সনাতন বিচাৰধাৰাত সুখৰ ব্যাখা আছে এনেদৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 20, 2022

সনাতন বিচাৰধাৰাত সুখৰ ব্যাখা আছে এনেদৰে : Religious Studies

 

Religious Studies

"সুখ আৰু শান্তি মনৰ ভাবহে "

কেইদিনমান আগতে Facebook  বন্ধু এজনে লিখিলে --


"ফেচবুকখন দেখিলে ভাব হয়, সকলো মানুহেই বৰ সুখী, দুখ-কষ্ট কাৰো নাই, ব্যতিক্ৰম মইহে কেৱল ! 

সকলো সুখী ন ! 

আপোনাৰ সুখকেই মোৰো সুখ বুলি ভাবি ল'লোঁ‌। 

নাজানিহে লেখিলো।"( Religious Studies )


তেখেতৰ এই বাক্য কেইটা দেখি এজন যোগীৰ  কথা  মনলৈ আহিল---


वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै:। 

सम इह परितोषो निर्विशेषो विशेष:।

स तु भवति दरिद्रो यस्य तॄष्णा विशाला। 

मनसि च परितुष्टे कोऽर्थवान को दरिद्र:॥


অৰ্থাৎ---

 এজন যোগীয়ে ৰজাক ক'লে মই ইয়াত (আশ্ৰমত) গছৰ ছালৰ বস্ত্ৰ এখন পিন্ধিয়েই সন্তুষ্ট,আপুনি ৰেচমৰ কাপোৰ পিন্ধিছে । মই সিমানেই সন্তুষ্ট যিমান আপুনি।  মোৰ আৰু আপোনাৰ সন্তুষ্টিৰ স্বভাৱৰ কোনো পাৰ্থক্য নাই । যাৰ স্পৃহা বেছি তেৱেই দৰিদ্ৰ, মন সন্তুষ্ট হ'লেই ধনৱান হয়।


সন্তুষ্ট এই শব্দটো বৰ ডাঙৰ শব্দ। কিয়নো ইয়াৰ লগত সুখ আৰু দুখ দুটা শব্দ জড়িত হৈ আছে। সন্তুষ্ট হব পাৰিলেই সুখী আৰু সন্তুষ্ট হব নোৱাৰিলেই দুখী।  আমাৰ সন্তুষ্টি আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে।  সন্তুষ্টি এটা মনৰ ভাব ।


সন্তুষ্টি যিদৰে মনৰ ভাব সেইদৰে সুখ আৰু দুখো মনৰ ভাব। সন্তুষ্টি এক সাকাৰাত্মক শব্দ,  সেইদৰে সুখ আৰু শান্তি এই দুটাও সাকাৰাত্মক শব্দ। সেয়ে সুখ আৰু শান্তি জীৱনলৈ আনিবলৈ হ'লে নিজৰ মনটো , নিজৰ ভাব ধাৰা সাকাৰাত্মক হব লাগিব। নহ'ল , নাই, নহয়, নাজানো , নোৱাৰিম এই শব্দ বিলাক নিজৰ অভিধানৰ পৰা একেবাৰে গুছাই-- হব, হবই , চেষ্টা কৰিম , পাৰিম , শিকি লম আদি শব্দ বিলাক high light কৰি ৰাখিব লাগে । 


সকলো ক্ষেত্ৰতে positive হৈ থাকি সকলো কথাৰে , সকলো কামৰে সাকাৰাত্মক দিশটো বিচাৰি উলিয়াব পাৰিলে মনৰ ভিতৰৰ নাকাৰাত্মক ভাব দূৰ কৰিব পাৰি। 


বহুত চেষ্টা কৰাৰ পিছটো

 যদি সপোন পুৰণ নহয় 

তেন্তে পথ সলনি কৰিব লাগিব, 

কিন্তু সিদ্ধান্তৰ নহয় ।

গছেও সদায় পাত হে সলনি কৰে

শিপা নহয় ।।

গীতাত সুন্দৰ কৈ লিখা আছে 

নিৰাশ নহ'বা, 

ই তোমাৰ মনৰ ভাব  হে , 

তোমাৰ স্থিতি নহয় ।।( Religious Studies )


 প্ৰাচীন কালতে জ্ঞানী জনে লিখি গৈছে---


दानेन तुल्यो विधिरास्ति नान्यो लोभोच नान्योस्ति रिपुः पृथिव्या ।

विभूषणं शीलसमं च नान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥


অৰ্থাৎ---

দান কৰাতকৈ ভাল কোনো বিধি নাই , লোভৰ সমান কোনো শত্ৰু নাই। ভাল চৰিত্ৰৰ সমান কোনো অলংকাৰ নাই , সন্তুষ্টিৰ সমান ধন নাই।


সনাতন বিচাৰধাৰাত সুখৰ ব্যাখা অলপ বেলেগ ধৰণে দেখুৱাইছে । কোনো এজন লোক ৰজা হৈও সুখী হব নোৱাৰে আকৌ বহুত ঐশ্বৰ্য্য লৈও কোনোজন সুখী হব নোৱাৰে । ঋষি সকলৰ মতে যেতিয়া নিজৰ অন্তৰ্নিহিত আত্মাই আনন্দ অনুভব কৰে তেতিয়াহে প্ৰকৃত সুখ লাভ হয় । তাৰ বাবে লাগে আত্ম বিচাৰ।


ঋষি বশিষ্ঠই শ্ৰীৰামচন্দ্ৰক আত্ম বিচাৰৰ যি শিক্ষা দিছিল সেই শিক্ষাক যোগ বশিষ্ঠ বুলি জনা যায় । যোগ বশিষ্ঠ এক মানসিক ব্যায়াম -- যি মানসিক ব্যায়ামৰ দ্বাৰা শৰীৰৰ আৰু আত্মাৰ মাজৰ পাৰ্থক্য অনুভব কৰিব পৰা যায়। ধন সম্পত্তি বিলাক শাৰীৰিক সুখহে মাত্ৰ । আনৰ বাবে নিস্বাৰ্থ ভাবে  লাভ বিচাৰ নকৰি  যেতিয়া কোনো কাম কৰা হয় তাৰ পৰা আত্মাই  আনন্দ অনুভব কৰে ।এই সুখ কোনো অন্ধ লোক এজনক আলিবাট পাৰ কৰাই দিও হব পাৰে আকৌ পিয়াহত আতুৰ লোক এজনক পানী এগিলাছ খুৱাইও পাব পৰা যায়।


ঋষি বশিষ্ঠৰ মতে শৰীৰ আৰু আত্মাৰ মাজৰ পাৰ্থক্য অনুভব কৰিবৰ বাবে 'মই' কোন বিচাৰ কৰিব লাগিব। প্ৰকৃতাৰ্থত 'মই' অনন্তকালৰ অবিনাশী আৰু অমৰ । এই আত্ম বিচাৰ কৰিব পাৰিলেহে নিজৰ মনক অন্তৰত থিতাপি লোৱাব পৰা যায় । 


এই আত্ম বিচাৰৰ শিক্ষাই শ্ৰীৰামক পিতৃ-মাতৃ, ৰাজ্য ত্যাগৰ যি দুখ সেই দুখ আতৰাই অৰণ্যজীৱনত ঋষি সকলক তপস্যা কালত ৰাক্ষসৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম কৰিছিল  আৰু পঞ্চৱতীত, গোদাৱৰীৰ পাৰত,  লক্ষ্মণ আৰু সীতাৰ লগত শান্তিৰে সময় অতিবাহিত কৰিব পাৰিছিল। 


আদি শঙ্কৰাচাৰ্য্যই লিখা শ্লোক এফাঁকিয়ে মোৰ জীৱনলৈ যেন অফুৰন্ত সুখ আনি দিলে ---


मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम्।

मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा॥


 অৰ্থ হ'ল--

ধন , মানুহ আৰু নিজৰ যৌৱন লৈ কেতিয়াও অহংকাৰ নকৰিবা । সময়ে এইবোৰ পলকতে চিঙি নিব পাৰে । এইবোৰৰ মায়াৰ পৰা আতৰি পৰমেশ্বৰ ওচৰ চাপা। 


সুখ দুখ মাত্ৰ অতিথিহে 

      সময়ে সময়ে আহে আৰু যায়          

         সেয়ে নহ'লে অনুভৱ নাহে 

   জীৱনটো হাঁহি হাঁহি পাৰ কৰা     

       কিয়নো প্ৰতিটো আবেলি

          কেবল সূৰ্য্যটোৱেই অস্ত নযায়     

          আমাৰ জীৱনৰ সুন্দৰ মূহুৰ্তও

                           শেষ হৈ যায় ।।


জুলা শৰ্মা 

নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages