এই তিতাফুলৰ আছে অপৰিসীম ঔষধি গুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 21, 2022

এই তিতাফুলৰ আছে অপৰিসীম ঔষধি গুণ : Assamese Health Tips

Assamese Health Tips

শীতৰ পিছতে বসন্ত ঋতুৱে ভুমুকি মাৰিছেহি। চ'তমহীয়া শুকান বতৰ সাধাৰণতে বিভিন্ন ধৰণৰ ৰোগৰ কাৰক হৈ পৰে। এইসময়ত বতাহত নানা ধৰণৰ বীজাণুৰ উপস্থিতিয়ে নানান সংক্ৰমনজনীত ৰোগৰ সৃষ্টি কৰে। Assamese Health Tips ) 


কাহ,জ্বৰ, চৰ্দি, বসন্ত ৰোগ আদি বিভিন্ন ধৰণৰ ৰোগে আমাক অশান্তি দিয়ে। যিসকলৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে কম তেওঁলোক সততে যিকোনো ৰোগত আক্ৰান্ত হয়। বিশেষকৈ বয়সস্থ লোকসকল এইক্ষেত্ৰত অলপ সজাগ হোৱা উচিত। যিসকল ব্যক্তিৰ এলাৰ্জিৰ সমস্যা বা শ্বাস প্ৰশ্বাসজনীত সমস্যা আছে তেওঁলোকেও বহু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট থাকিলে যিকোনো বেমাৰে আমাক সততে জুৰুলা কৰিব নোৱাৰে। গতিকে এইসময়ত আমি ঋতুজনীত ৰোগ প্ৰতিৰোধৰ বাবে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ বাবে এইসময়ত উপলব্ধ বতৰৰ উপযোগী থলুৱা খাদ্যৰ সেৱন অতি উত্তম উপায়। তেনে এবিধ উপযোগী থলুৱা ঔষধি গছ হৈছে 'তিতাফুল'।


 ইয়াক তিতাবাহক, ৰঙা বাহক, বাহকা তিতা ইত্যাদি বিভিন্ন নামেৰে জনা যায়। আচলতে তিতাফুলৰ বিভিন্ন প্ৰজাতি আছে । কিছুমানৰ ফুলৰ ৰং অলপ বেলেগ আৰু কিছুমান বনৰীয়া প্ৰজাতিৰ। প্ৰাচীন আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত এইবিধ ঔষধি গছ কফজনীত বিভিন্ন ৰোগত ব্যৱহাৰ হৈছিল।  এতিয়াও অসমৰ গাঁৱে ভূঞে বিভিন্ন ৰোগৰ চিকিৎসাত তিতাফুল ব্যৱহাৰ হয়। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিতো তিতাফুল ঔষধি হিচাবে ব্যৱহাৰ হয়। কেঁচা তিতাফুল ৰ'দত শুকুৱাই গোটেই বছৰৰ বাবে সংৰক্ষণ কৰিও ৰখা হয় যাতে প্ৰয়োজন সাপেক্ষে ইয়াক সেৱন কৰিব পাৰি। কেঁচা তিতাফুলতকৈ শুকান তিতাফুলৰ তিতা বা চোকটো কম যদিও গুণাগুণ একেই থাকে। সৰু সৰু আলুৰ লগত তিতাফুলৰ শুকান ভাজি, অমিতা আৰু খুদ চাউল দি বনোৱা তিতাফুলৰ খাৰ, বেঙেনা দি বনোৱা তিতাফুলৰ ভাজি আৰু তেনে বহুতো স্বাস্থ্যসন্মত ব্যঞ্জন আছে । এনেবোৰ ঔষধি ব্যঞ্জনে আমাৰ পৰম্পৰাগত খাদ্যসম্ভাৰক চহকী কৰি তোলাৰ উপৰিও আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধ আৰু নিৰাময়তো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। অতীজৰে পৰা এনেবোৰ ঔষধি খাদ্য সেৱন কৰি অহা হৈছে। সোৱাদত তিতা কিন্তু গুণত অমৃতসম মিঠা আমাৰ চিনাকি তিতাফুলৰ উপকাৰীতাসমূহ হৈছে-

🍀 বতৰ পৰিবৰ্তনৰ ফলত হোৱা কাহ,চৰ্দি , পানীলগা আদিত তিতাফুল খালে সুফল পোৱা যায়। ইয়াৰ উপৰিও ব্ৰংকাইটিছ, এজমা, যক্ষ্মা, নিউমনীয়া আৰু হাওঁফাওঁৰ বিভিন্ন ৰোগত তিতাফুল উপকাৰী। তিতাফুলৰ পাতো কফৰ মহৌষধ।Assamese Health Tips ) 


🍀তনচিলাইটিছ, ফেৰিনজাইটিছ আদি সমস্যাত ভোগা লোকৰ বাবেও তিতাফুল উপকাৰী । নহৰু জালুক দি ভাজি খালেও সুফল পোৱা যায়। নাইবা তিতাফুল খাৰ দি খালেও সুফল পোৱা যায়।

🍀তিতাফুল সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়। বসন্ত ৰোগ, খৰ,খজুৱতি, এলাৰ্জি , ছালৰ বিভিন্ন ৰোগত তিতাফুল উপকাৰী। বেক্টেৰিয়ানাশক, ভেকুৰনাশক গুণ থকা বাবে সংক্ৰমনজনীত বিভিন্ন ৰোগত তিতাফুল উত্তম পথ্য।

🍀টাইফইড, মেলেৰিয়া আদি যিকোনো ধৰণৰ জ্বৰত তিতাফুল উত্তম পথ্য। 

🍀তিতাফুলে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশনত সহায় কৰে। সেয়েহে বিভিন্ন লিভাৰজনীত ৰোগত তিতাফুল উপকাৰী।

🍀 তিতাফুল ডায়েবেটিচ ৰোগীৰ বাবেও উপকাৰী। ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে তিতাকেৰেলাৰ দৰে অন্য তিতা খাদ্যৰ নিচিনাকৈ তিতাফুল খাব পাৰে।

🍀 কলেষ্টৰলৰ সমস্যাতো তিতাফুল উপকাৰী।

🍀কৃমি পেলুৰ সমস্যাতো তিতাফুল উপকাৰী।

🍀🍀 ওপৰৰ কথাখিনিৰ পৰা এটাই কথা বুজা যায় যে প্ৰকৃতিৰ বুকুত উপলব্ধ এইবোৰ থলুৱা খাদ্যৰ অপৰিসীম ঔষধি গুণ আছে। ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ উপায় এইবোৰৰ মাজতেই লুকাই আছে। আমাৰ পূৰ্বপুৰুষ সকলে চিনাকি কৰি থৈ যোৱা এইবোৰ খাদ্য গ্ৰহণ কৰি থাকিলে নিশ্চয় বহু বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম।


#ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, ফোন- 7399114617

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages