পত্নীৰ সৈতে পৰ পুৰুষৰ সম্বন্ধ দেখি যেতিয়া ৰজা বনিল সন্ন্যাসী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 21, 2022

পত্নীৰ সৈতে পৰ পুৰুষৰ সম্বন্ধ দেখি যেতিয়া ৰজা বনিল সন্ন্যাসী : Assamese Storyboard

 

Assamese Storyboard


বহুদিনৰ আগৰ কথা উজ্জেয়িনী নগৰ যাক আজিকালি উজ্জেইন বুলি কোৱা হয়।তাৰ ৰজা গন্ধৰ্বসেন আছিল। তেওঁৰ দুগৰাকী পত্নী আছিল। এগৰাকীৰ বিক্ৰমাদিত্য নামৰ ল'ৰা এটা জন্ম হ'ল আৰু আন গৰাকীৰ ভৰত হৰি নামৰ ল'ৰা এটা জন্ম হ'ল ।Assamese Storyboard )


 যেতিয়া ৰজাৰ  দুয়োজন পুতেক ডাঙৰ হ'ল তেতিয়া তেওঁ ডাঙৰ পুতেক ভৰত হৰিক উজ্জেয়িনী নগৰৰ ৰজা পাতি দিলে।ভৰত হৰি ৰজা হোৱাৰ পৰা প্ৰজাসকল আগতকৈও বেছি আনন্দত থাকিবলৈ ল'লে।ভৰত হৰি ৰজা হোৱাৰ লগতে ধৰ্ম আৰু নীতিৰ শাস্ত্ৰৰ বহুত ডাঙৰ জ্ঞাতা আছিল। ধৰ্মৰ অনুসৰিয়েই তেওঁ ৰাজ্যত শাসন কৰিছিল। 


প্ৰচলিত কথা অনুসৰি ভৰত হৰিয়ে আগৰেই পৰা দুজনী বিয়া পাতি থৈছিল। কিন্তু আকৌ তেওঁ পিংলা নামৰ এগৰাকীৰ লগত বিবাহপাশত আৱদ্ধ হয়। পিংলা বহুত ধুনীয়া আছিল । সেই কাৰণে ভৰত হৰিয়ে আনকেইজনীতকৈ পিংলাক বেছি মৰম কৰিছিল। 


ভৰত হৰি পিংলাৰ ৰূপত ইমান মুগ্ধ হৈ পৰিছিল যে তেওঁ লাহে লাহে ৰাজ্যৰ কৰ্তব্য সমূহ পাহৰি গ'ল। সেই সময়তে তেওঁৰ ৰাজপ্ৰসাদলৈ গুৰু গৌৰকনাথ আছিল। যেতিয়া ভৰত হৰিয়ে  ৰাজপ্ৰসাদলৈ গুৰু গৌৰকনাথ অহা বুলি গম পালে, তেওঁ আহি গুৰুজনৰ ওচৰ পালে।আহি তেওঁ গুৰুজনক প্ৰণাম কৰিলে আৰু বহুত দিন তেওঁ সেৱা শুশ্ৰূষা কৰিলে।


ৰজা ভৰত হৰিৰ সেৱা শুশ্ৰূষাত গুৰু গৌৰকনানথ বহুত প্ৰসন্ন হ'ল । যেতিয়া তেওঁ  ৰাজপ্ৰসাদৰ পৰা যাবলৈ ওলাল তেতিয়া তেওঁ ভৰত হৰিক এটা দিব্য ফল দিলে আৰু ক'লে হেই , ৰাজন এইটো খালে সদায় ডেকা হৈ থাকিব আৰু বুঢ়া নোহোৱা। তেনেকৈ কৈ গুৰুজন তাৰ পৰা গুচি গ'ল।


ভৰত হৰিয়ে সেই ফলতো সন্মুখত ৰাখিলে আৰু বিচাৰ কৰিবলৈ ধৰিলে যে  মইটো ৰজা মই যদি এই ফলতো খাওঁ তেতিয়া মই ডেকা হৈ পৰিম আৰু বুঢ়া নহওঁ । মোক এই ফলতো আৱশ্যকতা নাই। তাৰ পিছত তেওঁ ভাবিলে মই এই ফলতো ৰাণী পিংলাকে দি দিওঁ। এইটো খাই তাই সদায় ধুনীয়া আৰু ডেকা হৈ থাকিব। 



 তাৰ পিছত সেই ফলতো নি পত্নীক দি দিলে। কিন্তু ৰজা ভৰত হৰিয়ে নাজানিছিল যে তেওঁ যাক ইমান ভাল পাইছিল তেওঁ আন এজনক ভাল পাইছিল। ৰাণী পিংলায়ে সেই ৰাজ্যৰে কাটোৱাল এজনক ভাল পাইছিল।


ৰাণীয়ে ভাবিলে এই ফলতো খালে মইহে ডেকা হৈ থাকিম ।কিন্তু এই ফলতো যদি মই মোৰ প্ৰেমিক কাটোৱালজনক দি দিওঁ, তেতিয়া তেওঁ ডেকা হৈ থাকিব আৰু মোক সকলো সুখ দিব। তাৰ পিছত ৰাণীয়ে সেই কাটোৱালজনক ফলটো দি দিলে। 


 আকৌ সেই কাটোৱালজনে সেই ৰাজ্যৰেই এজনী বেশ্যাক ভাল পাইছিল। তেওঁ ফলটো নি সেই বেশ্যাজনীক  দি দিলে ।বেশ্যাজনীয়ে যেতিয়া ফলটোৰ কথা গম পালে তেতিয়া ভাবিলে যে মই যদি এই ফলটো খাওঁ তেতিয়া মই সদায় ধুনীয়া আৰু ডেকা হৈ থাকিম।


 কিন্তু মই গোটেই জীৱন এই বেয়া কামকে কৰিব লাগিব আৰু এই নৰকৰ দৰে জীৱনটোৰ পৰা মুক্তি নাপাম। অলপ সময়ৰ পিছত তাই ভাবিলে এই ফলটো নি নহ'লে ৰজা ভৰত হৰিক দি দিওঁ। খাই তেওঁ সদায় ধুনীয়া আৰু ডেকা হৈ থাকিব আৰু সকলো প্ৰজায়ে বহুত দিনলৈকে সুখ সুবিধা পাই থাকিব।


 

তাৰ পিছত সেই মহিলা গৰাকীয়ে ফলতো লৈ গৈ ৰজাক দি দিলে। সেই ফলটো দেখি ৰজা আচৰিত হ'ল। প্ৰথমতে তেওঁ ভাবিলে ৰাণী পিংলাৰ ওচৰৰ পৰা কোনোবাই এই ফলটো চুৰ কৰি নি এই বেশ্যাক দি দিলে। ৰজায়ে বেশ্যাজনীক সুধিলে তোমাক এই ফলটো কোনে দিলে।



বেশ্যাজনীয়ে ক'লে মোক এই ফলটো নগৰৰ কাটোৱাল এজনে দিছে আৰু কৈছে এই ফলটো খালে তুমি সদায় ধুনীয়া আৰু ডেকা হৈ থাকিবা।কিন্তু মই ভাবিলো যে আপোনাৰ এই ফলটোৰ প্ৰয়োজনীয়তা মোতকৈ বেছি। সেই কাৰণে মই এই ফলটো লৈ আপোনাৰ ওচৰলৈ গুচি আহিলো।



বেশ্যাজনীৰ কথা শুনি ৰজায়ে সৈনিকৰ হতোৱাই সেই কাটোৱাল জনক মাতি পঠিয়ালে।কাটোৱাল জন আহিলত ৰজায়ে সুধিলে তোমাৰ ওচৰলৈ এই ফলটো কেনেকৈ গ'ল। তেতিয়া কাটোৱাল জনে ক'লে মোক এই ফলটো ৰাণী পিংলায়ে দিছিল । কৈছিল মই এইটো খালে সদায় ধুনীয়া আৰু ডেকা হৈ থাকিম আৰু তেওঁৰ ইচ্ছা পূৰণ কৰি থাকিম। এইটো শুনি ৰজা ভৰত হৰিয়ে বহুত দুখ পালে।

  

ৰজাই  মনে মনে ভাবিলে যিজনী পত্নীক মই ইমান ভাল পাইছিলোঁ।তাইয়ে মোৰ লগত ইমান ডাঙৰ বিশ্বাস ঘাটকতা কৰিলে। মই কিমান মূৰ্খ আছিলো। মই ভাবিছিলো  মই তাইক যিমান মৰম কৰোঁ প্ৰেম কৰোঁ তাইয়ো কৰে। তাৰ পিছত ৰজা ভৰত হৰিয়ে সকলো মোহ মায়া ত্যাগ কৰিবলৈ সিদ্ধান্ত ল'লে। 



তাৰ পিছত তেওঁ নিজৰ ৰাজ্য সৰু ভায়েক বিক্ৰম আদিত্যক দি বৈৰাগ্য ধাৰণ কৰি ল'লে। তেওঁ সেই নগৰৰেই এটা গোহাত ঘোৰ তপস্যা কৰিবলৈ ধৰিলে।তেওঁ তপস্যা কৰাৰ বহুদিন পাৰ হৈ গ'ল। ইফালে ইন্দ্ৰ দেৱৰ ভয় লাগিবলৈ আৰম্ভ হ'ল যে কিজানি ভৰত হৰিয়ে তপস্যা কৰি বৰ লৈ ইন্দ্ৰৰ সিংহাসনত আধিপত্য বিস্তাৰ কৰে। Assamese Storyboard )



সেই কাৰণে ইন্দ্ৰয়ে ওপৰৰ পৰা এটা ডাঙৰ পাথৰ পেলাই দিলে । কিন্তু ৰজা ভৰত হৰিয়ে তপস্যা কৰি আছিল আৰু তেওঁ গম পাই‌ , সেই  পাথৰটো এখন হাতেৰে ধৰি ল'লে আৰু তপস্যাতে বিলিন হৈ থাকিল। সেই পাথাৰটো লৈ বহুবছৰ তপস্যা কৰা ফলত সেই পাথাৰটোত ভৰত হৰিৰ হাতৰ চাপ বহি গ'ল। আজিও এই চিন ভৰত  হৰিৰ গোহাৰ ৰজাৰ প্ৰতিমাৰ ওপৰৰ পাথৰত দেখিবলৈ পোৱা যায়। 


বহুবছৰ তপস্যা কৰা পাছত যেতিয়া ভৰত হৰিয়ে জ্ঞান লাভ কৰিলে, তেতিয়া তেওঁ গুৰু গৌৰকনাথৰ ওচৰলৈ গ'ল। তেওঁক নিজৰ শিষ্য কৰি ল'বলৈ ক'লে। বহুবাৰ কোৱা পাছত গুৰু গৌৰকনাথে তেওঁক শিষ্য বনাই ল'লে। কিন্তু গুৰু গৌৰকনাথৰ আন শিষ্যসকলৰ মনত এটা কথা চলিবলৈ ধৰিলে যে যিয়ে ৰাজপ্ৰসাদক থাকিছিল,সি কেনেকৈ বৈৰাগ্য জীৱন জীয়াই থাকিব।



এই কথাটো তেওঁলোকে নিজৰ গুৰু গৌৰকনাথক ক'লে। তেতিয়া তেওঁ ক'লে চিন্তা নকৰিবা। সি তোমালোকতকৈ ও ভাল বৈৰাগী হ'ব। শিষ্যসকলে আকৌ ক'লে- আমাৰ বিশ্বাস হোৱা নাই। আপুনি এটা কাম কৰক তেওঁৰ পৰীক্ষা লওঁক। অলপ দেৰি ভাবি গুৰু গৌৰকনাথে ক'লে ঠিক আছে। মই তোমালোকৰ শংকা দূৰ কৰি দিম। তাৰ পিছত ভৰত হৰিয়ে গুৰু গৌৰকনাথৰ আশ্ৰমত আন শিষ্যসকলৰ লগত থাকিবলৈ ল'লে। 


এদিনৰ কথা গুৰু গৌৰকনাথে নিজৰ শিষ্য সকলক ক'লে চোৱা ৰজা হৈ ভৰত হৰিয়ে কামনা,ক্ৰোধ, লোভ , অহংকাৰ আদিত বিজয় লাভ কৰিলে। কথাটো শুনি শিষ্য সকলে ক'লে গুৰুদেৱ এইটো কেনেকৈ সম্ভৱ। তেওঁ চোন জন্মৰেই পৰা ৰাজপ্ৰসাদত ডাঙৰ হোৱা। তাৰ পিছত গুৰু গৌৰকনাথে ক'লে ৰ'বা মই তোমালোকক তাৰ প্ৰমাণ দিম। তেওঁ ভৰত হৰিক ওচৰলৈ মাতিলে আৰু ক'লে যোৱা জংঘলৰ পৰা ভাত ৰান্ধিবলৈ খৰি লৈ আহা।  



গুৰুৰ আদেশ পোৱাৰ লগে লগে ৰজা ভৰত হৰিয়ে খালি ভৰিৰে খৰি আনিবলৈ জংঘললৈ গুচি গ'ল।কিছু সময়ৰ পিছত, যেতিয়া তেওঁ খৰিখিনি গোটাই আশ্ৰমলৈ আহিবলৈ আৰম্ভ কৰিলে। তেতিয়া গুৰু গৌৰকনাথে তেওঁৰ আন শিষ্য সকলক ক'লে যোৱা ভৰত হৰিক এনেকুৱাকৈ ঠেলা মাৰি দিয়া যাতে,তাৰ মূৰৰ পৰা খৰিখিনি মাটিত পৰি যায়। গুৰুৰ কথা শুনি শিষ্য সকলে ভৰত হৰিক এনেকুৱাকৈ ঠেলা মাৰি দিলে যে তেওঁৰ মূৰৰ পৰা খৰিখিনি মাটিত পৰি গ'ল। 



তাৰ পিছত ভৰত হৰিয়ে খৰিখিনি মাটিৰ পৰা উঠাবলৈ ধৰিলে। কিন্তু তেওঁৰ মুখত দুখো নাছিল আৰু খঙৰ ভাৱো নাছিল। এইটো দেখি গুৰু গৌৰকনাথে ক'লে দেখিলা ৰজা ভৰত হৰিয়ে নিজৰ খঙত বিজয় প্ৰাপ্তি কৰিলে। তেতিয়া শিষ্য সকলে ক'লে আমি মানি লৈছোঁ তেওঁ খঙত বিজয় প্ৰাপ্তি কৰিলে। 


কিন্তু এতিয়া আপুনি আৰু পৰীক্ষা ল'ব লাগিব। তেতিয়া গুৰুৱে শক্তিৰে এটা ৰাজপ্ৰসাদ সৃষ্টি কৰিলে আৰু তাত বহুত মহিলা ৰাখি বিভিন্ন খাদ্য তেওঁলোকক দি ভৰত হৰিক খাবলৈ দিবলৈ ক'লে। কিন্তু ভৰত হৰিয়ে সেই মহিলা আৰু খাদ্য দেখি কামনা নাৰাখিলে আৰু আগবাঢ়ি গৈ থাকিল। তেতিয়া গুৰু গৌৰকনাথে ক'লে তোমালোকৰ বিশ্বাস হ'লনে  ভৰত হৰিয়ে খঙ আৰু কামনাত বিজয় প্ৰাপ্তি কৰিলে। 



আকৌ শিষ্য সকলে ক'লে আৰু এটা পৰীক্ষা লওঁক। তেতিয়ায়েই ভৰত হৰি আহি আশ্ৰম পালে। গুৰু গৌৰকনাথে ভৰত হৰিক ক'লে তুমি বৈৰাগ্য সম্পূৰ্ণ ৰূপে পাবলৈ হ'লে এমাহ মৰুহোমত খালি ভৰিৰে খোজ কাঢ়িব লাগিব। তেতিয়া ভৰত হৰিয়ে ক'লে গুৰুদেৱ মই এতিয়াৰেই পৰা এই কামটো আৰম্ভ কৰোঁ। 



তাৰ পিছত ভৰত হৰি জ্বলি থকা মৰুভূমিলৈ গৈ পালে। সেই সময়ত মৰুভূমিৰ বালি ইমান গৰম আছিল যে ভৰি ৰাখিলেই  পুৰি যাব। লাহে লাহে সময় পাৰ  হৈ গ'ল আৰু কেইদিনমানৰ পাছত গুৰু গৌৰকনাথে নিজৰ শিষ্য সকলক লৈ তালৈ গ'ল। তাৰ পিছত তেওঁ নিজৰ শক্তিৰে সেই মৰুভূমিত এজোপা গছ উৎপন্ন কৰি দিলে। 


খোজ কাঢ়োতে কাঢ়োতে ভৰত হৰিৰ ভৰিটো গছৰ ছাঁত পৰি গ'ল। তেতিয়া তেওঁ এনেকৈ জপিয়ালে যেন এঙাৰত ভৰি পৰি গ'ল। তেওঁ মনে মনে ভাবিবলে ধৰিলে এই মৰুভূমিত গছ কেনেকৈ আহিল। তেওঁ সেই গছজোপাৰ ছাঁটোৰ পৰা আতঁৰি খোজ কাঢ়িবলৈ ধৰিলে। সেইটো দেখি গুৰু গৌৰকনাথ প্ৰসন্ন হৈ পৰিল। 


চোৱা যি ভৰত হৰিৰ ভৰি ৰাজপ্ৰসাদত দলিচাৰ পৰা তলত পৰা নাছিল। আজি সি খালি ভৰিৰে মৰুভূমিত খোজ কাঢ়ি আছে। তাৰ পিছত গুৰু গৌৰকনাথে ৰূপ সলনি কৰি ভৰত হৰিৰ ওচৰলৈ গ'ল আৰু ক'লে অলপ সময় তুমি বৃক্ষ জোপাৰ তলত বহি লোৱা। তেতিয়া ভৰত হৰিয়ে ক'লে নাই মই মোৰ‌ গুৰুৰ আজ্ঞা অৱেহেলা কৰিব নোৱাৰোঁ।মোৰ গুৰুৱে আদেশ দিছে মই যাতে এই মৰুভূমিত খালি ভৰিৰে খোজ কাঢ়ি থাকো। 



ভৰত হৰি আগবাঢ়ি গ'ল তাৰ পিছত গুৰু গৌৰকনাথে নিজৰ বলেৰে ভৰত হৰিৰ সন্মুখত কাঁইট পেলাই দিলে । যিবোৰে তেওঁৰ বস্ত্ৰ ফালি পেলালে আৰু ভৰিত ফুটিবলৈ ধৰিলে। কিন্তু তেওঁ আহ বুলি ও ন'কলে।তাকে দেখি গুৰু গৌৰকনাথে শক্তিৰে অগ্নিতকৈও অধিক তাপ উৎপন্ন কৰিলে। যাৰ ফলত ভৰত হৰিৰ ডিঙি পিয়াহঁত শুকাবলৈ ধৰিলে। তাৰ পিছত  গুৰু গৌৰকনাথে ভৰত হৰিৰ সন্মুখত এজোপা সেউজীয়া গছ উৎপন্ন কৰি দিলে। 



যাৰ তলত খাবলৈ পানী আৰু সোণৰ পিয়লা আছিল। কিন্তু ভৰত হৰিয়ে সেইফালে  ঘূৰিও নাচালে। অলপ সময়ৰ পাছত যেতিয়া  ভৰত হৰিয়ে দেখিলে মুখৰ আগৰ পৰা গুৰু গৌৰকনাথ আহি আছে , তেতিয়া তেওঁ গুৰুৰ ওচৰ পাই গুৰুক প্ৰণাম কৰিলে।গুৰু গৌৰকনাথে ভৰত হৰিক সাবতি ধৰি ক'লে মই তোমাৰ কাৰণে বহুত প্ৰসন্ন হৈছোঁ। 


মই তোমাক বৰ দিব বিচাৰোঁ। যি বিচাৰা খোজা। তেতিয়া ভৰত হৰিয়ে ক'লে গুৰুদেৱ আপুনি প্ৰসন্ন যেতিয়া মোক কি লাগে। কাৰণ শিষ্যৰ বাবে গুৰুৰ প্ৰসন্নতায়ে সকলোবোৰ। আপুনি সন্তোষ হ'ল।মোৰ কোটি কোটি পুণ্য, যজ্ঞ, কৰ্ম, তপস্যা আদি সফল হ'ল। 


নহয় ভৰত হৰি আজি তুমি কিবা নহয় কিবা ল'বয়েই‌ লাগিব। তেতিয়ায়েই  ভৰত হৰিৰ চকু এটা বেজিৰ ওপৰত পৰিল আৰু তেওঁ সেইটো উঠাই ল'লে আৰু ক'লে - গুৰুদেৱ বেজিত সূতা এডাল ভৰাই দিয়ক । পিয়াহঁত মোৰ কন্ঠ ফাটি গৈছে। 


যাতে মই কন্ঠ চিলাই‌ ল'ব পাৰোঁ। সেইটো শুনি গুৰু গৌৰকনাথে ক'লে ভৰত হৰি তুমি ধন্য। তোমাক অষ্ঠ সিদ্ধি, নৱনিধি একোৱেই নালাগে। মই খুজিবলৈ কলতো তুমি বেজিত সূতা ভৰাই দিবলৈ কৈ গুৰুৰ কথা ৰাখিলা। ভৰত হৰি তুমি ধন্য। Assamese Storyboard )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



No comments:

Post a Comment

Advertisement

Pages