কেন্সাৰৰ পৰাও মুক্তি দিয়াত সহায় কৰে এই ফলে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

কেন্সাৰৰ পৰাও মুক্তি দিয়াত সহায় কৰে এই ফলে : Assamese Health Tips

Assamese Health Tips

ড্ৰেগন ফলৰ উপকাৰিতা-


১/ডায়েবেটিচৰ বাবে ড্ৰেগন ফল উপকাৰিতা। ড্ৰেগন ফলত, ফ্ল্যাভোনয়ডচ, ফনলিক এচিড, এচৰবিক এচিড, ফাইবাৰৰ লগতে প্ৰাকৃতিক এন্টিঅক্সিডেন্ট আছে। এই সমস্ত উপাদানবোৰে ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্রণ কৰাত সহায় কৰে। লগতে যিসকলৰ ডায়েবেটিচ নাই, তেওঁলোকৰ ক্ষেত্রটো ড্ৰেগন ফল খায় ডায়েবেটিচৰ পৰা ৰক্ষা পাব পাৰি। ( Assamese Health Tips )


২/হাৰ্টৰ বাবে ড্ৰেগন ফলৰ উপকাৰিতা- হৃদয়ৰোগ বিশ্বৰ অন্যতম গুৰুত্বৰ ৰোগ। শৰীৰত অক্সিডেটিভ ষ্টেচৰ বৰ্ধিত প্ৰভাৱৰ ফলত হৃদয়ৰোগ সম্ভাৱনা বাঢ়ি যায়। এনে পৰিস্থিতিত এন্টি অক্সিডেন্ট বৈশিষ্ট্য যুক্ত ফল আৰু শাক পাচলি খোৱাৰ পৰামৰ্শ দিয়া হয়। আৰু ড্ৰেগন জাতীয় ফলৰ নামো এনে ফলৰ ভিতৰত অন্তভূক্ত কৰিব পৰা যায়। ড্ৰেগন ফলৰ মাজত কাৰ্য্যকৰ এন্টি অক্সিডেন্ট যেনে, বিট্যালিলিয়ন্স, পলিফনলচ, আৰু এচকৰবিক এচিড আছে। যাৰ বাবে ই  অক্সিডেটিভ ষ্টেচৰ প্ৰভাৱ হ্ৰাস কৰি হৃদয়ক সুৰক্ষিত কৰাত সহায় কৰে। ইয়াৰ উপৰিও জালিয়ানৱালা

ড্ৰেগন ফলত পোৱা সৰু সৰু ক'লা বীজ হল, অমেগা-৩ আৰু অমেগা ৯ফেটি এচিডৰ উৎস। যি হৃদপিণ্ডক সুস্থ ৰখাত সহায় কৰে। 


৩/কেন্সাৰত ড্ৰেগন ফলৰ উপকাৰিতা- গৱেষকসকলৰ মতে ড্ৰেগন ফলৰ উপকাৰিতা কেন্সাৰৰ পৰা মুক্তি দিয়াত সহায় কৰিব পাৰে। এই ফলত এন্টি টিউমাৰ, এন্টি অক্সিডেন্ট আৰু এন্টি ইনফ্ল্যমটৰি বৈশিষ্ট্যসমূহ পোৱা যায়। তদুপৰি ইয়াৰ ওপৰত কৰা পৰীক্ষাৰ জৰিয়তে দেখা গৈছে যে, ড্ৰেগন ফলৰ মাজত পোৱা এই বিশেষ বৈশিষ্ট্য সমূহে মহিলাসকলৰ স্তন কেন্সাৰৰ পৰা ৰক্ষা কৰিব পাৰে। কেন্সাৰ এটা বিপদজনক ৰোগ। আৰু কেৱল ড্ৰেগন ফলৰ সহায়ত নিৰাময় নহয়। এই সমস্যাৰ বাবে ডাক্তৰৰ লগত পৰামৰ্শ লৈ সঠিক চিকিৎসা কৰাৰ প্ৰয়োজন। ( Assamese Health Tips )


৪/কলেষ্টৰল নিয়ন্ত্রণ কৰে। 

ড্ৰেগন ফল খোৱাৰ উপকাৰিতাৰ ভিতৰত আছে, কলেষ্টৰল নিয়ন্ত্রণ। কলেষ্টৰলৰ বৃদ্ধি ফলত হাৰ্ট এতেক আৰু ষ্টোক সহ শৰীৰৰ বহু মাৰাত্মক ৰোগ হব পাৰে। ড্ৰেগন ফলৰ ব্যৱহাৰ ইয়াৰ বাবে উপকাৰী হব পাৰে। এনচিবি আইৰ দ্বাৰা প্ৰকাশিত এটা গৱেষণাত কোৱা হৈছে যে, ৰঙা ড্ৰেগন ফলৰ গ্ৰহণৰ ফলত মুঠ কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আৰু নিম্ন ঘনত্বৰ লাইপো প্ৰটিন কলেষ্টৰল হ্রাস পাব পাৰে। ইয়াৰ লগতে ভাল কলেষ্টৰল বৃদ্ধিটো সহায়তা কৰিব পাৰে।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages