প্ৰেমত কেতিয়াও নকৰিব এনে ভুল : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

প্ৰেমত কেতিয়াও নকৰিব এনে ভুল : Assamese Viral Post

 

Assamese Viral Post

"ইমান সময়ৰ পৰা যে call কৰি আছোঁ received কিয় কৰা নাছিলা? ক'ত আছা?,কাৰ লগত আছা? কথা পাতিছা ন বেলেগৰ লগত ?( Assamese Viral Post )

 আৰু ইমান online কিয়   আজিকালি facebook ত ? মোক আগৰ নিচিনা ভাল নোপোৱা ন আজিকালি?............"


উফ্ phone টো receive কৰিছোঁহে আকৌ আৰম্ভ কৰিলাই বুলি (বেয়া মাতষাৰ মাতি🤬) ৰাহুলে তাৰ gf ৰিয়াক গালি পাৰিল  আৰু ক'লে যে দেউতাকৰ লগত ঘৰৰ কিবা আলোচনা এটা কৰি আছিল বাবে phone অহা সি গমেই নাপালে । প্ৰায় ১০ ছেকেণ্ড সময়ৰ মৌনতাৰ পিছত ৰাহুলে সুধিল কি হ'ল "মৰম" (ৰাহুলে ৰীয়াক মৰম বুলি মাতে) বেয়া পালা ? sorry !    ....ৰাহুলৰ সেই sorryটোলৈকে যেন তাই অতপৰে বাট চাই আছিল ,, থুকাথুকি মাতেৰে তাই তপৰাই কলে আচলতে ভুল মোৰেই তুমি sorry ক'ব নালাগে I am sorry 😒 .. ....লগে লগেই সিফলৰ পৰা ৰাহুলে তাইক চুমা এটা দিলে আৰু তাইও ৰহুলক I lb u বুলি কৈ মৰম যাচিলে ❤️🥰...


ৰাহুল : মৰম শুনানা মই মাৰ লগত অলপ বজাৰলৈ ওলাই যাওঁ আহি call কৰিম তুমি ভাত খাই লবা দেই 


ৰীয়া: উম হ'ব বাৰু  bye 😊


ৰাহুল: phone টো কাটি আকৌ বেয়া মাতষাৰ মাটি  এইজনীৰ পৰা শান্তি নাই আৰু বুলি কৈ অম্লানৰ হাতৰ পৰা চিগাৰেটটো কাঢ়ি ললে (অম্লান ৰাহুলৰ স্কুলৰ দিনৰে বন্ধু)


অম্লান : তই তাইক ঘৰত আছোঁ বুলি মিছা কথা কলি যে ?


ৰাহুল: আৰে ভাই তই নুবুজিবি ..মই তিনিআলিত আছোঁ বুলি গম পালে মাথা বেয়া কৰি দিব , এইবোৰৰ পৰা আমনি লাগিলে আৰু কি যে সমস্যা বোৰ চপাই ললো নহয় এতিয়া এৰিবও নোৱাৰোঁ আৰু মোৰ তাইৰ লগত relationt থাকিবলৈ অলপো মন নাই  😡 ( খঙত যেন তাৰ চকু মুখ ৰঙা হৈ গৈছে)


অম্লান : এহ বাদ দে এইবোৰ ,  মৃদুহঁতৰ ৰোমত party আছে আজি যাবিনে ?


ৰাহুল : যাব পাৰি , পিছে আৰু কোন কোন আহিব ?


অম্লান :  তাৰ gf আৰু লগৰ কেইজনীমান আহিব আৰু পলাশ আহিবও পাৰে 


ৰাহুল : ঠিক আছে মই ঘৰলে গৈ গাটো ধুই উলাই আহিম একেবাৰে 


দুয়ো ঘৰাঘৰী গুচি গ'ল 🚶🚶


ঘৰ পায়েই ৰাহুলে জেপৰ পৰা mobile টো উলিয়াই দেখে ৰীয়াৰ ১০ টা missed call ! অনিচ্ছা সত্ত্বেও সি ৰীয়ালৈ বুলি phone টো লগালে আৰু এবাৰ ৰিং কৰোঁতেই তাই phone টো receive কৰিলে...


ৰীয়া : hello , তুমি ঘৰ পালাহিনে ?

ৰাহুল : নাই accident হৈ পৰি আছোঁ বাটত

ৰীয়া : কি যে কথাবোৰ কৈ থাকা নহয় তুমি , পালাহি নাই কোৱা 

ৰাহুল : পালোহি পালোহি , মই গাটো ধুই ভাত কেইটা খাই লওঁ দেই , তুমি খালা নহয়?

ৰীয়া : উম খালো , 

ৰাহুল ঠিক আছে দিয়া bye

ৰীয়া: শুনাচোন

ৰাহুল: আকৌ কি হ'ল ?

ৰীয়া: তুমি মোক ভাল পোৱানে?


ৰাহুল : নাপাওঁ ,, ইমান কামোৰ কিয় দি থাকা ৰে , দিনটোত এইটো প্ৰশ্ন কিমান বাৰ কৰা তুমি plz অলপ normal মানুহৰ নিচিনা behave কৰিবাচোন, বলিয়াৰ নিচিনা কথা সুধি নাথাকিবা 


ৰীয়া: নহয় জানা মোৰ আজিকালি কিবা এটা বৰ ভয় লাগি থাকে, এনেকুৱা লাগে যেন তুমি মোৰ পৰা দূৰ হৈ গৈ আছা,কিবা এটা যেন ডাঙৰ অঘটন হব গৈ আছে আমাৰ relationটোৰ ক্ষেত্ৰত !


ৰাহুল : মনৰ ভিতৰতে ভোৰভোৰালে( এনেকুৱা দিন আহিবলে মোৰ কপালখন ইমান ভাল নহয় অ' আই)

সি ৰীয়াক কলে হ'ব মই এতিয়া গা ধুব যাব পাৰোনে?


ৰীয়া: ঠিক আছে যোৱা   


প্ৰায় ২ ঘণ্টা মানৰ পাছত ৰাহুলে ৰীয়াক ফোন কৰিলে ..

ৰীয়া : অ কোৱা

ৰাহুল : মই আজি জেঠাইহঁতৰ ঘৰত থাকিব যাওঁ তুমি ফোন কৰি নাথাকিবা দেই ভাল নালাগে ডাঙৰ মানুহৰ আগত ফোনত কথা পাতি থাকিবলে ( Assamese Viral Post )


ৰীয়া: কিন্তু তুমিচোন মোক কোৱায়ে নাছিলা জেঠাই ঘৰ যাম বুলি 

ৰাহুল : এতিয়া কলোঁ নহয় আৰু প্ৰতিটো কথা তোক কৈ ফুৰিবলে মোক তোৰ নকৰ বুলি ভাব নে কি?


ৰীয়া: তুমি কিয় এনেকৈ কৈছা , মই তোমাক বেয়াকৈ টো একো কোৱা নাই , আৰু শুনাচোন যদি possible হয় তেন্তে please আজি নাযাবা না মোৰ কিবা এটা বৰ ভয় লাগি আছে


ৰাহুল : আচলতে ভুল মোৰেই জানা, কৰবাত যোৱাৰ আগত তোমাক phone এই কৰিব নালাগে , এনেই মূৰ টো বেয়া হৈ যায় phone কৰি নাথাকিবা  মই যাওঁ bye 


      phone টো কাটি অম্লানৰ  সৈতে bike ত উঠি ৰাহুল সিহঁতৰ বন্ধু মৃদুৰ ৰুমলৈ বুলি গ'ল ; ৰাহুলৰ খং উঠি থকা মুখ খনলৈ লক্ষ্য কৰি অম্লানে ৰাহুলক সু়ধিল কি হ'ল তোৰ আকৌ কিবা লাগিলি নেকি ?


ৰাহুল : "কি কম তোক ভাই , মই নোৱাৰিছোঁ আৰু এইজনীৰ লগত , মানুহ ইমান কামোৰ কেনেকৈ হব পাৰে অশান্তি লাগি গৈছে , ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে কেনেবাকৈ হলেও এইজনীৰ পৰা মোক দূৰ হোৱাৰ ৰস্তাটো দেখাই , পাগল হৈ যাম মই , নিজৰ মাৰ কথা নুশুনো তাই কোন মানে " 

এনেকৈয়ে ৰীয়া আৰু তাৰ সম্পৰ্কটোৰ কথা আলোচনা কৰি কৰি সিহঁত মৃদুৰ ৰুম পালেগৈ  আৰু ৰীয়াৰ phone আহি থকা দেখি ৰাহুলে ফোনটো switch off কৰি দিলে । 


মদ ভাঙৰ নিচাত যেন সেইদিনা সিহঁত মাতাল, তাতে মৃদুৰ gf আৰু তাইৰ বান্ধৱী কেইজনী সকলো সুৰাৰ ৰাগীত মতলীয়া , ৰাতি ১২ বাজিছে  গান নাচ কৰি সিহঁতে যেন ক'বয়ে নোৱাৰে দিন নে ৰাতি ,,,,


 হঠাৎ যেন ৰাহুলৰ ৰীয়ালৈ মনত পৰিছে ,তাৰ চকুৰ সন্মুখত তাইৰ মুখখন বাৰে বাৰে আহি আছে , তাৰ মাতষাৰ শুনিবলৈ ব্যাকুল হৈ থকা ৰীয়াৰ সেই মৰম লগা মুখখনি যেন তাৰ চকুৰ সন্মুখত বাৰে বাৰে দেখা দিছে 

খুব মনত পৰিছে তাৰ ৰীয়ালৈ যেন এতিয়াই সি তাইৰ ওচৰত গৈ তাইক বুকুৰ মাজত সাবট মাৰি ধৰিব ,,

বুকুখন কঁপিচে তাৰ ,কিবা এক শংকা !  সি ফোনটো অন কৰি ৰীয়ালৈ call কৰিল কিন্তু ৰীয়াৰ ফোন switch off !আনদিনাতকৈ অলপ বেছিকৈ নিচা হোৱাৰ বাবে সি কেতিয়া টোপনিত বিচনাত ঢলি পৰিল গমেই নাপালে ।


ৰাতিপুৱা ৯ বজাত সাৰ পাই সি phone টো চালে , আচৰিত ! ইমান পৰে সদায় ৰীয়াৰ ১০/১২টা miss call থাকে আজি এটাও নাই , সি ৰীয়াক ফোন লগালে কিন্তু তেতিয়াও তাইৰ phn switch off . অম্লানক উঠাই সি ঘৰলৈ যাবলৈ ললে আৰু bike ত উঠি কলে আজি ৰীয়া হঁতৰ ঘৰৰ ফালৰ ৰাস্তাটোৱেদি যাম ..


অম্লান: সেইফালে যাবি জানো গোটেই ৰাস্তা পানী হৈ বোকা হৈ আছে  

ৰাহুল : নাই একো নহয় যাওঁ বৈ

অম্লান: ঠিক আছে বৈ ......

   এনেতে সিহঁত গৈ ৰীয়াহঁতৰ ঘৰৰ ওচৰ পাইছেগৈ,, পদূলিৰ পৰা চোতাললৈকে মানুহৰ লানি ! বুকুখন তাৰ কপিঁব ধৰিছে , ভিৰৰ মাজেৰে সি আগুৱাই গ'ল ৰীয়াহঁতৰ

চোতাললৈ  !!!!!!!


কিনকিনীয়া এজাক বৰষুণ , চুলি দাড়িৰে ভৱকাৰ হৈ থকা মুখখনত এসাগৰমান চকুপানী লৈ হাতত ফুলৰ থুপাটো লৈ এখোজ দুখোজ কৈ ৰাহুল আগবাঢ়ি গৈছে ৰীয়াৰ মৰিশালিটোলৈ ! আজি দুটা বছৰ বাগৰি গ'ল ৰীয়াৰ  মৃত্যু হোৱাৰ ,,,  ৰাহুলৰ যেন নিজক লৈ এক প্ৰচণ্ড ক্ষোভ 

সেইদিনা যদি সি তাইৰ কথা শুনি ৰৈ দিলে হেঁতেন , সেইদিনা যদি তাৰ ফোনটো সি switch off কৰি নাৰাখিল হেঁতেন হয়টো ভাত বনাওঁতে জুই লাগি ছটফটাই ফুৰা ৰীয়া জনীক সি তাৰ গাড়ীৰে হস্পিতেললৈ লৈ গল হেঁতেন মৃত্যুৰ আগমূহুৰ্তলৈকে তাৰ নাম মুখত লৈ থকা ৰীয়াক যদি সি তাৰ জীৱনৰ অকণমান সময় দিব পাৰিল হেঁতেন, তাইৰ সেই সৰু সৰু আশাবোৰ যদি সি গুৰুত্ব দিলে হ'লে, তাইৰ অভিমানবোৰ ভাঙিবলৈ যদি সি চেষ্টা কৰিল হেঁতেন....... দুবছৰৰ আগত ৰীয়াৰ যি কেইটা phn call এ তাক আমনি দিছিল আজি সেই phone call ৰ বাবে সি ব্যাকুল হৈ থাকে , যিজনী ৰীয়াৰ প্ৰতিটো কথা তাক শাসন কৰা যেন লাগিছিল সি আজি সেই শাসন বিচাৰে , ৰাতিপুৱা শুই উঠি যাৰ ১২/১৩ টা miss call দেখি সি খঙত জমদগ্নি হৈ পৰে আজি যেন সেই phone call কেইটাক সি বিচাৰি ফুৰে , যাৰ মাতটোৱে তাক আমনি দিছিল আজি যেন সেই মাতটো সি বাৰে বাৰে শুনিব বিচাৰে ...... কিন্তু এয়া জানো সম্ভৱ ! 


আমি আন্ধাৰ অতীতক  কেতিয়াও পোহৰাব নোৱাৰো ,সেয়ে বৰ্তমানক কেতিয়াও আন্ধাৰ হ'বলৈ দিব নালাগে , কোনোবা নোহোৱাৰ পিছত আঁতৰি যোৱাৰ পিছত তেওঁৰ গুৰুত্ব বুজি পাওঁ , কাষত থাকোতেই যদি গুৰুত্ব দিলে হেঁতেন হয়টো আজি ৰাহুলেও নিজক লৈ ইমান ক্ষোভিত নহ'ল হেঁতেন ,,,,, জীৱনটো বৰ জটিল আৰু বৰ চুটি কেতিয়া কোন ক'ত হেৰাই যায় আমি কোনেও নাযানো ,,,গতিকে আমাৰ আশে পাশে থকা আমাৰ হিতাকাংশী , আমাৰ ভাল পোৱা জন আমাৰ পৰিয়াল সকলোকে সময় থাকোতেই গুৰুত্ব দিয়াটো প্ৰয়োজনীয় ,,,, নহলে যে সময়ৰ বতাহে কাক উৰুৱাই নি ক'ত পেলায় আমাৰ নিজৰ মনুহবোৰক ক'ত হেৰুৱাই পেলায় ধৰিবই নোৱাৰো.........


লিখনি---পৰিণীতা ভূঞাঁ

উৎস : ফেচবুক


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


( ফেচবুকত উক্ত প'ষ্টটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )( Assamese Viral Post )

No comments:

Post a Comment

Advertisement

Pages