আজি আমি আপোনালোকক ভগৱান গণেশ আৰু এজন দৰিদ্ৰ ভাতৃৰ এটা কাহিনীৰ বিষয়ে কম।
যেতিয়া ভনীয়েকৰ ছোৱালীজনীৰ বিয়া আছিল, তেতিয়া তাই ককায়েকক নাইটো বিয়ালৈ আহিবলৈ নিমন্ত্ৰণ পঠাইছিল নাইটো তাই কোনো বিয়াৰ পত্ৰ প্ৰেৰণ কৰিছিল।
ককায়েকে বাহিৰা মানুহ এজনৰ পৰা গম পালে যে তেওঁৰ ভাগিনীয়েকৰ বিয়া।ককায়েকে গাঁৱৰ মানুহক ক'লত গাঁৱৰ মহিলাসকলে চুৰণী, ফুট, শাৰী, ব্লাউজ আদি যিয়ে যিমান পাৰে দিলে। ককায়েকে সেইবোৰ লৈ ভনীয়েকৰ গাঁৱলৈ গ'ল।
ভনীয়েকৰ ঘৰলৈ গ'লত ভনীয়েকৰ বোৱাৰীয়েকে ক'লে - নবৌ আপোনাৰ ককায়দেউ আহিছে। তেতিয়া ভনীয়েকে ক'লে - কেনেকৈ আহিছে আৰু কি পিন্ধি আহিছে।বোৱাৰীয়েকে ক'লে - খোজ কাঢ়ি আহিছে ।ফটা ধুতি আৰু ফটা পাগুৰী, মলিযুক্ত কুট আৰু ফটা জোতা পিন্ধি আহিছে।
ভনীয়েকে ক'লে মোৰ শহুৰদেউতা ঘৰৰ আগৰ দোকানখনত বহি আছে। মোৰ লাজ লাগে। ককায়দেউক কোৱা পিছফালৰ দৰ্জায়ে দি আহিবলৈ। ককায়েক আহিল ভনীয়েকে ককায়েকক এটা ৰুমত ভৰাই বাহিৰৰ পৰা তলা মাৰি দিলে।
এফালে ভাগিনীয়েক বিয়া হৈ আছিল , বাদ্যযন্ত্ৰ বাজি আছিল। অতিথি সকলে ভোজন গ্ৰহণ কৰি আছিল। আনহাতে ককায়েকক পানী খাবনে সুধা মানুহো নাছিল। ভাগিনীয়েকৰ বোৱাৰীয়েকৰ দুখ লাগিল আৰু তাই দৰ্জাখন খুলি দিলে।
দৰ্জাখন খুলি দিলত ককায়েক তাৰ পৰা পলাল। দুদিনৰ পৰা ভুক পিয়াহঁত থকাৰ বাবে তেওঁৰ মূৰ ঘূৰাবলৈ ধৰিলে। ৰাস্তাত ভগৱান গণেশৰ মন্দিৰ আছিল। তাত গৈ তেওঁ পৰি গ'ল আৰু কান্দি, কান্দি ভগৱান গণেশক নিজৰ কথাবোৰ ক'লে আৰু ক'লে আজি মই দৰিদ্ৰ কাৰণে মোক মোৰ নিজৰ ভন্টীয়ে এনেকুৱা কৰিলে।
ঘৰলৈ গ'লে পত্নীয়ে যেতিয়া মোক সুধিব বিয়াৰ পৰা কি মিঠাই আনিলা । মই তেতিয়া কি উত্তৰ দিম।ভগৱান গণেশৰ তেওঁৰ ওপৰত দয়া উপজিল। তেওঁ ক'লে মোৰ বাগিচাৰ পৰা তৰমুজ আৰু তিঁয়হ চিঙি লৈ যোৱা। ককায়েকে তৰমুজ আৰু তিঁয়হ চিঙি নিজৰ বস্তাত ভৰাই ল'লে আৰু ঘৰলৈ গ'ল।
ঘৰ গৈ পালত পুতেকহঁতে সুধিলে - দেউতা পেহীৰ ঘৰৰ পৰা আমালৈ কি লৈ আহিছা।বস্তা খুলিলতে সৰু তৰমুজৰ ঠাইত সোণৰ বল উলাই আহিল। বাকী তৰমুজ আৰু তিঁয়হ কাটিলত তাৰ পৰা হীৰা , মুকুতা উলাল। তেতিয়া পত্নীয়ে ক'লে আপুনি ভন্টীৰ ঘৰৰ পৰা ইমানবোৰ কিয় আনিলে। ( Assamese Storyboard )
আপোনাৰ ভন্টীয়ে আমাক বহুত দিছে।স্বামীয়ে একো উত্তৰ নিদিলে। ভগৱান গণেশৰ কৃপাত তেওঁলোকৰ দিন সলনি হৈ গ'ল। ককায়েকৰ কাম বহুত ভালকৈ চলিবলৈ ধৰিলে। লাহে, লাহে গহনা হ'ল থাকিবলৈ ডাঙৰ ঘৰ হৈ পৰিল। পত্নীয়ে ক'লে - ভন্টীক লৈ আহঁক থাকিবলৈ। ককায়েকে নতুন কাপোৰ , নতুন জোতা পিন্ধি ৰথত বহি ভনীয়েকক আনিবলৈ গ'ল।
বোৱাৰিয়েকে ক'লে - নবৌ আপোনাৰ ককায়দেউ আহিছে।তেতিয়া ভনীয়েকে ক'লে - কেনেকৈ আহিছে আৰু কি পিন্ধি আহিছে।বোৱাৰিয়েকে ক'লে - ৰথত বহি বহুত ভালকৈ আহিছে। ভনীয়েকে ক'লে - ককায়দেউক কোৱা ঘৰৰ আগফালে দি আহিবলৈ। মোৰ শহুৰদেউতা,দেৱৰ, জ্যেষ্ঠে দেখিব। ভনীয়েকে ককায়েকক ভালকৈ স্বাগত জনালে।
ককায়েকে ক'লে মই তোমাক নিবলৈ আহিছোঁ। ভনীয়েকে ক'লে মই নোযোৱা বহুত দিন হৈ গ'ল বলা মই যাম। ককায়েকে ভনীয়েকক লৈ ঘৰলৈ আহিলে।ককায়েক আৰু তেওঁৰ পত্নীয়ে ভনীয়েকক বহুত আদৰ ,সৎকাৰ কৰিলে। যি বস্তু বিচাৰিলে তাকে আনি দিলে।
ভনীয়েকে ক'লে -ককায়দেউ মোক জোতা এজোৰ লাগে। ককায়েকে মুচি এজন মাতি আনি ক'লে - মোৰ ভন্টীৰ বাবে এনেকুৱা এজোৰ জোতা বনাই দিয়া ,যিজোৰে মুখেৰে কথা কয়। ককায়েকে ভনীয়েকক বহুত ধন দি বিদায় দিলে।
কিন্তু তেতিয়ালৈকে সেই জোতাজোৰ অহা নাছিল। ভনীয়েক যাবলৈ লওঁতেই মুচিজনে সেই জোৰা লৈ আহিলে। ভনীয়েকে জোতাজোৰ পিন্ধিলতে জোতাজোৰে ক'লে - নিৰ্ধন ককায়েক,পইচা থকা ভনীয়েক। ভগৱান গণেশৰ বাগিচা নোহোৱা হ'লে কি কৰিলে হেঁতেন ককায়েকে।
তেতিয়া পত্নীয়ে ক'লে এইবোৰ কি মাত আহি আছে। ককায়েকে ক'লে ৰাতিপুৱা সময় যে কোনোবা জীৱ জন্তুৱে মাতি আছে।ককায়েকে ৰথ চলোৱা জনক সোনকালে যাবলৈ ক'লে। ভনীয়েক যোৱাৰ পাছত পত্নীয়ে জিদ কৰিবলৈ ধৰিলে। জোতাজোৰে কি কৈ আছিল জানিবলৈ।
স্বামীয়ে ক'লে- ভন্টীয়ে মোক দুদিন ভুকত ৰাখিলে। ৰুমত বন্ধ কৰি থ'লে। ভাগিনৰ বোৱাৰীয়ে দৰ্জা খুলি দিলত মই বাহিৰলৈ আহিলো। তাৰ পিছত ভগৱান গণেশৰ চৰণলৈ গ'লো।ভগৱান গণেশৰ কৃপাত আমাৰ দিন সলনি হৈছে। তেওঁ নিজৰ পত্নীক সকলো কথা কৈ দিলে।
পত্নীয়ে ক'লে মই যদি আগতে গম পালোঁ হয় , তেতিয়া মই আপোনাৰ ভন্টীক একো নিদিলো হয়। মই দিয়া সকলোবোৰ ঘূৰাই আনক।
তাইৰ কাৰণে গণেশে আমাক সকলো দিছে। তাই যদি মোক ভুক আৰু পিয়াহঁত নাৰাখিল হয়, তেতিয়া মই কিয় ভগৱান গণেশৰ মন্দিৰলৈ গ'লো হেঁতেন।
মই জানো ভগৱান গণেশক নিজৰ দুখৰ কথা ক'লো হেঁতেন। তুমি মন বেয়া নকৰিবা। আমাৰ ওপৰত ভগৱান গণেশৰ কৃপা আছে।আমাৰ একো বস্তুৰ কমকৈ নাই।( Assamese Storyboard )
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
No comments:
Post a Comment