চুলি সৰাৰ ঘৰুৱা দিহা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 18, 2022

চুলি সৰাৰ ঘৰুৱা দিহা : Assamese Health Tips

Assamese Health Tips

বৰ্তমান সকলোৰে মুখত এটাই কথা বেছিকৈ শুনিবলৈ পোৱা যায় আৰু সেইটো হৈছে 'চুলি সৰা'। ল'ৰাই হওক বা ছোৱালীয়েই হওক সকলোৰে চুলি সৰিবলৈ ধৰিছে।Assamese Health Tips ) 


সঁচা কথা ক'বলৈ গ'লে আগৰ দিনৰ তুলনাত আজিকালি চুলি সৰা বা 'hair fall'ৰ সমস্যাতো বেছি হৈছে। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু? আগৰ দিনত আমাৰ ককা আইতাহঁতে ঘৰৰ সতেজ বা ফ্রেচ বস্তু খাবলৈ পাইছিল আৰু তেওঁলোকে যিবোৰ খাদ্য গ্ৰহণ কৰিছিল সেইবোৰ স্বাস্থ্যসন্মত আছিল। কিন্তু আজিকালি আমি ফ্রেচ বস্তু একেবাৰেই খাবলৈ নোপোৱা হ'লো। তদুপৰি আমাৰ জীৱনশৈলী (লাইফষ্টাইল )আৰু খাদ্যাভ্যাসৰ(ফুড হেবিত ) পৰিবৰ্তন হৈছে আৰু ষ্ট্ৰেছ বা মানসিক চাপ আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। এইবোৰ কাৰণতেই আমাৰ শৰীৰত হয়তো কিছু পৰিমাণে পুষ্টিহীনতা হৈছে( nutritional defficiency) আৰু হৰমনৰ খেলিমেলি হৈছে( hormonal imbalance) । ইয়াৰ উপৰি আমাৰ নিজৰো কিছুমান ভুল আছে। আমি চুলিত কিছুমান বজাৰৰ বস্তু( hair product) বেছিকে ব্যৱহাৰ কৰিবলৈ লৈছো যিবোৰে হয়তো আমাৰ চুলিত নামানে( suit নকৰে) । কিন্তু আমি সেইবোৰ দামী বস্তু বুলি ঘঁহি থাকো। এইবিলাক বস্তুৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও কেতিয়াবা চুলি সৰা দেখা যায়। চুলি সৰা সমস্যাটো যদি নিৰাময় কৰিব বিচাৰো তেন্তে আমি চুলিৰ বিষয়ে কিছুমান কথা জানিব লাগিব । চুলিয়ে কি বিচাৰে, চুলি কি কি কাৰণত সৰে, চুলি সৰিলে কি কি কৰিব লাগে এই সকলোবোৰ কথা বুজিব লাগিব । চুলি সৰাৰ প্ৰকৃত কাৰণসমূহ জানিলেহে আমি এটা সঠিক চিকিৎসা চুলিখিনিক দিব পাৰিম। গতিকে জানো আহক এই সকলোবোৰ কথা:-

🍀 দৈনিক পঞ্চাশৰ পৰা এশডাল চুলি সৰাটো এটা স্বাভাৱিক কথা। অৰ্থাৎ দৈনিক এইটো সংখ্যাত চুলি সৰিলে বিশেষ একো চিন্তা কৰিব লগীয়া কথা নাই। কিন্তু যেতিয়া একেৰাহে ইয়াতকৈ বেছি অৰ্থাৎ দুশ, তিনিশ ডালকৈ চুলি সৰিবলৈ ধৰে আৰু আপোনাৰ ফণীত লাড়ু লাড়ুকৈ চুলি আহিবলৈ ধৰে বা আপোনাৰ মূৰৰ তালু অংশত চুলি নাইকিয়া হৈ পাতল হৈ গৈছে তেন্তে এইটো চুলি সৰা বা hair fall বুলি নিশ্চিত হ'ব লাগিব।

🍀 মহিলাসকলৰ সন্তান প্ৰসৱৰ পিছত কেতিয়াবা চুলি সৰিবলৈ ধৰে আৰু কিছুমানৰ মেন'পজৰ সময়ত চুলি সৰে। আচলতে হৰমনৰ তাৰতম্যৰ বাবে এনে হয়। এইবোৰ একোটা স্বাভাৱিক প্ৰক্ৰিয়া।

🍀কিছুমানৰ ঋতু সলনি হোৱাৰ সময়ত চুলি সৰা দেখা যায়। যেনেকৈ ধৰক গ্ৰীষ্মকালত চুলি সৰে আৰু গ্ৰীষ্মকাল যোৱাৰ পিছত নিজে নিজে চুলি সৰা বন্ধ হয়। ইয়ো এক স্বাভাৱিক কথা। চিন্তা কৰিব লগীয়া একো নাই।

🍀🍀🍀এতিয়া জানো আহক চুলি সৰাৰ বিভিন্ন কাৰণ সমূহ-

🍀প্ৰথম কাৰণ হৈছে ষ্ট্ৰেছ। আজিকালি ই চুলি সৰাৰ মুখ্য কাৰণ।আমি যেতিয়া অত্যাধিক মানসিক চাপত থাকো তাৰ প্ৰভাৱ প্ৰথমে চুলিতেই পৰে আৰু  লাহে লাহে চুলি সৰিবলৈ ধৰে।

🍀দ্বিতীয় কাৰণটো হৈছে জেনেটিক। অৰ্থাৎ আপোনাৰ পৰিয়ালত যদি চুলি সৰা সমস্যাটো আগৰে পৰা আছে বা আপোনাৰ মা, দেউতাৰ চুলি সৰা সমস্যাটো আছে ,তেন্তে আপোনাৰো এইটো সমস্যা অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

🍀আপুনি যদি পুষ্টিহীনতা বা ৰোক্তহীনতাত ভুগি আছে তাৰ বাবেও চুলি সৰিব পাৰে। অৰ্থাৎ চুলিয়ে যি আইৰণ, ফলিক এচিড বা অন্য আৱশ্যকীয় উপাদান বিচাৰে সেয়া যদি আপুনি খাদ্যৰ দ্বাৰা চুলিক যোগান দিব পৰা নাই তেন্তে ইয়াৰ বাবে চুলি সৰিব পাৰে।

🍀আপোনাৰ যদি হঠাৎ ওজন কমিছে বা আপুনি ডায়েটিং কৰাৰ ফলত ওজন কমিছে তেন্তে সেইটোৰ বাবেও কেতিয়াবা চুলি সৰিব পাৰে।

🍀 হৰমনৰ তাৰতম্যৰ বাবেও চুলি সৰিব পাৰে। আজিকালি থাইৰয়ড, PCOD ৰোগীৰ সংখ্যা বহুখিনি বাঢ়িছে। এইবিলাক ৰোগীৰ সাধাৰণতে চুলি সৰা সমস্যাতো থাকেই।

🍀ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও চুলি সৰিব পাৰে।কেম' থেৰাপি লোৱাৰ পাছত চুলি সৰে বা কেতিয়াবা কিছুমান অপাৰেচনৰ পিছতো চুলি সৰে।

🍀কিছুমান হেয়াৰ প্ৰডাক্টৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও চুলি সৰিব পাৰে।

🍀চুলিত উফি হলে বা খৰ হলে চুলি সৰিব পাৰে।

🍀এলোপেচিয়া নামৰ ৰোগতো চুলি সৰি তপা হোৱা দেখা যায়।

🍀🍀🍀 এই কথাখিনিৰ পৰা আপোনালোকে হয়তো এটা কথা বুজিছে যে চুলি সৰাৰ কাৰণ সমূহ বেলেগ বেলেগ। আপোনাৰ যদি এটা কাৰণত চুলি সৰিছে , তেন্তে অইনৰ হয়তো বেলেগ এটা কাৰণত চুলি সৰিছে। এই কাৰণসমূহৰ চিকিৎসা প্ৰথমে কৰিব লাগিব, তাৰ পিছত আহিব বিভিন্ন ঘৰুৱা দিহা আৰু পথ্য অপথ্যৰ কথা। চুলি সৰা সমস্যাৰ বিভিন্ন ঘৰুৱা দিহা হৈছে-

🍀🍀 আমাৰ এটা ভুল ধাৰণা আছে যে চুলি সৰিলে চুলিৰ গুৰিতহে কিবা কিবি লগাব লাগে। আচলতে আমি কিছুমান বস্তু খাবও লাগিব আৰু চুলিৰ গুৰিত লগাবও লাগিব। বাহ্যিক আৰু আভ্যন্তৰীণ ভাবে প্রয়োগ কৰিব পৰা বস্তু বিধেই হৈছে আমলখি। চুলি সৰা ৰোধ কৰিবলৈ হ'লে আমলখি সেৱনো কৰিব লাগিব। আমলখি চূৰ্ণ, ৰস বা কেঁচাই খাব পাৰে। আৰু চুলিৰ গুৰিত লগোৱা বিধিটো হৈছে-

🍀চুলিত শ্বেম্পু কৰাৰ দিনাখন আমলখি ৰসৰ লগত নাৰিকল তেল বা হেয়াৰ অইল মিক্স কৰি চুলিৰ গুৰিত লগাওঁক। আধা ঘণ্টা বা এঘণ্টাৰ পিছত চুলিখিনি শ্বেম্পু কৰক। সপ্তাহত দুই,তিনি দিন এনেকৈ কৰিব পাৰিব। দুই তিনিমাহ কৰিব লাগিব।Assamese Health Tips )

🍀 পিয়াঁজৰ ৰস চুলিৰ বাবে উপকাৰী। ইয়াত ছালফাৰ থাকে যিয়ে নতুন চুলি গজাত সহায় কৰে বুলি জনা যায়। লগোৱাৰ বিধি এটা হৈছে- এটা পিয়াঁজ কুটি লৈ তাৰ লগত ছালকুঁৱৰী বা এল'ভেৰা এডোখৰৰ ভিতৰৰ সাহ বা জেলখিনি মিহলাই মিক্সিত পিচি লওক। চেকনিৰে চেকি ৰসখিনি কপাহেৰে চুলিৰ গুৰিত লগাওঁক। আধা ঘণ্টা বা এঘণ্টাৰ পাছত শ্বেম্পু কৰক। সপ্তাহত দুদিন তিনিদিন কওঁ দুই তিনিমাহ কৰিব লাগিব।

🍀ৰঙা জবাফুল কেইপাহমান আৰু কেইখিলা মান পাত একেলগে পিচি লওক। অলপ নাৰিকল তেলৰ লগত সেইখিনি কম জুইত 30 মিনিট বা 40 মিনিট মান উতলাই ঠাণ্ডা হবলৈ দিয়ক। চেকনিৰে চেকি বটলত ভৰাই থব পাৰে। শ্বেম্পু কৰাৰ দিনা চুলিৰ গুৰিত মাছাজ কৰি আধা ঘণ্টা বা এঘণ্টাৰ পিছত ধুই পেলাওক।যিকোনো হেয়াৰ অইলৰ সলনি এই তেল ব্যবহাৰ কৰিলে সুফল পোৱা যায়।

🍀নৰসিংহ পাত আৰু মেথিগুটি চুলিৰ সুস্বাস্থ্যৰ বাবে বহুত উপকাৰী। দৈনন্দিন খাদ্যতালিকাত এইদুবিধ খাদ্য ৰাখিলে আমাৰ চুলি সৰা সমস্যাত সুফল পোৱা যায়। কাৰণ এই দুবিধ বস্তুত চুলিৰ বাবে প্ৰয়োজনীয় বহুতো উপাদান পোৱা যায়। মেথিগুটিয়ে আমাৰ শৰীৰৰ বিভিন্ন হৰমনৰ বিসংগতি দূৰ কৰাত সহায় কৰে। গতিকে এই দুবিধ বস্তু খাবও লাগে আৰু চুলিত লগাবও পাৰি। লগোৱাৰ বিধি হৈছে-

🍀পোন্ধৰ বিছ খিলা মান নৰসিংহ পাত লৈ পিচি লওক আৰু অলপ নাৰিকল তেলৰ লগত কম জুইত আধা ঘণ্টা বা চল্লিছ মিনিট উতলাই ঠাণ্ডা কৰক। চেকনিৰে চেকি চুলিৰ গুৰিত লগাওঁক। আধা ঘণ্টা বা এঘণ্টাৰ পিচত শ্বেম্পুৰে ধুই পেলাওক।

🍀এচামুছ মেথিগুটি এৰাতি পানীত তিয়াই পিছদিনা পিচি লওক। একে পদ্ধতিৰে নাৰিকল তেলৰ লগত গৰম কৰি লৈ চুলিত লগাওঁক।

🍀🍀এই বিধিসমূহ ব্যৱহাৰ কৰিবলৈ হলে এটা বিধি দুমাহ বা তিনি মাহ কৰাৰ পিছত আনটো বিধি প্ৰয়োগ কৰিব। তেতিয়াহে ভাল ফলাফল পোৱা যায়।এইবোৰ দিহাৰ উপৰিও আমি সুষম, সন্তুলিত খাদ্য গ্ৰহনত বিশেষ ভাবে গুৰুত্ব দিব লাগিব। কাৰণ বাহিৰৰ পৰা যিমানেই বস্তু নলগাওঁ কিয় আমি যদি সঠিক খাদ্য গ্ৰহণ নকৰো তেন্তে ভাল ফলাফল নাপাম। চুলিৰ পুষ্টিৰ বাবে প্ৰটিন, আইৰণ, ফলেট, জিংক,ভিটামিন ই, ভিটামিন চি আদি বিভিন্ন উপাদান প্ৰয়োজন হয়। আমি খাদ্যৰ মাধ্যমেৰে এইবোৰ শৰীৰত যোগান ধৰিব লাগিব। যেনে ধৰক-

🍀প্ৰ'টিনযুক্ত খাদ্য বুলি ক'লে দাইল জাতীয় বা মাহ জাতীয় খাদ্য মটৰ, মছুৰ দাইল, ৰাজমাহ আদি, দুগ্ধজাত খাদ্য যেনে গাখীৰ, দৈ, পনীৰ আদি খাদ্য আৰু মাছ , মাংস আদিৰ কথা বুজা যায়। খাদ্যতালিকাত এইবোৰ খাদ্য ৰাখিলে চুলিৰ পুষ্টিসাধন হয়।

🍀আইৰণ যুক্ত খাদ্য যেনে কলদিল, কাঁচকল, ডালিম ,বিট আদি মাজে সময়ে খাই থাকিলে ৰক্তহীনতা দূৰ হোৱাত সহায় হয় আৰু ইয়াৰ বাবে চুলি সৰা সমস্যাতো সুফল পোৱা যায়।

🍀ৰঙালাও গুটি, আলমণ্ড, আখৰুত আদিও মাজে মাজে খোৱা উচিত কাৰণ চুলিৰ বাবে প্ৰয়োজনীয় বহুতো উপাদান ইয়াত পোৱা যায়।

🍀🍀🍀এইবিলাক খাদ্য গ্ৰহনৰ উপৰিও ষ্ট্ৰেছ বা মানসিক চাপ যিমান পাৰে এৰাই চলিব লাগে। ইয়াৰ বাবে যোগ, প্রানায়ম আদিৰ সহায় ল'ব পাৰিব।

🍀 প্ৰচুৰ পৰিমাণে পানী সেৱন কৰা উচিত যাতে শৰীৰৰ পৰা অলাগতিয়াল টকচিন্স ওলাই যাব পাৰে।

🍀চুলিৰ বাবে ভেষজ বা আয়ুৰ্বেদিক সামগ্ৰী ব্যৱহাৰ কৰিলে বেছি ভাল। অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰয়োজন হলে ঔষধি সেৱন কৰিব পাৰিব।


🍀🍀🍀চুলি সৰিলে কি কি কৰিব নালাগে-

🌼🌼 চুলিখিনি তিতি থকা অৱস্থাত নফণিয়াব। কাৰণ তেনে অৱস্থাত চুলিৰ গুৰি কোমল হৈ থাকে।

🌼🌼 টাইট হেয়াৰ ষ্টাইল নকৰিব বা টাইট ৰাবাৰ বেণ্ডেৰে চুলি নাবান্ধিব।

🌼🌼চুলি সৰি থাকিলে চুলিত কালাৰ পৰাপক্ষত নকৰিব।

#বি:দ্ৰ:-কিছুমান ব্যক্তিয়ে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁলোকে যেন ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰে।

#ডাঃ ৰেইনি দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

ফোন-7399114617


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages