ঘৰুৱা প্ৰাকৃতিক উপাদানেৰে আমাৰ স্বাস্থ্য ৰক্ষা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 20, 2022

ঘৰুৱা প্ৰাকৃতিক উপাদানেৰে আমাৰ স্বাস্থ্য ৰক্ষা : Assamese Health Tips

Assamese Health Tips


স্বাস্থ্যবান আৰু নিৰোগী শৰীৰ সকলোৰে কাম্য। বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰিলে নিজকে বৰ ভাগ্যবান যেন অনুভৱ হয় নহয়নে বাৰু?Assamese Health Tips )  


পিছে আজিৰ যুগত বেমাৰ ব্যাধি নোহোৱা মানুহ নায়েই বুলিব পাৰি। বছৰটোৰ বাৰটা মাহত যেন তেৰটা বেমাৰ। কাৰণ আমি আজিকালি বিশুদ্ধ বস্তু খাবলৈ নোপোৱা হৈছো। আমি খাই থকা খাদ্যসামগ্ৰীসমূহৰ বেছিভাগ বস্তুতে ভেজাল বুলিবই পাৰি। যাৰ ফলত পূৰ্বৰ তুলনাত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে কমি গৈছে আৰু আমি ৰোগীয়া হৈ পৰিছো। আমাৰ পৰিৱৰ্তিত জীৱনশৈলীৰ বাবেও ডায়েবেটিচ, মেদবহুলতা, উচ্চ ৰক্তচাপ, কলেষ্টৰল, ফেটি লিভাৰ, ইউৰিক এচিড সমস্যা, থাইৰয়ডৰ সমস্যা আদিয়ে আমাক বাৰুকৈয়ে জুৰুলা কৰিছে। ইয়াৰ উপৰি বতৰ পৰিবৰ্তনৰ ফলত হোৱা বিভিন্ন ৰোগবোৰতো আছেই। 


মুঠৰ ওপৰত ক'বলৈ গ'লে আজিৰ দিনত আমি যদি ভালকৈ আমাৰ স্বাস্থ্যৰ যত্ন নলওঁ তেন্তে বহু ৰোগে আমাক জ্বলাকলা খুৱাব। এতিয়া কথা হৈছে এইবোৰৰ পৰা পৰিত্ৰাণৰ উপায় কি বা কিদৰে আমি নিজক স্বাস্থ্যৰ যত্ন ল'ব পাৰো? প্ৰকৃতিৰ বুকুত এনে কিছুমান অমৃতসম বনৌষধি আৰু খাদ্যবস্তু আছে যিয়ে আমাৰ স্বাস্থ্য ৰক্ষা কৰাৰ উপৰিও নানা ৰোগৰ পৰাও বচাই ৰাখে। আজি তেনে কেইবিধমান চিনাকি প্ৰাকৃতিক দ্ৰব্যৰ বিষয়ে দুআষাৰ লিখিব বিচাৰিছো। স্বাস্থ্য সচেতন বহু লোকে এনেবোৰ ঔষধি দ্ৰব্যৰ বিষয়ে জানে আৰু সেইবোৰ বিভিন্ন ৰোগৰ বিভিন্ন দিহাত ব্যৱহাৰ কৰে। আমি সদায় খাই থকা কেতবোৰ সাধাৰণ যেন লগা বস্তুৰো অসাধাৰণ গুণ আছে। ঋতুজনীত বেমাৰৰ পৰা ৰক্ষা পাবলৈও বিভিন্ন ঔষধি দ্ৰব্য আছে। ঠিক তেনেকৈ প্ৰাকৃতিক উপায়েৰে শৰীৰ শোধন কৰা বহুতো ঔষধি দ্ৰব্য আছে। খাৰ, তিতা আৰু টেঙা টোকোচাবোৰৰ প্ৰত্যেকৰে নিজস্ব গুণ আছে। অতীজত আমাৰ পূৰ্বপুৰুষসকলে এনেবোৰ প্ৰাকৃতিক উপাদান সদায়ে ব্যৱহাৰ কৰিছিল যাৰ বাবে তেওঁলোকৰ বেমাৰ ব্যাধি সহজে নহৈছিল। আৰু সেইসময়ত মানুহে ঋতু অনুসৰিও বিভিন্ন খাদ্য বা বনৌষধি সেৱন কৰিছিল। বতৰৰ শাকপাত, টেঙা টোকোচাবোৰ খাইছিল যাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট থাকে। যেনে বসন্তকালত বিভিন্ন বীজাণুজনীত ৰোগ, এলাৰ্জিজনীত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ বাবে নিমপাত খোৱা হৈছিল, কেঁচা হালধি ৰস সেৱন কৰা হৈছিল । কাৰণ তেওঁলোক যথেষ্ট স্বাস্থ্যসচেতন আছিল আৰু বিভিন্ন ঔষধি খাদ্যৰ বিষয়ে তেওঁলোকৰ জ্ঞানো আছিল অপৰিসীম। প্ৰাকৃতিক উপাদান সমূহৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে সেইসময়ত যিকোনো জটিল ৰোগে মানুহক হাৰ মনাব পৰা নাছিল। অতীজৰ পৰা পৰম্পৰাগত ভাবে ব্যৱহাৰ হৈ অহা এনে বহুতো প্ৰাকৃতিক উপাদানৰ কথা আমি পিছে পাহৰি গৈছো নেকি বাৰু? নে আমি এইবোৰৰ গুণাগুণ সম্বন্ধে অজ্ঞ? কাৰণ দেখা গৈছে যে বিভিন্ন থলুৱা শাকপাচলিকে ধৰি আমলখি, শিলিখা আদিবোৰ আমি বহুতেই খাবলৈ প্ৰায় এৰি দিয়াৰ দৰেই হৈছে । 


আমি এইবোৰ বস্তুৰ ঔষধি গুণাগুণৰ বিষয়ে নাজানো যে এনে নহয়। আমি সকলোবোৰ কথাই জানো , কিন্তু সময়ৰ অভাৱ বা এলাহ বা অন্য তেনে অজুহাতত এইবোৰ খাবলৈ লাহে লাহে এৰি দিছো। যদি স্বাস্থ্যৱান হৈ থাকিব বিচাৰো তেওঁলোকৰ পদানুসৰণ কৰা উচিত। বছৰটোৰ বাৰ মাহ অৰ্থাৎ ছটা ঋতুত যদি আমি বাৰ বিধ এনে ঔষধি দ্ৰব্য সেৱন কৰিম বুলি সংকল্প লওঁ তেন্তে নিশ্চয় সুফল পাম। ইয়াৰ বাবে বিশেষ পৰিকল্পনাৰো প্ৰয়োজন নাই, মাথো প্ৰয়োজন নিজক অকণমান সময় দিয়াৰ। আমাৰ গৃহিনীসকলে কৰ্মব্যস্ততাৰ বাবে নিজৰ যত্ন ল'বলৈ অকণো সময় নাপায়। তেওঁলোকে যদি অকণমান সময় উলিয়াই এনেবোৰ প্ৰকৃতি প্ৰদত্ত উপাদান বিধিসন্মত ভাবে সেৱন কৰে আৰু নিজৰ পৰিয়ালৰ যত্ন লয় তেন্তে সেয়া এক সুন্দৰ প্ৰচেষ্টা হ'ব । পৰম্পৰাগত ভাবে ব্যৱহাৰ হৈ অহা এনে বাৰ বিধ চিনাকি প্ৰাকৃতিক উপাদান, সেইবোৰে কিদৰে আমাৰ স্বাস্থ্য ৰক্ষা কৰে আৰু বিভিন্ন ৰোগত সেইবোৰৰ কিছুমান দিহাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে:-


🍀 নেমু:- নৱবৰ্ষৰ প্ৰথম দিনটোৰ আৰম্ভণি নেমু ৰস আৰু মৌ মিহলোৱা এগিলাচ কুহুমীয়া পানী সেৱনেৰে কৰোচোন আহক। ই কোনো মহৌষধিতকৈ কম নহয় । আজিৰ স্বাস্থ্য সচেতন বহু লোকে এইবিধ পানীয় সেৱন কৰিবলৈ লৈছে। মৌ মিহলোৱা নেমু পানীয়ে কলেষ্টৰল, মেদবহুলতা, উচ্চ ৰক্তচাপ, অৰ্শ ৰোগ, কিডনি ষ্টোন আদি বিভিন্ন সমস্যাত খুব সুন্দৰ ফল দিয়ে। পিছে এদিন, দুদিন খাই এৰি দিলে নহ'ব এইটো এটা দৈনন্দিন অভ্যাসত পৰিণত কৰিলেহে আমি উপকৃত হ'ম। আমাৰ শৰীৰক সদায়ে প্ৰয়োজন হোৱা ভিটামিন চি ৰ উৎস হৈছে নেমু। নেমুৰ গুণাগুণ আৰু ইয়াৰ বিভিন্ন দিহা হৈছে-

🍀 নেমু সেৱন কৰি থাকিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, জ্বৰ, কাহ , চৰ্দি আদি প্ৰতিৰোধ হয়।

🍀বদহজমত আদাৰ লগত নেমুৰ ৰস আৰু ক'লা নিমখ দি খালে সুফল পোৱা যায়।

☘️ পতাচিয়াম, মেগনেছিয়াম আদি থকা বাবে নেমু হাৰ্টৰ বাবে উপকাৰী, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হাৰ্ট এটেক নাইবা স্ট্রোক আদি প্ৰতিৰোধ কৰে।

🍀নেমুত থকা লিম'নিন ( Limonin) নামৰ পদাৰ্থই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

🍀 মেদবহুলতা সমস্যাতো নেমু উপকাৰী।

🍀ভিটামিন চি থকাৰ বাবে দাঁত আৰু দাঁতৰ আলুৰ সমস্যা যেনে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা সমস্যাত উপকাৰী।

🍀ডায়েবেটিচ ৰোগীৰ বাবেও নেমু উপকাৰী।

🍀কিডনি ষ্টোনৰ সমস্যাত নেমুৰ চৰবত উপকাৰী।

🍀নেমুৰ চৰবত অৰ্শ ৰোগত উপকাৰী।

🍀নেমু কেঞ্চাৰ প্ৰতিষেধক বুলিও জনা যায়।

🍀ছাল , চুলিৰ সৌন্দৰ্য ৰক্ষাত নেমু বৰ উপকাৰী। পেডিকিউৰ, মেনিকিউৰ আদিৰ ঘৰুৱা দিহাত নেমু ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।


🍀🍀তুলসী:- ফেব্ৰুৱাৰী , মাৰ্চ মাহত বতাহত বিভিন্ন বেমাৰৰ  বীজাণু থাকে বাবে এইসময়ত জ্বৰ, কাহ, চৰ্দি, ভাইৰেল আদি ৰোগ হোৱা দেখা যায়। এই সময়ত তুলসী পাত সেৱন কৰিলে সুফল পোৱা যায়। । কণ কণ ল'ৰা ছোৱালীৰ জ্বৰ, কাহ, চৰ্দি আদি হ'লে তুলসী পাতৰ ৰস মৌজোল দি খুওৱা প্ৰথা অতীজৰে পৰা চলি আহিছে। বতৰ পৰিৱৰ্তনৰ সময়ত হোৱা বিভিন্ন কফজনীত ৰোগত ডাঙৰেও তুলসী পাত সেৱন কৰা দেখা যায়। এজমা বা হাপানী ৰোগ, ছালৰ ৰোগ, এলাৰ্জিজনীত ৰোগৰ বিভিন্ন দিহাত তুলসী ব্যৱহাৰ হয়। তুলসী দি বনোৱা ঔষধি চাহৰ গুণো বহু বেছি। অসাধাৰণ গুণৰ বাবে সৌন্দৰ্য চর্চাতো তুলসী ব্যৱহাৰ হয়। তুলসী কেইবাবিধো আছে। ইয়াৰ ভিতৰত বগা আৰু ক'লা তুলসী আমাৰ ইয়াত সহজতে পোৱা যায়। পিছে ক'লা তুলসীৰ ঔষধি গুণ বেছি বুলি ধৰা হয়। স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত তুলসীৰ অৱদান সমূহ হৈছে- 

🍀 দিনে চাৰি পাঁচ খিলা তুলসীৰ পাত ৰাতিপুৱা খালি পেটত কিছুদিন সেৱন কৰিলে ইউৰিক এচিড বা গাউৎ ৰোগত সুফল পোৱা যায়।

☘️ তুলসী পাত সেৱন কৰিলে আমাৰ তেজ পৰিষ্কাৰ হয়।

🍀ডায়েবেটিচ ৰোগীয়েও দুই এখিলা তুলসী পাত খাই থাকিলে ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে।

🍀কলেষ্টৰল, উচ্চ ৰক্তচাপ ৰোগীয়েও তুলসী পাত সেৱন কৰিলে সুফল পায়।

🍀লিভাৰৰ বিভিন্ন ৰোগত তুলসী পাত সেৱন লাভদায়ক।

🍀মেলেৰিয়া, টাইফয়ড আদি ৰোগত তুলসী পাত সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

🍀তুলসী পাত কেঞ্চাৰ প্ৰতিষেধক । আনকি ই কেঞ্চাৰৰ চিকিৎসা কেম'থেৰাপি , ৰেদিয়েছনৰ পাৰ্শ্বক্ৰিয়া কম কৰাতো সহায় কৰে বুলি জনা যায়।

🍀মহানিম:- ফাগুন চ'ত মহীয়া বিশেষকৈ মাৰ্চ মাহ মানত বসন্ত, ভাইৰেল আদি নানা বেমাৰৰ প্ৰতিষেধক হিচাবে নিমপাত ব্যৱহাৰ কৰিব পাৰি। নিমে বায়ু বিশুদ্ধ কৰে বাবে বসন্ত কালত নিমপাত বেছিকৈ ব্যৱহাৰ কৰা হয়। বসন্ত ৰোগ প্ৰতিৰোধ কৰিবলৈ ঘৰৰ চুকে কোনে নিমপাত আৰি থোৱা হয় , বিছনাৰ তোচক বা তুলিৰ তলত নিমপাত ভৰাই ৰখা হয়। বসন্ত ৰোগ ওলালে ৰোগীক নিম সিজোৱা পানীৰে গা ধুবলৈ দিয়া হয় আৰু নিমপাত ভাজি খাবলৈ দিয়া হয়। এনেবোৰ প্ৰথা অতীজৰে পৰা চলি আহিছে। ডায়েবেটিচ, ৰক্তজ ৰোগ, ছালৰ ৰোগ , পেলুৰ সংক্ৰমণ আদিত নিম বৰ উপকাৰী। সেয়েহে বিভিন্ন আয়ুৰ্বেদিক আৰু ভেষজ ঔষধিত নিম ব্যৱহাৰ হয়। নিমৰ গুণাগুণ আৰু বিভিন্ন ৰোগত ইয়াত দিহা কিছুমান হৈছে:-

☘️ নিমপাত সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়। দূষিত তেজৰ ফলত হোৱা বিভিন্ন ছালৰ ৰোগত নিমপাত সেৱন কৰিলে সুফল পোৱা যায়। খৰ,খজুৱতি হ'লে নিমপাত অন্য ঔষধিৰ লগত মিশ্ৰণ কৰি লগালে উপকাৰ পোৱা যায়। ৰোগীয়ে মাজে মাজে নিমপাত ভাজি খালে বেছিকৈ উপকৃত হয়।

☘️যিকোনো জ্বৰত নিমপাত উত্তম পথ্য। নিমপাত সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

☘️ বীজাণুনাশক গুণ থকা বাবে দাঁতৰ সুৰক্ষাত নিম উপকাৰী। দাঁতৰ বিভিন্ন ৰোগৰ ভেষজ ঔষধত নিমপাত ব্যৱহাৰ কৰা দেখা যায় ।

☘️ডায়েবেটিচ ৰোগীয়ে মাজে মাজে নিমপাত সেৱন কৰিলে ব্লাড চুগাৰ নিয়ন্ত্ৰণ

হয়।

☘️ শালমন, ক'লা দাগ, ব্লেক হেডছ আদি ছালৰ বিভিন্ন সমস্যা নিৰাময়ৰ দিহাবোৰত নিমপাত ব্যৱহাৰ কৰিলে বহুত উপকৃত হোৱা যায়।

🍀🍀কেঁচা হালধি:- মাৰ্চ ,এপ্ৰিল মাহত কেঁচা হালধি বিভিন্ন দিহাত ব্যৱহাৰ কৰিব পাৰি। ব'হাগ বিহুৰ দোমাহীৰ দিনা মাটিমাহৰ লগত কেঁচা হালধি পিচি মাহ হালধিৰে গা ধোৱা পৰম্পৰাটো আমি পালন কৰি আহিছো যিটো সম্পূৰ্ণ বিজ্ঞানসন্মত । কাৰণ বসন্ত কালত আমাৰ ছালৰ বিভিন্ন ৰোগ হয়। মাহ হালধিৰ মিশ্ৰণে ছালৰ মৃত কোষ আঁতৰাই উজ্জ্বলতা বৃদ্ধি কৰাৰ উপৰিও ছালৰ বিভিন্ন ৰোগ নিৰাময় কৰে। তদুপৰি হালধিৰ বিভিন্ন ঔষধি গুণ আছে যাৰ বাবে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত বিভিন্ন ৰোগত হালধি ব্যৱহাৰ হৈ আহিছে। কেঁচা হালধিৰ গুণ আৰু বিভিন্ন ৰোগত ইয়াৰ কেতবোৰ দিহা হৈছে-

🍀 দুই তিনি চামুচ কেঁচা হালধিৰ ৰস একাপ গাখীৰৰ লগত পুৱা খালিপেটত কিছুদিন খালে তেজ পৰিষ্কাৰ হয়, ছালৰ বিভিন্ন ৰোগ যেনে ব্ৰন, শালমন, খজুৱতি, এলাৰ্জি, বতৰ পৰিৱৰ্তনৰ সময়ত হোৱা জ্বৰ, কাহ, চৰ্দি আদিও প্ৰতিৰোধ কৰে। 

🍀 হালধিৰ বীজাণুনাশক গুণ আছে। ছালৰ খৰ, খজুৱতি আদিত হালধি, তুলসী, নিমপাত, জেতুকা আদিৰ লগত পিচি এটা মিশ্ৰণ বনাই আক্ৰান্ত অংশত লগালে সুফল পোৱা যায়। ইয়াৰ লগত ৰোগীয়ে হালধিৰ ৰস সেৱন কৰিলে উপকৃত হয়।

🍀বিষনাশক গুণ আছে বাবে যিকোনো গাঁঠিৰ বিষ বা বাতবিষত বিভিন্ন ঔষধি দ্ৰব্যৰ লগত হালধিৰ মিশ্ৰণ আক্ৰান্ত অংশত বান্ধি দিলে বিষ ভালেখিনি কমি যায়। ইয়াৰ লগত কেঁচা হালধিৰ ৰস গাখীৰৰ সৈতে সেৱন কৰি থাকিলে বেছি ভাল ফলাফল পোৱা যায়।

🍀ব্ৰংকাইটিছ, এজমা আদিত হালধি ঔষধি হিচাবে সেৱন কৰিলে সুফল পোৱা যায়।

🍀কটা চিঙা, ঘাঁ আদিত কেঁচা হালধি লগালে ঘাঁ শুকুৱাত সহায় হয়। কেঁচা হালধি , তুলসী , কেহেৰাজ বন একেলগে পিচি কটা ঘাঁত লগালে তেজ বন্ধ হয়, বিষ কমে আৰু ঘাঁ সোনকালে শুকাই যায়।

🍀 লিভাৰ ডিটক্স বা লিভাৰ পৰিষ্কাৰ কৰাতো কেঁচা হালধিৰ ৰস সেৱন উপকাৰী। Assamese Health Tips ) 

🍀🍀নৰসিংহ:- বহাগ জেঠ মাহৰ পৰা গোটেই গ্ৰীষ্মকাল আৰু বৰ্ষাকাল নৰসিংহ পাতৰ গছে ঠন ধৰি উঠে। এপ্ৰিল, মে' মাহৰ পৰা কোমল নৰসিংহ পাতবোৰৰ বিভিন্ন জুতিলগা ব্যঞ্জন বনাই খাব পাৰি। মহিলা, বাঢ়ি অহা শিশু, কিশোৰ কিশোৰী, বৃদ্ধ সকলোকে কেলচিয়ামৰ বৰ প্রয়োজন। আৰু এই প্ৰয়োজন পূৰাবলৈ নৰসিংহ পাতৰ সেৱন কৰিব পাৰি। ইয়াৰ পুষ্টিগুণো বহুত বেছি। সমগ্ৰ ভাৰততে নৰসিংহ পাত জনপ্ৰিয় । স্বাস্থ্য ৰক্ষাত নৰসিংহ পাতৰ উপকাৰীতাসমূহ হৈছে- 

☘️আইৰণ, ফলিক এছিড থকাৰ বাবে ই এনিমিয়া ৰোগত উপকাৰী।

🍀আভোক, অৰুচি আদি পেটৰ সমস্যাত নৰসিংহ পাত বৰ উপকাৰী।

🍀 ডায়েবেটিচ ৰোগীৰ বাবেও নৰসিংহ পাত উপকাৰী।

☘️ফেটি লিভাৰৰ সমস্যাত উপকাৰী। ইয়াৰ বাবে ৰাতিপুৱা খালি পেটত কেইখিলা মান নৰসিংহ পাত কিছুদিন খাব লাগে।

🍀কলেষ্টৰল সমস্যাত উপকাৰী।

☘️চুলিৰ অকালপক্কতাত নাৰিকল তেল আদি বিভিন্ন উপকৰণৰ লগত চুলিত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়

☘️এলোভেৰা:- স্বভাৱত শীতল হোৱাৰ বাবে জুন, জুলাইৰ গ্ৰীষ্মৰ সময়ত এলোভেৰা বা ছালকুঁৱৰী ব্যৱহাৰ কৰাৰ উপযুক্ত সময়। আজিৰ স্বাস্থ্য সচেতন বহু লোকে এলোভেৰা জুছ বা এলোভেৰা জেলৰ গুণাগুণ জানে। সেয়েহে সকলোৱে ঘৰত দুই এজোপা ছালকুঁৱৰী ৰুই লয় । ছাল, চুলিৰ সুস্বাস্থ্যৰ উপৰিও ই বিভিন্ন ৰোগত উপকাৰী। এলোভেৰাৰ বহুত প্ৰজাতি আছে যদিও সকলোবিধ এলোভেৰা সেৱন কৰিব নোৱাৰি। সেয়েহে ভালদৰে চিনি পাইহে খোৱা উচিত। এলোভেৰা বা ছালকুঁৱৰীৰ গুণাগুণ আৰু দিহা কিছুমান হৈছে-

☘️গৰমৰ দিনত প্ৰায়বোৰ মহিলাৰ পেচাবৰ সংক্ৰমণ বেছিকৈ হোৱা দেখা যায়। এইক্ষেত্ৰত এলোভেৰা প্ৰয়োগ কৰিলে সুফল পোৱা যায়। পাঁচ আঙুল মান জোখৰ ছালকুঁৱৰী এডোখৰৰ ভিতৰৰ জেল বা সাহখিনি উলিয়াই এগিলাচ পানীৰ লগত মিহলাই তালমিচিৰি দি খাব লাগে কিছুদিন। ইয়াৰ লগতে অকণমান এলোভেৰা জেল নাভিত ভৰণ দিব লাগে। পোন্ধৰ বিছদিন মান এনেদৰে যত্ন ল'লে বহুখিনি আৰাম পোৱা যায়।

☘️ এলোভেৰাই লিভাৰ ডিটক্স কৰে অৰ্থাৎ লিভাৰজনীত বিভিন্ন ৰোগত এলোভেৰা জুছ উপকাৰী।

☘️কৌষ্ঠকাঠিন্য বা অৰ্শ ৰোগতো এলোভেৰা জুছ উপকাৰী।

☘️ডায়েবেটিচ ৰোগীৰ বাবেও এলোভেৰা জুছ উপকাৰী। মাত্ৰ এই জুছ মিঠা নিদিয়াকৈ খাব লাগে।

☘️ জ্বৰ উঠিলে এলোভেৰাৰ ভিতৰৰ সাহ বা জেল উলিয়াই কপালত প্ৰলেপ দিলে জ্বৰ কমি আহে।

☘️সৰু সুৰা জুয়ে পোৰা অংশত এলোভেৰা জেল প্ৰয়োগ কৰিলে আৰাম পোৱা যায়।

🍀ছালৰ ক'লা দাগ , চান বাৰ্ণ, এলাৰ্জি আদিত ছালকুঁৱৰী প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

☘️ মেদবহুলতা সমস্যাতো এলোভেৰা জুছ উপকাৰী।

☘️মহিলাৰ মাহেকীয়াৰ সমস্যাতো ছালকুঁৱৰী উপকাৰী।

☘️এলোভেৰা জুছ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়, ছাল, চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়।

☘️☘️পদিনা:- জুলাই, আগষ্টৰ গৰমত পদিনাৰ সেৱনে আমাৰ স্বাস্থ্য ৰক্ষা কৰে। কেঁচা আম, থেকেৰা বা নেমুৰ ৰস দিয়া পদিনাৰ চাটনিখনৰ সোৱাদ যিমান ধুনীয়া তাতোকৈ ধুনীয়া তাৰ ঔষধি গুণবোৰ। পেটৰ ৰোগ, গেছ, এচিডিটি,বদহজম, অৰুচি নাশ কৰে পদিনাই । অজস্ৰ গুণ থকাৰ বাবে বিভিন্ন আয়ুৰ্বেদিক আৰু ভেষজ ঔষধিত পদিনা ব্যৱহাৰ হয়। আজিকালি জনপ্রিয় হোৱা এবিধ ঔষধি চাহ হৈছে পদিনাৰ চাহ। পদিনাৰ বিভিন্ন গুণ আৰু দিহা কিছুমান হৈছে-

🍀 পেটৰ ৰোগ যেনে বদহজম, কৌষ্ঠকাঠিন্য , অৰুচি, আভোক আদিত পদিনা উপকাৰী।

☘️ পদিনা খাই থাকিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে আৰু বতৰ পৰিবৰ্তনৰ ফলত হোৱা বিভিন্ন ৰোগবোৰ সহজতে নহয়।

☘️ মাইগ্ৰেইন বা চাইনাচাইটিছৰ বাবে হোৱা মূৰৰ বিষত পদিনাত থকা মেনথলে বিষনাশক হিচাবে কাম কৰে।  

☘️ পদিনাই তেজ, লিভাৰ, কিডনী আদি পৰিষ্কাৰ কৰি সুস্বাস্থ্য অটুট ৰখাত সহায় কৰে। ছালৰ ৰোগ নিৰাময় কৰাতো পদিনা উপকাৰী।

☘️ পদিনাই মুখৰ দুৰ্গন্ধ নাশ কৰে। ইয়াৰ বাবে দুই তিনিখিলা পদিনাৰ পাত কেঁচাই চোবাই খাব লাগে।

☘️ পদিনাই ষ্ট্ৰেছ কম কৰাতো সহায় কৰে।

🍀☘️🍀 থেকেৰা:- বৰ থেকেৰা, কুজি থেকেৰা, ৰূপহী থেকেৰা আদি বিভিন্ন প্ৰকাৰৰ থেকেৰাৰ ভিতৰত কুজি থেকেৰাৰ ঔষধি গুণ বেছি। শুকুৱাই সংৰক্ষণ কৰি গোটেই বছৰ জুৰি খাব পাৰি। আগষ্ট মাহৰ গৰমৰ প্ৰকোপৰ পৰা বাচিবলৈ থেকেৰা চৰবত উত্তম। তালমিচিৰি বা গুৰ দি বনোৱা থেকেৰাৰ চৰবত বহু ৰোগৰ মহৌষধ। এগিলাচ পানীত দুই তিনিচকল থেকেৰা আৰু এডোখৰ তালমিচিৰি দি এৰাতি তিয়াই ৰাতিপুৱা খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। গৰমৰ মাহকেইটাত নিয়মীয়াকৈ থেকেৰা চৰবত সেৱন কৰিলে পেচাবৰ সমস্যা , গ্ৰহণী, ডায়েৰীয়া আদি পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। থেকেৰা চৰবতৰ আন কিছুমান উপকাৰীতা হৈছে:-

☘️ উচ্চ ৰক্তচাপত থেকেৰা চৰবত উপকাৰী।

☘️কলেষ্টৰল, মেদবহুলতা, ফেটি লিভাৰ সমস্যাত উপকাৰী।

☘️ পেচাবৰ সংক্ৰমণজনীত ৰোগত উপকাৰী।

☘️ শালমন, ব্রন আদি ছালৰ সমস্যাত উপকাৰী।

☘️ থেকেৰা চৰবতে পেট আৰু শৰীৰ ঠাণ্ডা কৰি ৰাখে।

🍀☘️শেৱালি:- শৰৎ কালৰ বাবে উপযোগী ঔষধি হৈছে শেৱালি। শেৱালি ফুল আৰু পাত দুয়োটাৰে বিভিন্ন ঔষধি গুণ আছে। শেৱালি ফুলৰ বিবিধ ব্যঞ্জন সমূহ খাই থাকিলেও আমাৰ বহুত বেমাৰ নহয়। কাহ, ব্ৰংকাইটিছ, হাপানী , গাঁঠিৰ বিষ , বিভিন্ন প্ৰকাৰৰ জ্বৰত শেৱালি উপকাৰী। ইয়াৰ গুণাগুণ আৰু দিহা কিছুমান হৈছে:-

☘️ তনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদি ৰোগত শেৱালি ফুল নহৰু দি সেকি খালে সুফল পোৱা যায়। নাইবা শেৱালি ফুল কলাখাৰ দি বনাই খালেও সুফল পোৱা যায়।

🍀যিকোনো প্ৰকাৰৰ জ্বৰত শেৱালি ফুল আৰু শেৱালি ফুলৰ কুমলীয়া আগ নহৰু দি কলপাতত সেকি খাব পাৰি। 

☘️ ডায়েবেটিচ ৰোগীৰ বাবেও শেৱালি ফুল আৰু পাত উপকাৰী।

🍀কৃমি পেলুৰ সমস্যাতো শেৱালি ফুল,পাত উপকাৰী।

🍀ছালৰ বিভিন্ন ৰোগত শেৱালি ফুল উপকাৰী।

☘️লিভাৰজনীত ৰোগতো শেৱালি উপকাৰী।

☘️মহিলাৰ মাহেকীয়া সমস্যাত শেৱালি পাতৰ কৱাথ উপকাৰী।

🍀🍀আমলখি:-বছৰটোৰ শেষ ভাগত বজাৰত কেঁচা আমলখি খুব সহজে পোৱা যায়। গতিকে সুস্বাস্থ্যৰ বাবে বতৰৰ এইবিধ ফল খোৱা উচিত। অৱশ্যে আমলখি শুকুৱাই বছৰৰ যিকোনো সময়তে খাব পাৰি। প্ৰচুৰ পৰিমাণে ভিটামিন চি, এন্টিঅক্সিডেন্ট যুক্ত আমলখিক  আয়ুৰ্বেদত ' ৰসায়ন ঔষধি' হিচাবে ধৰা হয়, যিয়ে আমাৰ যৌৱনাৱস্থা অটুট ৰখাত সহায় কৰে। আয়ুৰ্বেদিক শাস্ত্ৰীয় ঔষধ ' ত্ৰিফলা' আৰু 'চ্যবনপ্ৰাচ'ৰ অন্যতম উপকৰণ আমলখি। নিয়মীয়াকৈ দুই এটা কেঁচা আমলখি সেৱন কৰি থাকিলে সহজে কোনো বেমাৰ নহয়। আমলখিৰ গুণাগুণ , উপকাৰীতা আৰু বিভিন্ন ৰোগত ইয়াৰ দিহা কিছুমান হৈছে-

🍀 আমলখিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বাৰ্ধক্য অহাত বাধা দিয়ে। 

🍀ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াকৈ আমলখিৰ ৰস সেৱন কৰি থাকিলে ব্লাড চুগাৰ নিয়ন্ত্ৰণলৈ আহে। 

☘️ এচিডিটি বা গেছৰ সমস্যাত দুই তিনিচামুছ আমলখি ৰসৰ লগত অকণমান মৌ মিহলাই কিছুদিন খালে সুফল পোৱা যায়।

☘️  নিয়মিত ভাৱে দুই এটা আমলখি চোবাই খোৱাৰ অভ্যাস কৰিলে দাঁত, ছাল, চুলিৰ সুস্বাস্থ্য অটুট থাকে কাৰণ ইয়াত ভিটামিন চি আৰু কেলচিয়াম আছে।

🍀 কৌষ্ঠকাঠিন্যতাত এচামুছ আমলখিৰ গুৰি এগিলাচ গৰম পানীত দি শোৱাৰ সময়ত কিছুদিন খালে সুফল পোৱা যায়।

☘️ দেহৰ অতিৰিক্ত ওজন কমাবলৈ বিচৰাসকলে আমলখিৰ ৰস মৌ বা ডালচিনিৰ গুৰি দি সেৱন কৰিলে উপকৃত হয়।

🍀লিভাৰৰ সুৰক্ষা আৰু লিভাৰৰ বিভিন্ন  দুই তিনিটা কেঁচা আমলখি সদায় চোবাই খালে  ইয়াৰ সুফল পোৱা যায়। 

☘️উচ্চ ৰক্তচাপ থকা সকলে আমলখি ৰস মৌ দি সেৱন কৰিলে উপকৃত হয়। আমলখিৰ ৰস গুৰ দি সেৱন কৰিলে হৃদযন্ত্ৰৰ বহু ৰোগ প্ৰতিৰোধ হয়।

🍀 চুলিৰ বিভিন্ন সমস্যা নিৰাময় কৰিবলৈ কেঁচা আমলখি ৰস বিভিন্ন দিহাত ব্যৱহাৰ কৰিব পাৰি।

☘️ চকুৰ ৰোগ, আৰথ্ৰাইটিছ, স্নায়ুজনীত বিভিন্ন ৰোগ আৰু কেঞ্চাৰ প্ৰতিষেধক এই আমলখি।

☘️☘️☘️ শিলিখা:- নৱেম্বৰ , ডিচেম্বৰ মাহৰ বতৰ সলনি হোৱা দিনকেইটাত দিনে দুই তিনিটা শিলিখা সেৱন কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।  শিলিখা বা হৰিতকী আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ ঔষধি। ত্ৰিফলাৰ দৰে বহুতো আয়ুৰ্বেদিক ঔষধত শিলিখা থাকে। পাচনতন্ত্ৰৰ বহু ৰোগ, ডায়েবেটিচ, চকুৰ ৰোগ , এলাৰ্জি আদিকে ধৰি বিভিন্ন ৰোগত শিলিখা উপকাৰী। শিলিখাৰ উপকাৰীতা কিছুমান হৈছে:-

🍀 কাহ, চৰ্দি, এলাৰ্জিত শিলিখা উপকাৰী।

🍀 কৌষ্ঠকাঠিন্য সমস্যাত শিলিখা উপকাৰী। 

☘️ ডায়েবেটিচ ৰোগীয়েও নিয়মিত শিলিখা সেৱন কৰিলে উপকৃত হয়।

🍀 কলেষ্টৰল সমস্যাতো শিলিখা উপকাৰী।

☘️ ভৰিৰ আঙুলিত হোৱা ভেকুৰজনীত সংক্ৰমণত কেঁচা শিলিখা খুন্দি লগাই থাকিলে সুফল পোৱা যায়।

☘️  চকুৰ  আয়ুৰ্বেদিক চিকিৎসাৰ বিভিন্ন ঔষধিত শিলিখাৰ প্ৰয়োগ হয়।

🍀 মুখগহ্বৰৰ আয়ুৰ্বেদিক প্ৰক্ষালন ঔষধি ( mouth wash) কিছুমানত শিলিখা ব্যৱহাৰ হয়।

☘️ চুলিৰ পৰিচৰ্যাতো শিলিখা ব্যৱহাৰ হয়।


🍀🍀 মৌ:- ডিচেম্বৰ, জানুৱাৰী মাহৰ শীতৰ দিনকেইটাত মৌ সেৱন কৰিলে উপকাৰ পোৱা যায়। মৌক অমৃততুল্য বুলি গণ্য কৰা হয়। আগৰ দিনত শিশুৰ জিভা পৰিষ্কাৰ কৰিবলৈ মৌ ব্যৱহাৰ হৈছিল । ঠিক তেনেকৈ গৰ্ভৱতী মহিলাক পঞ্চামৃত খুৱাওঁতে মৌ ব্যৱহাৰ হয়। বিভিন্ন আয়ুৰ্বেদিক ঔষধৰ অনুপান ( adjuvent) আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিতো বহুতো ৰোগৰ চিকিৎসাত মৌৰ ব্যৱহাৰ হয়। শিশুসকলৰ কফজনীত সমস্যাত আদা, তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাবলৈ দিয়া হয়। বৰ্তমান সময়ত স্বাস্থ্যসচেতন বহু লোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে। বিশেষকৈ ডায়েট প্লেনত থকা বহু লোকেই পুৱাই পুৱাই নেমুৰ ৰস আৰু মৌ মিহলি কুহুমীয়া পানীৰ সেৱন কৰে। ঠিক তেনেকৈ বিভিন্ন প্ৰকাৰৰ হাৰ্বেল টিত মৌ মিহলাই খোৱা হয়। তদুপৰি সৌন্দৰ্য্য চর্চাতো মৌ ব্যৱহাৰ হয় । মৌৰ উপকাৰীতা সমূহ হৈছে:-

☘️ এন্টিঅক্সিডেন্টযুক্ত মৌৱে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কাহ, চৰ্দি, হাপানী, ব্ৰংকাইটিছ আদিত আদা, তুলসী আদি বিভিন্ন ঔষধিৰ লগত মৌ মিহলাই খালে উপশম পোৱা যায়।  

☘️ মহিলাসকলে নিয়মিত ভাৱে এচামুচকৈ মৌ খালে দেহৰ ৰূপ লাৱণ্য বৃদ্ধি হয়। 

☘️ কৌষ্ঠকাঠিন্য সমস্যাতো নিয়মীয়াকৈ মৌ খালে সুফল পোৱা যায়।

☘️  মৌৱে তেজ পৰিষ্কাৰ কৰে, ৰক্তহীনতা দূৰ কৰে।

☘️ যিসকল শিশুৰ ভালকৈ ভোক নালাগে তেওঁলোকক নিয়মীয়াকৈ মৌ খুৱালে সুফল পোৱা যায়।

☘️  কলেষ্টৰল, মেদবহুলতা আদি সমস্যাত বিভিন্ন ঔষধি দ্ৰব্যৰ লগত মৌ মিহলাই সেৱন কৰিলে সুফল পোৱা যায়। লেমন টি, জিনজাৰ টি আদিত মৌ মিহলাই খোৱা হয়। ডালচিনিৰ গুৰিৰ লগত মৌ মিহলাই খালেও এইবোৰ সমস্যাত সুফল পোৱা যায়।

☘️ নিদ্ৰাহীনতাত ভোগা লোকে ৰাতি শোৱাৰ সময়ত এগিলাচ গাখীৰত এচামুছ মৌ মিহলাই নিয়মীয়াকৈ সেৱন কৰিলে উপকৃত হয়।

☘️  ইয়াৰ উপৰিও ছাল, চুলিৰ পৰিচৰ্যাৰ বিভিন্ন দিহাত মৌ ব্যৱহাৰ কৰা হয়।

🍀🍀🍀🍀 ওপৰত উল্লিখিত প্ৰাকৃতিক দ্ৰব্যসমূহ কেৱল যে সেই বিশেষ মাহতহে খাব লাগে তেনে কথা নাই। ৰোগ বা সুস্বাস্থ্যৰ হেতু যিকোনো সময়তে এনেবোৰ ঔষধি দ্ৰব্যৰ প্ৰয়োগ কৰিব পাৰি। কিন্তু বতৰৰ বস্তু যিটো সময়ত পোৱা যায় সেই সময়ত খালে ইয়াৰ গুণাগুণ বেছি পোৱা যায়। উক্ত বাৰবিধ খাদ্য প্ৰায়বোৰ ঠাইতে পোৱা যায়। ইয়াৰ ভিতৰত আমলখি, শিলিখা, থেকেৰা, হালধি, শেৱালি ফুল আদি শুকুৱাই সংৰক্ষণ কৰি থৈ বছৰটোৰ যিকোনো সময়তে খাব পাৰি। এলোভেৰা, তুলসী আদি টাবত ৰুই ল'বও পাৰি, যত্নও নালাগে বেছি। এইবোৰ ঘৰত ৰাখি লোৱাৰ এটাই উদ্দেশ্য হৈছে- নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্য ৰক্ষা। আহকচোন এই বছৰটো এই বাৰবিধ দ্ৰব্যৰে আমি নিজৰ স্বাস্থ্যৰ যত্ন লওঁ।

#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক) 

BAMS ( GU)

7399114617


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages