মহাকাশত থকা চেটেলাইট বোৰ কেনেকৈ সক্ৰিয় হৈ থাকে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

মহাকাশত থকা চেটেলাইট বোৰ কেনেকৈ সক্ৰিয় হৈ থাকে : Assamese Fact

 

Assamese Fact

২৭ হাজাৰ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত ঘূৰি থকা International Space Station ত থকা মহাকাশচাৰী সকলে সেই বেগ অনুভৱ নকৰে নেকি!Assamese Fact ) 

এলিয়েনৰ সন্ধানত কোটি কোটি কিলোমিটাৰ দূৰলৈ গৈ থকা মানৱ নিৰ্মিত মহাকাশযান কেইখন কি কি?

চেটেলাইট এটা কেনেকৈ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে, পৃথিৱীত পৰি নাযায় কিয়?

বছৰ বছৰ মহাকাশত থকা চেটেলাইট আৰু মহাকাশযান  বোৰ কেনেকৈ সক্ৰিয় হৈ থাকে?


     প্ৰথমে আহোঁ আমি পৃথিৱীৰ পৰা প্রায় ৪০০ কিলোমিটাৰ ওপৰত ২৭ হাজাৰ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত ঘূৰি থকা International Space Station ত থকা মহাকাশচাৰী সকলে সেই বেগ অনুভৱ নকৰে নেকি! কথাটো একেবাৰে সহজ ভাষাত বুজিম বাৰু আমি।


    সৰুতে মই ভাবিছিলোঁ ইমান বেগত আকাশৰে যোৱা বিমান এখনত যাত্ৰীবোৰক চাগৈ চিটটোত কেইবাডালো ৰছীৰে ভালকৈ বান্ধি লয়। ইমান ওপৰলৈ উৰি যায়, আকৌ নামি আহে। আকাশত স্পীডত যোৱা আছেই! পাছত যেতিয়া মোৰ নিজৰ বিমানত উঠা অভিজ্ঞতা হ'ল দেখিলো তেনে একো নাই; সাধাৰণ আমি কঁকালত মৰা বেল্ট এডালৰ নিচিনাহে মাৰিব দিয়ে, মন গ'লে সেইডালো খুলি থব পাৰি বিশেষ একো নহয় দেখোন!

ইমান বেগত চলি থকা বিমান এখনত মানুহ খোজ কাঢ়ি অহা যোৱা কৰি থাকে। আচৰিত নহয় নে!


    আপুনি যেতিয়া ৬০ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত বাইক এখন চলাই যায় আপুনি সেই বেগ ভালকৈ অনুভৱ কৰে নহয় জানো! কিন্তু কেতিয়াবা দামী কাৰ এখনৰ ভিতৰত সকলো গ্লাছ বন্ধ কৰি যেতিয়া ১২০ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত খালী ৰাস্তাত পিন পিনাই গৈ থাকে সেই বেগ অনুভৱ হয়নে বাৰু! তাতকৈ আমি অকণ যদি আগবাঢ়ি যাওঁ আৰু যদি আপোনাৰ বিমানত উঠা অভিজ্ঞতা আছে। সকলো গ্লাছ বন্ধ বাহিৰৰ বায়ু সোমাব নোৱাৰা বিমান এখন প্ৰায় ৮০০-৯০০ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত যায়, তেতিয়া যদি আকাশত একো ডাৱৰ নাথাকে আৰু যদি বিমানৰ শব্দটোও নাথাকে তেতিয়া বাৰু আমি গৈ আছোঁ বুলি অনুভৱ হ'ব নে!


    কথাটো আচলতে সেইটোৱেই আমি বাইক এখনত ৬০ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গ'লে এই কাৰণেই বেগতো অনুভৱ কৰোঁ যে বায়ুৱে আমাৰ শৰীৰক সেই বেগত স্পৰ্শ কৰি পিছুৱাই যায়। দামী কাৰ এখনত ভিতৰত যেতিয়া খিৰিকী বন্ধ থাকে তেতিয়া বাহিৰৰ বায়ুয়ে আমাৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰে কাৰণ খিৰিকীবোৰে বাধা দিয়ে আৰু সেইবাবেই ১২০ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গ'লেও সেই বেগ অনুভৱ নকৰোঁ।


     International Space Station ৰ ক্ষেত্ৰতো কথাটো একেই। প্ৰথম কথা তেওঁলোক এটা বন্ধ কোঠাৰ ভিতৰত থাকে আৰু দ্বিতীয়তে মহাকাশত বায়ু নাইয়ে। বায়ুমণ্ডল পৃথিৱীতহে আছে যি পৃথিৱীৰ চাৰিওফালে এক সুৰক্ষা কৱচৰ দৰে আগুৰি আছে। মহাকাশচাৰী সকল Space walk কৰিবলৈ যেতিয়া মহাকাশ যানৰ বাহিৰলৈ ওলাই আহে তাত বায়ু নাথাকে বাবে একো অনুভৱ নকৰে। কাৰণ অনুভৱ কৰিবলৈ তাত একো নাইয়ে। সেইবাবে মহাকাশচাৰী সকলে মহাকাশ যানখনৰ সেই স্পীড অনুভৱ নকৰে।


    দ্বিতীয়তে আহোঁ এতিয়া চেটেলাইট এটা পৃথিৱীৰ চাৰিওফালে কেনেকৈ ঘূৰি থাকে! পৰি নাযায় কিয়! এইটোও একেবাৰে সাধাৰণ ভাষাত বুজিম। ধৰক আপুনি শিলগুটি এটা লৈ দলি মাৰি দিছে আৰু শিলটো পৃথিৱীৰ এঠাইত পৰিল, এইবাৰ আন এটা শিলগুটি আৰু স্পীডত দলি মাৰি দিছে সেইটো আৰু আগত পৰিব নহয় জানো! এইবাৰ এটা মেচিনৰ সহায়ত তাতকৈ এহাজাৰ গুণ স্পীডত দলি মাৰি দিলে সেইটো আৰু বহুত দূৰত পৰিব। আমি যদি এনেকুৱা এটা স্পীডত শিলটো দলিয়াব পাৰো যে শিলটো দলিয়াই দিয়াৰ পাছত পৃথিৱীখনৰ চাৰিওফালে ঘূৰি আহি আকৌ আপুনি থকা ঠাইতে পৰে! আৰু যদি তাতকৈ বেছি জোৰত দলিয়াই দিব পাৰো যে পৃথিৱীত নপৰা হৈ যায়! হয় সেই স্পীডটোকে কোৱা হয় পলায়ন বেগ (Escape Velocity). অংক কৰি গম পোৱা গ'ল যে প্ৰতি চেকেণ্ডত ১১.২ কিলোমিটাৰ বেগত যদি আমি বস্তু এটা দলি মাৰি পঠিয়াব পাৰো সেইটো বস্তু পৃথিৱীত নপৰে। আৰু এই বেগটোকে চেটেলাইট এটা উৎক্ষেপন কৰা সময়ত ব্যৱহাৰ কৰে। ১১.২ কিলোমিটাৰ প্ৰতি চেকেণ্ডত বস্তুটো মাৰি পঠিওৱা পাছত সেই বস্তুটো নিজেই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। তাৰ পাছত উচ্চতা বাঢ়িলে ইয়াৰ গতি কমি গৈ থাকে। চেটেলাইট এটাৰ কিমান বেগত ঘূৰিব সেইটো পৃথিৱীৰ পৰা চেটেলাইটটো কিমান ওপৰত আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। এই বেগ নিৰ্ণয় কৰা পদাৰ্থ বিজ্ঞানত এটা সূত্র আছে। যাক পলায়ন বেগৰ সূত্ৰ বোলে। এই বেগ যি গ্ৰহৰ পৰা বস্তুটো নিক্ষেপ কৰা হ'ব সেই গ্ৰহটোৰ মাধ্যাকৰ্ষণিক বল আৰু গ্ৰহটোৰ ওজন, গ্ৰহটোৰ কেন্দ্ৰৰ পৰা চেটেলাইটটোৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে বেলেগ বেলেগ গ্ৰহত এই পলায়ন বেগ বেলেগ বেলেগ হ'ব। পৃথিৱীৰ বাবে এই বেগ সদায় ১১.২ কিলোমিটাৰ প্ৰতি চেকেণ্ড।Assamese Fact ) 


    আপোনালোকে নিশ্চয় শুনিছে যে কিছুমান চেটেলাইট আৰু মহাকাশযান বছৰ বছৰ ধৰি মহাকাশত সক্ৰিয় হৈ আছে। Voyager-1 আৰু Voyager-2 নামৰ দুটা মহাকাশ যান দুখন ১৯৭৭ চনতেই NASA য়ে মহাকাশলৈ পঠাইছিল। যি আজি ৪৫ বছৰে মহাকাশত সক্ৰিয় হৈ আছে আৰু মানুহৰ লগত যোগাযোগ কৰি আছে। এই মহাকাশ যানবোৰ ইমান বছৰ বছৰ ধৰি সক্ৰিয় কেনেকৈ হৈ থাকে বাৰু! মই ইয়াৰ আগৰ লেখা এটাত লিখিছিলো যে মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহ এটাৰ কাষত Solar panel কিছুমান লগোৱা থাকে যিয়ে সূৰ্য্যৰ সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহত থকা যন্ত্ৰবোৰ চলাত সহায় কৰে। মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহক সক্ৰিয় কৰি ৰাখে তাত থকা বেটেৰী বোৰে। বেটেৰী থকালৈকে মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহ এটা সক্ৰিয় হৈ থাকে। বেটেৰী শেষ হোৱাৰ লগে লগে যন্ত্ৰবোৰ কাম কৰা বন্ধ হৈ যায় আৰু মানুহৰ লগত যোগাযোগ বন্ধ হৈ যায়।

মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহত ব্যৱহাৰ কৰা এই বেটেৰীবোৰক কোৱা হয় RTG (Radioisotope thermoelectric generator) বেটেৰী। ই এক প্ৰকাৰৰ নিউক্লিয়াৰ বেটেৰী। ইয়াত প্লুটোনিয়াম নামৰ ৰাসায়নিক উপাদান ব্যৱহাৰ কৰা হয়। RTG বোৰ নিউক্লিয়াৰ বেটেৰী বাবে সহজে শেষ হৈ নাযায় বছৰ বছৰ কাম কৰি থাকে। সেইবাবে মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহত এনে বেটেৰী ব্যৱহাৰ কৰে।


পৃথিৱীৰ মানৱ সভ্যতাৰ ফটো লৈ এলিয়েনৰ সন্ধানত কোটি কোটি কিলোমিটাৰ দূৰলৈ গৈ থকা মানৱ নিৰ্মিত মহাকাশ যান কেইখনৰ বিষয়ে এইটো খণ্ডত লিখিলে লেখাটো আৰু বহুত দীঘল হৈ যাব সেইবাবে এই বিষয়ে আগন্তুক খণ্ডত এই পেজতেই লিখিম।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages