এনেবোৰ খাদ্যই তলপেটৰ চৰ্বী কম কৰাত সহায় কৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 19, 2022

এনেবোৰ খাদ্যই তলপেটৰ চৰ্বী কম কৰাত সহায় কৰে : Assamese Health Tips

Assamese Health Tips

সকলো ব্যক্তিয়েই সুন্দৰ হৈ থাকিব বিচাৰে। সুস্থ, সবল আৰু আটিল শৰীৰৰ গৰাকীজন আমি ভাগ্যৱান বুলি ভাবো। মেদহীন শৰীৰ এটা প্ৰত্যেকেই বিচাৰে।Assamese Health Tips ) 


 কিন্তু বেছি শকত হৈ পেটটো ওলাই গলে যিকোনো ব্যক্তিৰ শৰীৰৰ আকৰ্ষণ কমি যায় আৰু বয়সো বেছি বেছি যেন লগা হৈ পৰে নহয়নে বাৰু? তেনে ক্ষেত্ৰত পুৰুষ মহিলা উভয়ে হীন্যমান্যতাত ভোগা দেখা যায়। বিশেষকৈ মহিলা সকল বেছি সৌন্দৰ্য্য সচেতন। সেয়েহে তলপেটত চৰ্বি জমা হলে ই মহিলাসকল  চিন্তাৰ প্ৰধান কাৰণ হৈ পৰে। কি কৰিলে পেটৰ চৰ্বি কমাব পাৰি তাৰ উপায় বিচাৰি হাবাথুৰি খায়। তলপেটত চৰ্বী জমা হোৱাৰ কাৰণ প্ৰকৃততে বহুত । কিন্তু আমাৰ পৰিৱৰ্তিত জীৱনশৈলীও এইক্ষেত্ৰত কিছু পৰিমাণে জগৰীয়া। পূৰ্বৰ তুলনাত আমাৰ প্ৰত্যেকৰে শাৰীৰিক পৰিশ্ৰম কমি গৈছে, সঘনাই ফাষ্ট ফুড, জাংক ফুড খোৱাৰ প্ৰতি আসক্তি বাঢ়িছে আৰু লগতে বিভিন্ন কাৰণত আমাৰ ষ্ট্ৰেছ বাঢ়িছে। এনেবোৰ কাৰণত মেদবহুলতা সমস্যা বৃদ্ধি পাইছে। সাধাৰণতে মেদবহুল লোকৰ তলপেটত চৰ্বী জমা হয় যদিও অন্য কেতবোৰ কাৰণত কেতিয়াবা ক্ষীণ ব্যক্তিৰ পেটতো চৰ্বী জমা হোৱা দেখা যায়। তদুপৰি হৰমন বিসংগতি আৰু বংশগত কাৰণতো তলপেটত চৰ্বী জমা হয়। তলপেটত চৰ্বী জমা হলে ই দেখাত বেয়া হোৱাৰ উপৰিও ই কেতিয়াবা আমাৰ স্বাস্থ্যৰ বাবে প্ৰত্যাহ্বান হিচাবে দেখা দিয়ে। তলপেটত অত্যাধিক চৰ্বী জমা হলে আমাৰ শৰীৰৰ কেতবোৰ আভ্যন্তৰীণ অংগ যেনে লিভাৰ আদিতো চৰ্বী জমা হোৱাৰ আশংকা বৃদ্ধি হয়, উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। মুঠৰ ওপৰত কবলৈ হ'লে তলপেটত চৰ্বী জমা হোৱাতো আমাৰ সুস্বাস্থ্যৰ বাবে হেঙাৰ স্বৰূপ। সেয়েহে আজিৰ যুগৰ স্বাস্থ্যসচেতন সকলো লোকেই এই বিষয় লৈ যথেষ্ট উদ্বিগ্ন হোৱা দেখা যায়। সমস্যাটো নিৰাময় কৰাৰ বাবে চিন্তা কৰাৰ আগতে জানি লওঁ আহক এই সমস্যাৰ মুখ্য কাৰণসমূহ। তলপেটত চৰ্বী হোৱাৰ কেইটামান প্ৰধান কাৰণ হৈছে:-

🍀সঘনাই চেনি, মিঠাই, শীতল পানীয়, জুছ বা তেনেধৰণৰ অধিক কাৰ্বোহাইড্ৰেটযুক্ত খাদ্যৰ সেৱন কৰিলে ই মেদবহুলতাৰ কাৰণ হৈ পৰে। ই  আমাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া মন্থৰ কৰি তোলে, অতিৰিক্ত চৰ্বীৰ দহন কাৰ্য্যত ব্যাঘাত হয় যাৰ বাবে অতিৰিক্ত চৰ্বী তলপেটত জমা হয়। ঠিক তেনেকৈ ট্ৰান্স ফেটযুক্ত খাদ্য যেনে বেকাৰী বিস্কুট, কুকিজ আদি খোৱাৰ অভ্যাস থাকিলেও ই একে সমস্যাৰ সৃষ্টি কৰে।

🍀🍀 শাৰীৰিক পৰিশ্ৰমৰ অভাৱ:- বৰ্তমান সকলোৰে শাৰীৰিক পৰিশ্ৰম কমি যোৱাটো এই সমস্যাৰ মুখ্য কাৰণ হৈ পৰিছে। খাদ্য খোৱাৰ বিপৰীতে সেইখিনি হজম হবলৈও পৰিশ্ৰমৰ প্ৰয়োজন। খাদ্য প্ৰয়োজনতকৈ বেছি খাই পৰিশ্ৰম নকৰিলে সেইখিনি অতিৰিক্ত কেলৰি চৰ্বী হিচাপে কিছু অংশ আমাৰ পেটত জমা হয়। সেয়েহে পৰিশ্ৰমৰ অভাৱৰ বাবেও এনে সমস্যা দেখা যায়।

🍀🍀ষ্ট্ৰেছ বা মানসিক দুশ্চিন্তাগ্ৰস্ত হলে শৰীৰৰ কৰ্টিজল হৰমন নিঃসৰণ বৃদ্ধি হয়। এই কৰ্টিজল হৰমন মেদবহুলতাৰ অন্যতম কাৰণ। ষ্ট্ৰেছত থকা বেছিভাগ ব্যক্তিৰ খাদ্য খোৱাৰ প্ৰৱণতাও বৃদ্ধি পায় যাৰ ফলত অতিৰিক্ত কেলৰি পেটত চৰ্বি হিচাবে জমা হয়। তেনে ব্যক্তিৰ স্বাস্থ্যসন্মত খাদ্যতকৈ মিঠাই, চিপছ, কফি আদিৰ প্ৰতিহে আসক্তি বৃদ্ধি পোৱা দেখা যায়।

🍀অত্যাধিক মদ্যপান কৰাও এই সমস্যাৰ অন্য এক কাৰণ। 

🍀টোপনি খতি কৰা ব্যক্তিৰ এই সমস্যা বেছি হোৱা দেখা যায়।সঠিক পৰিমাণে টোপনি নহ'লে আমাৰ বিপাকীয় ক্ৰিয়াত বাধা হোৱা দেখা যায় যিয়ে এনেধৰণৰ সমস্যা সৃষ্টিত অৰিহণা যোগায়।

🍀 সন্তান জন্মৰ পিছত স্বাভাৱিক ভাবে মহিলাসকলৰ তলপেটত চৰ্বী জমা হয়। সেয়েহে প্ৰসৱোত্তৰ কালত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা উচিত যাতে সময়ত পেটৰ চৰ্বী কমি যায়। এইসময়ত অত্যাধিক চৰ্বী যুক্ত খাদ্য গ্ৰহণ কৰা অনুচিত।

🍀ৰজনিবৃত্তি বা মেন'পজৰ সময়ত মহিলাসকলৰ তলপেটত চৰ্বী জমা হোৱা দেখা যায়। এই সময়চোৱাত ইস্ট্র'জেন হৰমনৰ তাৰতম্যৰ বাবে  এনে হয়।

🍀 থাইৰয়ড হৰমনৰ বিসংগতিৰ বাবেও তলপেটত চৰ্বী জমা হোৱা দেখা যায়।

☘️☘️☘️ ওপৰৰ কাৰণখিনি চালি জাৰি চালে দেখা যায় যে তলপেটত চৰ্বী জমা হোৱাৰ কাৰণসমূহ বেছিভাগ আমি নিজে সৃষ্টি কৰি লোৱা সমস্যা। সেয়েহে এই কাৰণসমূহৰ মাজতে এই সমস্যা সমাধানৰ উপায় বিচাৰি পোৱা যায়। কিন্তু এই সমস্যা নিৰাময়ৰ চেষ্টা কৰোতে যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন, কাৰণ কথা এষাৰ আছে যে ভুকুতে কল নপকে। প্ৰথমে নিজেই চালিজাৰি চাওক কোনকেইটা কাৰণত আপোনাৰ পেটত চৰ্বী জমা হব পাৰে আৰু তাৰ পিছত খাদ্যাভ্যাস , যোগাভ্যাস, নিয়মিত শাৰীৰিক পৰিশ্ৰমৰ ওপৰত ধ্যান দিয়ক। কিছুমান ব্যক্তিয়ে পেটৰ চৰ্বী কমোৱাৰ নামত বা ডায়েটৰ নামত ব্ৰেকফাষ্ট নোখোৱাকৈ থাকে । ই কিন্তু হিতে বিপৰীতহে কৰে। সেয়েহে খুব সাৱধানতা অৱলম্বন কৰা উচিত। কেতবোৰ সাধাৰণ কিটিপে পেটৰ চৰ্বী কমোৱাত সহায় কৰিব পাৰে। তেনে কেইটামান কিটিপ হৈছে:- 

🍀 তলপেটত চৰ্বী জমা হোৱা ব্যক্তিয়ে অত্যাধিক মিঠা, শীতল পানীয়, জুছ, আদি খোৱা পৰিহাৰ কৰক। এইবোৰত অতিৰিক্ত কাৰ্বোহাইড্ৰেট থাকে যি আমাৰ শৰীৰৰ বাবে অপকাৰী। গৱেষণাৰ পৰা দেখা গৈছে যে অধিক পৰিমাণে ৰিফাইণ্ড কাৰ্বহাইড্ৰেট খাই থকা ব্যক্তিৰ ভোক বৃদ্ধি হোৱাৰ উপৰিও ই তলপেটত চৰ্বী জমা হোৱাতো ইন্ধন যোগায়। চিপছ, কুৰকুৰে, পেকেটত সংৰক্ষণ কৰা খাদ্যসামগ্রীও পৰিহাৰ কৰা উচিত। ইয়াৰ পৰিবৰ্তে থলুৱা জলপান, থলুৱা খাদ্য গ্ৰহণ কৰাতো বেছি স্বাস্থ্যসন্মত হয়।

🍀দৈনন্দিন খাদ্যতালিকাত প্ৰটিনযুক্ত খাদ্যৰ অন্তৰ্ভুক্ত কৰক। প্ৰটিনযুক্ত খাদ্য সেৱন কৰিলে ই শৰীৰৰ বিপাকীয় ক্ৰিয়া দ্ৰুত কৰি তোলে , ক্ৰমাৎ বৃদ্ধি পাই অহা ভোক কম কৰে আৰু অতিৰিক্ত চৰ্বিৰ দহনকাৰ্য্য সুকলমে হয়। প্ৰটিন যুক্ত খাদ্য হজম হওঁতে সময় লাগে যাৰ বাবে সোনকালে ভোক নালাগে যাৰ বাবে অতিৰিক্ত কেলৰি গ্ৰহণৰ পৰা বিৰত থাকিব পৰা যায়। বইল কণীৰ বগা অংশ খোৱাটো উপকাৰী। সেয়েহে জিম বা ফিটনেছ চেণ্টাৰত কণীৰ বগা অংশ খাবলৈ উপদেশ দিয়ে। বৰ্তমান বতা চৰাইৰ কণী বা কোৱেইল এগ ( quail egg) পেটৰ চৰ্বী বা শৰীৰৰ অতিৰিক্ত চৰ্বী কম কৰাত উপকাৰী বুলি প্ৰমাণিত হৈছে। ঠিক তেনেকৈ গাখীৰ, দৈ আদিও উপকাৰী।

🍀🍀 অতিৰিক্ত চৰ্বিযুক্ত খাদ্য যেনে বাতাৰ, চিজ, ছাগলী মাংস, ব্ৰইলাৰ মাংস , সংপৃক্ত স্নেহ ( saturated fat) পাৰিলে পৰিহাৰ কৰক। তাৰ পৰিবৰ্তে আলমণ্ড, চীনা বাদাম, আখৰোত আদি সেৱন কৰক। এইবোৰত শৰীৰৰ বাবে অত্যাৱশ্যকীয় অসংপৃক্ত স্নেহ আছে ( যাক কোৱা হয় MUFA আৰু PUFA)।

🍀🍀দৈনন্দিন খাদ্যতালিকাত আঁহ জাতীয় খাদ্য ৰাখিবলৈ চেষ্টা কৰক। এইক্ষেত্ৰত বিশেষকৈ দ্ৰৱণীয় আঁহ( soluble fiber) বৰ উপকাৰী। ই বিপাকীয় ক্ৰিয়াত সহায় কৰে আৰু পেটৰ অতিৰিক্ত চৰ্বী কম কৰে। শাকপাচলি যেনে মটৰ, বিন, ব্রকলি ফলমূল যেনে কমলা আদি আঁহযুক্ত খাদ্য।Assamese Health Tips ) 

🍀🍀 নিয়মিত ভাৱে শাৰীৰিক পৰিশ্ৰম কৰক। ই আমাৰ শৰীৰৰ অতিৰিক্ত কেলৰিৰ দহন কৰে, শৰীৰৰ অলাগতিয়াল চৰ্বী কম কৰে। খোজকঢ়া, দৌৰ, সাঁতোৰ আদিয়ে পেটৰ চৰ্বী কম কৰাত সহায় কৰে। ইয়াৰ উপৰিও কপালভাটি প্রানায়ম আৰু কেতবোৰ যোগাসন কৰিলেও তলপেটৰ চৰ্বী কম হয়। প্ৰয়োজন হ'লে যোগ প্ৰশিক্ষকৰ পৰামৰ্শ লোৱা উচিত।

🍀🍀 ষ্ট্ৰেছ কম কৰিবলৈ চেষ্টা কৰক। ৰাতি সোনকালে শোৱাৰ অভ্যাস কৰক। শোৱাৰ আগতে পৰিলে প্রানায়ম বা যোগাভ্যাস কৰক । খাদ্যতালিকাত মেগনেছিয়ামযুক্ত আহাৰ অন্তৰ্ভুক্ত কৰক। এনে আহাৰেও ষ্ট্ৰেছ কম কৰাত সহায় কৰে। গাঢ় সেউজীয়া ৰঙৰ শাকপাচলি, বাদাম আদিত মেগনেছিয়াম পোৱা যায়।

🍀 সন্তান জন্মৰ পিছত প্ৰসূতি মহিলাসকলে খাদ্য গ্ৰহণ কৰোতে সাৱধানতা অৱলম্বন কৰা উচিত। তেওঁলোকে পৰিমিত, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে। দৈনিক হিচাবে আহাৰ ছবাৰ মান খাব লাগে, অত্যাধিক চৰ্বি থকা খাদ্য পৰিহাৰ কৰি প্ৰটিন, ভিটামিন, খনিজযুক্ত খাদ্য খোৱা উচিত। থলুৱা বনশাক যেনে কঁচুৰ জালুকীয়া, চেংমৰা, মানিমুনি, মাদিকাদুৰি, কণা শিমলু আদি বনশাকে গৰ্ভাশয়ৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰে আৰু তলপেটত চৰ্বি জমা হোৱাত বাধা দিয়ে।

🍀🍀🍀 উপৰোক্ত দিহাসমূহ মানি চলিলে নিশ্চয় এই সমস্যাত ভোগা লোকে সুফল পাব। বৰ্তমান যুগটো এনেকুৱা হৈছে যে সকলোৱে নিজৰ স্বাস্থ্য লৈ যথেষ্ট সচেতন। সেয়েহে এনেবোৰ সমস্যা নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ গৱেষণামূলক অধ্যয়নো চলি আছে। তেনেধৰণৰ গৱেষণাৰ পৰা গম পোৱা গৈছে যে কেতবোৰ খাদ্যই আমাৰ তলপেটৰ চৰ্বী কম কৰাত সহায় কৰে। তেনে কেইবিধমান খাদ্যৰ বিষয়ে তলত উল্লেখ কৰা হৈছে:-

🍀🍀নেমু, তেঁতেলী আদি টেঙা জাতীয় ফলে দেহৰ অতিৰিক্ত চৰ্বী আৰু তলপেটৰ চৰ্বি কম কৰাত সহায় কৰে। সেয়েহে নেমু বা তেঁতেলিৰ চৰবত সেৱন কৰিলে সুফল পোৱা যায়। 

🍀🍀আদাইও তলপেটৰ চৰ্বি কম কৰাত সহায় কৰে। পুৱা খালিপেটত নেমুৰ চৰবতৰ লগত অকণমান আদাৰ ৰস আৰু মৌ মিহলাই খালে সুফল পোৱা যায়।

🍀🍀নহৰুৱেও তলপেটৰ চৰ্বী কম কৰাত সহায় কৰে। সেয়েহে দৈনন্দিন খাদ্যতালিকাত নহৰু অন্তৰ্ভুক্ত কৰা উচিত।

🍀ফ্লেক্সিদ বা তিছি গুটি নিয়মীয়াকৈ খালেও সুফল পোৱা যায় কাৰণ ইয়াত যথেষ্ট পৰিমাণে আঁহ আছে যিয়ে অতিৰিক্ত চৰ্বী কম কৰাত সহায় কৰে। জলপান বা অন্য আহাৰৰ লগত মিহলাই খালে যথেষ্ট উপকৃত হয়।

🍀টোকমাহ ( Basil seeds) খালেও সুফল পোৱা যায়। টোকমাহ ( এচামুছ বা দুচামুছ)এৰাতি পানীত তিয়াই পুৱা নিয়মীয়াকৈ খলিপেটত সেৱন কৰিব পাৰি। নাইবা যিকোনো চৰবত জাতীয় পানীয়ত নাইবা অন্য ব্যঞ্জনত মিহলাইও খাব পাৰি। টোকমাহ নেমুৰ চৰবত বা এল'ভেৰা জুছৰ লগতো মিহলাই খাব পাৰি। 

🍀 ওপৰত উল্লেখ কৰা সামগ্ৰীৰ উপৰিও আন বহুতো খাদ্যসামগ্রী আছে যিয়ে তলপেটৰ চৰ্বী আৰু শৰীৰৰ অতিৰিক্ত চৰ্বী কম কৰাত সহায় কৰে।  দেখা গৈছে যে স্বাস্থ্যসচেতন বহু লোকে আজিকালি জিম বা ফিটনেছ চেণ্টাৰত অনুশীলন কৰে। ঠিক তেনেদৰে বহুলোকে নিয়মিত প্রানায়ম আৰু যোগাভ্যাস অনুশীলন কৰে। ফিটনেছ এক্সপাৰ্ট বা যোগ প্ৰশিক্ষকৰ তত্বাৱধানত অনুশীলন কৰা বহু লোকে এনেবোৰ সমস্যাত চমকপ্ৰদ ফলাফল লাভ কৰিছে। সঠিক খাদ্যাভ্যাস, নিয়মিত শাৰীৰিক পৰিশ্ৰম সুস্বাস্থ্যৰ চাবিকাঠি। সঁচা অৰ্থত ক'বলৈ গ'লে ' স্বাস্থ্যই পৰম ধন।' সেয়েহে আমি সকলোৱেই নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে যত্নপৰ হোৱা উচিত।

#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, ফোন- 7399114617


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages