্ৰিয় অভিযান কাল আছিল ২২ বছৰ ৫ মাহ ২৫ দিন।


      ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰ বৈজ্ঞানিক সকলে ধাৰণা কৰিছিল যে Pioneer 11 মহাকাশ যানখন পৃথিৱীৰ পৰা ১০০.৮ Astronomical Unit অৰ্থাৎ প্ৰায় ১৫১২ কোটি কিলোমিটাৰ দূৰত আছে আৰু ১১.২ কিলোমিটাৰ প্ৰতি চেকেণ্ড বেগত আগুৱাই গৈ আছে। এই বেগত Pioneer 11 মহাকাশ যানখন আগুৱাই গৈ থাকিলে প্ৰতিবছৰে ২.৩৭ Astronomical Unit অৰ্থাৎ প্ৰায় ৩৫.৫৫ কোটি কিলোমিটাৰ আঁতৰলৈ গৈ থাকিব।


     Pioneer 11 মহাকাশ যানখনক ইতিমধ্যে ভয়েজাৰ ভগ্নীৰ Voyager- 1 আৰু Voyager- 2 দুয়োখন মহাকাশ যানেই পিছ পেলাই আগুৱাই গৈছে। Pioneer 11 তো Pioneer 10 মহাকাশ যানখনৰ দৰে অন্য গ্ৰহ বা উপগ্ৰহত মানুহৰ দৰে উন্নত সভ্যতা থকাৰ সম্ভেদত সোণৰ আৱৰণ থকা এলুমিনিয়াম প্লেটখন লগাই পঠোৱা হৈছিল।


      আমাৰ সৌৰজগতক একেবাৰে বিদায় দি অনন্ত ব্ৰহ্মাণ্ডৰ দিশে একেৰাহে গৈ থকা এই Pioneer ভগ্নী ক'ত গৈ ৰ'বগৈ নে অনন্ত ব্ৰহ্মাণ্ডত ধংস হৈ যাব সেই কথা বৈজ্ঞানিক সকলে এতিয়াও নাজানে। Voyager ভগ্নী আৰু Pioneer ভগ্নী পাছত আমেৰিকা যুক্তৰাষ্ট্ৰয়ে আৰু এখন মহাকাশ যান অনন্ত ব্ৰহ্মাণ্ডৰ দিশে পঠাই। এই পঞ্চম মহাকাশ যানখনৰ বিষয়ে অহা খণ্ডত এই পেজতেই বিতংকৈ লিখিম।

উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages