এই ৰুগ সমূহ থকা ব্যক্তিয়ে ভুলটো অমিতা নাখাব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 31, 2022

এই ৰুগ সমূহ থকা ব্যক্তিয়ে ভুলটো অমিতা নাখাব : Assamese Health Tips

Assamese Health Tips


যেতিয়া স্বাস্থ্যকৰ আহাৰৰ কথা আহে, বিশেষজ্ঞসকলে প্রথম অমিতাৰ নাম অন্তর্ভুক্ত কৰে। অমিতা হৈছে কম কেলৰিযুক্ত ফল। যি আপোনাৰ স্বাস্থ্যৰ বিভিন্ন ধৰণে লাভাম্বিত কৰে।( Assamese Health Tips ) 


অমিতাত বহুতো পুষ্টি থাকে, যেনে-আঁহ, প্ৰচুৰ পৰিমাণে ভিটামিন। যি হজমৰ পৰা ওজন বৃদ্ধি লৈকে, মধুমেহ, কৰ্কট ৰোগ, আঁতৰ কৰাত সহায় কৰিব পাৰে। অমিতা খোৱাৰ ইমানবোৰ লাভালাভ থকাৰ স্বত্বেও, কিছু লোকে অমিতা খোৱা পৰিহাৰ কৰিব লাগে। অমিতা খোৱাৰ উপকৃত হোৱাৰ পৰিৱৰ্তে, এই লোকসকলক ক্ষতি কৰিব পাৰে। 


অমিতা খোৱাৰ ফলত, কোনবোৰ লোকৰ স্বাস্থ্যৰ বাবে হব পাৰে ক্ষতিকাৰক! 


১/গৰ্ভৱতী মহিলা-

অমিতাত থকা লেটক্সে জৰায়ুৰ সংকোচন আৰম্ভ কৰিব পাৰে। এনে পৰিস্থিতিতে আগতীয়া প্ৰসৱৰ সম্ভাৱনা থাকে। ইয়াৰ বাহিৰেও অমিতাত থকা পেঁপানৰ বাবে আমাৰ শৰীৰে প্ৰষ্টাগ্লণ্ডিন বুজিবলৈ ভুল কৰে। ই ভ্ৰুণৰ আৱৰণত বেয়া প্ৰভাৱ পেলাব পাৰে। এইবাবে গৰ্ভাৱস্হাত অমিতা খোৱা পৰিহাৰ কৰা উচিত। 


২/বৃক্কৰ পাথৰ-

যদি আপোনাৰ বৃক্কত পাথৰ আছে, তেতিয়া অত্যাধিক অমিতা খোৱা পৰিহাৰ কৰিব। প্ৰকৃততে অত্যাধিক অমিতা সেৱন কৰিলে, কেলছিয়াম অক্সালেট উৎপন্ন হব পাৰে। যি বৃক্কৰ পাথৰ বৃদ্ধি কৰিব পাৰে। যাৰ পাছত প্ৰস্ৰাৱৰ জৰিয়তে শিল্প আঁতৰ কৰাত কঠিন হব পাৰে। 


৩/এলাৰ্জি-

অমিতাত থকা চিটিনেজ হৈছে এক এনজাইম। যি লেটেক্সত প্ৰতিক্ৰিয়া ঘটাব পাৰে। ইয়াৰ ফলত আপোনাৰ উশাহ লোৱাত অসুবিধা, হাঁচি আৰু কাঁহ, চকুত চকু পানী দিয়া আদি সমস্যা হব পাৰে। ( Assamese Health Tips )


৪/জণ্ডিচ আৰু হাপানি-

যদি আপুনি জণ্ডিচ আৰু হাপানি ৰোগী, আপুনি অমিতা খোৱাত সমস্যাতে ভুগিব পাৰে। বিশেষজ্ঞ সকলৰ মতে অমিতাত থকা পেপাঁ আৰু বিটা_কোটি এই দুয়োটা ৰোগৰ বাবে ক্ষতিকাৰক। 


৫/বিপী ৰোগী-

বিশেষজ্ঞ সকলৰ মতে, অমিতাৰ সেৱন হৃদয় ৰোগী সকলৰ বাবেও ক্ষতিকাৰক প্ৰমাণিত হব পাৰে। অত্যাধিক অমিতা সেৱনে হৃদস্পন্দন কমাই দিব পাৰে। বিপি ৰোগী সকলে অমিতা সিমিত পৰিমাণে সেৱন কৰিব লাগে।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages