বিমান বা উৰাজাহাজ এখন মহাকাশলৈ কিয় যাব নোৱাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 17, 2022

বিমান বা উৰাজাহাজ এখন মহাকাশলৈ কিয় যাব নোৱাৰে : Assamese Fact

Assamese Fact

কল্পনা চাওলা সহ ৭ জন মহাকাশচাৰী অহা মহাকাশ যানখন মহাকাশতে বিস্ফোৰণ হোৱাৰ কাৰণ কি!

বিমান এখন মহাকাশলৈ কিয় যাব নোৱাৰে!

International Space Station ত বছৰ বছৰ মহাকাশচাৰী থাকিবলৈ অক্সিজেন ক'ৰ পৰা পাই!

মহাকাশ যান পৃথিৱীলৈ কেনেকৈ নামি আহে আদি বিভিন্ন প্ৰশ্ন মহাকাশৰ কথা পঢ়িলে নিশ্চয় মনত আহে নহয় জানো!Assamese Fact ) 


   মহাকাশ মহাকাশ লিখি আছোঁ, কিন্তু মহাকাশ কাক কোৱা হয় বাৰু বা মহাকাশ ক'ৰ পৰা আৰম্ভ হয়! পৃথিৱীৰ সাগৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰৰ খিনিক মহাকাশ বুলি কোৱা হয়। বিজ্ঞানী সকলে ইয়াত এডাল কাল্পনিক সীমা দি লৈছে যাক কাৰমান লাইন (Kármán line) বুলি কয়। কাৰমান লাইনৰ ওপৰৰ পৰা অনন্ত দূৰ দুৰলৈকে থকা খিনিয়ে মহাকাশ।


     প্ৰথমে আমি আহোঁ আমি অহা যোৱা কৰা বিমান এখন মহাকাশলৈ কিয় যাব নোৱাৰে। বিমান এখন মহাকাশলৈ যাব নোৱাৰাৰ কেইবাটাও কাৰণ আছে। তাৰ প্ৰথমটো কাৰণ বিমান এখন আকাশত উৰে তাৰ ইঞ্জিনৰ সহায়ত। ইঞ্জিনত পাংখা (Propeller) লগোৱা থাকে, এই পাংখা ঘূৰিলে বিমান এখনৰ আগৰ বায়ুবোৰক পাছলৈ ঠেলি আৰু নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি বিমানখন আগলৈ গৈ থাকে। এই পাংখা থকা ইঞ্জিন চলে ইন্ধনত। ইন্ধন জ্বলিলে ইঞ্জিনটো চলি থাকে। বিমানৰ ইন্ধন জ্বলে অক্সিজেনৰ উপস্থিতিত। আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেন আছে কিন্তু মহাকাশত অক্সিজেন নাই। যদি বিমান এখন মহাকাশত প্ৰৱেশ কৰে তেতিয়া তাত অক্সিজেনৰ অনুপস্থিতিত বিমানৰ ইন্ধন নজ্বলা হৈ যাব আৰু ইঞ্জিন বন্ধ হৈ যাব। লগে লগে বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ যাব। সেইবাবে মহাকাশত বিমান যাব নোৱাৰে।

এতিয়া নিশ্চয় মনলৈ প্ৰশ্ন এটা আহিছে যে মহাকাশ যান লৈ যোৱা ৰকেট এটা তেতিয়া হ'লে কেনেকৈ মহাকাশলৈ যায়! তাৰ উত্তৰ হৈছে ৰকেটৰ ভিতৰত আগতীয়াকৈ অক্সিজেন ছিলিণ্ডাৰ লৈ যোৱা যায় যি অক্সিজেনে ইন্ধন জ্বলোৱাত সহায় কৰে। ৰকেট এটা বায়ুমণ্ডলৰ অক্সিজেনৰ ওপৰত নিৰ্ভৰ নকৰে।


      দ্বিতীয়তে মই ইয়াৰ আগৰ লেখা এটা ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা পৃথিৱীৰ মাধ্যাকৰ্ষণ ক্ষেত্রখন ভেদি যিকোনো বস্তু মহাকাশলৈ যাবলৈ হ'লে সেই বস্তুটোৰ বেগ ১১.২ কিলোমিটাৰ প্ৰতি চেকেণ্ড অৰ্থাৎ প্ৰায় ৪০ হাজাৰ কিলোমিটাৰ প্ৰতি ঘন্টা হ'ব লাগিব যিটো বেগ বিমান এখনত নাথাকে। আমি উঠা বিমানবোৰৰ বেগ খুব বেছি ১ হাজাৰ কিলোমিটাৰ প্ৰতি ঘন্টা।


      তৃতীয় কাৰণটো হ'ল পৃথিৱীৰ বায়ুমণ্ডলৰ Thermosphere ৰ প্ৰায় ২০০০ ডিগ্ৰী চেলচিয়াছ তাপ সহিবলৈ মহাকাশ যানৰ বাহিৰত তাপ প্ৰতিৰোধ ধাতুৰ এক আৱৰণ থাকে যাৰ বাবে ইমান উষ্ণতাত মহাকাশ যান গ'লেও মহাকাশ যানৰ একো ক্ষতি নহয়। কিন্তু বিমানত সেই আৱৰণ নাথাকে যাৰ বাবে বিমান এখন Thermosphere ত প্ৰৱেশ কৰাৰ লগে লগে জ্বলি ছাই হৈ যাব। এইবোৰ কাৰণত আমি উঠা বিমান এখন মহাকাশলৈ যাব নোৱাৰে।


      এই কথা নিশ্চয় জানে যে ভাৰতৰ মহাকাশচাৰী কল্পনা চাওলা সহ ৭ জনীয়া এটা মহাকাশচাৰী দল ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মহাকাশ ভ্ৰমণ কৰি পৃথিৱীলৈ উভতি আহোঁতে আকাশতে মহাকাশ যানখন ধ্বংস হৈ সাতোজন মহাকাশচাৰী মৃত্যু মুখত পৰিছিল। তেওঁলোক আমেৰিকাৰ NASA ৰ ফালৰ কলোম্বিয়া নামৰ Space Shuttle মডেলৰ মহাকাশ যানত ১৬ জানুৱাৰী ২০০৩ চনত মহাকাশ ভ্ৰমনত গৈছিল। ১৭ দিন মহাকাশত থাকি ১ ফেব্ৰুৱাৰী তাৰিখে পৃথিৱীলৈ উভতি আহোঁতে এই দুখজনক ঘটনাটো হৈছিল। এই মহাকাশ যানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণটো মই ওপৰত লিখা তিনি নম্বৰ কাৰণটোৰ সৈতে অলপ মিল আছে। তেওঁলোক যোৱা কলোম্বিয়া নামৰ Space Shuttle মডেলৰ মহাকাশ যানখনক যেতিয়া ৰকেটে মহাকাশলৈ লৈ গৈ আছিল আৰু মহাকাশ পোৱাৰ পাছত কলোম্বিয়াক নিজৰ কক্ষপথত এৰি ৰকেটটো আঁতৰি গৈছিল তেতিয়ায়ে এক গম নোপোৱাকৈ দুৰ্ঘটনা হৈছিল। কাৰিকৰী বিজুটিৰ বাবে ৰকেটৰ এটা অংশ এৰি আহি কলোম্বিয়াৰ উপৰ অংশত আঘাত কৰিছিল আৰু কলোম্বিয়াৰ তাপ প্ৰতিৰোধ ধাতুৰ আৱৰণৰ এটা অংশ এৰি গৈছিল। ইয়াৰ কাৰণে মহাকাশ যানখনৰ মহাকাশত একো অসুবিধা নহ'ল কিন্তু অসুবিধা হ'ল ১৭ দিন মহাকাশত থাকি যেতিয়া পৃথিৱীৰ অভিমুখে নামি আহি আছিল। পৃথিৱীৰ বায়ুমণ্ডলৰ Thermosphere ত প্ৰৱেশ কৰাৰ লগে অত্যাধিক উষ্ণতা আৰু বায়ুমণ্ডলৰ ধূলিকণা আদিৰ সংঘৰ্ষত তাপ প্ৰতিৰোধ ধাতুৰ আৱৰণ নথকা অংশ গৰম হ'বলৈ আৰম্ভ কৰিলে। চাওঁতে চাওঁতে মাত্ৰ কেইমিনিট মানৰ ভিতৰত গোটেই মহাকাশ যানখন জ্বলি আকাশতে বিস্ফোৰিত হৈ গ'ল যাৰ ফলত তাৰ ভিতৰত থকা কল্পনা চাওলা সহ ৭ জনীয়া এটা মহাকাশচাৰী দলটো মৃত্যু মুখত পৰিল। এই ঘটনাটো মহাকাশ অধ্যয়নৰ অধ্যায়ত এক অতি দুখজনক ঘটনা।Assamese Fact ) 


     এতিয়া আহো মহাকাশ যান এখন ৰকেট অবিহনে কেনেকৈ পৃথিৱীলৈ নামি আহে। মই ইয়াৰ আগৰ লেখাত ইতিমধ্যে লিখিছোঁ যে মহাকাশ যান এখনক ৰকেটৰ জৰিয়তে মহাকাশলৈ লৈ যোৱা হয় আৰু তাৰ নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা হয়। এতিয়া প্ৰশ্ন হয় যাওঁতে বাৰু মহাকাশ যান খনক ৰকেটে লৈ গ'ল আহোঁতে মহাকাশৰ পৰা পৃথিৱীলৈ কেনেকৈ আহে। মহাকাশ যান এখন আহোঁতে অকলেই পৃথিৱীলৈ নামি আহিব লগা হয় বাবে মহাকাশ যানত ইতিমধ্যে আগতেই সেই অনুসৰি ইন্ধন, অক্সিজেন আদি যোগাৰ ৰখা হয়। নিজৰ কক্ষপথৰ চিধায়ে মহাকাশ যান এখন তললৈ নামি আহিব নোৱাৰে। ই পৃথিৱীৰ চাৰিওফালে ঘূৰি ঘূৰি মানে কক্ষপথটো সৰু কৰি কৰি পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে মহাকাশ যানখনে তীব্ৰ উষ্ণতাৰ সন্মুখীন হয়। এই উষ্ণতা সহিবলৈ মহাকাশ যানৰ বাহিৰত তাপ প্ৰতিৰোধ ধাতুৰ এক আৱৰণ থাকে যাৰ বাবে মহাকাশ যানখনৰ একো ক্ষতি নহয় আৰু তললৈ নামি আহি আহি অৱশেষত বিমানবন্দৰত বিমানৰ দৰে লেণ্ডিং কৰে। লেণ্ডিং কৰাৰ সময়ত মহাকাশযান খনৰ স্পীড বহুত বেছি হয় সেইবাবে সেই সময়ত মহাকাশযান খনৰ পাছফালে এটা পেৰাছুট খুলি দিয়া হয় যাতে পেৰাছুটে যানখনৰ গতিৰ বিপৰীতে বায়ুক আবদ্ধ কৰি যানখনৰ স্পীড খুব সোনকালে কমাই যানখন ৰখাত সহায় কৰে।


     International Space Station বা অন্যান্য মহাকাশ যান সমূহে মহাকাশত যান সমূহৰ যন্ত্ৰ আদি চলাবলৈ, লাইট জ্বলাবলৈ বিজুলী শক্তি ক'ত পাই আৰু মই ইতিমধ্যে আগৰ লেখাত লিখিছোঁ যে International Space Station চাৰে ২২ বছৰ ধৰি একেৰাহে মহাকাশচাৰী আছে। মহাকাশত যিহেতু অক্সিজেন নাই তেনে স্থলত তেওঁলোকে উশাহ লবলৈ অক্সিজেন ক'ত পাই বাৰু!

মহাকাশ যানৰ ফটোবোৰ যদি লক্ষ্য কৰে দেখিব মহাকাশ যানৰ দুয়োফালে পাখিৰ দৰে Solar Panel কিছুমান লগাই থোৱা থাকে। এই Solar Panel বোৰেই সূৰ্য্যৰ পৰা সৌৰ শক্তিক বিদ্যুৎ আৰু অন্যান্য শক্তিলৈ ৰূপান্তৰিত কৰে যাৰ ফলত মহাকাশত থকা মহাকাশ যান সমূহত যন্ত্ৰবোৰ চলে, যানৰ ভিতৰত মানুহ থাকিব পৰাকৈ লাইট জ্বলে।


      International Space Station মহাকাশচাৰীয়ে কেইবা প্ৰকাৰে অক্সিজেন পাই। এক নম্বৰ তেওঁলোকে পানীৰ পৰা অক্সিজেন উৎপন্ন কৰে। কেনেকৈ উৎপন্ন কৰে গোটেই প্ৰক্ৰিয়াটো মই কমেন্ট বক্সত দিছোঁ। ইচ্ছা কৰা সকলে পঢ়ি বুজি লব পাৰে। তাৰ বাবে অকণমান ৰসায়ন বিজ্ঞান জানিব লাগিব। দুবাৰ মান পঢ়িলে কথাটো ভালকৈ বুজি পাব। 

দ্বিতীয়তে তেওঁলোকে মহাকাশ যানত অক্সিজেন ছিলিণ্ডাৰো ৰাখে, উপৰোক্ত প্ৰক্ৰিয়াৰে অক্সিজেন গেছ কমকৈ সৃষ্টি হ'লে ছিলিণ্ডাৰৰ পৰা যিমান পৰিমাণ লাগে সিমান অক্সিজেন লয়।

তাৰোপৰি মাজে মাজে পৃথিৱীৰ পৰা মহাকাশ যান যোগে জুলীয়া অৱস্থাত অক্সিজেন পঠাই থকা হয়। সেইদৰে মহাকাশত মহাকাশ যানত বিজুলী আৰু অক্সিজেন পাই থকা হয়।


    বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যায়ে দিনক দিনে আগুৱাই গৈছে সেইবাবে বৰ্তমান মহাকাশত মানুহ জীয়াই থকা বৰ সহজ হৈ পৰিছে। যি ঠাইত মানুহ যাব পৰা সেই ঠাইলৈ মহাকাশ যান পঠাই দিছে। ইমান বিশাল বিষয় এটা এবাৰ দুবাৰত লিখা অসম্ভৱ। আকৌ বেলেগ এটা লেখাত আৰু কিছুমান মহাকাশৰ আমোদজনক কথা লিখিম।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages