চালাদ সেৱনেৰে মেদবহুলতা সহজে হ্রাস কৰিব পাৰি : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 24, 2022

চালাদ সেৱনেৰে মেদবহুলতা সহজে হ্রাস কৰিব পাৰি : Assamese Health Tips

Assamese Health Tips

যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ সেউজীয়া চালাদে কাম কৰে। আমাৰ মাজৰেই বেছিভাগ লোকেই খাদ্যৰ সৈতে চালাদ খাবলৈ ভাল পায়। সেউজীয়া চালাদক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।( Assamese Health Tips )


 বিশেষ কৰি ওজন হ্ৰাসৰ বাবে। দৰাচলতে সেউজীয়া চালাদত বিভিন্ন ধৰণৰ বস্তু যেনে, বিলাহী, পিয়াঁজ, বন্ধাকবি, ব্ৰোকলি, ফল আদি অন্তর্ভুক্ত থাকে। যত কেলৰি কম আৰু ফাইবাৰ অধিক থাকে। কম পৰিমাণৰ কেলৰিয়ে ওজন হ্রাস কপাত সহায় কৰে। ওজন হ্রাস কৰিবলৈ ব্যায়ম আৰু স্বাস্থ্যকৰ আহাৰ প্ৰয়োজন। কিন্তু সঠিক আহাৰ অনুসৰণ কৰি মেদবহুলতা সহজে হ্রাস কৰিব পাৰি। 


সেউজীয়া চালাদ খোৱাৰ লাভালাভ-


১/ওজন হ্রাস-

যদি আপুনি বৃদ্ধি হোৱা ওজন হ্রাস কৰিব বিচাৰে, তেন্তে আপোনাৰ আহাৰত সেউজীয়া শাক পাচলি অন্তর্ভুক্ত কৰক। চালাদত যথেষ্ট কম কেলৰি থাকে। যিয়ে ওজন হ্রাস কৰাত সহায় কৰে। 


২) হজম শক্তি

সেউজীয়া চালাদত মিনাৰেলছ, ভিটামিন, ফাইবাৰ, অধিক মাত্ৰাত থাকে, যিয়ে শৰীৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে আৰু লগতে হজম শক্তি উন্নত কৰে। ( Assamese Health Tips )


৩) কলেষ্টৰেল-

কলেষ্টৰেলৰ স্তৰ নিয়ন্ত্রণ কৰিবলৈ আপুনি আহাৰত সেউজীয়া চালাদ অন্তর্ভুক্ত কৰিব পাৰে। সেউজীয়া চালাদত পোৱা পুষ্টিয়ে কলেষ্টৰেল নিয়ন্ত্রণ কৰাত সহায় কৰে। 


৪/ছাল-

সেউজীয়া চালাদ ছালৰ বাবে উপকাৰী। সেউজীয়া চালাদত থকা এন্টি অক্সিডেন্টবোৰে মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষা দিয়াত আৰু ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages