ৰাতিপুৱা খালী পেটত ভুলঃবশত নকৰিবলগীয়া কাম কেইটা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 31, 2022

ৰাতিপুৱা খালী পেটত ভুলঃবশত নকৰিবলগীয়া কাম কেইটা : Assamese Health Tips

Assamese Health Tips


সকলোৱে বিশ্বাস কৰে যে, ৰাতিপুৱা খালী পেটে থাকিলে, বহুতো সমস্যা হব পাৰে। পাকস্হলী খালী হৈ থকাৰ বাবে, বহু প্ৰকাৰৰ ৰোগে আগুৰি ধৰিব পাৰে।( Assamese Health Tips )


 এয়া বিশ্বাস কৰা হয় যে, ৰাতিপুৱা খালী পেটৰ বাবে, বহুলোকৰ এচিডিটি, পেটৰ বিষ, বমি আৰু ৰক্ত শৰ্কৰাৰ সমস্যা হয়। এনে পৰিস্থিতিত বহুলোকে তেওঁলোকৰ ভোক দূৰ কৰিবলৈ ৰাতিপুৱা এনে বস্তু খায়, যাৰ ফলত বহুতো সমস্যা হব পাৰে। গতিকে এইটো জনা উচিত যে, ৰাতিপুৱা কোনবোৰ বস্তু খালী পেটত একেবাৰে খাব নালাগে -


১) সুৰা পান-

যদি কোনোবাই ৰাতিপুৱা খালী পেটত সুৰা পান কৰে, তেন্তে তেওঁৰ স্বাস্থ্যৰ অৱনতি হব পাৰে। এইটো বিশ্বাস কৰা হয় যে, ৰাতিপুৱা খালী পেটত সুৰা পান কৰিলে, ই মানুহৰ তেজলৈ যায়। এনে পৰিস্থিতিত ই সমগ্র শৰীৰত বিয়পি পৰে আৰু ইয়াৰ পৰা শৰীৰৰ ৰক্ত নলীকাত বিয়পি পৰে। ইয়াৰ ফলত আমাৰ নাড়ীৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত মানুহৰ বৃক্ক, হাওঁফাওঁ, যকৃতত সমস্যা হব পাৰে। গতিকে খালী পেটত সুৰা পান কৰিব নালাগে। 


২/খালী পেটত বজাৰ কৰিবলৈ নাযাব-

খালী পেটত কেতিয়াও বজাৰ কৰিব নালাগে। খালী পেটে থাকিলেও মানুহে অধিক সামগ্রী ক্ৰয় কৰিলেও গধূৰ ওজনৰ বাবে বস্তু ডাঙিব নোঁৱাৰে। গতিকে খালী পেটত বজাৰ কৰিবলৈ যাব নালাগে। ( Assamese Health Tips )


৩/খালী পেটত চুইংগাম নাখাব- বেছিভাগ লোকে খালী পেটত চুইংগাম চুবাই থাকে। যদি কোনোবা এনে লোকৰ শাৰীত আছে, তেন্তে তেনে লোকে সোনকালে চুইংগাম খোৱাৰ নিয়মটো সলনি কৰিব লাগে। কিয়নো খালী পেটত চুইংগাম চুবাই থাকিলে, পেটত পাচন এচিড সৃষ্টি হবলৈ আৰম্ভ কৰে। এই পাচন এচিডবোৰ খালী পাকস্থলীত এচিডিটিৰ পৰা আলচাৰলৈকে বহুতো সমস্যা সৃষ্টি কৰিব পাৰে। সেইয়ে খালী পেটত চুইংগাম চুবাই নথকাটোৱে ভাল। 


৪/খালী পেটত কফী সেৱন নকৰিব-

প্ৰায় সংখ্যক লোকে, পুৱা খালী পেটত থাকে আৰু শুই উঠিয়ে বেছিভাগ লোকে কফি খাবলৈ আৰম্ভ কৰে। যদি কোনোবাই ৰাতিপুৱা খালী পেটত কফি খায়, তেনেহলে তেওঁৰ এচিডিটিৰ সমস্যা হব পাৰে।(সংগ্ৰহিত)


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages