কঁঠালৰ মুচি সোৱাদ হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰি : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 30, 2022

কঁঠালৰ মুচি সোৱাদ হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰি : Assamese Health Tips

 

Assamese Health Tips

পকা কঁঠাল যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে ' কঁঠালৰ মুচি' বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ আঞ্জা বহুতৰে প্রিয়। Assamese Health Tips )


কেচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ আঞ্জা খনৰ সোৱাদ মাংসৰ জোলতকৈও সুন্দৰ হয়। সেয়েহে হয়তো কঁঠালৰ আঞ্জা নিৰামিষভোজী সকলৰ খুবেই প্রিয় ব্যঞ্জন। ভাৰতৰ বিভিন্ন ঠাইত কেঁচা কঁঠাল বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হয়। আমাৰ ইয়াত ফাগুন চ'ত মাহ মানৰ পৰাই বজাৰত কঁঠালৰ মুচি ওলায় । হাতত মিঠাতেল সানি কঁঠালৰ মুচিবোৰ কাটিব লাগে, কাৰণ কেঁচা কঁঠালৰ পৰা খুব আঠা ওলায়। ওপৰৰ কঠিন তৰপ এৰুৱাই বাকী অংশ কাটি পানীত ভালদৰে সিজাই লোৱাৰ পিছত যিকোনো ব্যঞ্জন বনাওতে ব্যৱহাৰ কৰিব পাৰি। কঁঠালৰ মুচি ৰদত শুকুৱাই তাৰ পৰা আচাৰ বনোৱাও হয়। আবতৰত ইয়াৰে অকণমান আচাৰৰ জুতি লৈয়ে ভাতসাঁজ সুন্দৰকৈ খাব পাৰি। আমাৰ পূৰ্বপুৰুষ সকলে বতৰৰ ফলবোৰৰৰ ৰন্ধন প্ৰকৰণ আৰু সংৰক্ষণ বিধিৰ সুন্দৰ দিহা আমাক শিকাই থৈ গৈছে আৰু আমিও তেওঁলোকৰ পদানুসৰণ কৰিয়ে সকলোবোৰ শিকিছো। কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে চবজি হিচাবে ব্যবহাৰ বেছি হয়। অসমীয়া মানুহৰ জনবিশ্বাস মতে ' আমে আনে বান, কঁঠালে আনে ধান।' এই সাৰুৱা কথাফাকিৰ গুহাৰ্থ হ'ল যেতিয়া আম গছত সৰহকৈ আম লাগে তেতিয়া দেশত বানপানীৰ প্ৰকোপ হয় আৰু কঁঠাল যদি সৰহকৈ লাগে ( আমৰ তুলনাত) দেশ শস্য শ্যামলা হয় । তুলনামূলক ভাবে আমতকৈ কঁঠালৰ ঔষধি গুণাগুণ বেছি। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এন্টিঅক্সিডেন্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ গুণাগুণ সমূহ হৈছে:-

☘️  কঁঠালৰ মুচি বা কেঁচা কঁঠালে মেদবহুলতা সমস্যা নিৰাময় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে  ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। কঁঠালৰ মুচিৰ ব্যঞ্জন খালে সেয়েহে সোনকালে পেট ভৰি যায়। ওজন কম কৰিব বিচৰাসকলে মাজে সময়ে কঁঠালৰ মুচি সেৱন কৰিলে সুফল পাব।

☘️ কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে। লগতে আঁহ থকাৰ বাবে আন বহুতো সমস্যা নিৰ্মূল কৰে। কঁঠালৰ মুচিয়ে ডায়েবেটিচ ৰোগ প্ৰতিৰোধও কৰে। সেয়েহে নিৰোগী লোকেও মাজে সময়ে  কেঁচা কঁঠাল সেৱন কৰা উচিত।

☘️ কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা দ্ৰবিত আঁহে( soluble fiber)  শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত  সহায় কৰে।Assamese Health Tips )

☘️ প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে। গৱেষণামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে কেঁচা কঁঠালৰ সেৱনে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।

☘️ ভিটামিন, এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আইৰণ থকা বাবে ৰক্তহীনতা দূৰ কৰে।

🍀 এন্টিঅক্সিডেন্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


 প্ৰকৃতিৰ বুকুত উপলব্ধ প্ৰতিবিধ খাদ্য সামগ্ৰীৰে বিশেষ কিছুমান গুণ আছে। আমাৰ পূৰ্বপুৰুষ সকলৰ ব্যৱহাৰিক জ্ঞান বেছি আছিল বাবে তেওঁলোকে স্বাস্থ্যসন্মত বিবিধ ব্যঞ্জনৰ জুতি লৈ নিৰোগী হৈ আছিল। আমিও কেঁচা কঁঠালৰ দৰে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ খাদ্যসম্ভাৰ দৈনন্দিন খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰা উচিত। কাৰণ আমাৰ সুস্বাস্থ্যৰ চাবিকাঠি আমাৰ নিজৰ হাতৰ মুঠিতে আছে।

#ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, ফোন- 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages