গৰম ঠাণ্ডা যিকোনো বতৰৰ বাবে উপযোগী টেঙামৰা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 24, 2022

গৰম ঠাণ্ডা যিকোনো বতৰৰ বাবে উপযোগী টেঙামৰা : Assamese Health Tips

Assamese Health Tips


( আগকথা- থলুৱা খাদ্যৰ যোগেদি স্বাস্থ্যবান হৈ থাকিব পাৰিলে নিশ্চয় ঔষধৰো প্ৰয়োজন নোহোৱা হয়। সেয়েহে থলুৱা খাদ্যৰ প্ৰতি সকলোকে আকৰ্ষিত কৰিব বিচৰাটোৱে আমাৰ উদ্দেশ্য। লিখনিটো নিয়মীয়া বাৰ্তাৰ স্বাস্থ্য বার্তাত প্ৰকাশিত) ☘️☘️☘️Assamese Health Tips ) 

মিঠা,টেঙা,নিমখীয়া,তিতা, জ্বলা, কেঁহা আদি ছটা ৰস প্ৰধানকৈ আমাৰ খাদ্যত পোৱা যায়। এই ছটা ৰসৰ সোৱাদ আমাৰ জিভাখনে অনুভৱ কৰে। কোনোবাই মিঠা ভাল পায়, কোনোবাই টেঙা ভাল পায় বা কোনোবাই হয়তো তিতাও ভাল পায়। তদুপৰি আমি ঋতু অনুসৰিও বিভিন্ন ঋতুত এই ছটা ৰস বিভিন্ন ধৰণেৰে সেৱন কৰো। এই ছটা ৰসৰ সুকীয়া সুকীয়া গুনো আছে। পিছে টেঙা বুলিলেই সকলোৰে জিভাৰ পানী পৰে। বিশেষকৈ গৰম দিনকেইটাত আমি প্ৰধানকৈ টেঙা খাদ্যৰ প্ৰতি বেছি আগ্ৰহী হওঁ সেয়া লাগিলে নেমু, থেকেৰা , টেঙামৰা বা অন্য টেঙায়ে হওক। প্ৰকৃতিৰ অনুপম সৃষ্টি এই টেঙামৰা গছ। বৈজ্ঞানিক নাম Hibiscus sabdariffa। 


আমাৰ ইয়াত ঠাইবিশেষে ইয়াৰ নাম বেলেগে বেলেগ হোৱা দেখা যায়। টেঙামৰাৰ পাত আৰু গুটি দুয়োটা আমি বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰো। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আমিষ, নিৰামিষ ব্যঞ্জনত টেঙামৰা পাত আৰু গুটিৰ ব্যৱহাৰ হোৱা দেখা যায়। টেঙামৰা পাত বা গুটি দি বনোৱা পাতল মচুৰ দাইল, গৰমত টেঙামৰা দি বনোৱা মাছৰ টেঙা আঞ্জাখনৰ সোৱাদ অপূৰ্ব। ইয়াৰ উপৰিও বিবিধ আমিষ , নিৰামিষ ব্যঞ্জনত টেঙামৰা পাত আৰু গুটিৰ ব্যৱহাৰ হয়। টেঙামৰাৰ ৰঙা ৰঙা ধুনীয়া গুটিবোৰ দেখিলেই ভাল লাগে। টেঙামৰা গুটিবোৰ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱাৰ উপৰিও ইয়াৰ পৰা জাম, জেলী, আচাৰ আদিও বনোৱা হয়। টেঙামৰা গুটিৰ পৰা প্ৰাকৃতিক ৰঙো নিষ্কাশন কৰা হয় বুলি জনা যায়। বহু ঠাইত টেঙামৰা পাত আৰু গুটি শুকুৱাই সংৰক্ষণ কৰি আবতৰত বিভিন্ন ব্যঞ্জন বনাই খোৱা হয়। কেৱল অসমতেই নহয় ভাৰতৰ অন্যান্য ৰাজ্য যেনে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আদিতো টেঙামৰা  ব্যৱহাৰ হয়। বিশ্বৰ আন আন দেশতো টেঙামৰা বিভিন্ন খাদ্যসম্ভাৰ আৰু চিকিৎসা পদ্ধতিত ব্যৱহাৰ হয়। সেইবোৰ দেশত বিভিন্ন শীতল পানীয়, ঔষধি চাহ আৰু অন্য বিভিন্ন ব্যঞ্জনত টেঙামৰা গুটি ব্যৱহাৰ হয় বুলি জনা যায়। তদুপৰি ইয়াৰ বিভিন্ন ঔষধি গুণৰ বাবে আমাৰ ইয়াতো বিভিন্ন ৰোগৰ বনৌষধি চিকিৎসাতো ইয়াৰ পাত আৰু গুটিৰ ব্যৱহাৰ হৈ আহিছে। কৌষ্ঠকাঠিন্য, পেচাবৰ বিভিন্ন সমস্যা, পেটৰ নানান ৰোগত টেঙামৰা পাত আৰু গুটি দুয়োবিধ উপকাৰী। গৰম দিনত হোৱা পেটৰ সমস্যাত টেঙামৰা পাত আৰু গুটি দুয়োটা বৰ উপকাৰী। 


মুঠৰ ওপৰত ক'বলৈ হলে টেঙা খাই ভালপোৱা সকলৰ বাবে টেঙামৰা এবিধ উপযোগী শাক। গৰম ঠাণ্ডা যিকোনো বতৰৰ বাবে উপযোগী টেঙামৰা নামৰ শাকবিধ । পাত আৰু গুটি দুয়োটাই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। টেঙামৰা গুটিত ভিটামিন চি, কেলচিয়াম, ফলেট, আইৰণ, পতাছিয়াম, এন্টিঅক্সিডেন্ট, ফ্লেভনয়ড আদি কেতবোৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়। টেঙামৰা শাক আৰু গুটিৰ কেতবোৰ ঔষধি গুণাগুণ হৈছে-

🍀 এন্টিঅক্সিডেন্ট, ভিটামিন, খনিজ আদি বিভিন্ন অত্যাৱশ্যকীয় উপাদান থকাৰ বাবে টেঙামৰাই আমাৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট সহায় কৰে।

🍀 লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত টেঙামৰা উপকাৰী। ফেটি লিভাৰ সমস্যা বা লিভাৰৰ আন সমস্যাত টেঙামৰা সুপথ্য। মাজে মাজে টেঙামৰা শাক খালে ভোক বৃদ্ধি হয় আৰু পেট পৰিষ্কাৰ থাকে। ই কৌষ্ঠকাঠিন্য সমস্যাত বৰ উপকাৰী। ইয়াৰ উপৰিও গৰমৰ দিনত হোৱা পেটৰ অসুখ, ডিচেণ্টাৰী আদি সমস্যাতো সুফল দিয়ে। Assamese Health Tips ) 


🍀উচ্চ ৰক্তচাপ, কলেষ্টৰল সমস্যাতো টেঙামৰা উপকাৰী। এনে সমস্যাত ভোগা ৰোগীৰ বাবে টেঙামৰা পাত, গুটি উত্তম পথ্য। পৃথিৱীৰ বহু দেশত টেঙামৰা গুটিৰ পৰা তৈয়াৰ কৰা চাহ ব্যৱহৃত হয়। এই চাহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি জনা যায়।

🍀প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বারে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰ পৰিবৰ্তন হোৱাৰ সময়ত সমস্যা যেনে হোৱা কাহ, চৰ্দি আদিও প্ৰতিৰোধ কৰে। ভিটামিন চি থকাৰ বাবে কটা ঘাঁ আদি শুকুৱাত সহায়ো কৰে।

🍀 ই ডায়েবেটিচ ৰোগ ও প্ৰতিৰোধ কৰে বুলি জনা যায়। ইয়াৰ উপৰি ডায়েবেটিচ ৰোগীয়েও মাজে সময়ে টেঙামৰাৰ আঞ্জা সেৱন কৰিব পাৰে।

🍀 কেলচিয়াম, ভিটামিন চি থকাৰ বাবে দাঁত মজবুত কৰাত সহায় কৰে। সেয়েহে সৰু সৰু ল'ৰা ছোৱালীক পাৰিলে মাজে সময়ে টেঙামৰাৰ ব্যঞ্জন খুৱাব লাগে। দাঁতৰ বিভিন্ন সমস্যা উপশম কৰাত ই বৰ উপকাৰী।

🍀 টেঙামৰা পাতৰ আঞ্জা খালে প্ৰসাব পৰিষ্কাৰ হয়। গৰমৰ দিনত হোৱা প্ৰসাবৰ বিভিন্ন সমস্যা যেনে প্ৰসাব জ্বলাপোৰা কৰা, প্ৰসাব কঠিন হোৱা , প্ৰসাব খোলোচা নোহোৱা আদিত টেঙামৰা পাতৰ আঞ্জা খালে সুফল পোৱা যায়। 

🍀 প্ৰাকৃতিক উপায়েৰে শৰীৰৰ শোধন কৰাটো টেঙামৰাই সহায় কৰে। ই শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি আমাৰ লিভাৰ, কিডনী পৰিস্কাৰ কৰে।

🍀 টেঙামৰা গুটিৰ সেৱনে বিপাকীয় ক্ৰিয়া( মেটাবলিজিম) দ্ৰুত কৰাতো সহায় কৰে। যাৰ ফলত দেহৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। মেদবহুলতা সমস্যাত ভোগা লোকে সঠিক খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ লগতে মাজে মাজে টেঙামৰাৰ দৰে খাদ্য সেৱন কৰিলে নিশ্চয় উপকৃত হ'ব।

🍀🍀🍀অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যাভ্যাস  সদায়ে স্বাস্থ্যসন্মত। বতৰ অনুসৰি বিভিন্ন টেঙা টোকোচাৰ জুতি লোৱাটো আমাৰ বহুতৰে অভ্যাসত পৰিণত হৈছে। পৰম্পৰাগত থলুৱা ব্যঞ্জনত এনেবোৰ শাকৰ ব্যৱহাৰে আমাৰ খাদ্যসম্ভাৰ আৰু চহকী কৰি তুলিছে।আমাৰ স্বাস্থ্য ৰক্ষাত টেঙামৰাৰ দৰে এই থলুৱা শাকপাত বোৰ অতিকে উপকাৰী। বতৰ অনুসৰি এনেবোৰ থলুৱা খাদ্য গ্ৰহণ কৰি থাকিলে নিশ্চয় আমি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম।

#ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages