সৌন্দৰ্য্য চর্চাতো ব্যৱহাৰ হয় নাৰ্জিফুলৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 28, 2022

সৌন্দৰ্য্য চর্চাতো ব্যৱহাৰ হয় নাৰ্জিফুলৰ : Assamese Health Tips

Assamese Health Tips

নাৰ্জিফুল বা মেৰিগোল্ড বা গেন্দা ফুল সকলোৰে পৰিচিত ফুল । ঘৰৰ ফুলনী, পার্ক, বাগিচা আদি শুৱনি কৰা নাৰ্জিফুলৰ মনোমোহা সৌন্দৰ্য্যই সকলোকে মুগ্ধ কৰে। Assamese Health Tips )


প্ৰধানকৈ শীত আৰু বসন্ত ঋতুত ফুলা নাৰ্জিফুলৰ উজ্জ্বল হালধীয়া , কমলা আদি বিভিন্ন ৰঙ ইয়াৰ মূল আকৰ্ষণ। পূজা পাৰ্বন, বিবাহ আদি বিভিন্ন মাংগলিক অনুষ্ঠানতো নাৰ্জী ফুলৰ ব্যৱহাৰ হয় । যেনে দৰা কইনাৰ বাবে বনোৱা মালাৰ পৰা বিভিন্ন প্ৰকাৰৰ পূজা অৰ্চনাত , মন্দিৰ আদিত নাৰ্জী ফুলে সদায়ে অগ্ৰাধিকাৰ পাই আহিছে।  দ্ৰশেৰা , দিপাৱলী আদি উৎসৱৰো শুভাবৰ্ধন কৰে এই গেন্দা ফুল বা নাৰ্জিফুলে। সেয়েহে চাবলৈ গলে সকলো ফুলতকৈ নাৰ্জিফুলৰ স্থান উচ্চ কাৰণ বিভিন্ন পবিত্ৰ কামত ইয়াৰ ব্যৱহাৰ হয়। ইয়াৰ সোণোৱালী হালধীয়া, কমলা আদি ৰঙৰ পৰা প্ৰাকৃতিক ৰং নিষ্কাশন কৰি ফেব্ৰিক আৰু ফুড কালাৰ হিচাবেও ব্যৱহাৰ কৰিব পাৰি। দেখাত যিদৰে সুন্দৰ তেনেকৈ গুণৰ ফালৰপৰাও এইবিধ ফুল উৎকৃষ্ট। সেয়েহে ঔষধি হিচাবেও নাৰ্জিফুলৰ ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতিত নাৰ্জিফুলৰ ব্যৱহাৰ হোৱা দেখা যায় বিশেষকৈ কটা, চিঙা, ঘাঁ আদিৰ প্ৰাথমিক চিকিৎসাত নাৰ্জীৰ ব্যৱহাৰ চমকপ্ৰদ। হঠাৎ কেনেবাকৈ কটা চিঙা হ'লে , ঘৰত এন্টিচেপতিক ঔষধ নাথাকিলে এনেকুৱা কিছুমান বনৌষধিৰে প্ৰাথমিক চিকিৎসা কৰিব  পাৰি। গাওঁসমূহত এতিয়াও এনেকুৱা বনৌষধি চিকিৎসা প্ৰচলিত। ঠিক তেনেকৈ সৌন্দৰ্য্য চর্চাতো নাৰ্জিফুলৰ ব্যৱহাৰ হোৱা দেখা যায়। বিভিন্ন ভেষজ প্ৰসাধন সামগ্ৰীত নাৰ্জীৰ ব্যৱহাৰ হয় । ইয়াত থকা কিছুমান বিশেষ এন্টিঅক্সিডেন্ট আৰু উদ্বায়ী পদাৰ্থৰ বাবে নাৰ্জীৰ ঔষধি গুণ বেছি। প্ৰাথমিক চিকিৎসা আৰু সৌন্দৰ্য্য চর্চাত ঔষধি গুণসমৃদ্ধ নাৰ্জীৰ ব্যৱহাৰ কিদৰে হয় চাওঁচোন আহক:-

🌺🌺সৰু সুৰা কটা চিঙা, ঘাঁ আদিত নাৰ্জী ফুলৰ পাত প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ই কটা ঘাঁৰ পৰা তেজ ওলোৱা বন্ধ কৰে, প্ৰদাহ ৰোধ কৰে, বিষ নিবাৰণ কৰে, বেক্টেৰিয়া বা অন্য বীজাণুৰ সংক্ৰমণ ৰোধ কৰে আৰু ঘাঁ শুকুৱাত সহায় কৰে। ই প্ৰাকৃতিক এন্টিচেপতিক আৰু পেইনকিলাৰ হিচাবে কাম কৰে । ইয়াৰ বাবে তলত দুটামান দিহা দিয়া হৈছে-

(১) নাৰ্জিফুলৰ পাত অলপ ভালকৈ পৰিষ্কাৰ পানীৰে ধুই লওক। কটা ঘাঁ দুখৰ আৰু হাত দুখনো ভালকৈ পানীৰে ধুই লওক। এতিয়া ধুই লোৱা পাতখিনি হাতেৰে মোহাৰি মোহাৰি ৰস উলিয়াই লৈ কটা অংশত লেপ হিচাবে দি কিছু সময়ৰ বাবে হেঁচা মাৰি ধৰক। কিছু সময় পিছত তেজ ওলোৱা বন্ধ হ'ব। এবাৰ তেজ ওলোৱা বন্ধ হ'লে  প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

(২). নাৰ্জিফুলৰ পাত আৰু তুলসী পাত কেইটামান ভালকৈ ধুই খুন্দি লৈ আক্ৰান্ত অংশত লেপ হিচাবে প্ৰয়োগ কৰক। ইও ঘাঁ শুকুৱাত সহায় কৰে।

(৩).নাৰ্জিফুলৰ পাত আৰু কেঁহাৰাজ বনৰ পাত ভালকৈ ধুই খুন্দি আক্ৰান্ত অংশত লেপ হিচাবে লগালেও সুফল পোৱা যায়।

🌺🌺 ছালৰ ভেঁকুৰজনীত সংক্ৰমণ যেনে খৰ খজুৱতি, ভৰিত পানীয়ে খোৱা আদিত নাৰ্জিফুলৰ পাত উপকাৰী। ইয়াৰ বাবে নাৰ্জিফুলৰ পাত, জেতুকাৰ পাত, শিলিখা , কেঁহাৰাজৰ পাত, তুলসী পাত, মানিমুনি আদি একেলগে খুন্দি আক্রান্ত অংশত লগাওঁক। এইবিধ লেপ এনেকৈ কেইবাদিনলৈ লগাওঁক যেতিয়ালৈ সম্পূৰ্ণ আৰোগ্য নহয়। ইয়াৰ লগতে পথ্য অপথ্যৰ ওপৰতো ধ্যান দিব লাগিব । যেনে বেঙেনা, কচু, মাতিদাইল আদি নাখাব। 

🌺🌺 কীট পতংগই কামুৰিলে আক্ৰান্ত অংশত নাৰ্জিফুলৰ পাত আৰু ফুল পিহি লগালেও সুফল পোৱা যায়। ইয়াৰ উপৰি অৱশ্যে আন কিছুমান দিহা যেনে পিয়াঁজৰ ৰস, পুৰণি খৰিচা আদিও ব্যৱহাৰ কৰি চাব পাৰে।Assamese Health Tips )

🌺🌺 নাৰ্জী মহ আদি কীট পতংগ নিবাৰক। অৰ্থাৎ বাগিচাত থাকিলে ই মহৰ উপদ্ৰৱ কম কৰাতো সহায় কৰে। সেয়েহে বিভিন্ন কীটনাশক ভেষজ সামগ্ৰী , কীটনাশক স্প্রে আদিত নাৰ্জীৰ ব্যৱহাৰ কৰা হয়।

🌺🌺 পুৰুষসকলে দাড়ি খুৰাওতে বা শ্বেভিং কৰোঁতে হোৱা কটা চিঙাত নাৰ্জিফুলৰ পাত পিচি লগালে সুফল লাভ কৰে। বিভিন্ন ভেষজ এন্টিচেপতিক ক্ৰিমত নাৰ্জী এক অন্যতম মুখ্য উপকৰণ।

🌺🌺  ছালৰ শালমন, ফোঁহা , ক'লা দাগ আদি সমস্যাত নাৰ্জী ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। নাৰ্জীয়ে ছালৰ পৰা অতিৰিক্ত তেল ওলোৱাটো নিয়ন্ত্ৰণ কৰে। ইয়াৰ বাবে এটা উপযোগী পেক হৈছে:- নাৰ্জিফুলৰ পাত, তুলসীৰ পাত, পদিনাৰ পাত, চন্দনৰ গুৰি, নিমপাত একেলগে পিচি পেষ্ট বনাই লওক। এই পেক মুখত 20 মিনিটৰ বাবে লগাই পৰিষ্কাৰ পানীৰে ধুই পেলাওক। সপ্তাহত দুদিনকৈ এই পেক ব্যৱহাৰ কৰিব পাৰে। এই পেক ব্যৱহাৰ কৰিলে হাইপাৰ পিগমেণ্টেচন সমস্যাতো সুফল পোৱা যায়।


🌺🌺  ইয়াৰ উপৰিও নাৰ্জী ফুলৰ প্ৰয়োগে ছালত অকালতে বয়সৰ চাপ পৰা সমস্যা কম কৰে, ছালৰ হেৰুৱা উজ্জলতা ঘূৰাই আনে আৰু অন্যান্য বহুতো সমস্যা নিৰ্মূল কৰে। সেয়েহে বিদেশত এই ফুলৰ যথেষ্ট সমাদৰ আছে। বিভিন্ন ৰোগৰ চিকিৎসাত নাৰ্জিফুলৰ আভ্যন্তৰীণ প্ৰয়োগো কৰা হয় যেনে ইয়াৰ পাতৰ  ৰস, ফুল আৰু ফুলৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক চাহ আদি। নাৰ্জিফুলত থকা উদ্বায়ী পদাৰ্থৰ বাবে ইয়াৰ পৰা তৈয়াৰ কৰা তেল বদি স্পা , এৰোমা থেৰাপি আদিত বহুলভাৱে ব্যৱহৃত হয়। প্ৰকৃতিপ্ৰদত্ত এইবোৰ ঔষধি গছৰ গুণ ইমানেই উৎকৃষ্ট আৰু এইবোৰৰ প্ৰয়োগে ইমান তাৎক্ষণিক ফলাফল দিয়ে যে আধুনিক ঔষধেও এইবোৰৰ লগত কেতিয়াবা ফেৰ মাৰিব নোৱাৰে। এইবোৰৰ সঠিক ব্যৱহাৰে অমৃতৰ দৰে কাৰ্য্য কৰে। গোলাপৰ দৰে দামী ফুল নহয় যদিও গুণত কিন্তু কোনোগুণে কম নহয়। সেয়েহে এষাৰ কথা আছে 'ৰূপেনো কি কৰিব, গুণেহে সংসাৰ তৰে ।' পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা পদ্ধতিত বিশ্বাস থকা লোকৰ বাবে নাৰ্জিফুলৰ দৰে ঔষধি বৰদান স্বৰূপ। পাৰ্শ্বক্ৰিয়া বিহীন এইবোৰ ঔষধিয়ে শৰীৰৰ কোনো ক্ষতি নকৰে , বৰঞ্চ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়হে কৰে।


#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)

GU ( BAMS )

গুৱাহাটী, ফোন :- 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages