মুখেৰে উশাহ লোৱা শিশুৰ বিভিন্ন ৰোগ হব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 8, 2022

মুখেৰে উশাহ লোৱা শিশুৰ বিভিন্ন ৰোগ হব পাৰে : Assamese Health Tips

 

Assamese Health Tips

আপোনাৰ শিশুটোৱেও মুখেৰে উশাহ লয় নেকি ? যদি মুখেৰে উশাহ লয় , তেন্তে আপুনি সজাগ হওঁক । মুখেৰে উশাহ লোৱা শিশুৰ  বিভিন্ন ৰোগ হব পাৰে ।Assamese Health Tips ) 


 যেনে : টনছিল , হাঁপানী , মিৰ্গী , Hyper activity , চকুৰ দৃষ্টি কমি যোৱা , চকু  কেৰা হোৱা , কথা স্পষ্ট নোহোৱা ,  শাৰীৰিক পংগু  আদিৰ  উপৰিও সঘনাই জ্বৰ, পানীলগা  , টনছিল আদি হৈয়েই থাকিব । 


যেতিয়া  মানুহ এজনে নাকেৰে উশাহ নলৈ মুখেৰে লয় , তেতিয়া সেই বায়ু ফিল্টাৰ হব নোৱাৰে ।  দূষিত বায়ু পোন প্ৰথমে গলেৰে পাৰ হৈ গৈ হাওঁফাওঁ পাব । নাকেৰে উশাহ ললে বায়ু ফিল্টাৰ হৈ যায় ।  

গলেৰে দূষিত বায়ু পাৰ হৈ গৈ  প্ৰথমে টনছিল কৰিব । পাছত হাওঁফাওঁ পালে হাওঁফাওঁৰ বিভিন্ন ৰোগ হব । ইয়াৰ ভিতৰত  হাঁপানী , হাওঁফাওঁৰ সংক্ৰমক , ব্ৰংকাইটিছ  আদি  আজীৱন ঠিক নোহোৱা ৰোগে প্ৰধান । সঘনাই কাহ , চৰ্দি জ্বৰ আদি হৈ থাকিব দূষিত বায়ু হাওঁফাওঁলৈ গলে ।  


মুখেৰে উশাহ ললে মানুহৰ ব্ৰেইনত অক্সিজেন নাযায় । ফলত  সেইজন মানুহে কোনো এটা কথা ভালকৈ ভাবিব নোৱাৰে ।  মানুহজন অস্থিৰ হৈ যায়  বা hyper activity হয় ।   ব্ৰেইনত অক্সিজেন নাপালে মানুহ এজনৰ  ব্ৰেইনৰ শিৰাবোৰত কফ জমা হৈ গৈ মিৰ্গী বেমাৰ বা  seizure  হয় ।  টোপনি বহুত কম  হয় আৰু একদম খিংখিঙীয়া হয় ।  ব্ৰেইনত অক্সিজেন নাপালে  সেই মানুহজনৰ বিভিন্ন মানসিক ৰোগ হয় । ব্ৰেইনত অক্সিজেন নাপালে কফ জমা হৈ ব্ৰেইন টিউমাৰ পৰ্য্যন্ত হব পাৰে ।।।


এতিয়া কথা হল মুখেৰে উশাহ কি পৰিস্থিতিত লব লগা হয় শিশুৱে ?? 


যেতিয়া শিশু এটাৰ নাক বন্ধ হৈ যায় , তেতিয়া শিশুটোৱে মুখেৰে উশাহ লয় । Assamese Health Tips )


শিশুৰ নাক  কিয় বন্ধ হয় ? 


শিশুৰ নাক বন্ধ হয় শিশুক মালিচ নকৰা , শিশুক ঘিঁউ , মৌ আদি নুখুওৱা , শিশুক শিশুখাদ্যৰ পৰা বঞ্চিত কৰি বজাৰত টেমাত ভৰাই অনা খাদ্য আদি খুওৱাৰ বাবেই বেছিকৈ শিশুৰ নাক বন্ধ হয় । 

ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল শিশুৰ মালিচ । জন্মৰ পৰা 14 বছৰলৈ শিশুক  মালিচ কৰিব কৈছে আয়ুৰ্বেদত ।  যদি 6 বছৰ হলেও  মালিচ কৰে , তেন্তে  শিশুৰ মেডিকেল  খৰচ শূণ্য হব । ইয়াৰ লগতে শিশুক বিলোনা ঘিঁউ , জংঘলৰ মৌ আদি খুৱাব নিয়মিত । 


ইতিমধ্যে যিবোৰ শিশুৰ নাক বন্ধ হৈ গৈছে , তেওঁলোকে  সেইবোৰ শিশুক নিতৌ কালজিৰা তেলৰ মালিচ কৰক ।  নাকত বিলোনা ঘিঁউ গৰম কৰি দুই টুপালকৈ দিয়ক । 2-3 মাহ দিলে নাকৰ  বিন্ধা সম্পূৰ্ণ খোল খাই যাব ।।।


ইতিমধ্যে যিসকল শিশুৰ মানসিক বিকৃতি বা hyper activity বা অইন মানসিক বিকৃতি হৈছে , তেওঁলোকৰ 99% ৰ ক্ষেত্ৰত মাক দেউতাকে দেখা পাব যে শিশুটিয়ে মুখেৰে উশাহ লৈ আছে ।  এই  ক্ষেত্ৰত মাক দেউতাকে শিশুটিক মানসিক ৰোগী বুলি ভুল চিকিৎসা কৰি শিশুটিক মাৰি পেলাব বা অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দি আছে । তেওঁলোকে মোক ব্যক্তিগতভাৱে লগ কৰক ।


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages