পদিনাৰ এইসমূহ লাভালাভ জানিলে আপুনি নিশ্চয় আচৰিত হব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

পদিনাৰ এইসমূহ লাভালাভ জানিলে আপুনি নিশ্চয় আচৰিত হব : Assamese Health Tips

 

Assamese Health Tips

গাঢ় সেউজীয়া পদিনা পাতে অকল আপোনাক ঠাণ্ডাৰ অনুভূতিয়েই নহয়। বহুত জটিল বেমাৰৰ পৰাও পৰিত্ৰাণ বা ৰক্ষা কৰে।Assamese Health Tips ) 


এনে ঋতুত বিভিন্ন ব্যঞ্জনৰ সৈতে পদিনাৰ পাত খাব লাগে। বিশেষকৈ বিভিন্ন শাক-পাচলিৰ সৈতে পদিনা দি বা পদিনাৰ চাটনি খাব লাগে। 


পদিনায়ে গৰমত গাটো শীতল পেলাই। অৱশ্যে গাটো শীতল কৰাতেই ইয়াৰ কাম সীমিত নহয়। ইয়াৰ এনেকুৱা বহুত লাভ আছে ,যিবোৰ বহুত অদ্ভূত। আজি আমি আপোনালোকক পদিনাৰ কিছুমান এনেকুৱা ব্যৱহাৰৰ বিষয়ে কম যিবোৰ আপোনালোকে নহয় বুলি ক'ব নোৱাৰে।


১. জানো আহঁক কিয় বিশেষ পদিনা (Mint Leaves Benefits ) - পদিনাক মুখ্য আহাৰ হিছাপে নধৰিলে ও, কিন্তু ইয়াৰ সেৱন বহুত লাভজনক। এনচিবিআইত মজুত থকা তথ্যৰ অনুসৰি পদিনা ভিটামিন (এ)ৰ এটা ভাল ৰাস্তা।ভিটামিন (এ) শৰীৰৰ লগত মিলি যোৱা ভিটামিন। 


যিয়ে চকু সুস্থ আৰু ৰাতি দেখাত মহত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে Pudmed Central ত মজুত তথ্য অনুসৰি ই এক এন্টিঅক্সিডেটৰ শক্তিশালী বিকল্প।এন্টিঅক্সিডেটে আমাৰ শৰীৰক অক্সিডেটিব চাপৰ পৰা বচোৱাত সহায় কৰে। যিটো মুক্ত কণাৰ বাবে কোষবোৰৰ হ'ব লগা লোকচানৰ কাৰণ।


২.জানো আহঁক পদিনাৰ পোষকতত্ব সমূহৰ বিষয়ে - 


১. কেলৰি ৬ ।


২.ফাইবাৰ ১ গ্ৰাম ।


৩.ভিটামিন এঃ আৰডীআইৰ ১২% ।


৪.আয়ৰণ ঃ আৰডীআইৰ ৯% । 


৫.মেগনেজিয়াম ঃ আৰডীআইৰ ৮% ।


৬.ফ'লেটঃ আৰডীআইৰ ৪% ।


৩. জানো আহঁক পদিনাৰ লাভালাভ -


(ক) হজম কাৰ্যত সহায় কৰে- আয়ুৰ্বেদত পদিনাৰ পাত বহুত দিনৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে। ইয়াক শান্ত কৰা ঔষধৰ স্থান দিয়া হৈছে। গৰমত ইয়াৰ সতেজ পাতবোৰ ব্যৱহাৰ কৰা হয়। অন্য ঋতুত ইয়াৰ পাতবোৰ শুকোৱাই গুৰি কৰি পেটৰ লগত সম্বন্ধিত বেমাৰ ভাল কৰিব পাৰি।Assamese Health Tips ) 


এনচিবিআই ত মজুত থকা ২০১৯ চনৰ এটা সমীক্ষাত এই কথাটো পুষ্টি কৰা হৈছে যে পেপাৰমিন্ট তেলৰ উপয়োগৰ সমৰ্থন গেষ্ট্ৰোইনটেস্টাইনেল স্থিতিৰ এক শৃংখলাৰ বাবে এটা উপায়ৰ ৰূপত ব্যৱহাৰ কৰা হয়। য'ত অপচ,আইবিএচ আৰু সৰু ল'ৰা ছোৱালীৰ পেটৰ সমস্যা সোমাই আছে।


(খ)  স্তন্যপানৰ বিষো হ্ৰাস কৰে পদিনায়ে - স্তন্যপান কৰোৱাৰ সময়ত নতুন মাতৃসকলৰ বেছিভাগ বিষ হয়। তেওঁলোকে যথেষ্ট বিষ অনুভৱ কৰে।এই সমস্যাৰ সৈতে যুঁজিবলৈ পদিনায়ে সহায় কৰে। এনচিবিআইত মজুত থকা এটা তথ্যয়ে এই কথাটো দাবী কৰে। এই অধ্যয়নত স্তন্যপান কৰাই থকা মাতৃসকলে প্ৰতিবাৰ আহাৰৰ পাছত স্তন্যৰ চাৰিওফালৰ এলেকাত পদিনা পাত বিভিন্ন ধৰণেৰে লগাব লাগে বা পাৰে।


আপুনি ইয়াক মিন্ট এঞ্চেচিয়েল তেল, জেল বা পানীৰ লগত মিশ্ৰণ কৰি উপয়োগ কৰিব পাৰে।এই অধ্যায়নত স্পষ্টকৈ কোৱা হৈছে স্তন্যপান কৰোৱাৰ পাছত পদিনাৰ পানী স্তন্যৰ চাৰিওফালে লগালে বিষ আৰু টানি টানি ধৰা পৰা মুক্তি পায়।


(গ) মুখৰ গোন্ধ দূৰ কৰে পদিনায়ে - আপোনালোকে বহুত মাউথ ফ্ৰেচনাৰ আৰু  মাউথ স্পেই দেখিছে চাগে। য'ত পদিনাৰ ব্যৱহাৰ কৰা হয়।এইটো সঁচা যে পদিনায়ে আপোনাৰ বেয়া উশাহৰ গোন্ধ আৰু মুখৰ পৰা উলোৱা গোন্ধ নাইকীয়া কৰাত সহায় কৰে। বহুত মানুহৰ এইটো সমস্যা থাকে।যাৰ ফলত তেওঁলোকে বহুত লাজ পাব লগা হয়। অৱশ্যে এই কেমিকেল প্ৰডাকবোৰ ব্যৱহাৰ কৰাতকে আপুনি পদিনা প্ৰাকৃতিক উপায়েৰে ব্যৱহাৰ কৰিব পাৰে।


(ঘ) মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে পদিনায়ে - পদিনাৰ পাতত থকা তেল আৰু তাৰ গোন্ধয়ে মগজুৰ কাৰ্যক্ষমতাক উন্নত কৰিবলৈ সহায় কৰে।এইটো অকল কোৱা কথা নহয়।এনচিবিআইৰ এটা অধ্যয়নে এই কথাটো দাবী কৰিছে। য'ত ১৪৪ জন যুৱকক সোমোওৱা হৈছে। ইয়াত পৰীক্ষণৰ প্ৰথমে ৫ মিনিটৰ বাবে পেপাৰমিন্ট তেলৰ সুগন্ধক হুঙিবলৈ দিয়া হৈছে আৰু তাৰ পাছত স্মৃতিত মহত্বপূৰ্ণ সুধৰণি হোৱা দেখা পোৱা গ'ল।


আনহাতে পদিনাৰ ওপৰত কৰা আৰু এটা অধ্যয়নত এইটো পুষ্টি হ'ল যে ড্ৰাইভিং কৰা সময়ত এই তেলসমূহ হুঙিলে সতৰ্কতা বাঢ়ে। লগতে নিৰাশা, চিন্তা আৰু ভাগৰৰ স্তৰো কম হয়।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages