সহজলভ্য বনৌষধিৰে শৰীৰৰ শোধন কৰক এনেদৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 26, 2022

সহজলভ্য বনৌষধিৰে শৰীৰৰ শোধন কৰক এনেদৰে : Assamese Health Tips

Assamese Health Tips

শৰীৰত উৎপন্ন হোৱা বা শৰীৰত জমা হোৱা নানা ধৰণৰ অলাগতিয়াল বৰ্জিত পদাৰ্থৰ নিষ্কাশনেই হৈছে সাধাৰণ অৰ্থত শৰীৰ শোধন চিকিৎসা।Assamese Health Tips )  


এই অলাগতিয়াল বৰ্জিত পদাৰ্থক আধুনিক ভাষাত 'টকচিন্স'( toxins) বুলি কোৱা হয়। সেয়েহে শৰীৰ শোধন চিকিৎসাক বডী দিতক্সিফিকেচন বা চমুকৈ 'বডী দিতক্স' বুলিও কব পাৰি। অতি প্ৰাচীন কালৰে পৰা আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত নানা তৰহৰ শৰীৰ শোধন চিকিৎসাৰ প্ৰয়োগ হৈ আহিছে। আয়ুৰ্বেদ মনীষীসকলৰ ব্যৱহাৰিক জ্ঞানৰ পৰিসৰ অতি বহল আছিল। সেয়েহে তেওঁলোকে শৰীৰ শোধন চিকিৎসাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। উপবাস বা লঙ্ঘন চিকিৎসা বা আজিৰ ভাষাত ফাষ্টিং তেনে এক প্ৰকাৰৰ শৰীৰ শোধন চিকিৎসা। তদুপৰি অভিজ্ঞ আয়ুৰ্বেদিক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা কৰা পঞ্চকৰ্ম চিকিৎসা সকলোতকৈ উত্তম।  ঠিক তেনেদৰে বহুতো ঔষধি দ্ৰব্যৰ প্ৰয়োগেৰে আমি আমাৰ শৰীৰৰ শোধন কৰিব পাৰো । ঋতু পৰিবৰ্তনৰ সময়ত শৰীৰ শোধনৰ বাবে আয়ুৰ্বেদত বহু ঔষধিৰ বৰ্ণনা পোৱা যায়। শৰীৰ শোধন চিকিৎসাই আমাক স্বাস্থ্যবান আৰু নিৰোগী কৰি ৰাখে আৰু সাম্ভাব্য বহু ৰোগৰ পৰা বচাই ৰাখে। শৰীৰ শোধন চিকিৎসাৰ পৰিসৰ অতি বিস্তৃত। 


আজিৰ যুগত স্বাস্থ্যসচেতন বহু লোকে বিভিন্ন ডিটক্স প্ৰগ্ৰেমৰ সহায় লোৱা দেখা যায়। যুগৰ পৰিবৰ্তন হোৱাৰ লগে লগে আমাৰ খাদ্যভ্যাসৰ পৰিৱৰ্তন হৈছে। বজাৰৰ ৰাসায়নিক সাৰ, কীটনাশক দিয়া পাচলি সেৱন, ফাষ্ট ফুড, জাংক ফুড , নানা তৰহৰ কৃত্ৰিম শীতল পানীয়, কৃত্ৰিম ৰং প্ৰয়োগ কৰা ৰং বিৰঙৰ নানা ধৰণৰ খাদ্য সামগ্ৰী,  চিপচ , কুৰকুৰে আদি মুখৰোচক খাদ্য, তেলত ভজা খাদ্য, ময়দাৰ খাদ্য, টিনত সংৰক্ষণ কৰা খাদ্য আদি সেৱনৰ ফলত আমাৰ শৰীৰত কেতবোৰ অলাগতিয়াল ৰাসায়নিক পদাৰ্থৰ বোজা আহি পৰিছে। ইয়াৰ উপৰিও বায়ু প্ৰদূষণ, জল প্ৰদূষণ , পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তন আদিয়েও আমাৰ শৰীৰত যথেষ্ট ক্ষতিকাৰক প্ৰভাৱ পেলায়। আমাৰ শৰীৰৰ চলি থকা বিভিন্ন বিপাকীয় ক্ৰিয়াতো নানা ধৰণৰ  টকচিন্স উৎপন্ন হয়। এই বৰ্জিত পদাৰ্থৰ বোজা ল'ব লগা হয় প্ৰধানকৈ আমাৰ যকৃত বা লিভাৰে। ঠিক সেইদৰে কিডনীৰ দৰে গুৰুত্বপূৰ্ণ অংগতো ইয়াৰ ক্ষতিকাৰক  প্ৰভাৱ পৰে, তেজ দূষিত হয়, বিপাকীয় ক্ৰিয়াত বিজুটি হয় আৰু মেদবহুলতা, ফেতি লিভাৰ, ডায়েবেটিচ আদি ৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি হয়। সুস্বাস্থ্যৰ বাবে আমাৰ পাচনতন্ত্ৰ, ৰক্তপৰিবহনতন্ত্ৰ, শ্বাসতন্ত্ৰ, ৰেচনতন্ত্ৰ আদিয়ে সুচাৰুৰূপে কাৰ্য্য সম্পাদন কৰাতো অতি গুৰুত্বপূৰ্ণ।  মল, মূত্ৰ আদিও আমাৰ শৰীৰৰ বৰ্জিত পদাৰ্থ। এইবোৰ ভালদৰে শৰীৰৰ পৰা ওলাই নগলেও আমি ৰোগীয়া হওঁ। সুস্বাস্থ্যৰ বাবে সেয়েহে মাজে মাজে আমি আমাৰ শৰীৰটোক শোধন কৰাতো অতি প্ৰয়োজনীয়। যিদৰে আমি আমাৰ ঘৰ, চৌপাশ নিয়মিতভাৱে চাফ চিকুণ কৰি ৰাখো ঠিক তেনেদৰে আমাৰ শৰীৰটোকো শোধন কৰি ৰখা উচিত । প্ৰকৃতিপ্ৰদত্ত কেতবোৰ সহজলভ্য বনৌষধিৰে আমি আমাৰ শৰীৰৰ শোধন কৰিব পাৰো। সকলোৰে চিনাকি তেনে কেইবিধমান বনৌষধিয়ে কিদৰে আমাৰ শৰীৰৰ শোধন কৰি স্বাস্থ্য ৰক্ষা কৰে সেয়া অলপ জানোচোন আহক।


🍀🍀🍀 তুলসী:- লোকবিশ্বাসত তুলসী অতি পবিত্ৰ বনৌষধি বুলি গণ্য কৰা হয়। পূজা অৰ্চনা তুলসী অবিহনে যেন আধৰুৱা। মাংগলিক অনুষ্ঠানৰ উপৰিও অতীতৰে  পৰা বিভিন্ন ৰোগৰ চিকিৎসাত তুলসীৰ ব্যৱহাৰ হৈ আহিছে। তুলসীয়ে তেজৰ শোধন কৰে, যকৃতৰ, বৃক্কৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি  শৰীৰৰ শোধন কৰাতো সহায় কৰে। নিয়মিত ভাৱে দুই তিনিখিলা তুলসী পাত খাই থাকিলে ই এলাৰ্জিৰ সমস্যাৰ পৰা বচাই ৰাখে, শ্বাস প্ৰস্বাসজনীত ৰোগ নিৰ্মূল কৰে ,লিভাৰ কেনচাৰ প্ৰতিৰোধ কৰে, ইউৰিক এচিডৰ সমস্যা কম কৰাত সহায় কৰে। শৰীৰ শোধনৰ বাবে তুলসী চাহ বনাইও খাব পাৰি। দুকাপ পানীত চাৰি পাঁচখিলা তুলসী পাত সিজাই সিজাই একাপ পানী থকা অৱস্থাত জুইৰ পৰা নমাই ৰাখি অলপ ঠাণ্ডা হোৱাৰ পাছত মৌ দি সেৱন কৰিব পাৰে।


🌺🌺নিম:- শৰীৰ শোধন কৰা উৎকৃষ্ট বনৌষধিৰ কথা কওঁতে নিমৰ কথা কবই লাগিব। মহানিম পাতে যে তেজ পৰিষ্কাৰ কৰে সেই কথা প্ৰায় সকলোৱে জানেই। মাহেকত দুই এদিন নিমপাত খাই থাকিলে আমি বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰো। নিমে তেজ পৰিষ্কাৰ কৰাৰ উপৰিও যকৃত বা লিভাৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ ওলাই যোৱাত সহায় কৰে, বীজাণুনাশক গুণ থকাৰ বাবে পেট পৰিষ্কাৰ কৰে, কৌষ্ঠশুদ্ধি কৰে, কৃমিৰ সমস্যা নিৰ্মূল কৰাত সহায় কৰে। ধূলি বালি, ফুলৰ ৰেণু আৰু নানা তৰহৰ দূষিত পদাৰ্থ আমাৰ শৰীৰত প্ৰৱেশ কৰি এলাৰ্জি, এজমা , ছালৰ নানান ৰোগ সৃষ্টি কৰে। এইবোৰ বেমাৰৰ কাৰকবোৰ দেহৰ পৰা পৰিস্কাৰ কৰি শৰীৰ শোধন কৰাত নিমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে মাজে মাজে নিমপাত ভাজি খালে বতৰ সলনি বা ঋতু পৰিৱৰ্তনৰ সময়ত হোৱা ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰো। Assamese Health Tips ) 


🍀🍀🍀পদিনা :- শৰীৰ শোধন কৰাত পদিনা অতি উপকাৰী ঔষধি। পদিনাই পাচনকাৰ্য্যত সহায় কৰে আৰু পেট খোলোচা কৰে । সুস্বাস্থ্যৰ বাবে আমাৰ মল মূত্ৰৰ দৰে বৰ্জিত পদাৰ্থ শৰীৰৰ পৰা ভালদৰে ওলাই যোৱাটো অতি প্ৰয়োজনীয়। পদিনাই মল পৰিষ্কাৰ কৰে, তেজৰ শোধন কৰে, মুখৰ দুৰ্গন্ধ দূৰ কৰি মুখশুদ্ধি কৰে আৰু দাঁত চিকচিকিয়া কৰে। শৰীৰ শোধনৰ বাবে নিয়মীয়াকৈ কেঁচা পদিনাৰ চাটনি নাইবা পদিনাৰ চাহ সেৱন কৰিব পাৰি।


🍀🍀 হালধি:- ৰোগ নিৰাময় আৰু সৌন্দৰ্য্য চর্চাত হালধীয়ে অতীতৰে পৰা স্থান পাই আহিছে।  আভ্যন্তৰীণ বা বাহ্যিক দুয়োপ্ৰকাৰে হালধিৰ প্ৰয়োগ কৰিব পাৰি। হালধীয়ে তেজ পৰিষ্কাৰ কৰে, লিভাৰৰ কার্যক্ষমতা বৃদ্ধি কৰে, বিপাকীয় ক্ৰিয়া সুচাৰুভাৱে চলাত সহায় কৰে আৰু শৰীৰৰ উৎপন্ন হোৱা বিভিন্ন বৰ্জিত পদাৰ্থ নিষ্কাশনতো সহায় কৰে। এগিলাচ কুহুমীয়া পানীত আধা চামুচ হালধিৰ গুৰি( ঘৰুৱা হালধি হলে বেছি ভাল) মিহলি কৰি অকনমান মৌ দি নিতৌ পুৱা সেৱন কৰিলে সম্পূৰ্ণ শৰীৰৰ শোধন হয়। নাইবা একাপ গৰম গাখীৰত দুই চামুচ কেঁচা হালধিৰ ৰস সেৱন কৰিলে কাহ,চৰ্দি, এলাৰ্জি আদি বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি  বিশেষকৈ শীত, বসন্ত ঋতুত এনেদৰে হালধি সেৱন কৰিলে প্ৰাকৃতিক ভাবে শৰীৰৰ শোধন হয়।


🍀🍀 চিৰতা:- প্ৰাচীন কালৰে পৰা থলুৱা চিকিৎসা পদ্ধতিত চিৰতা তিতাৰ ব্যৱহাৰ হৈ আহিছে বিশেষকৈ যকৃত বা লিভাৰজনীত বিভিন্ন ৰোগত ইয়াৰ প্ৰয়োগ চমকপ্ৰদ। যকৃতৰ ৰোগত চিৰতা পানী খোৱাটো এতিয়াও আমাৰ গাওঁসমূহত প্ৰচলিত । যকৃত আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ যি বিকাৰগ্রস্ত হলে তাৰ বিৰূপ প্ৰভাৱ চিধা আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। তেলত ভজা, জ্বলা, মচলা, চৰ্বিযুক্ত খাদ্য গ্ৰহণ , ৰাসায়নিক সাৰ, কীটনাশক দিয়া শাকপাচলিৰ সেৱন, কেতবোৰ ঔষধ সেৱন, মদ্যপান ইত্যাদি বিভিন্ন কাৰণত যকৃতৰ ওপৰত অত্যাধিক বোজা পৰে । তেতিয়াই ইয়াৰ কার্যক্ষমতা হ্ৰাস পায় আৰু নানা অলাগতিয়াল বৰ্জিত পদাৰ্থৰ সৃষ্টি হয়। সেয়েহে সময়ে সময়ে যকৃতৰ শোধন হৈ থকা উচিত। চিৰতাই যকৃতৰ শোধন কাৰ্য্য কৰাত সহায় কৰে। মাহেকত এবাৰ বা দুবাৰ ৰাতিপুৱা খালি পেটত এখিলা বা দুখিলা চিৰতাৰ পাত খালে তেজ পৰিষ্কাৰ হয়, পেলুৰ সমস্যা নিৰাময় হয় আৰু যকৃতৰ কার্যক্ষমতা বৃদ্ধি হয় আৰু খৰ খজুৱতি আদি ছালৰ বিভিন্ন ৰোগ নিৰ্মূল হয়।


🍀🍀🍀ধনীয়া:- সুগন্ধি ধনীয়া আমাৰ গৰিষ্ঠসংখ্যক লোকৰে প্রিয়। চালাড, চাটনি, পিতিকাত অকণমান ধনীয়া দিলেহে খাই বঢ়িয়া লাগে । এই ধনীয়াৰো যে শৰীৰ শোধন কৰা ক্ষমতা আছে ভাবিলেই আচৰিত লাগে। বিভিন্ন অনুসন্ধানমূলক গৱেষণাৰ পৰা দেখা গৈছে যে ধনীয়াই আমাৰ শৰীৰৰ জমা হোৱা বিভিন্ন অপকাৰী বা ক্ষতিকাৰক ধাতু যেনে মাৰ্কাৰী, লেদ আদি নিষ্কাশন কৰাত সহায় কৰে। ধনীয়াই শৰীৰৰ পৰা মল, মূত্ৰ আদি ভালকৈ নিষ্কাশন হোৱাত সহায় কৰে। খাদ্য,পানী আদিৰ মাধ্যমেদি আমাৰ শৰীৰত নানান ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে। ধনীয়াই এইবোৰ  ক্ষতিকাৰক পদাৰ্থ মল,মূত্ৰৰ যোগেদি শৰীৰৰ পৰা নিষ্কাশন কৰি শৰীৰ শোধন কৰে। তদুপৰি ই ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাতো সহায় কৰে। নিয়মিত ভাৱে চুপ, তৰকাৰীত দি বা ৰস উলিয়াই ধনীয়া সেৱন কৰিলে সুফল পোৱা যায়। 


🍀🍀🍀 উপৰোক্ত প্ৰাকৃতিক দ্ৰব্যসমূহৰ উপৰিও আন বহুতো বনৌষধি আছে যিবোৰে আমাৰ শৰীৰৰ শোধন কৰি বিভিন্ন ৰোগৰ কৱলৰ পৰা বচাই আমাক নিৰোগী কৰি ৰাখে। অতীতৰ লোকসকলে এইবোৰ উপকাৰী বনৌষধিৰ গুণাগুণ ভালকৈ জানিছিল আৰু সুস্বাস্থ্যৰ বাবে তেওঁলোকে সেইবোৰ বিধিসন্মতভাৱে সেৱন কৰিছিল । আমাৰ পূৰ্বপুৰুষসকলে এইবোৰ বনৌষধি খোৱাৰ সঠিক নীতি নিয়ম , দিহা পৰামৰ্শ, ব্যৱহাৰিক জ্ঞান আদি সকলোবোৰ আমাক দি গৈছে । আমি তেওঁলোকৰ পদানুসৰণ কৰি এই উৎকৃষ্ট বনৌষধিসমূহ পুনৰ আকোৱালি লৈ স্বাস্থ্যৱান হৈ থাকিবলৈ যত্ন কৰা উচিত।

#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, ফোন - 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages