পুৰুষে কিয় নেকান্দিব? পুৰুষ সকলেও কান্দে : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 15, 2022

পুৰুষে কিয় নেকান্দিব? পুৰুষ সকলেও কান্দে : Assamese Viral Post

Assamese Viral Post


পুৰুষ এজনে প্ৰাইভেট কোম্পানিত ৬০০০ টকা মাহিলি দৰমহাৰ চাকৰি কৰে ৷ ঘৰত বেমাৰী মা-দেউতা, তেওঁলোকৰ বাবে প্ৰতিমাহেই ঔষধ ল'ব লাগে ৷( Assamese Viral Post )

মাৰ বাবদ ১০০০, দেউতাৰ বাবদ ১০০০, ঘৈণীয়েক আৰু ল'ৰা-ছোৱালীৰ বাবদ ১০০০, ঘৰখন চলাবলৈ ২০০০ আৰু ল'ৰা-ছোৱালী দুজনৰ স্কুল ফিছ ১০০০


মাহ শেষত ঘৈণীয়েৰক ফোন কৰি কয়, "তোমাৰ কিবা লাগিব নেকি?" নিজৰ ফটা জোতাখন সলোৱাৰ ইচ্ছা থকা সত্বেও জোতাখন চিলাই কৰি পইচা ৰেহাই কৰি ল'ৰা-ছোৱালীৰ বাবে কাপোৰ লৈ যায় ৷

খালি পেটত কামত গৈ ও মাক ফোন কৰি কয়, "মা..মই আজি মাছেৰে ভাত খাইছো, তোমালোকে কিহেৰে খালা?"

১০৩ ডিগ্ৰী জ্বৰ লৈ কামত যোৱাত অলপ পলম হোৱাত Boss-ৰ গালি-শপনি শুনাৰ পাছতো দেউতাক ফোন কৰি কয়, "দেউতা..মই বহুত ভালে আছো, তুমি সময় মতে তোমাৰ ঔষধখিনি খাবা ৷ এই মাহৰ শেষত তোমাৰ বাবে সুন্দৰ এযোৰ পাঞ্জাৱী লম"


ৰাতিপুৱা উঠি চাহ-নাস্তা কৰাৰো সময় নাই ৷ লোকেল বাছত ঠেলা-হেচা কৰি কামত যোৱা, গোটেই দিনটো কামৰ প্ৰেচাৰত কিবা খোৱাৰো সময় নাই, অলপ আজৰি ও নাই আৰু সন্ধিয়া সময়ত কিবা খাব মন গলে ঘৰত থকা ল'ৰা-ছোৱালীৰ কথা মনত পৰে ৷ “এতিয়াতো ৰুমতেই গৈ আছোঁ, ৰুমত গৈ একেবাৰে গৰম গৰম ভাত খাম” এয়া ভাৱিয়ে মিচিকিয়া হাঁহিৰে ৰুমলৈ বাট লয় ৷( Assamese Viral Post )


পুৰুষবোৰ এনেকুৱাই...

নিজৰ বাবে সময়ে নাই, জীৱনটোৱে ব্যস্ততাৰ মাজত ৷

তথাপিও সমাজখনে ক'ব পুৰুষৰ জীৱনটো কিমান সুন্দৰ

নিজৰ মতে চলিব পাৰে

কিমান হাঁহি-ফুৰ্তিত থাকিব পাৰে

আৰে ভাই.. এবাৰ মধ্যবিত্ত পৰিয়ালত জনম লৈ চোৱা না, বুজি পাবা... জীৱনটো ইমান সহজ নহয়, প্ৰতিটো খোজতে উজুটি খাব লগা হয় ৷ এসময়ত চাৰিওফালে থকা আপোন মানুহবোৰো লাহে লাহে অচিনাকীৰ ৰূপ লয় ৷ নিজৰ জীৱন সংগ্ৰাম নিজে অকলেই যুজিব লাগে ৷


আকৌ, এচামে ক'ব পুৰুষে নাকান্দে নহয় ৷ পুৰুষে কিয় নেকান্দিব? পুৰুষ সকলেও কান্দে–


• যেতিয়া সপোনবোৰ ভাঙি যায় তেতিয়া কান্দে পুৰুষে ৷

• যেতিয়া নিজৰ বাবে মা-দেউতাৰ চকুত চকুপানী দেখা পায় তেতিয়া কান্দে ৷

• যেতিয়া ঘৰ বনাবলৈ নিজৰ ঘৰখনেই এৰিব লগা হয় তেতিয়া কান্দে ৷

• যেতিয়া বয়সতকৈ দায়িত্ববোৰ গধুৰ হৈ পৰে তেতিয়া কান্দে

• যেতিয়া বিশ্বাসী কোনোৱাই বিশ্বাসঘাতকতা কৰে, তেতিয়া কান্দে ৷


|| ফেচবুকত কেৱল নাৰীৰ বিষয়ে ৰচনা দেখা পাওঁ, সেইবাবে পুৰুষৰ বাবেও অলপ লিখিলো ||


উৎস : ফেচবুক

( ফেচবুকত উক্ত প'ষ্টটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )( Assamese Viral Post )

No comments:

Post a Comment

Advertisement

Pages