ৰক্তহীনতাৰ লক্ষণ আৰু ইয়াৰপৰা হাতসাৰি থকাৰ উপায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

ৰক্তহীনতাৰ লক্ষণ আৰু ইয়াৰপৰা হাতসাৰি থকাৰ উপায় : Assamese Health Tips

 

Assamese Health Tips

কেতিয়াবা আপুনি আপোনাৰ নখবোৰ হালধীয়া যে হয় যায় , তাৰ ফালে গুৰুত্ব দিছেনে। ই তেজৰ অভাৱক দৰ্শায়।Assamese Health Tips ) 


 আপোনাৰ শৰীৰত তেজৰ অভাৱ হ'লে, ই আপোনাক বহুত সমস্যাৰ সন্মুখীন কৰিব পাৰে।এই স্থিতিক এনিমিয়া (Anemia) নামেৰে জনা যায়। আচলতে আমাৰ শৰীৰত দুই প্ৰকাৰৰ ৰক্তকণিকা থাকে। 



এডাল ৰেড(ৰঙা ) ব্লাডৰ (তেজৰ) চেলচ থাকে আৰু আনডাল বগা  তেজৰ চেলচ। যেতিয়া শৰীৰত ৰঙা তেজৰ চেলচৰ  অভাৱ হয়, তেতিয়া তাক তেজ কম হোৱা বুলি কোৱা হয়। 


কিন্তু ইয়াক দূৰ কৰিবলৈ সদায় চাপ্লিমেন্টত লোৱা জৰুৰী নহয়। আপুনি এই তিনিটা উপায়েৰে এনিমিয়াৰ (Anemia) পৰা মুক্তি পাব পাৰে। 


কিন্তু এনেকুৱা বহুত উপায় আছে যিবোৰে আপোনাক দৰবৰ লগতে তেজৰ অভাৱ দূৰ কৰাত সহায় কৰিব। এনেকুৱা কিছুমান চুপৰফুড আৰু ঘৰুৱা উপায় আছে, যিয়ে আপোনাৰ তেজৰ অভাৱ দূৰ কৰাত সহায় কৰিব।



এনচিবিআই আইৰ অনুসৰি, যিকোনো এনেকুৱা ব্যক্তি যাৰ শৰীৰত ৰঙা তেজৰ চেলচৰ অভাৱ হৈছে, তেওঁলোকে নিজৰ শৰীৰত আইৰণৰ মাত্ৰা বঢ়াই, নিজৰ শৰীৰত হিম'গ্লবিনৰ মাত্ৰা বঢ়াব পাৰে।


আচলতে আমাৰ শৰীৰত  হিম'গ্লবিনৰ  মাত্ৰা পৰ্যাপ্ত পৰিমাণে থকাৰো অতি প্ৰয়োজনীয়। যি আমাৰ তেজত পোৱা যায়। যদি আমাৰ শৰীৰত তাৰ অভাৱ হ'বলৈ ধৰে, তেতিয়া আমাৰ বেমাৰৰ লগত যুজাঁ ক্ষমতা কম হৈ পৰে। যাৰ ফলত আমি সোনকালে , সোনকালে বেমাৰত পৰো। 



জানো আহঁক কি হয় এনিমিয়াৰ (Anemia)- অক্সফুৰ্ড একাডেমী আৰু আমেৰিকান ছ'ছাইটি অফ নিউটিচনৰ দ্বাৰা ২০১৯ চনত প্ৰকাশ কৰা তথ্যৰ অনুসৰি পৃথিৱীৰ ১.৭৪ বিলিয়ন মানুহক এনিমিয়ায়ে(Anemia) প্ৰভাৱিত কৰিছে।


অক্সফুৰ্ড একাডেমীৰ ৱেবছাইটত এইটোও মজুত তথ্য আছে যে মহিলাসকল এনিমিয়াত বেছি ভুগে। এনিমিয়া এটা এনেকুৱা বেমাৰ য'ত শৰীৰত ৰঙা তেজৰ চেলচৰ অভাৱ হৈ পৰে। আমাৰ শৰীৰৰ সকলো অংগকে পৰ্যাপ্ত মাত্ৰাত অক্সিজেনৰ আৱশ্যক।



 যাতে সেইসমূহে পৰ্যাপ্ত মাত্ৰাত কাম কৰিব পাৰে। সকলো অংগলৈ অক্সিজেন পঠোৱাৰ কাম ৰঙা তেজৰ চেলচে কৰে।এনিমিয়া অৰ্থাৎ তেজৰ অভাৱৰ লক্ষণসমূহত ভাগৰ আৰু উশাহ-নিশাহ লোৱাত কষ্ট হয়।


শৰীৰৰ মহত্বপূৰ্ণ অংগত অক্সিজেনৰ পূৰ্ণতাৰ বাবে অৰ্থাৎ অক্সিজেনৰ  মাত্ৰা কমি গ'লে শৰীৰ হালধীয়া পৰিবলৈ ধৰে। এনিমিয়াক আপোনাৰ তেজত থকা হিম'গ্লবিনৰ মাত্ৰাৰ অনুসৰি জোখ মাখ কৰা হয়।



কি হ'ব এনিমিয়াৰ লক্ষণ( Symptoms of Anemia) -  ভাৰতীয় নেচনেল হেল্থ পাৰ্টেলৰ অধিকাৰীসকলৰ মতে যদি আপোনাৰ এনিমিয়া আছে, তেতিয়া আপুনি কিছুমান সামান্য লক্ষণ দেখিবলৈ পাব।Assamese Health Tips ) 


১. মূৰ বিষ।


২. উশাহ-নিশাহ লোৱাত কষ্ট।


৩. হালধীয়া পৰা চাল, নখ বা মুখ।


৪.ঠাণ্ডা হাত আৰু ভৰি।


৫. ভাগৰ।


৬.দূৰ্বল ।


৭. মূৰ ঘূৰোৱা।


৮. হৃদয়ত বিষ।


৯.অচেতনতা আদি ।


এনিমিয়াৰ বাবে দোষী কাৰকবোৰ কি কি? ( Causes of Anemia) - ১. পোষণৰ অভাৱ( ভোজনত আইৰণ,ফ'লেট ভিটামিন বি -১২ ৰ অভাৱ)।


২. মাহেকীয়া হোৱা।


৩.গৰ্ভধাৰণ।


৪. ৬৫ বছৰতকৈ বেছি বয়স হোৱা।


৫.কিছুমান গুৰুত্বপূৰ্ণ বিকাৰ যেনে-  ক্ৰ'হন ৰোগ বা চালিয়েক ৰোগ।


৬. আনুবংশিক স্থিতিৰ পাৰিবাৰিক ইতিহাস।যি এনিমিয়াৰ কাৰণ হৈ পৰিব পাৰে।


তেজৰ অভাৱ বা এনিমিয়াৰ পৰা ৰক্ষা পাবলৈ আপুনি কৰিব পাৰে এইবোৰ উপায়- 


১. মৰিচাৰ পাত ( Moringa Leafs) -  তেজৰ অভাৱ দূৰ কৰাত আপোনাক মৰিচাৰ পাতে সহায় কৰিব পাৰে। কাৰণ ইয়াত আইৰণৰ লগতে ভিটামিন এ, ভিটামিন চি আৰু মেগনেছিয়াম অধিক পৰিমাণে পোৱা যায়। 


পালেংৰ পাততকৈ ২৮ মিলিগ্ৰাম আইৰণ মৰিচাৰ পাতত বেছি থাকে। এইয়া ৰঙা তেজৰ চেলচত হিম'গ্লবিনৰ মাত্ৰা বঢ়োৱা ভাল উপায়। আয়ুৰ্বেদত ইয়াৰ ব্যৱহাৰ ঔষধ হিচাপে কোৱা হয়। ইয়াৰ ব্যৱহাৰ কৰিবলৈ আপুনি ইয়াৰ পাতবোৰ ভালকৈ কাটি চাটনি ধৰে বনাই ল'ব লাগিব। তাৰ পিছত সদায় এচামুচ গুৰৰ লগতে ইয়াৰ সেৱন কৰক।



২.তিলৰ সেৱন (Sesame seeds) - ক'লা আৰু বগা দুই প্ৰকাৰৰ তিলে আপোনাক আইৰণৰ  লগতে কাপুৰ জিংক চেলেনিয়ম আৰু ভিটামিন বি ৬ , ফ'লেট ভৰপূৰ মাত্ৰাত প্ৰদান কৰিব পাৰে। তিলৰ দৈনিক সেৱনে আপোনাৰ হিম'গ্লবিনৰ স্তৰ আৰু আইৰণৰ আৱশ্যকতা পূৰ্ণ কৰাত সহায় কৰে। আপোনালোকে ইয়াৰ সেৱন পিচি বা লাৰু বনাই ও কৰিব পাৰে।


৩. তামৰ বাচনত পানী খোৱা (Drink water in copper vessel) - আয়ুৰ্বেদত তামৰ বাচনত পানী খোৱাত মহত্বতা প্ৰদান কৰা হৈছে।তামৰ বাচনত থোৱা পানীত বহুত এনেকুৱা মিনাৰেল আৰু পোষক তত্ব জমা হৈ পৰে, যিবোৰ আমাৰ বাবে বহুত জৰুৰী। সদায় ইয়াৰ সেৱন কৰিলে ই আপোনাৰ শৰীৰত আইৰণৰ মাত্ৰা বঢ়াব । ইয়াৰ ব্যৱহাৰ কৰিবলৈ ৰাতি তামৰ বাচন বা বটলত পানী ভৰাই থওঁক আৰু ৰাতিপুৱা তাৰ সদায় সেৱন কৰক।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages