গাঁওৰ প্ৰায় প্ৰতিঘৰৰে বাৰীৰ পিছফালে পোৱা যায় এইবিধ বনৌষধ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 12, 2022

গাঁওৰ প্ৰায় প্ৰতিঘৰৰে বাৰীৰ পিছফালে পোৱা যায় এইবিধ বনৌষধ : Assamese Health Tips

Assamese Health Tips

বীজতাড়কা বা অমৰলতা হল পাহৰি যোৱা এবিধ সঞ্জীৱনী । অসমৰ ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ হব পাৰে । কিন্তু ই সঞ্জীৱনীতকৈ কোনোগুণে কম নহয় ।Assamese Health Tips ) 


যেতিয়া কোনো ঔষধে কাম নিদিয়ে , তেতিয়া ই কামত আহে । 


গাঁওৰ প্ৰায় প্ৰতিঘৰৰে বাৰীৰ পিছফালে পোৱা যায়  এইবিধ বনৌষধ । পাতৰ পিছফালে বগা শুংৰ নিচিনা থাকে আৰু ওপৰৰ ফালে পাণৰ নিচিনা । ফুলবোৰ কলমৌ লতাৰ নিচিনা হয় পাতল গোলাপী ৰঙৰ । 


গলি পচী যোৱা ঘাঁ , গেংৰিন , ডায়েবেটিচ ৰোগীৰ নুশুকোৱা ঘাঁ , ulcer , ulcerative  colitis , Melina , যিকোনো ভিতৰুৱা ঘাঁ , ৰক্তস্ৰাৱ ,  অৰ্শ ৰোগীৰ গুহ্যদ্বাৰত হোৱা ঘাঁ , ফোঁহা , হাত ভৰি ফুলা ,  হাইড্ৰচিল আদিৰ উপৰিও আৰু বহুতো ৰোগ আছে যিবিলাকত সঞ্জীৱনীৰ নিচিনা কাম কৰে । 


গেংৰিন , পচী যোৱা ঘাঁ আদিৰ বাবে  পাতৰ ৰস উলিয়াই তুলাৰে নিয়মীত কিছুদিন লগালে ঘাঁ শুকাব ধৰে । Assamese Health Tips ) 


পেটৰ ভিতৰত হোৱা ঘাঁৰ বাবে পাত 2-3 খিলা পানীত উতলাই লৈ ৰাতিপুৱা খালিপেটত খাব লাগে । 


অৰ্শ ৰোগ , ভিতৰুৱা ঘাঁ ,মহিলাৰ ৰক্তস্ৰাৱৰ বাবেও ইয়াৰ পাত 2-3 খিলা পানীত ভালকৈ উতলাই পানীটো খাব লাগে ৰাতিপুৱা খালি পেটত । 


ফোঁহা হলে ইয়াৰ পাতৰ ওলোটা ফালত ঘিউ লগাই গৰম কৰি সেক দিব লাগে । 


এইবিধ লতা সংৰক্ষণ কৰাৰ দায়িত্ব আপোনালোকৰ । গতিকে share কৰিব নাপাহৰিব ।


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages