এনেবোৰ ভুলৰ বাবেই পিঠিৰ বিষ আৰম্ভ হয় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

এনেবোৰ ভুলৰ বাবেই পিঠিৰ বিষ আৰম্ভ হয় : Assamese Health Tips

Assamese Health Tips


মানুহৰ পৰিৱৰ্তনশীল জীৱনশৈলীৰে বাবে পিঠিৰ বিষৰ সমস্যা সাধাৰণ হৈ পৰিছে। বৰ্ধিত বয়সৰ সৈতে, এই সমস্যা আৰু অধিক বৃদ্ধি হয়। যাৰ বাবে পাছলৈ স্বাভাৱিক জীৱন যাপন কৰা কঠিন হৈ পৰে। এনে ধৰণৰ পিঠিৰ বিষ উপেক্ষা কৰাটো উচিত নহয়। ( Assamese Health Tips )


 যদি মানুহ এজনৰ পিঠিৰ বিষ বাঢ়ে, তেতিয়া কাম এৰি দিবলগীয়া হয়। আৰু সঠিক ভাৱে খোজ কাঢ়িবলৈও কঠিন হৈ পৰে। শেষত মানুহজনে বিচনাত পৰি থাকিবলৈ বাধ্য হৈ পৰে। মানুহজন ইমানে বিচলিত হৈ যেন, তেওঁ চিকিৎসকৰ চিকিৎসকৰ দুৱাৰে দুৱাৰে ঘূৰিবলৈ আৰম্ভ কৰে। যদি কাৰোবাৰ গুৰুত্বৰ পিঠিৰ বিষৰ সমস্যা আছে, তেন্তে প্ৰথমে পিঠিৰ বিষ আৰম্ভ হোৱাৰ কাৰণবোৰ- জানি লোৱাটো উচিত। কিয়নো এই কাৰণবোৰ- মানুহৰ জীৱনশৈলীৰে সৈতে সম্পৰ্কিত। 


চিকিৎসক সকলে ইয়াৰ কাৰন বোৰৰ মাজত প্ৰথমটো, বেয়া জীৱনশৈলী বুলি কব বিছাৰে। যত অন্তর্ভুক্ত থাকে ভুল ধৰণে টোপনি যোৱা, উঠা, আৰু বহি থকা। দীঘলীয়া সময় ধৰি বহি থকা, ভুল স্হিতিত বহি থকাটো হৈছে, পিঠিৰ বিষৰ কাৰণ। ইয়াৰ বাহিৰেও প্ৰসৱৰ সময়ত কৰা অস্ত্রোপচাৰৰ ফলত পিঠিৰ বিষ হব পাৰে। 


যদি কোনোবাই দীঘলীয়া সময়ৰ বাবে একে ঠাইতে বহি থাকে, তেন্তে তেওঁৰ পিঠিৰ বিষ হব পাৰে। বেছিভাগ মানুহ কাৰ্য্যলয়ত ঘন্টাৰ পাছত ঘন্টা কম্পিউটাৰৰ সন্মুখত একে স্হিতিত বহি থাকে। যাৰ ফলত তেওঁলোকৰ মেৰুদণ্ড জঠৰ হৈ পৰে আৰু বিষ আৰম্ভ হয়। ( Assamese Health Tips )


ভুল ধৰণে বহিলেও পিঠিৰ বিষৰ ৰোগী হবলগীয়া হব পাৰে। টিভি চোৱাৰ সময়ত বা ঘৰত লেপটপ-ফোন চলোৱাৰ সময়ত শৰীৰটো সঠিক স্হিতিত ৰাখিব। 


পানীৰে ভৰ্তি বাল্টি, গধূৰ মোনা বা গধূৰ বস্তু তুলি লওঁতে সাৱধান হব। ইয়াৰ ফলত ককাঁলত জোৰ পৰি ককাঁলৰ বিষ হব পাৰে। 


জিমত বা ঘৰত ভুল ব্যায়াম কৰিলে পিঠিৰ বিষ হয়। যোগ বা প্ৰসাৰণ কৰোঁতেও এনে হয়। 


অত্যাধিক কোমল তুলিত শুলে মেৰুদণ্ডৰ স্হিতি বেয়া হয় আৰু পিঠিৰ বিষ হয়।(সংগ্ৰহিত)।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages