আৰৈ চাউলৰ পুষ্টিগুন উখুৱা চাউলতকৈ কম কিয় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 31, 2022

আৰৈ চাউলৰ পুষ্টিগুন উখুৱা চাউলতকৈ কম কিয় : Assamese Health Tips

Assamese Health Tips

অতি প্ৰাচীন কালৰে পৰা আমাৰ পৰম্পৰাগত খাদ্যসম্ভাৰত বিভিন্ন পদ্ধতিৰে বনোৱা চাউল যেনে, আৰৈ চাউল, উখুৱা চাউল, কোমল চাউল, ভজা চাউল আদিৰ পয়োভৰ দেখা যায়।Assamese Health Tips )


ইয়াৰ ভিতৰত আৰৈ আৰু উখুৱা চাউল সাধাৰণতে ভাত হিচাবে খোৱা হয় আৰু বাকীকেইবিধ জলপান হিচাবে খোৱা হয়। গাওঁসমূহত ন খোৱা উৎসৱ পাতোতে নতুন ধানখিনিৰ পৰা সাধাৰণতে উখুৱা চাউল তৈয়াৰ কৰি ন খোৱা হয় । কাৰণ নতুন ধানৰ পৰা তৈয়াৰ কৰা আৰৈ চাউলত বেছি পৰিমাণে কাৰ্বোহাইড্ৰেট থকা বাবে ইয়াৰ ভাত বেছি আঠা আঠা হয় । আনহাতে উখুৱা হিচাবে বনালে ইয়াৰ আঠা বা মাৰ কমি যোৱা উপৰিও ভাতকেইটা খাবলৈ জৰজৰিয়া আৰু সোৱাদ লগা হয়। অতীতত আমাৰ সমাজখন যৌথ পৰিয়াল কেন্দ্ৰিক আছিল যাৰ বাবে একোটা পৰিয়ালত অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল সৰহ পৰিমাণে প্ৰয়োজন হৈছিল। উখুৱা চাউলৰ ভাত বনালে চাউলৰ ৰাহি হৈছিল যাৰ বাবে প্ৰায়বোৰ পৰিয়ালত আৰৈ চাউলৰ লগতে কিছু অংশ উখুৱা চাউল মজুত ৰখা হৈছিল। গৰম গৰম উখুৱা চাউলৰ ভাতৰ লগত মাটিমাহৰ আঞ্জা, পচলা ভাজি , হাঁহৰ মাংসৰ জুতি বৰ ধুনীয়া হয়। উখুৱা চাউল বনোৱা পদ্ধতিত ধানখিনি ( শালি, আহু, বাওঁ , আইজং আদি জাতৰ ধান) পানীত সিজিবলৈ দি এটা নিৰ্দিষ্ট জোখত ধানখিনি ফাটিবলৈ দিয়া হয়। তাৰ পিছত পানীৰ পৰা ধানখিনি টুকি লৈ ৰ'দত ভালকৈ শুকুৱাই লৈ ঢেকীত বা মিলত খুন্দি চাউল উলিয়াই লোৱা হয়। এইদৰে বনোৱা চাউলক ইংৰাজীত পাৰবইলদ ৰাইচ আৰু আমাৰ থলুৱা ভাষাত উখুৱা চাউল বুলি কোৱা হয়।


 সিজাই বনোৱা হয় বাবে এইটো পদ্ধতিত ধানৰ বাকলিত থকা প্রয়োজনীয় ভিটামিন যেনে ভিটামিন বি  (থায়মিন, নিয়াচিন), খনিজ আদিৰ ক্ষয় নহয় আৰু সেয়েহে এই উখুৱা চাউলৰ ভাত স্বাস্থ্যবৰ্ধক ও বহু ৰোগৰ উত্তম পথ্য। আমাৰ পূৰ্বজ সকলৰ খাদ্যসম্বন্ধে ব্যৱহাৰিক জ্ঞান বেছি আছিল যাৰ বাবে তেওঁলোক নিৰোগী আছিল। বৰ্তমান সময়ত ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা, কলেষ্টৰল আদি বিভিন্ন সমস্যাই এক ডাঙৰ প্ৰত্যাহ্বান হিচাবে দেখা দিছে। ইয়াৰ বাবে আমি নিজেও বহু পৰিমাণে জগৰীয়া কাৰণ আমি এনেকুৱা স্বাস্থ্যবৰ্ধক ব্যঞ্জন খাবলৈ বাদেই দিছো। আমাৰ গৰিষ্ঠসংখ্যক লোকেই আৰৈ চাউলৰ ভাত খাই ভাল পায় । ধানৰ পৰা আৰৈ চাউল বনাওঁতে চাউলখিনি পলিচ কৰে যাৰ বাবে চাউলখিনি বগা ৰঙৰ হয়। এইদৰে পলিচ কৰোতে ইয়াত থকা ভিটামিন বি প্ৰায়খিনি নষ্ট হৈ যায় যাৰ বাবে আৰৈ চাউলৰ পুষ্টিগুন উখুৱা চাউলতকৈ কম হয়। উখুৱা চাউলত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন B6, কেলচিয়াম, পতাছিয়াম, আইৰণ, মেংগানিজ, এন্টিঅক্সিডেণ্ট পোৱা যায় যাৰ বাবে ই গুণগত দিশত উৎকৃষ্ট । স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত উখুৱা চাউল কিদৰে উপকাৰী জানোচোন আহক :-


🌺🌺 উখুৱা চাউলত তহওক আঁহ বা ডায়েটেৰী ফাইবাৰ  আৰৈ চাউলৰ দুগুণ বেছি । ইয়াক তৈয়াৰ কৰা বিশেষ পদ্ধতিটোৰ বাবে চাউলৰ পৰা অতিৰিক্ত মাৰ বা কাৰ্বোহাইড্ৰেট কমি যায়। গৱেষণামূলক পৰীক্ষাৰ পৰা দেখা গৈছে যে ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স আৰৈ চাউলতকৈ কম যাৰ বাবে ই তেজত হঠাতে অতিৰিক্ত শৰ্কৰাৰ বোজা সৃষ্টি নকৰে। সেয়েহে উখুৱা চাউল ডায়েবেটিচ ৰোগত উত্তম পথ্য।


🌺🌺 উখুৱা চাউলত নিয়াচিন, ভিটামিন বি 6 পোৱা যায় যাৰ পৰিমাণ আৰৈ চাউলৰ দুগুন। এই ভিটামিন বি6 এ তেজৰ পৰা হ'ম'চিষ্টিন নামৰ পদাৰ্থবিধ নিষ্কাশন কৰে । এই পদাৰ্থবিধ হাৰ্টৰ বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। গতিকে উখুৱা চাউলৰ ভিটামিনে বি 6এ হাৰ্টৰ সুৰক্ষা কৰে।


🌺🌺 উখুৱা চাউলত কেলচিয়াম, আইৰণ, জিঙ্ক, মেগনেছিয়াম, পতাছিয়াম আদি বিভিন্ন প্ৰকাৰৰ খনিজ পোৱা যায় যিয়ে আমাৰ  শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে , ৰক্তহীনতা প্ৰতিৰোধ কৰে আৰু হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। Assamese Health Tips )


🌺🌺পেটৰ সমস্যা থকা লোকৰ বাবে উখুৱা চাউলৰ ভাত খুবেই উপকাৰী কাৰণ উখুৱা চাউলৰ ভাত খুব সহজে হজম হয়। গেছ, এচিডিটি, ডায়েৰীয়া, ডিচেণ্ট্ৰি আদি সমস্যাতো উখুৱা ভাত উপকাৰী। হজম শক্তি কম থকা লোকৰ বাবে উখুৱা চাউল উত্তম পথ্য।


🌺🌺উখুৱা চাউলত থকা ছিলেনিয়ামে থাইৰয়ড গ্ৰন্থিৰ সুৰক্ষা কৰে আৰু বিভিন্ন  প্ৰকাৰৰ থাইৰয়ড ৰোগৰ পৰা বচাই ৰাখে। সেয়েহে থাইৰয়ড সমস্যাত ভোগা ৰোগীৰ বাবে উখুৱা চাউলৰ ভাত উত্তম পথ্য।


🌺🌺 কলেষ্টৰল, মেদবহুলতা আদি সমস্যাত ভুগি থকা লোকৰ বাবেও উখুৱা চাউলৰ ভাত উপকাৰী। ইয়াত থকা আঁহ আৰু কম কেলৰিৰ বাবে এইবোৰ সমস্যাত উখুৱা চাউলৰ ভাত উত্তম।উখুৱা চাউলৰ ভাত খালে সোনকালে পেট ভৰে যাৰ বাবে  আমি অতিৰিক্ত কেলৰি গ্ৰহনৰ পৰা বিৰত থাকিব পাৰো। বিপাকীয় ক্ৰিয়াৰ বিজুতিৰ বাবে হোৱা যিকোনো ৰোগত উখুৱা চাউল উপকাৰী।


🌺🌺 অৰ্শ ৰোগীৰ বাবেও উখুৱা চাউলৰ ভাত উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু সহজে হজম হয় বাবে পাচনকাৰ্য্যত  সহায় কৰে।


🌺🌺 শিশুসকলৰ বাবে উখুৱা চাউলৰ পৰা বনোৱা পিঠাগুৰি অতি উত্তম। এই পিঠাগুৰিৰ পৰা বনোৱা মিঠা ক্ষীৰ, নিমখীয়া লুথুৰী শিশুৰ বাবে সুস্বাদু ব্যঞ্জন। ভিটামিন, খনিজ আদি অত্যাৱশ্যকীয় উপাদান থকাৰ বাবে শিশুৰ বিকাশতো উখুৱা চাউলে সহায় কৰে।


🌺🌺 বৃদ্ধ বয়সত সকলোৰে পাচন শক্তি কিছু পৰিমাণে দুৰ্বল হৈ পৰে । সেয়েহে এই বয়সত সহজে হজম হোৱা, ভিটামিন, খনিজ , আঁহযুক্ত খাদ্যৰ প্ৰয়োজন। গুণগত দিশত উখুৱা চাউল আৰৈ চাউলতকৈ উচ্চ। সেয়েহে বৃদ্ধ লোকৰ বাবে উখুৱা চাউলৰ ভাত অতি উত্তম।


🌺🌺🌺 এসময়ত অসম কৃষিপ্ৰধান দেশ আছিল। সময় সলনি হ'ল । আজিকালি বহু গাঁৱতো মানুহে নিজে খেতি কৰিবলৈ বাদ দিয়াৰ দৰে হৈছে। উখুৱা চাউলৰ দৰে বহুতো খাদ্যসম্ভাৰ সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰিছে। তাৰ ঠাইত আমি আমদানিকৃত বাচমটি চাউলৰ প্ৰতি বেছি আগ্ৰহী হৈছো নেকি বাৰু? আমি যিমানেই আধুনিক হবলৈ লৈছো বেমাৰ আজাৰেও আমাক জুৰুলা কৰিছে। সেয়েহে নিজৰ চহকী খাদ্যসম্ভাৰ পুনৰ আদৰি লোৱাৰ সময় আহি পৰিছে। 


#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী ,ফোন - 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages