সঘনাই প্ৰস্বাৱ লাগে যদি অলপ সাৱধান হওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 30, 2022

সঘনাই প্ৰস্বাৱ লাগে যদি অলপ সাৱধান হওক : Assamese Health Tips

Assamese Health Tips

পানী খোৱাৰ কিছু দেৰিৰ পাছত প্ৰস্ৰাৱ লগাটো সাধাৰণ কথা। কিছুমান মানুহে ২৪ঘন্টাত ৩ৰ'পৰা ৫বাৰ প্ৰস্বাৱ কৰে। কিন্তু বহু লোকে দিনত কেইবাবাৰো প্ৰস্ৰাৱৰ অনুভৱ কৰে।( Assamese Health Tips )


 দিনত ৬/৭বাৰ প্ৰস্ৰাৱ কৰাটো সুস্থ শৰীৰৰ লক্ষণ। কিছুমান শাৰীৰিক সমস্যাৰ ফলত সঘনাই প্ৰস্ৰাৱ হব পাৰে। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যোৱাটো কোনো ৰোগৰ লক্ষণ হব পাৰে। যদি আপুনি ভাৱে যে স্বাভাৱিক মাত্ৰাতকৈ অধিক প্ৰস্ৰাৱ কৰে, তেন্তে আপুনি সাৱধান হওঁক। যদি ১জন ব্যক্তিয়ে ২৪ঘন্টাৰ সময়সীমাত বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যায়, তেন্তে তেওঁক সঘনাই প্ৰস্ৰাৱ কৰাৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা হয়। যদি এজন ব্যক্তিয়ে ২৪ঘন্টাত ৮বাৰ বা তাতকৈ অধিক প্ৰস্ৰাৱ কৰে, তেন্তে তেওঁ এই শ্ৰেণীত পৰিব। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ লাগি থাকিলে টোপনি কম হয়। প্ৰস্ৰাৱৰে ভৰ্তি মূত্ৰাশয়ৰ ফলত গোটেই ৰাতি টোপনি নাযায় বা ব্যক্তিজন সাৰ পায় থাকে। এই স্হিতিক নিক্টুৰিয়া বুলি কোৱা হয়। টোপনি কম হলে, শৰীৰত অন্য ৰোগেও দেখা দিয়ে। চিকিৎসকৰ পৰামৰ্শ লৈ এই সমস্যা দূৰ কৰিব পাৰি। 


১) মূত্ৰাশয়ৰ কৰ্কট ৰোগ-

মুত্ৰনলীৰ সংক্ৰমণ (ইউটিআই) হলেও এই সমস্যা হব পাৰে। বাহ্যিক সংক্ৰমণ শৰীৰত প্ৰৱেশ কৰি আপোনাৰ প্ৰস্ৰাৱৰ পথত প্ৰদাহ সৃষ্টি কৰে। সঘনাই প্ৰস্ৰাৱ কৰাটো মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হব পাৰে। 


২) ডায়েবেটিচ-

সঘনাই প্ৰস্ৰাৱ কৰাটো ডায়েবেটিচৰ এক সচৰাচৰ লক্ষণ। যদি আপোনাৰ টাইপ ১বা টাইপ ২ ডায়েবেটিচ আছে, তেন্তে আপোনাৰ এই সমস্যা হব পাৰে। ( Assamese Health Tips )


৩) প্ৰষ্টেটৰ সমস্যা-

প্ৰষ্টেট হৈছে-গল্ফ বল আকৃতিৰ গ্ৰন্থি, যি স্খলনৰ সময়ত ওলাই অহা কিছুমান তৰল গঠন কৰে। আপোনাৰ প্ৰষ্টেট শৰীৰৰ সৈতে বৃদ্ধি হয়। কিন্তু যদি ইয়াৰ আকাৰ অধিক বৃদ্ধি হয়, তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। এটা ডাঙৰ প্ৰষ্টেট আপোনাৰ প্ৰস্ৰাৱ প্ৰণালীৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে আৰু সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ হয়। 


অনান্যা কাৰণ সমূহ-


ষ্ট্ৰোক, গৰ্ভধাৰণ, টিউমাৰ থকা, মুত্ৰনাশক ঔষধৰ ব্যৱহাৰ, অত্যাধিক সুৰা বা কেফেইন পান কৰা। 


যদি কাৰোবাৰ সঘনাই প্ৰস্ৰাৱৰ সমস্যা হয়, তেন্তে তেওঁ তেওঁৰ জীৱনশৈলীত কিছুমান পৰিৱৰ্তন আনিব লাগে। যেনে-


১/শোৱাৰ আগতে তৰল দ্ৰৱ্য নাখাব। 


২/সুৰা আৰু কেফেইন পৰিমাণ সীমিত কৰক। 


৩/ ব্যায়াম কৰক। এই পেশীবোৰে আপোনাৰ মূত্ৰাশয়ৰ পথ শক্তিশালী কৰে। (সংগ্ৰহিত)।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages