নতুন কইনাই কান্দে কিয় জানানে : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 16, 2022

নতুন কইনাই কান্দে কিয় জানানে : Assamese Viral Post

 

Assamese Viral Post

নতুন কইনাক গাড়ীত সজাই অনা হয় কিয় জানানে? এইবাবেই অনা হয় যাতে তাই সন্মান পায়। 

গাড়ীৰ পৰা নমাই অনাৰ পিছতো যাতে গোটেই জীৱন এই সন্মান লাভ কৰে। ( Assamese Viral Post )


নতুন কইনাই কান্দে কিয় জানানে? 

কেৱল এৰি থৈ অহা আপোন ঘৰ খনৰ অথবা আপোন মানুহখিনিৰ বাবে নহয়,, 

নতুন জীৱন কেনে হ'ব তাৰ অনিশ্চয়তা, ভয়ৰ বাবেও, 

তই চেষ্টা কৰিবি যাতে তেওঁৰ শেষ কান্দোঁন গাড়ীতেই শেষ হয়। 

তাৰ পিছত যেন তাই আৰু দুবাৰেই কান্দে, 

এবাৰ তেওঁ মা হোৱাৰ আনন্দত, আৰু তই এৰি যোৱাৰ দুখত। 


মাজত যদি কিবা কাৰণত চকুলো টুকে তই মুচি দিবি, 

পত্নীয়ে খুব কষ্ট পায় স্বামীৰ ব্যৱহাৰত, মোলৈ চা, মোৰ খুব খং উঠে, কিন্তু পৰাপক্ষত মই কেতিয়াও মাৰক উচ্চস্বৰে চিঞৰি নুঠো ! ( Assamese Viral Post )


বিবাহ মানে আন এজনী ছোৱালীৰ দায়িত্ব লোৱা। এইটো সঠিকভাৱে পালন নকৰিলে ভগৱানৰ ওচৰত যে কিবা নিজকে দোষী যেন লাগিব। 


তেওঁৰ হাতৰ খোৱা হয়তো কেতিয়াবা তই বিচৰা ধৰণে উপযোগীকৈ বনাব নোৱাৰিবও পাৰে, তই কথা নুশুনাবি যেন, আচলতে সকলোৱে চেষ্টা কৰে 

উপযোগীকৈ বনাবলৈ। 


তেওঁৰ মা দেউতাক কেতিয়াও শাহু মা শহুৰ দেউতা বুলি নামাতিবি, নহলে তাইৰ মনত আমালৈ তেনেকুৱাই ভাব আহিব। 

 

ঈশ্বৰৰ তুলাচনী যে সমান এফালে তই যিমান ভাল কৰিবি, আনফালে তাইৰ পৰা ভাল ফল পাবি।


উৎস : ফেচবুক

( ফেচবুকত উক্ত প'ষ্টটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )( Assamese Viral Post )

No comments:

Post a Comment

Advertisement

Pages