কল কিনাৰ আগত সাৱধান হওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 15, 2022

কল কিনাৰ আগত সাৱধান হওক : Assamese Health Tips

Assamese Health Tips

 প্ৰায় প্ৰতিখন পূজা , উৎসৱ আদিত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ফলবিধেই হৈছে কল ।  কল অবিহনে হিন্দু পূজা অসম্ভবৰ দৰে । Assamese Health Tips ) 


ভগৱানৰ প্রিয় ফল হল কল । কল অবিহনে প্ৰসাদ আধৰুৱা হৈ ৰয় । কলত এনেকুৱা কি গুণ আছে যাৰ বাবে কল ইমান বেছি ব্যৱহাৰ লগ ? 


আপুনি হয়তো নাজানে যে পকা কলে ওজন বঢ়ায় আৰু কেঁচা কলে ওজন কমায় ।   গোটেই ভাৰতৰ ভিতৰত চাগে অসমতেই বেছি প্ৰজাতিৰ কল পোৱা যায়।   বাহিৰত কল মানে কেৱল কল । কিন্তু আমাৰ ইয়াত কল বুলি কলে কি কল সুধিব । 

আঠিয়া কল , চেনিচম্পা কল , মালভোগ কল , কাঁচকল , জাহাজি কল  আদি আদি বিভিন্ন কল আছে অসমত । 


এই কলত  প্ৰচুৰ পৰিমাণে খনিজ লবন থাকে ।  আইৰণ , কেলচিয়াম , মেগনেছিয়াম , মেংগানিজ , চডিয়াম , পতাচিয়াম , জিংক  আদি পোৱা যায় কলত । 


ইয়াৰ উপৰিও কলত ভিটামিন B6 পোৱা যায় ।  ভিটামিন B6 ৰ শৰীৰত অভাৱ হলে মানুহ depression ত যায় আৰু মানসিক ৰোগী হয় । 

ভিটামিন B6  এ  serotonin নামৰ এবিধ hormone প্ৰস্তুত কৰাত সহায় কৰা আৰু যিয়ে মানুহৰ মন প্ৰফুল্লিত কৰি ৰাখে , স্মৃতি শক্তি বঢ়ায় আৰু ধৰ্য্য দিয়ে ।। Assamese Health Tips ) 


কলৰ ইমানবোৰ লাভ থকা বুলি গম পালে সকলোৱে কল খাব । কিন্তু যদি কল বাচনি কৰিব নোৱাৰে বা কিনিব নাজানে , তেন্তে লাভৰ সলনি লোকচান হব   ।  যাৰ ঘৰত আছে , তেওঁ নিৰ্ভয়ে কল খাব পাৰে । 

Assamese Health Tips

কিন্তু বজাৰৰ কল ফটোত দিয়াৰ দৰে চাই লব ।কেঁচা ঠাৰিৰ আৰু  চিকচিকীয়া কল নিকিনিলে ভাল ।কেঁচা ঠাৰিৰ  পকা কলবোৰ কাৰ্বাইড দি পকোঁৱা হয় । 


প্ৰাকৃতিক ভাবে পকা কলৰ ফটো দিয়া হৈছে ।

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages