ডায়েবেটিচ,উচ্চ ৰক্তচাপ আদিত পিয়াঁজ পাত উপকাৰী : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 25, 2022

ডায়েবেটিচ,উচ্চ ৰক্তচাপ আদিত পিয়াঁজ পাত উপকাৰী : Assamese Health Tips

 

Assamese Health Tips

পাকঘৰত ব্যৱহাৰ হোৱা অতি প্ৰয়োজনীয়  ঘৰুৱা মছলাবিধেই হৈছে পিয়াঁজ। যিকোনো আমিষ বা নিৰামিষ ব্যঞ্জন বনাওঁতে পিয়াঁজ নহ'লেই নহয় বুলি ক'লেও ভুল নহয়।Assamese Health Tips ) 


 পিছে শীতৰ দিনকেইটাত আমি পিয়াঁজ পাত বা পিয়াঁজৰ নলাৰো জুতি লৈ ভাল পাওঁ। ঠাণ্ডা দিনত পুৰণি পিয়াঁজৰ গজালি ওলায় আৰু এই গজালি ওলোৱা পিয়াঁজ মাটিত গুজি দিলেই কিছুদিন পিছত ধুনীয়াকৈ পিয়াঁজ পাত ওলাই আহে, বিশেষ কোনো যত্নৰো প্ৰয়োজন নাই। আজিকালি বহুতে টাব বা কনটেইনৰাটো (container) পিয়াঁজৰ খেতি কৰে। পিয়াঁজৰ দৰে পিয়াঁজৰ পাত বা পিয়াঁজৰ নলাও আমি বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰো । পিয়াঁজ পাত দি বনোৱা অমলেটখন আৰু পিয়াঁজ পাতৰ লগত বনোৱা সৰু সৰু মাছৰ ভাজিখনৰ সোৱাদ সঁচাই জুতিলগা। 


ইয়াৰ উপৰিও আজিকালি আমি চুপ, নুদলছ দৰে খাদ্যৰ জুতি লওঁ যিবোৰ বনাওঁতে পিয়াঁজ পাত দিলে সোৱাদ দুগুণে বৃদ্ধি হয়। ইংৰাজীত পিয়াঁজ পাতক স্প্ৰিং অনিয়ন , চালাড অনিয়ন আদি বিভিন্ন নামেৰে জনা যায়। আচলতে কুমলীয়া পিয়াঁজ আৰু তাৰ সৈতে লাগি থকা পিয়াঁজৰ পাত দুয়োটাকে একেলগে এই নামেৰে জনা যায়। শীতৰ দিনকেইটাত বজাৰত পিয়াঁজ পাতৰ চাহিদাও বেছি হয়। পিয়াঁজ পাত ( পিয়াঁজ নলা) বা স্প্ৰিং অনিয়ন পৃথিৱীৰ বিভিন্ন দেশৰ খাদ্যসম্ভাৰত ব্যৱহাৰ হয়। বিশেষকৈ চীন, থাইলেণ্ড, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত ইয়াৰ ব্যৱহাৰ চুপ, নুদলচ , চালাড, ভিজিটেবল ষ্টিৰ ফ্ৰাই আদি বিভিন্ন ব্যঞ্জনত বনাওতে হয়। বিভিন্ন চাইনীজ ব্যঞ্জনৰ অন্যতম মুখ্য উপকৰণ হৈছে স্প্ৰিং অনিয়ন। চাবলৈ গ'লে দক্ষিণ পূব এছিয়াৰ দেশৰ খাদ্য যথেষ্ট স্বাস্থ্যসন্মত বুলিয়ে ক'ব লাগিব কাৰণ তাত নূন্যতম তেল, মছলাৰ প্ৰয়োগ হয় আৰু এনেকুৱা সেউজীয়া শাকপাচলিৰ খুবেই ব্যৱহাৰ হয়। 


পিয়াঁজৰ পাতত ভিটামিন এ, ভিটামিন বি ৬, ফলেট, ভিটামিন চি, কেলচিয়াম, পতাচিয়াম, কপাৰ, আইৰণ, মেংগানিজ, ক্ৰমিয়াম আদি খনিজ পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে খুব উপকাৰী। তেন্তে জানোচোন আহক পিয়াঁজ পাতৰ উপকাৰীতা সমূহ-

🍀 পিয়াঁজ পাতত পোৱা ছালফাৰৰ বাবে ই দেহত ইনচুলিন হৰমনৰ নিঃসৰণ বৃদ্ধি কৰে যাৰ বাবে ডায়েবেটিচ ৰোগ প্ৰতিৰোধ হোৱাত সহায় হয়। ই অগ্নাশয়ৰ কার্যক্ষমতা বৃদ্ধি কৰি শৰীৰৰ বাবে আৱশ্যকীয় ইনচুলিন হৰমন ক্ষৰণত সহায় কৰে বাবে ডায়েবেটিচ ৰোগীৰ বাবে ই এবিধ উত্তম পথ্য।

🍀ইয়াত থকা আঁহ বা ফাইবাৰৰ বাবে পিয়াঁজ পাতে পাচনক্ৰিয়াত সহায় কৰে। কৌষ্ঠকাঠিন্য সমস্যা উপশম কৰাৰ লগতে ই ভোক বৃদ্ধি কৰাতো সহায় কৰে।

🍀 ভিটামিন এ যুক্ত হোৱা বাবে চকুৰ সুস্বাস্থ্যৰ বাবেও উপকাৰী। ই কেটেৰেক্ট বা তেনে ধৰণৰ চকুৰ সমস্যা ৰোধ কৰাতো সহায় কৰে।

🍀 ভিটামিন চি থকা বাবে, বেক্টেৰিয়ানাশক আৰু ভাইৰাছ প্ৰতিৰোধী গুণ থকা বাবে বতৰ পৰিবৰ্তনৰ ফলত হোৱা কাহ, চৰ্দি প্ৰতিৰোধ কৰাত সহায় কৰে। নিয়মীয়াকৈ খালে ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।Assamese Health Tips ) 


🍀 বৰ্ধিত ট্ৰাইগ্লিচাৰাইড, কলেষ্টৰলৰ পৰিমাণ কম কৰাটো পিয়াঁজ পাত উপকাৰী। বিভিন্ন গৱেষণামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণটো সহায় কৰে আৰু কৰোনাৰী হাৰ্ট ডিজিজ প্ৰতিৰোধ  কৰাত সহায় কৰে । পতাচিয়াম, ফলেট আদি থকাৰ বাবে ই হাৰ্টৰ সুৰক্ষা কৰে।

🍀পিয়াঁজ পাতত থকা ছালফাৰ যৌগ যেনে এলিল ছালফাইড আৰু এন্টিঅক্সিডেন্টৰ বাবে ই কেনচাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

🍀 গাঁঠিৰ বিষ, এজমা আদিতো পিয়াঁজ পাত বৰ উপকাৰী। 

🍀 পিয়াঁজ পাতত থকা এন্টিঅক্সিডেন্টে আমাৰ ছালত পৰা বলিৰেখা অৰ্থাৎ বয়সৰ চাপ কম কৰাত সহায় কৰে। সেয়েহে ইয়াৰ চিজনৰ দিনকেইটাত মাজে সময়ে পিয়াঁজ পাত খোৱা উচিত।

🍀🍀 ওপৰৰ কথাখিনিৰ পৰা এটা কথা বুজা যায় যে বৰ্তমান সময়ৰ বিভিন্ন ৰোগ যেনে ডায়েবেটিচ , উচ্চ ৰক্তচাপ, কলেষ্টৰল আদিত পিয়াঁজ পাত উপকাৰী। অৰ্থাৎ সকলো মানুহেই নিচিন্ত মনেৰে পিয়াঁজ পাত সেৱন কৰিব পাৰে। সেয়েহে চাবলৈ গ'লে ৰোগী নিৰোগী সকলো লোকৰ বাবে পিয়াঁজ পাত উপকাৰী। আমাৰ সুস্বাস্থ্যৰ বাবে বতৰৰ এনেকুৱা শাকপাচলি সঁচাই অমৃততুল্য । গতিকে সাধাৰণ যদিও অসাধাৰণ গুণেৰে ভৰপূৰ পিয়াঁজ পাতৰ দৰে বতৰৰ খাদ্য সমূহৰ জুতি লৈ চোৱাত কিহৰ আপত্তি, নহয় জানো!

🍀🍀ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

গুৱাহাটী, ফোন- 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages