কেচুঁমুৰীয়া বা পাইলচ ৰোগীয়ে নাখাব এইসমূহ খাদ্য : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 31, 2022

কেচুঁমুৰীয়া বা পাইলচ ৰোগীয়ে নাখাব এইসমূহ খাদ্য : Assamese Health Tips

Assamese Health Tips

পাইলচ অতি যন্ত্রণাদায়ক ৰোগৰ ভিতৰত অন্যতম। এই ৰোগ হলে, মলদ্বাৰৰ সিৰা ফুলি উঠি মটৰমাহৰ আকৃতিৰ সৰু ফোঁহা হয়। ( Assamese Health Tips )


প্রথম অৱস্থাত বিষ নহয় যদিও পাছলৈ এই বিষ বাঢ়ি গৈ অসহ্যকৰ হৈ উঠে। শৌচ টান হোৱাৰ লগতে শৌচৰ লগতে তেজ পৰে। ইয়াক কেচুঁমুৰীয়া নামেৰেও জনা যায়। যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, বেছি মছলা দিয়া খাদ্য, গেছৰ সমস্যা, হজমৰ সমস্যা আৰু শৰীৰত পানীৰ পৰিমাণ কমি গলেও এই ৰোগ হব পাৰে। যেতিয়া এই ৰোগ হয়, তেতিয়া শৌচ কৰিবলৈ আৰু বহি থাকিবলৈ যথেষ্ট সমস্যা হয়। সকলো বয়সৰ ব্যক্তিৰে এই ৰোগ হব পাৰে।যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ পাইলচৰ সমস্যা হয়, তেন্তে এই ৰোগ হোৱাৰ আশংকা অধিক। 


পাইলচৰ ৰোগীয়ে নাখাব এইসমূহ খাদ্য-


১/বেছি ভজা আৰু প্ৰচেচদ খাদ্য- প্ৰচেচদ খাদ্য যেনে- ফ্ৰজেন মীট, ফাষ্ট ফুড, আৰু বেছিকৈ ভজা খাদ্য হজম হবলৈ দীঘলীয়া সময় লাগে। এইবোৰত একেধৰণৰ পুষ্টি থাকে। আনহাতে নিমখ আৰু অস্বাস্থ্যকৰ চৰ্বিৰ পৰিমাণ যথেষ্ট বেছি থাকে। এই সকলোবোৰ হজম শক্তি দুৰ্বল হোৱা আৰু কোষ্ঠকাঠিন্যত অৰিহণা যোগায়। 


২/মচলাযুক্ত খাদ্য-

মচলাযুক্ত খাদ্য বহুলোক বহু ভালপায়। কিন্তু যদি আপোনাৰ পাইলচৰ সমস্যা আছে, তেন্তে মচলাযুক্ত খাদ্য আপোনাৰ বাবে যথেষ্ট বিপদ জনক প্ৰমাণিত হব পাৰে। এনে ধৰণৰ খাদ্য খায় পাইলচৰ ৰোগীসকলে শৌচ কৰোঁতে অসহনীয় বিষৰ সন্মুখীন হব লগা হয়। আপোনাৰ ৰক্তক্ষৰণো হব পাৰে। 


৩/সুৰা-

যদি আপোনাৰ পাইলচৰ সমস্যা আছে, তেনেহলে আপুনি একেবাৰে সুৰা সেৱন কৰা উচিত নহয়। সুৰায় পাচন তন্ত্ৰত আঘাত জন্মায়। লগতে অন্ত্ৰত ডিহাইড্রেচনৰ সমস্যা বৃদ্ধি কৰে। ( Assamese Health Tips )


৪/দুগ্ধজাত সামগ্রী-

দুগ্ধজাত সামগ্রী খোৱাৰ ফলত বহুলোকে গেছ, কোষ্ঠকাঠিন্য, আৰু পেটৰ বিষৰ সমস্যাৰ সন্মুখীন হয়। গাখীৰ, চীজ আৰু অন্যান্য দুগ্ধজাত সামগ্রীয়ে পাইলচৰ সমস্যা বৃদ্ধিৰ বাবে কাম কৰে। 


৫) কেচাঁ ফল-

পাইলচৰ সমস্যাৰ ফল উপকাৰী বুলি প্ৰমাণিত হয়। কিন্তু মনত ৰাখিব যে, সেই ফল সম্পূর্ণভাৱে পকা ফল হব লাগিব। কেচাঁ ফল খালে কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি হয়। ই পাইলচ ৰোগীৰ সমস্যা যথেষ্ট বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত ভালদৰে পকা ফলহে খাব। 


৬) ৰিফাইনড খাদ্য-

ৰিফাইনড শস্য যেনে, বগা চাউল, বগা ব্ৰেড, কুকিজ আৰু কেক আদিত অতি কম আঁহ থাকে। এনে পৰিস্থিতিত ৰিফাইনড খাদ্য ত্যাগ কৰক। 


৭/উচ্চ নিমখ যুক্ত খাদ্য-

চিপচ বেছিভাগ লোকে বহু বেছি ভালপায়। বজায় পোৱা বেছিভাগ বস্তুতে নিমখৰ পৰিমাণ অতি বেছি হোৱা দেখা যায়। যদি আপোনাৰ পাইলচৰ সমস্যা আছে, তেনেহলে অধিক নিমখীয়া বস্তু খোৱাৰ ফলত আপোনাৰ শৰীৰত পানীৰ অভাৱ হয়, যিয়ে আপোনাৰ ৰক্তনলীবোৰ প্ৰভাৱিত কৰে। ই শৰীৰৰ বাকী অংশটো বেয়া প্ৰভাৱ পেলায়। 


৮) বেছি আঁহযুক্ত খাদ্য-

পাইলচৰ সমস্যা হলে বহুলোকে কয় যে, উচ্চ আঁহ সমৃদ্ধ বা ফাইবাৰযুক্ত খাদ্য খাব লাগে। কিন্তু এয়া সম্পূর্ণ ভুল কথা। কিন্তু যদি আপোনাৰ কোষ্ঠকাঠিন্যের সমস্যা হয়, তেন্তে আপুনি অধিক আঁহযুক্ত খাদ্য- গ্ৰহণ কৰা উচিত কিন্তু যদি আপোনাৰ পাইলচৰ সমস্যা আছে, তেন্তে এই ভুল কৰাৰ পৰা পৰিহাৰ কৰিব। পাইলচৰ সমস্যা থকা ৰোগীসকলে কেৱল সীমিত পৰিমাণৰ আঁহ গ্রহণ কৰিব লাগে।(সংগ্ৰহিত)


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages