ঘৰুৱা উপাদানেৰে সুস্থ কৰি ৰাখক আপোনাৰ স্বাস্থ্য : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

ঘৰুৱা উপাদানেৰে সুস্থ কৰি ৰাখক আপোনাৰ স্বাস্থ্য : Assamese Health Tips

Assamese Health Tips

বাৰ মাহৰ ভিতৰত ফাগুনৰ এক সুকীয়া বৈশিষ্ট্য আছে। এইসময়ত জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হয়। পৰিবেশ শুকান হৈ পৰে, ফেৰফেৰীয়া বতাহ বলে, কেতিয়াবা ধুমুহাও হয়। সেয়েহে ফাগুনৰ বতাহজাকক  'ফাগুনৰ পছোৱা' বুলিও কোৱা হয়। Assamese Health Tips ) 


কেৱল জলবায়ুতেই পৰিবৰ্তন নহয় ফাগুন মাহত আমাৰ মনবোৰো যেন সলনি হয়। বিশেষকৈ নৱযৌৱনাসকলৰ মনলৈ ফাগুনে যেন প্ৰেমৰ বীজ কঢ়িয়াই লৈ আনে । সেয়েহে কবিতা আৰু গানৰ ভাষাত কোৱা হয় 'মনলৈ ফাগুন আহে।' এই ফাগুন মাহতে উলহ মালহেৰে ৰঙৰ উৎসৱ 'ফাকুৱা' বা হোলী , শিৱৰাত্রী আদি উদযাপন কৰা হয়। এইবোৰ উৎসৱে আমাৰ মনলৈ আনন্দৰ জোৱাৰ লৈ আনে। আমাৰ বহুতৰে পছন্দৰ এই ফাগুন মাহতে কিন্তু বহু ৰোগ হোৱা দেখা যায়। কাৰণ এইসময়ত বতাহত ধোঁৱা, ধূলিকণা, ফুলৰ ৰেণু, শুং, জীৱ জন্তুৰ নোম, নানা ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আদি অণুজীৱ আদি মিহলি হৈ থাকে। যাৰ ফলত বেছিভাগ লোকেই কাহ, চৰ্দি, জ্বৰ, এলাৰ্জি, ছালৰ ৰোগ, বসন্ত ৰোগ, গেছ, বদ হজম, পেটৰ ৰোগ, ব্ৰংকাইটিছ, হাপানী আদিত ভোগে। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোক সহজে এইবোৰ ৰোগত আক্ৰান্ত হয়। শিশু আৰু বৃদ্ধসকল সাধাৰণতে সোনকালে যিকোনো ৰোগৰ কৱলত পৰে। কিন্তু অলপ যত্ন ললে, ঋতু অনুযায়ী আহাৰ বিহাৰ কৰিলে, পথ্য অপথ্য মানি চলিলে আৰু অন্য কেতবোৰ নীতি নিয়ম মানি চলিলে আমি বহু পৰিমানে এনেবোৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো। আজিও গাঁৱলীয়া সমাজত এনে নীতি নিয়ম ,পৰম্পৰা মানি চলা হয় যিবোৰৰ বৈজ্ঞানিক ভিত্তি আছে। এই সময়ত উপলব্ধ কেতবোৰ ঔষধি দ্ৰব্যৰে আনায়সে আমি আমাৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰো। ফাগুন মাহত ল'ব লগা তেনে কেইটামান যতন তলত উল্লেখ কৰা হৈছে। 


🍀🍀 চাফ চিকুনতা তথা স্বাস্থ্য ৰক্ষাৰ নীতি নিয়ম পালন কৰাটো সকলোৰে কৰ্তব্য ও দায়িত্ব। এলাৰ্জিৰ সমস্যা , হাপানী, ব্ৰংকাইটিছ ,ছালৰ ৰোগ থকা লোকে ফাগুন মাহত বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। নিজকে যিমান পাৰে ধূলি, বতাহ আদিৰ পৰা বচাই ৰাখক। বাহিৰত ওলাই গলে মাস্ক পৰিধান কৰক। ঘৰৰ চুক কোণ, চিলিং আদি চাফা কৰোতে নাক মুখত কাপোৰেৰে ভালকৈ ঢাকি লওক যাতে লেতেৰা ধূলি আদি নাকৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। বীজাণুনাশক দ্ৰব্যৰে ঘৰৰ মজিয়া নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখক। ঘৰৰ চোফা, গাৰু, তোচক বা তুলি আদি মাজে মাজে ৰ'দাই থাকিলে বহু বীজাণু নাশ হয়। শিশুৰ কাপোৰ কানি ভালকৈ ধুই ৰ'দত দিয়া উচিত। নিম , তুলসী সিজোৱা পানীৰে মাজে সময়ে স্নান কৰক। নিমপাত ঘৰৰ চুকে কোণে ৰাখি দিব পাৰে কাৰণ নিমে বায়ুত থকা বিভিন্ন বেমাৰৰ বীজাণু নাশ কৰি বায়ু পৰিষ্কাৰ কৰে। ঘৰত নিমপাত এনেকৈ ৰাখিলে বসন্ত ৰোগ নহয় বুলি জনবিশ্বাস আছে যাৰ বৈজ্ঞানিক সত্যতা নথকা নহয়। ঘৰত এজোপা নিমগছ ৰুলে ই ঘৰৰ চৌহদৰ বায়ু পৰিষ্কাৰ কৰি ৰাখে।


🍀🍀 খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক। উৰহি, মাতিদাইল, কচু, ঔটেঙা, বৰালি মাছ ,বৰা চাউলৰ বস্তু যিমান পাৰে কমাই খাওক। ( কাৰণ এনেবোৰ খাদ্যৰ পৰাও বহু লোকৰ এলাৰ্জি হোৱা দেখা যায়)। মাজে মাজে নিমপাত, চিৰতা, তিতাফুল , ভেকুৰি তিতা , তিতা কেৰেলা, কলখাৰ আদি খাওক। তিতা আৰু খাৰে তেজ পৰিষ্কাৰ কৰে, জ্বৰ , কাহ, চৰ্দি, এলাৰ্জি, কফজনীত সমস্যা, ছালৰ ৰোগ, পেটৰ ৰোগ, কৃমিজনীত সমস্যা  নিৰাময় কৰে। তিতাকেৰেলা, নিম আদিয়ে বসন্ত ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰিও এনেবোৰ ঔষধি দ্ৰব্যই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি শৰীৰ শোধন কৰে। টেঙেচি, চুকা শাক, মধুসূলেং আদি টেঙা শাকৰ আঞ্জা খাব লাগে। এইবোৰে গ্ৰহণী, অতিসাৰ , পেটৰ কামোৰণি আদি পেটৰ অসুখ হোৱাত বাধা দিয়ে আৰু জণ্ডিচ, পেচাবৰ সংক্ৰমণ জনীত ৰোগ আদি প্ৰতিৰোধ কৰে। প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে 


 🍀🍀 ফাগুন মাহত হোৱা কেতবোৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ আমি কেতবোৰ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিব পাৰো। সকলোৰে চিনাকি তেনে কেইবিধ ঔষধি দ্ৰব্যৰ সেৱন বিধি তলত উল্লেখ কৰা হ'ল। 


🌺 তুলসী :- জীৱাণুনাশক, এলাৰ্জি প্ৰতিৰোধক , তেজ পৰিষ্কাৰক, কফ নাশক আদি গুণযুক্ত  তুলসী পাতৰ সেৱনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মিতভাৱে দুই তিনিখিলা কৈ তুলসী পাত সেৱন কৰিলে এইসময়ত হোৱা বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। জ্বৰ, কাহ, এজমা আদি ৰোগতো তুলসী উপকাৰী। এনেবোৰ ৰোগত অন্য ঔষধিৰ লগত তুলসীৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।


🌺 আমলখি :- ভিটামিন চি, এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে , ছাল চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে, শৰীৰ শোধন কৰে আৰু বহু ৰোগ প্ৰতিৰোধ কৰে। নিয়মীয়াকৈ দুই তিনিটা আমলখি সেৱন কৰিলে বতৰ পৰিবৰ্তনৰ সময়ত হোৱা চৰ্দি,কাহ, এলাৰ্জি আদিৰ পৰা বাচি থাকিব পাৰি। আমলখিয়ে আমাক চিৰসেউজীয়া কৰিও ৰাখে অৰ্থাৎ দেহৰ যৌৱনাৱস্থা অটুট ৰখাত সহায় কৰে।Assamese Health Tips ) 


🌺 হালধি :- হালধিৰ অজস্ৰ গুণৰ কথা সকলোৱেই জানে। বিশেষকৈ এলাৰ্জিজনীত ৰোগ, ছালৰ ৰোগ, কফজনীত ৰোগ আদিত ইয়াৰ ব্যৱহাৰ চমকপ্ৰদ।  হালধীয়ে তেজো পৰিষ্কাৰ কৰে যাৰ বাবে ছালৰ ৰোগত ই মহৌষধৰ কাম কৰে।কেঁচা হালধিৰ ৰস দুই চামুচ একাপ গাখীৰৰ লগত ৰাতিপুৱা সেৱন কৰিলে ই খুব সুন্দৰ ফল দিয়ে। কেঁচা হালধি নাপালে শুদ্ধ গুৰি হালধি এচামুছ এগিলাচ গাখীৰৰ লগত মিহলাই সেৱন কৰিলেও সুফল পোৱা যায়।


🌺 আদা :- আদাই হজমী শক্তি বৃদ্ধি কৰে , ভোক বঢ়ায় আৰু কফজনীত ৰোগ, পেটৰ ৰোগ আদিতো উপকাৰী। আদাৰ লগত অকণমান ক'লা নিমখ আৰু নেমুৰ ৰস দি ভোজন কৰাৰ আগত সেৱন কৰিলে পেটৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। কফজনীত ৰোগতো আদাৰ ৰস, তুলসীৰ ৰস আৰু অন্যান্য ঔষধিৰ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।


🌺 মৌজোল :-  মৌ আমাৰ বাবে অমৃতসম। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ই কাহ,চৰ্দি, এলাৰ্জি, হাপানী, ব্ৰংকাইটিছ আদি বহু ৰোগ নিৰাময় কৰে। নিয়মীয়াকৈ মৌজোল সেৱন কৰিলে  ফাগুনত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধ ও নিৰাময় হয়। বিশেষকৈ ৰাতি শোৱাৰ সময়ত এচামুছ মৌ সেৱন কৰিলে বহু উপকৃত হোৱা দেখা যায়। তদুপৰি বিভিন্ন ৰোগত ঔষধিৰ লগত মৌক অনুপান হিচাবে সেৱন কৰিলে সুফল পোৱা যায়।


🌺 কেঁচা পিয়াজ :- কেঁচা পিয়াঁজ বৰ উপকাৰী বিশেষকৈ জ্বৰ,কাহ আদিত কেঁচা পিয়াঁজ খালে উপকাৰ পোৱা যায়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হৃদপিণ্ড সবল কৰে আৰু পেচাবৰ সংক্ৰমণ ৰোধ কৰে আৰু বহু ৰোগত উপকাৰী। কেঁচা পিয়াজ খালে মুখ গোন্ধায় বাবে ৰাতিৰ আহাৰৰ লগত গ্ৰহণ কৰিব পাৰে।


🌺নহৰু:- নহৰুয়ে বহু ৰোগ প্ৰতিৰোধ কৰে। বিশেষকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, এলাৰ্জি, কফজনীত ৰোগ, ভাইৰাছ, বেক্টেৰিয়াজনীত ৰোগত সুফল দিয়ে। মাজে সময়ে নহৰু দুই তিনিফুটা গেছত সেকি বা কলপাতত সেকি খাব পাৰে।


🌺 দোৰোণ বন :- ফাগুন মাহত হোৱা যিকোনো ৰোগত দোৰোণ বন বৰ উপকাৰী। বিশেষকৈ তনচিলাইটিছ, চাইনাচাইটিছ, ফেৰিনজাইটিছ , পেটৰ সমস্যা , এলাৰ্জি, কফজনীত সমস্যা আদিত এই শাক উপকাৰী।  নহৰু, জালুক দি কলপাতত সেকি নাইবা বইল কৰি পিতিকা হিচাবেও খাব পাৰি।


🌺 মানিমুনি :- দুয়োবিধ মানিমুনি বহু ৰোগৰ উত্তম পথ্য। শিশু আৰু বৃদ্ধ উভয়ে মানিমুনি শাকৰ আঞ্জা খালে বহু ৰোগ প্ৰতিৰোধ হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো মানিমুনি উপকাৰী। মানিমুনিৰ জালুকীয়া আঞ্জাই শৰীৰত বল প্ৰদান কৰে।


🍀  ফাগুন মাহত ছাল, চুলি শুষ্ক হৈ পৰে । এই মাহত সহজলভ্য প্ৰাকৃতিক উপাদানেৰে ছাল চুলিৰ যত্ন ল'ব পাৰি। ছালৰ বাবে তেনে কেইবিধমান দিহা হৈছে :-

🌺 খাটি সৰিয়হ তেল বা অলিভ অইলেৰে দেহত মালিচ কৰি স্নান কৰিলে ছালৰ শুষ্কতা দূৰ হয়। 

 🍀মাহ হালধিৰে মুখমণ্ডল আৰু গা পৰিষ্কাৰ কৰিব পাৰে। এই মিশ্ৰণৰ গুণাগুণ বৃদ্ধি কৰিবলৈ মাহ হালধিৰ লগত, তুলসী, নিমপাত আদি দিও লব পাৰে। 

☘️ বেচন, হালধি, দৈ মিহলাই পেক হিচাবে মুখত ব্যৱহাৰ কৰিব পাৰে।

☘️ মচুৰ দাইল ভালকৈ ধুই গাখীৰত তিয়াই লৈ তাৰ লগত ছালৰ প্ৰকাৰ অনুসৰি নিমপাত, হালধি আদি মিহলাই পেক হিচাবে ব্যৱহাৰ কৰিব পাৰে। 

🍀চুলিৰ শুকান ভাব দূৰ কৰিবলৈ শ্বেম্পু কৰাৰ আগত তিল তেল, অলিভ অইল, নাৰিকল তেল আদি গৰম কৰি চুলিৰ গুৰিত মাচাজ কৰক। শুকান চুলিৰ গৰাকীয়ে মৌ মিহলি পানীৰে চুলিত কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। চুলি ফাটিলে চুলিখিনি অলপ ট্ৰিম কৰি দিব লাগে

🌺🌺 শিশু আৰু বৃদ্ধ সকলৰ স্বাস্থ্যৰ যত্ন :- শিশুসকল আৰু বৃদ্ধ লোকে ঠাণ্ডা পানীৰ ব্যৱহাৰ, ঠাণ্ডা বতাহ , ধূলি আদিৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগে। তেওঁলোকৰ বাবে কুহুমীয়া পানীৰ ব্যৱহাৰ  বেছি উপকাৰী। বেছিকৈ বতাহ বলা দিনকেইটাত শিশুসকলৰ বিশেষ যত্ন লওক। নৱজাতক আৰু কণ কণ শিশু সকলক ফাগুনৰ বতাহৰ পৰা বচাই ৰাখিব লাগে কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱা বাবে কফজনীত ৰোগ, পেটৰ ৰোগ আদিত ভোগাৰ সম্ভাৱনা থাকে।  খাটি মিঠাতেল বা অলিভ অইলেৰে শৰীৰ মালিচ কৰি পুৱাৰ একেবাৰে কোমল ৰ'দটো কিছু সময় ল'ব পাৰিলে খুব ভাল। পুৱাৰ সূৰ্যৰ ৰশ্মি আমাৰ শৰীৰৰ বাবে খুব উপকাৰী। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, দেহত বলৰ সঞ্চাৰ কৰে। লগতে এইসময়ত উপলব্ধ থলুৱা খাদ্য সামগ্ৰী গ্ৰহণ কৰিলে সকলো লোকেই নিৰোগী আৰু স্বাস্থ্যবান হৈ থাকিব পাৰে। 


#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, ফোন -7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages